মাদুৰাই জিলাৰ ৰুপান্তৰিত লোকশিল্পীসকলৰ বাবে বছৰটোৰ প্ৰথম ছটা মাহ অতি গুৰুত্বপূৰ্ণ। এই সময়ছোৱাত গাওঁবোৰত স্থানীয় উৎসৱ আয়োজিত হোৱাৰ লগতে মন্দিৰবোৰতো সাংস্কৃতিক অনুষ্ঠানবোৰ আৰম্ভ হ’বলৈ ধৰে। কিন্তু লকডাউনৰ সময়ছোৱাত বৃহৎ ৰাজহুৱা সমাৱেশৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞাই তামিলনাডুৰ প্ৰায় ৫০০ গৰাকী ৰূপান্তৰিত মহিলা শিল্পীক বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিছে।
তেওঁলোকৰ মাজৰে এগৰাকী হৈছে মাগী। মাদুৰাই চহৰৰ পৰা ১০ কিলোমিটাৰৰো কম দূৰত্বত অৱস্থিত ভিলাংগুড়ি চহৰত থকা তেওঁৰ দুকঠলীয়া ঘৰটো হৈছে আন বহু ৰূপান্তৰিত মহিলাৰ বাবে ইজনে সিজনক লগ পোৱাৰ আৰু আশ্ৰয় লোৱাৰ স্থল। কঠীয়া সিঁচাৰ পিছত ধানৰ গজালি মেলোঁতে পৰম্পৰাগত কুম্মি পাটু গীত পৰিৱেশন কৰা জিলাখনত মুষ্টিমেয় ৰূপান্তৰিত শিল্পীৰ মাজৰ এগৰাকী হৈছে এই মাগী। তামিলনাডুত প্ৰতি বছৰে জুলাই মাহত উদযাপিত মুলাই উৎসৱৰ সময়ত বৰষুণ, মাটিৰ উৰ্বৰতা আৰু শস্য নদন-বদন হোৱাৰ বাবে গাওঁখনৰ দেৱীগণক সন্তুষ্ট কৰিবলৈ কুম্মি পাটু স্তুতিগীত গোৱা হয়।
তেওঁৰ বন্ধু-বান্ধৱ আৰু সহকৰ্মী সকলোৱে এই গীতৰ তালে তালে নাচে। বছৰ বছৰ ধৰি এই নাচেই তেওঁলোকৰ পেটৰ ভাত মোকলোৱাৰ উপায় আছিল। কিন্তু মহামাৰীজনিত লকডাউনৰ বাবে ২০২০ চনৰ জুলাই মাহত এই উৎসৱ অনুষ্ঠিত কৰিব পৰা নাছিল। এইবছৰো নোৱাৰিলে (মাদুৰাইত ৰূপান্তৰিত লোকশিল্পীৰ দুখ-দুৰ্দশা চাব পাৰে)। আনহাতে মাদুৰাই আৰু ইয়াৰ আশে-পাশে থকা দোকানবোৰৰ পৰা পইচা সংগ্ৰহ কৰা আন এটা নিয়মীয়া উপাৰ্জনৰ বাটো বন্ধ হৈ পৰিছিল। আনকি বেংগালুৰুখনো স্তব্ধ হৈ পৰিছিল। এনেদৰে মাহে ৮,০০০ৰ পৰা ১০,০০০ টকালৈকে সাধাৰণতে হোৱা তেওঁলোকৰ উপাৰ্জন লকডাউনৰ সময়ত প্ৰায় শূন্যৰ ঘাই চুইছিল।







