“২০২০ৰ লকডাউনৰ সময়ত কিছুমান মানুহে আহি আমাৰ ১.২০ একৰ মাটিত সীমাৰ বেৰ দিবলৈ আহিছিল,” ফাগুৱা ওৰাওঁৱে মুকলি ভূমি এটুকুৰাৰ কাষে কাষে থকা ইটাৰ বেৰখনৰ ফালে আঙুলিয়াই দি কয়। আমি আছো খুঁতি জিলাৰ ডুমাৰি গাঁৱত, গাওঁখনত ঘাইকৈ আদিবাসী লোকৰ বসতি আছে। “তেওঁলোকে এইবুলি কৈ মাটিখিনি জুখিবলৈ লয় যে সেই মাটিখিনি আন কাৰোবাৰ, আমাৰ নহয় হেনো।” আমি পোনচাটে তাৰ বিৰোধিতা কৰিলো।
“ঘটনাটোৰ প্ৰায় ১৫ দিন পাছত আমি গাঁৱৰ পৰা ৩০ কিলোমিটাৰ দূৰৈৰ খুঁতিত থকা মহকুমা দণ্ডাধীশক সাক্ষাৎ কৰিলো। প্ৰতিবাৰ যাওতে আমাৰ ২০০ টকাৰো অধিক খৰছ হৈছিল। আমি উকীলৰ পৰা সহায় ল’বলগীয়া হ’ল। এতিয়ালৈ মানুহজনে আমাৰ পৰা ২,৫০০ টকা লৈছে। কিন্তু কামটো একো আগবঢ়া নাই।”
“ইয়াৰ আগতে আমি আমাৰ ব্লকৰ মাণ্ডলিক কাৰ্য্যালয়লৈ গৈছিলো। আমি বিষয়টোৰ অভিযোগ দিবলৈ থানালৈকো গৈছো। মাটিখিনিৰ ওপৰত আমাৰ অধিকাৰ এৰি দিবলৈ আমাক সিহঁতে দাবী-হুমকি দি আছিল। জিলা পৰ্য্যায়ৰ এজন বিষয়া তথা চৰম সোপন্থী সংস্থাৰ সদস্য এগৰাকীয়ে আমাক ধমক দিছিল। কিন্তু আদালতত শুনানি এতিয়ালৈ হোৱা নাই। এতিয়া এই দেৱালখন আমাৰ মাটিত। ঔৰ হম দৌ ছাল সে ইচি তৰহ দৌৰ-ধুপ কৰ ৰহে হ্যে (আৰু আমি এনেকৈ দুটা বছৰ ধৰি লৰা-ঢপৰা কৰি আছো)।”
“মোৰ ককা লুচা ওৰাওঁৱে ১৯৩০ত জমিদাৰ বালচন্দ চাহুৰ পৰা মাটি কিনিছিল। আমি সেই মাটিতে খেতি কৰি আছো। আমাৰ হাতত মাটিখিনিৰ ১৯৩০ৰ পৰা ২০১৫লৈকে ৰছিদ আছে। তাৰপিছত (২০১৬) অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈ গ’ল আৰু অনলাইন ৰেকৰ্ডত আমাৰ মাটিটুকুৰাত (প্ৰাক্তন) জমিদাৰৰ বংশধৰৰ নাম আহিল, কেনেকৈ হ’ল আমি নাজানো।”
ফাগুৱা ওৰাওঁৱে কেন্দ্ৰ চৰকাৰৰ ডিজিটেল ইণ্ডিয়া ভূমিলেখ আধুনিকীকৰণ কাৰ্য্যসূচী (ডিআইএলআৰএমপি)ৰ কাৰণে নিজৰ মাটিখিনি হেৰুৱালে, যিটো কাৰ্য্যসূচী সকলো ভূমিৰ নথিৰ ডিজিটেল লেখ বনোৱাৰ কাৰণে মুকলি কৰা হৈছে আৰু যাৰ জৰিয়তে কেন্দ্ৰই এক কেন্দ্ৰীয়ভাৱে পৰিচালিত ভূমিৰ ডেটাবেচ গঢ়ি তোলাৰ উদ্দেশ্য হাতত লৈছে। এই কাৰ্য্যসূচীৰ অধীনত এনে সকলো অভিলেখ আধুনিক কৰি তোলাৰ বাবে ২০১৬ৰ জানুৱাৰীত ভূমিৰ লেখ প’ৰ্টেল ৰাজ্য চৰকাৰে মুকলি কৰিছিল, য’ত জিলাভিত্তিক ভূমিৰ তথ্য আছিল। তাৰ উদ্দেশ্য আছিল “ভূমি/সম্পত্তিৰ বিবাদ নিষ্পত্তি আৰু ভূমিৰ লেখ ব্যৱস্থাপনা পদ্ধতিক স্বচ্ছ কৰি তোলা।”
বিড়ম্বনাৰ কথা এয়ে যে ফাগুৱা আৰু তেওঁৰ দৰে বহুতৰ ক্ষেত্রত এই আঁচনি হিতে বিপৰীতে হ’ল।
আমি অনলাইনত আমাৰ মাটিখিনিৰ স্থিতিৰ বিষয়ে জানিবলৈ প্ৰজ্ঞা কেন্দ্ৰ (চৰকাৰৰ দ্বাৰা ডিজিটেল ইণ্ডিয়া যোজনাৰ অধীনত নিৰ্মিত ঝাৰখণ্ডৰ সাধাৰণ সেৱা কেন্দ্ৰৰ ৱান-ষ্টপ শ্বপ, যিখন দোকানে গাওঁ পঞ্চায়ত পৰ্য্যায়ত মাচুল আদায়ৰ বিনিময়ত সাৰ্বজনিক সেৱা প্ৰদান কৰে। তাত থকা অনলাইন ৰেকৰ্ড অনুসৰি নাগেন্দ্ৰ সিং মাটিখিনিৰ বৰ্তমানৰ মালিক। তেওঁৰ আগতে সঞ্জয় সিং মালিক আছিল। তেওঁ মাটিখিনি বিন্দু দেৱীক বিক্ৰী কৰিছিল, যাৰ পিছত সেই মাটি নাগেন্দ্ৰ সিংহলৈ বিক্ৰী কৰা হয়।
“এনে লাগিছে যে জমিদাৰৰ উত্তৰাধিকাৰীসকলে আমাক আন্ধাৰত ৰাখি মাটিখিনি দুই-তিনিবাৰ ক্ৰয়-বিক্ৰয় কৰিছে। কিন্তু এয়া কেনেকৈ সম্ভৱ? কিয়নো আমাৰ হাতত ১৯৩০ৰ পৰা ২০১৫লৈ মাটিৰ অফলাইন ৰছিদ আছে। আমি এতিয়ালৈ ২০,০০০ৰো অধিক টকা খৰছ কৰিছো আৰু এতিয়াও দৌৰিয়েই আছো। আমি পইচা যোগাৰ কৰিবলৈ ভঁৰালৰ ধান পৰ্য্যন্ত বিক্ৰী কৰিবলগীয়া হৈছে। এতিয়া মাটিখিনিত থকা ইটাৰ বেৰখন দেখিলে এনে লাগে যেন আমি সকলো হেৰুৱালো। নাজানো এই সংগ্ৰামত আমাক কোনে সহায় কৰিব পাৰে।”







