অধো জাম আৰু হোঠাল পদমাণিৰ প্ৰেম-কাহিনী কচ্ছৰ উপৰিও সৌৰাষ্ট্ৰৰো কোনো কোনো ঠাইত জনপ্ৰিয়৷ অন্য লোককথাৰ দৰে এই কাহিনীয়েও নিশ্চয় বহু মানুহৰ মুখ বাগৰি বাগৰিয়ে সৌৰাষ্ট্ৰ পাইছেগৈ৷ পিছে বিভিন্ন সময়ত আৰু বেলেগ বেলেগ স্থানত এই কাহিনীৰ কিছু সাল-সলনিও ঘটা দেখা গৈছে৷ সেই কাৰণেই হয়তো তেওঁলোকৰ পূৰ্বজ সম্বন্ধে সম্পূৰ্ণ শুদ্ধ ধাৰণা কাৰো হাতত নাই৷ অধো জাম এগৰাকী জনজাতীয় সাহসী বীৰ নেতাও হ’ব পাৰে, অথবা কিয়োৰৰ এজন ক্ষত্ৰিয় যোদ্ধাও হ’ব পাৰে৷ ঠিক একেদৰে হোঠালো এগৰাকী জনজাতীয় বীৰাঙ্গনা নেত্ৰী হিচাপেই জনাজাত৷ কিন্তু অন্য কিছু সংস্কৰণত তেওঁক এগৰাকী অভিশপ্ত দেৱী হিচাপে উপস্থাপন কৰা হৈছে৷
বৌৱেক মিনাৱতীৰ অতৃপ্ত যৌন বাসনা পূৰণ কৰিবলৈ অমান্তি হোৱা অধো জাম এতিয়া নিৰ্বাসিত৷ সেই কাৰণে তেওঁ মোমায়েকৰ এজন আত্মীয় বিশাল দেৱৰ ঘৰত আশ্ৰয় লৈ আছে৷ তেওঁৰ ঘৰ পিৰানা পতনত৷ সেই বিশাল দেৱৰে উটবোৰ নাগাৰ-সামোই সিন্ধৰ প্ৰধান বমভানিয়াই লুটি লৈ গৈছিল৷ তেতিয়াই অধোয়ে সেই উটবোৰ ঘুৰাই অনাৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ হৈছিল৷
পশুপালক জনগোষ্ঠীৰ মহিয়সী নাৰী হোঠাল পদ্মিনীও সিন্ধৰ বমভানিয়াৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবে ব্যগ্ৰ৷ কাৰণ তেওঁ পদ্মিনীৰ পিতৃৰ সাম্ৰাজ্যখনত উৎখাত কৰি গোটেই পশুবোৰ চুৰি কৰি লৈ গৈছে৷ আৰু এই অন্যায়ৰ উচিত প্ৰত্যুত্তৰ দিব বুলি তেওঁৰ মুমূৰ্ষ পিতৃৰ ওচৰত অংগিকাৰবদ্ধও হৈছে৷ পদ্মিনীয়ে অভিযানৰ সময়তে অধো জামক লগ পালে৷ সেই মূহুৰ্তত তেওঁ এজন পুৰুষ যোদ্ধাৰ ছদ্মবেশত আছিল৷ কিছুমান আখ্যানত তেওঁক ’হঠো’ আৰু আন কিছুমানত ‘এক্কালমাল’ বুলি নামাকৰণ কৰা হৈছে৷ অধো জামৰ দৃষ্টিত তেওঁ এগৰাকী দুঃসাহসী যুৱ যোদ্ধা আৰু যিহেতু তেওঁলোকৰ উদ্দেশ্য একেটাই, সেয়ে দুয়োৰে মাজত অতি সোনকালেই বন্ধুত্ব গঢ়ি উঠিল৷ বমভানিয়াৰ বিৰুদ্ধে যুদ্ধ কৰি দুয়োজনে তেওঁক পৰাস্ত কৰি উট আৰু পশুবোৰ ঘূৰাই আনিবলৈ সক্ষম হ’ল৷
নাগাৰ সামোইৰ পৰা উভতি অহাৰ পথতে দুয়োজনৰ দিশ হৈ পৰিল ভিন্ন৷ অধোয়ে পিৰানা পতনৰ দিশে আৰু হঠোয়ে কানাৰা পৰ্বতৰ দিশে বাট ল’লে৷ কিছুদিন পিছত অধো জামক হঠোৰ স্মৃতিয়ে বৰকৈ আমনি কৰিবলৈ ধৰিলে৷ তেতিয়াই তেওঁ নিজৰ বন্ধুক বিচাৰি যোৱাৰ সিদ্ধান্ত ল’লে৷ এদিন এটা হ্ৰদৰ পাৰত অধোয়ে প্ৰথমতে তেওঁৰ বন্ধুৰ যোদ্ধাৰ সাজ-পোছাক আৰু ঘোঁৰাটো দেখা পালে৷ তাৰ পাছত হ্ৰদৰ পানীত গা ধুই থকা হোঠালক দেখি তেওঁৰ প্ৰকৃত সত্য উদ্ধাৰ কৰিলে৷
হোঠালৰ ৰূপত বিমুগ্ধ হৈ অধো তেওঁৰ প্ৰেমত পৰিল আৰু লগে লগে বিয়াৰ প্ৰস্তাৱ দিলে৷ সেই একে প্ৰেমবাণে অধীৰ কৰা হোঠালেও অধোৰ প্ৰস্তাৱত সন্মতি জনালে এটা মাথো চৰ্তত৷ সেই চৰ্ত অনুযায়ী হোঠালে তেওঁৰ লগত সেই মূহুৰ্তলৈকেহে থাকিব যেতিয়ালৈকে অধোয়ে তেওঁৰ প্ৰকৃত পৰিচয় গোপনে ৰাখিব পাৰিব৷ অধোৱে প্ৰতিশ্ৰুতি দিয়াৰ পাছত তেওঁলোক বিয়াত বহিল আৰু দুজনকৈ সাহসী ল’ৰা সন্তানৰ অধিকাৰীও হ’ল৷ কিন্তু কিছুমান আখ্যান মতে বহু বছৰৰ পাছত হয়তো অধোৱে মদৰ ৰাগীত নিজৰ বন্ধু-বান্ধৱৰ আগত নহ’লেবা কোনোবা এখন ৰাজহুৱা সভাত দুই পুত্ৰৰ বীৰ গাঁথাসমূহ কৈ থাকোতে হোঠালৰ প্ৰকৃত পৰিচয় সকলোৰে আগত কৈ পেলালে৷ তাৰ পিছ মূহুৰ্ততে তেওঁ অধোক এৰি গুচি যায়৷
ইয়াতে উপস্থাপন কৰা গীতটিত কণ্ঠদান কৰিছে ভদ্ৰেশ্বৰৰ জুমা ৱাঘেৰে আৰু গীতটোৰ আৰম্ভণি কৰা হৈছে অধো জাম আৰু হোঠালৰ বিচ্ছেদৰ মূহুৰ্তৰ পাছত৷ হোঠালে এৰি যোৱাৰ পিছত অধো জাম ইমান দুখী যে তেওঁৰ চকুপানীৰে বাট নেদেখা হৈছে৷ পত্নীয়ে এৰি যোৱাৰ দুখত ব্যথিত অধোৰ চকুপানীয়ে হাজাছাৰ হ্ৰদত বান আনিছে। হোঠাল পদ্মিনীক ঘূৰাই আহিবলৈ আনকি তেওঁক বিলাসিতা আৰু আতিথ্যৰো প্ৰলোভন দিছে৷



