অহৰৱানিৰ ৰাস্তাটোত সোমাওতে ৰাম অৱতাৰ খুছৱাহাৰ মটৰ চাইকেলখনৰ গতি কমি আহিল, গোটেই ৰাস্তাটো বোকাৰে ভৰি আছে। তেওঁ কোনোমতে গৈ চুবুৰীটোৰ মাজভাগ পালে আৰু তাতে তেওঁৰ ১৫০ চিচিৰ বাইকখন ৰখালে।
পাঁচ মিনিটৰ ভিতৰত সৰু ল’ৰা-ছোৱালী, স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু কিশোৰ-কিশোৰীয়ে তেওঁক আগুৰি ধৰিলে। চহৰিয়া আদিবাসী সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীকেইটাই বৰ ধৈৰ্য্যৰে অপেক্ষা কৰিছে, নিজৰ মাজতে কথা পাতিছে। সিহঁতৰ হাতে হাতে খুচুৰা পইচা আৰু দহ টকীয়া নোট। সিহঁতে সিহঁতৰ প্ৰিয় খাদ্য চাওমিন খাবলৈ ৰৈ আছে।
অপেক্ষাৰত কণ কণ গ্ৰাহকসকলক অধৈৰ্য্য হৈ পৰাৰ আগেয়ে তেওঁ মটৰ চাইকেলখনৰ বোজাৰ পৰা বস্তুবোৰ উলিয়ালে। অৱশ্যে উলিয়াবলৈ বেছি বস্তু নাই। দুটা প্লাষ্টকৰ বটল, “এটাত ৰঙা চচ (জলকীয়াৰ) আৰু আনটোত আছে চয়া চচ,” তেওঁ বুজাই কয়। আন আন সামগ্ৰীৰ ভিতৰত আছে এটা বন্ধাকবি, বাকলি গুছাই থোৱা পিয়াজ, গ্ৰীণ কেপচিকাম আৰু সিজোৱা নুডলচ্। “মই বিজয়পুৰ (চহৰ)ৰ পৰা সামগ্ৰীবোৰ কিনো।”
সন্ধিয়া ৬ বাজিছে। ৰাম অৱতাৰে ইয়াৰ আগতে তিনিখন গাওঁ ঘূৰি আহিছে। তেওঁ নিয়মীয়াকৈ যিকেইখন গাঁৱলৈ যায়, আটাইকেইখনৰ নাম তেওঁ একে উশাহতে ল’লে - লাদৰ, পন্দৰি, খাজুৰি কলাঁ, শিলপাৰা, পাৰোন্দ। এই আটাইকেইখন গাওঁ বিজয়পুৰ টেহচিলৰ গোপালপুৰা গাওঁস্থিত চুটেপুৰা চুবুৰী নিবাসী ৰাম অৱতাৰৰ ঘৰৰ পৰা ৩০ কিলোমিটাৰ দূৰত্বৰ ভিতৰত। এইকেইখন গাঁৱ-চুবুৰীত সহজতে পোৱা মুখৰোচক খাদ্য বুলিবলৈ চিপচৰ পেকেট আৰু বিস্কুটহে পোৱা যায়।
প্ৰায় ৫০০ জনসংখ্যাৰে আদিবাসী অধ্যুষিত এই অঞ্চল অহৰৱানিত তেওঁ সপ্তাহত ২-৩ বাৰ আহে। অহৰৱানি গাওঁখন বেছি পুৰণি নহয়। সিংহৰ বাবে দ্বিতীয় এখন ঘৰ বনাবলৈ তেওঁলোকক ১৯৯৯ত কুন’ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বিস্থাপিত কৰা হৈছিল, তেওঁলোকে এইখন গাঁৱত বসতি কৰিবলৈ লয়। পঢ়ক: কুনোঃ চিতা সোমাব, আদিবাসী ওলাব । সিংহ নাহিল। কিন্তু আফ্ৰিকাৰ পৰা অনা চিতাবাঘ ২০২২ৰ ছেপ্টেম্বৰত কুন’লৈ অনা হ’ল।
বেপাৰীজনক আগুৰি থিয় হৈ থকা প্ৰায়ভাগ ল’ৰা-ছোৱালীয়ে অহৰৱানিত থকা চৰকাৰী স্কুললৈ যায়। কিন্তু গাওঁখনৰ নিবাসী কেদাৰ আদিবাসীয়ে কয় যে ল’ৰা-ছোৱালীবোৰে স্কুলত নাম লগাইছে যদিও বিশেষ একো শিকিব পোৱা নাই। “শিক্ষক ইয়ালৈ নিয়মীয়াকৈ নাহে, একো নিশিকাইও।”
২৩ বছৰ বয়সীয়া কেদাৰ আধাৰশীলা শিক্ষা সমিতি নামে বেচৰকাৰী সংস্থা এটাই আগাৰা গাঁৱত চলোৱা বিস্থাপিত সম্প্ৰদায়ৰ শিশুৰ বাবে চলোৱা স্কুলৰ শিক্ষক আছিল। “ল’ৰা-ছোৱালীয়ে মজলীয়া বিদ্যালয়ৰ পঢ়া শেষ কৰি আগবাঢ়িব নোৱাৰে, কিয়নো সিহঁতে পঢ়িব-লিখিব নাজানে,” পাৰিৰ সৈতে ২০২২ত কথা পাতোতে তেওঁ কৈছিল।
চহৰিয়া আদিবাসীসকল মধ্যপ্ৰদেশৰ বিশেষভাৱে সংকটাপন্ন জনজাতীয় গোট (পি.ভি.টি.জি.) আৰু সাক্ষৰতাৰ হাৰ ৪২ শতাংশ - ভাৰতৰ অনুসূচিত জনজাতিৰ পাৰিসাংখ্যিক ৰূপৰেখা শীৰ্ষক ২০১৩ৰ প্ৰতিবেদনৰ এই তথ্য।
কণমানি গ্ৰাহকবোৰ অধৈৰ্য হৈ পৰাত ৰাম অৱতাৰে আমাৰ সৈতে কথা পাতিব এৰি চাওমিন ৰন্ধাত গুৰুত্ব দিলে। তেওঁ কেৰাচিনৰ ষ্টোভটো জ্বলালে, ২০ ইঞ্চি বহল তাৱাখনত প্লাষ্টিকৰ বটল এটাৰে তেল ছটিয়ালে। তলত থোৱা বাকচ এটাৰ পৰা নুডলখিনি গৰম তেলত ভাজিবলৈ ধৰিলে।
পিয়াজ আৰু বন্ধাকবিখিনি কাটিবলৈ তেওঁৰ মটৰ চাইকেলখনৰ ছিটটো সুবিধাজনক। তেওঁ কটা পিয়াজখিনি তাৱাখনত দিয়াত বৰ সুস্বাদু গন্ধ বতাহত বিয়পি পৰিল।
ৰাম অৱতাৰ ইউটিউবত ফাষ্টফুড ৰন্ধা ভিডিঅ’ চাই হোৱা ৰান্ধনি। আগতে তেওঁ পাচলি বেপাৰী আছিল, কিন্তু “সেই ব্যৱসায় বৰ লেহেমীয়া। ইউটিউবত চাওমিন বনোৱা দেখিছিলো। তেনেকৈয়ে চাওমিন বনোৱাৰ চেষ্টা কৰি চালো।” সেয়া ২০১৯ৰ কথা, তেতিয়াৰ পৰা তেওঁ পিছ হোঁহকি যাবলগীয়া হোৱা নাই।
২০২২ত পাৰিয়ে তেওঁক লগ পোৱাৰ সময়ত ১০ টকাত সৰু এবাটি চাওমিন বিক্ৰী কৰি আছিল। “মই দিনে ৭০০-৮০০ মান টকাৰ চাওমিন বিক্ৰী কৰো।” এনেকৈ দিনে তেওঁ ২০০ৰ পৰা ৩০০ টকা উপাৰ্জন কৰে। ৭০০ গ্ৰামৰ নুডলৰ পেকেট এটাৰ দাম ৩৫ টকা, তেওঁক দিনে পাঁচ পেকেটমান লাগে। আনটো ডাঙৰ খৰছ হৈছে ষ্টোভৰ কেৰাচিন, ৰন্ধাৰ বাবে ব্যৱহৃত মিঠাতেল আৰু মটৰ চাইকেলখনৰ পেট্ৰ’ল।
“আমাৰ তিনি বিঘা খেতিমাটি আছে, কিন্তু তাৰ পৰা উপাৰ্জন বুলিবলৈ নাই,” তেওঁ কয়। তেওঁ ভায়েকহঁতৰ লগত লগ লাগি ঘৰত খাবৰ বাবে ঘেঁহু, বাজৰা আৰু সৰিয়হ তেলৰ খেতি কৰে। ৰাম বিবাহিত, ৰীণাৰ সৈতে তেওঁৰ সংসাৰখনত আছে চাৰিটি সন্তান, তিনিজনী ছোৱালী আৰু এটা ল’ৰা, আটাইৰে বয়স ১০ বছৰৰ তলত।
ৰাম অৱতাৰে টিভিএছ মটৰ চাইকেলখন কিনা সাত বছৰ হ’ল আৰু সেইখন ভ্ৰাম্যমান পাকঘৰত পৰিণত হোৱাৰ চাৰিবছৰ - ২০১৯ত। এতিয়া সেইখনত প্লাষ্টিকৰ টোপোলা ওলমি থাকে। ভিতৰত থাকে কবি, চাওমিন, মিঠাতেল ইত্যাদি। “চাওমিন বনোৱা কামটো মোৰ ভাল লাগিছে। যিমানদিন পাৰো এই কামটো কৰি যাম। ”
অনুবাদ: পংকজ দাস