বিনা দোষতে সি মোক মাৰে।
মনতে সন্দেহৰ সান্দহ খুন্দে।
মোৰ একো দোষ নাথাকোতে
মোক মোৰ গৰখীয়া মালিকে মাৰে
এনেকুৱা এটা কথাৰে আৰম্ভ হোৱা গীত এটা শুনিলে আপুনি চক খাব পাৰে। কিন্তু সেয়াই যে বাস্তৱ। যি ৰুঢ় বাস্তৱ গুজৰাটৰ কচ্ছ অঞ্চলৰে নহয়, য’ৰপৰা এই গীত আহিছে, তাৰ বাহিৰৰ জগতখনতো এয়া এক চিন্তনীয় বিষয়।
স্বামীৰ দ্বাৰা নিপীড়িত হোৱাৰ সমস্যা এক বিশ্বজনীন সমস্যা। মহিলাৰ মানৱ অধিকাৰ ভংগ হোৱাৰ ফালৰ পৰাও, জনস্বাস্থ্যৰ ফালৰ পৰাও। মহিলাৰ বিৰুদ্ধে হোৱা হিংসাৰ ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় তথ্য অনুসৰি প্ৰতি তিনিগৰাকী মহিলাৰ এগৰাকী সংগীৰ দ্বাৰা কিবা নহয় কিবা প্ৰকৃতিৰ শাৰীৰিক আৰু যৌন হিংসাৰ বলি হৈ আহিছে।
পতিয়ে পত্নীক মাৰধৰ কৰাটো যুক্তিযুক্ত হয়নে?
ৰাষ্ট্ৰীয় পৰিয়াল আৰু স্বাস্থ্য সমীক্ষা ২০১৯-২১ (এনএফএইছএছ-৫)ৰ তথ্য অনুসৰি গুজৰাটৰ ৩০ শতাংশ মহিলা আৰু ২৮ শতাংশ পুৰুষে এই প্ৰশ্নৰ ইতিবাচক উত্তৰহে দিলে। এই সঁহাৰিদাতা পুৰুষ-মহিলাই পত্নীক মাৰধৰ কৰাৰ ক্ষেত্ৰত কি কি যুক্তি দিব পাৰে বাৰু? সঁহাৰিদাতাৰ বহুতেই বিভিন্ন কাৰণ দাঙি ধৰে – অবিশ্বাসী হোৱা, মুখে মুখে কোৱা, যৌন সম্পৰ্কৰ বাবে অস্বীকাৰ, গিৰীয়েকক নোকোৱাকৈ ওলাই যোৱা, ঘৰুৱা কাম-বনত মনযোগ নিদিয়া আৰু ভাল খাদ্য নৰন্ধা আদি।
ৰাষ্ট্ৰীয় সমীক্ষাই আমাৰ আগত পাৰিসাংখ্যিক তথ্য দাঙি ধৰিছে। আনহাতে লোকগীতে আমাক আকৰ্ষণীয় ধৰণে এই পৰিসংখ্যাৰ এক মনঃস্তাত্বিক দিশ দাঙি ধৰিছে। এই গীতে আমাক মহিলাৰ মনৰ অন্তঃকৰণৰ জগতখনৰ জটিল আৱেগ-অনুভূতিৰ লগতে তেওঁলোকৰ প্ৰাত্যহিক জীৱনৰ কামৰ আভাস দিছে।
আপুনি এই গীতসমূহক নিপীড়িতসকলৰ সবল কণ্ঠ বুলি নধৰিবও পাৰে। এইক্ষেত্ৰত আপুনি নিজে অৰ্থ অনুধাৱন কৰিব পাৰে। উদাহৰণ স্বৰূপে ইয়াত উল্লেখ লোকগীতত এই কথা স্পষ্ট নহয় যে তাই প্ৰণয়ৰ গীতৰ আঁৰ লৈ নিজৰ গিৰীয়েকে কৰা অত্যাচাৰৰ নিন্দা কৰিছে বা দমনৰ এই পৰম্পৰাক বিনাচৰ্তে মানি লৈ আগবাঢ়িছে। এয়াও স্পষ্ট নহয় যে তাই যেতিয়া গিৰীয়েকক “মালাধাৰী ৰানো” (গৰখীয়া চৰ্দাৰ) বুলি সম্বোধন কৰিছে, তেতিয়া আচলতে তাই নিজৰ খঙাল স্বামীৰ বিৰুদ্ধে তাইৰ মনত বাহ লৈ থকা বিদ্ৰোহৰ ভাৱক প্ৰশ্ৰয় দিছে নে নাই।
এই গীতত হয়তো মহিলাক ন্যায় দিব পৰা বা ইতিমধ্যে স্থাপিত ব্যৱস্থাটোক প্ৰত্যাহ্বান জনোৱাৰ ক্ষমতা নাথাকিব পাৰে। কিন্তু এনে গীতে তেওঁলোকক এক অৱকাশ দিয়ে য’ত তেওঁলোকে নিজৰ প্ৰাত্যহিক জীৱনৰ সৈতে জৰিত ৰুঢ় বাস্তৱক কথা আৰু গীতেৰে ব্যক্ত কৰিব পাৰে। এই সাংগীতিক আৰু প্ৰাঞ্জল ভাষাৰ প্ৰৱাহত হয়তো তাই নিজৰ সেই দুখ-কষ্ট উটুৱাই দিছে, যিটো অন্যথা তাই সহ্য কৰি থকাটো সম্ভৱপৰেই নহ’লহেঁতেন। নাইবা সেয়া হ’ব পাৰে এটা চিনাকি সুৰ, যাৰ আশ্ৰয় লৈ তাই এই যি ব্যৱস্থাৰে গঢ়ি উঠা সমাজ, তাত আৰু এটা দিন অসহনীয় সত্যক সাবটি আগবঢ়াৰ বাবে সাহস বিচাৰি পাইছে।


