মাছৰ ব্যৱসায়ত বৰফ বিক্ৰেতা গুৰুত্ব অপৰিসীম, বিশেষকৈ তামিলনাডুৰ পূব উপকূলৰ এই ব্য়স্ত বন্দৰত গৰমৰ দিনত আৰু বেছি জৰুৰী হৈ পৰে বৰফ বিক্ৰেতা। অ’ল্ড টাউন বন্দৰত বৰফৰ ডাঙৰ ডাঙৰ কোম্পানীয়ে পাইকাৰী হাৰত বৰফ ডাঙৰ বিক্ৰেতা আৰু যন্ত্ৰচালিত নৌকাবোৰলৈ বৰফ যোগান ধৰে।
ইয়াৰ মাজতে কবিতাই মাছমৰীয়া আৰু মহিলা মাছ বিক্ৰেতাক বৰফ বিক্ৰী কৰি নিজৰ পৰিচয় গঢ়ি তুলিছে। তেওঁ ৮০০ টকাৰে বৰফৰ ডাঙৰ টুকুৰা কিনি আনি সেয়া আঠটা ভাগ কৰি প্ৰতিভাগ ১০০ টকা দৰত কৰে। এই কামটোত যথেষ্ট শাৰীৰিক পৰিশ্ৰমৰ প্ৰয়োজন হয়। কবিতাই পুৰুষ শ্ৰমিক এজন ৰাখিছে, তেওঁক দুবেলা দুসাজ আৰু মজুৰি হিচাপে ৬০০ টকা দিয়ে।
“মই সৰু সৰু টুকুৰাবোৰ যিসকল মহিলাক বৰফৰ দৰকাৰ, তেওঁলোকৰ ওচৰলৈ লৈ যাও,” ৪১ বৰ্ষীয় বৰফ বিক্ৰেতাজনে কয়। “কষ্ট বহুত হয়, কিন্তু আমি জীয়াই থকাৰ জোখাৰেহে উপাৰ্জন কৰো। পইচা সাঁচিবলৈ মন যায়, কিন্তু ডাঙৰ কোম্পানীৰ সৈতে ফেৰ মাৰি ব্যৱসায় বঢ়োৱাৰ সামৰ্থ্য আমাৰ নাই।”
কবিতাই ২০১৭ৰ পৰা বৰফ বিক্ৰী কৰিবলৈ লৈছিল। “শহুৰদেউতা অমৃতলিংগমে বৰফৰ ব্যৱসায় কৰিছিল, তেওঁ নৰিয়াত পৰাত মই সেই ব্যৱসায় চম্ভালিলো। মোৰ স্বামী এই কামত আগ্ৰহী নাছিল আৰু মোৰ দেৱৰ বিদেশত থাকে,” কবিতাই কয়। তাৰোপৰি পঢ়া-শুনা কৰা কবিতাই ব্যৱসায়টো কেনেকৈ আগবঢ়াব লাগে, সেয়া জানিছিল।
পাঁচোটা ভাই-ভনীৰ ভিতৰত কবিতা আছিল আটাইতকৈ সৰু। তেওঁৰ দেউতাক এজন স্বশিক্ষিত মেকানিক, কবিতাৰ ১৪ বছৰমান বয়সতেই তেওঁ অসুখীয়া হৈ পৰে। কবিতাই তেতিয়া ৯ম মানত পঢ়ি আছিল। তাতেই পঢ়া এৰি তেওঁ মাকক কঠিয়া কঢ়িওৱা, ভূঁই ৰোৱা আদি খেতিৰ দিনহাজিৰাৰ কামত সহায় কৰিবলৈ লয়।














