‘কোনে জানে নতুন ভেশ লৈ জৰুৰীকালীন দিন উভতি আহে
কোনে জানে স্বৈৰতন্ত্ৰই নাম সলাই গণতন্ত্ৰ হৈ আহে’
বিৰোধ মানেই যেতিয়া হৈ পৰে অপৰাধ, আৰু বিৰোধীক ছলে-বলে-কৌশলে নীৰৱ হৈ থাকিবলৈ বাধ্য কৰি পেলোৱা হয়, নাইবা কাৰাৰুদ্ধ কৰি কণ্ঠ অৱৰোধ কৰি পেলোৱা হয়, তেনে এক সময়ত এনে এক শ্লোগানৰ প্ৰাসংগিকতা নিশ্চয়কৈ বাঢ়ে। এই শ্লোগান জুৰিছে ৰামলীলা মৈদানত সমবেত হোৱা কৃষক আৰু কৃষিশ্ৰমিকে – তেওঁলোকৰ হাতে হাতে ৰঙা, সেউজীয়া আৰু হালধীয়া পতাকা।
এআইকেএছ (অল ইণ্ডিয়া কিষাণ সভা), বিকেইউ (ভাৰতীয় কিষাণ ইউনিয়ন), এআইকেকেএমএছ (অল ইণ্ডিয়া কিষাণ খেত মজদুৰ সংগঠন) আৰু আন আন সংস্থাৰ কৃষিজীৱিৰে ভৰি পৰিছিল ঐতিহাসিক ৰামলীলা মৈদান। তেওঁলোক সমবেত হৈছিল সকলোকে একত্ৰ কৰা সংযুক্ত কিষাণ মৰ্চা চমুকৈ এছকেএম-য়ে ২০২৪ৰ ১৪ মাৰ্চত আয়োজন কৰা কিষাণ মজদুৰ মহা পঞ্চায়ত উপলক্ষে।
“তিনি কৃষি আইন প্ৰত্যাহাৰ কৰাৰ পিছত চৰকাৰে কেইটামান প্ৰতিশ্ৰুতি দিছিল, কিন্তু সেইবোৰ পূৰণ কোনোদিন নহ’ল। এতিয়া তেওঁলোকে প্ৰতিশ্ৰুতি পূৰণ কৰিবই লাগিব। ৱৰ্ণা হম লড়েংগে, ঔৰ লড়তে ৰহেংগে,” কালান গাঁৱৰ মহিলা কৃষক প্ৰেমমতিয়ে কয়। তেওঁ কৃষকৰ (সবলীকৰণ আৰু সুৰক্ষিতকৰণ) মূল্য নিশ্চিতকৰণ আৰু কৃষিপাম সেৱাৰ চুক্তি আইন, ২০২০, কৃষকৰ উৎপাদনৰ ব্যৱসায় আৰু বাণিজ্য (উত্তৰণ আৰু সুচলকৰণ) আইন, ২০২০ আৰু অত্যাৱশ্যকীয় পণ্য (সংশোধন) আইন, ২০২০-ৰ প্ৰসংগত কথাখিনি কৈছিল।
“আমি তিনিবছৰ আগতে ইয়ালৈ প্ৰতিবাদ কৰিবলৈ আহিছিলো,” তেওঁ লগতে কয়। তেওঁ আহিছিল সতীৰ্থ দুগৰাকী মহিলা কৃষকৰ সৈতে। উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰ জিলাৰ পৰা মহাপঞ্চায়তলৈ বুলিয়েই এই তিনি কৃষক আহিছিল। তেওঁলোক কৃষক সংস্থা ভাৰতীয় কিষাণ ইউনিয়নৰ (বিকেইউ)ৰ তৰফৰ পৰা আহিছে। “চৰকাৰে উন্নতি কৰিছে ঠিকেই, কিন্তু কৃষকৰ ভাত মাৰি,” তেওঁ ক্ষোভেৰে কয়।
পাৰিৰ সৈতে কথা পতা প্ৰতিগৰাকী কৃষকেই ক্ষুদ্ৰ কৃষক আছিল, তেওঁলোক ৪-৫ একৰ মাটিত খেতি কৰা কৃষক। মহিলা কৃষকে খেতিপথাৰৰ প্ৰায় ৬৫ শতাংশৰো অধিক কাম কৰে, কিন্তু মাত্ৰ ১২ শতাংশ মহিলা কৃষকৰ হাততহে মাটিৰ পট্টা আছে।
















