মধুবাণীৰ জিপিএছভিএছৰ প্ৰাক্তন অধ্যক্ষ তথা ১৯৭০ৰ শেষৰফালে স্থাপিত সংস্থাটোৰ প্ৰতিস্থাপক সদস্যবৰ্গৰ মাজৰ এজন জীতেন্দ্ৰ কুমাৰে কয়, “আমাৰ ৩০০ গৰাকী মহিলাৰ গোটটোক কস্তুৰবা মহিলা মণ্ডল নাম দিয়া হৈছে আৰু আমি গ্ৰামীণ মহিলাৰ কাৰণে সবলীকৰণৰ সপোনক বাস্তৱায়িত কৰিব বিচাৰো, লাগিলে সেই সমাজখন এইখনৰ (হাচানপুৰ) দৰে সংৰক্ষণশীলেই নহওঁক কিয়।” কামৰ সামগ্ৰিক প্ৰকৃতিৰ বাবেই চামা আৰু চালাহৰ দৰে স্বেচ্ছাসেৱকসকল সম্প্ৰদায়টোৰ বিশ্বাসভাজন হৈ উঠিছে। “এটা সময়ত এনে এটা উৰাবাতৰিও চলিছিল যে পালছ্ পলিঅ’ৰ পালি ল’লে ল’ৰাবোৰৰ প্ৰজনন ক্ষমতা নাইকিয়া হৈ যাব। পৰিৱৰ্তন আহিবলৈ সময় লাগিল...”
গৰ্ভনিৰোধৰ ব্যৱহাৰ সম্পৰ্কে কথা পাতোতে তেওঁলোকৰ মুছলমান অধ্যূষিত গাওঁখনত স্পৰ্শকাতৰ ধৰ্মীয় অনুভূতিৰ সৈতে আপোচ কৰিবলগা নহয় বুলি চামা আৰু চালাহে বিশ্বাস কৰে। তাৰ পৰিৱৰ্তে তেওঁলোকে এই বুলি বুজায় যে সময়ৰ লগে লগে সমাজখনে নিজেই দৃষ্টিভংগী সলনি কৰিবলৈ লৈছে।
“এইখিনিতে মই আপোনাক এটা উদাহৰণ দিও,” চামাই কয়। “যোৱাবছৰ বিএ ডিগ্ৰী থকা মোৰ সম্পৰ্কীয় এগৰাকী আকৌ এবাৰ গৰ্ভধাৰণ কৰিলে। তাইৰ ইতিমধ্যে তিনিটা সন্তান আছিল। শেষৰটোৰ বাবে তাই অপাৰেচন কৰাবলগীয়া হৈছিল। মই তাইক সতৰ্ক হৈ থাকিবলৈ কৈছিলো, তাইৰ তলপেটটোত অস্ত্ৰোপচাৰ কৰা হৈছিল। শেষত জটিলতাই দেখা দিয়াত আন এটা চাৰ্জাৰি কৰিবলগীয়া হ’ল। এইবাৰ তাইৰ জৰায়ু আঁতৰাই পেলোৱা হ’ল। এই গোটেই কাৰবাৰটোত তেওঁলোকৰ ৩-৪ লাখ টকা খৰছ হ’ল।” এনে ঘটনাই আন মহিলাক নিৰাপদ গৰ্ভনিৰোধৰ উপায় অৱলম্বন কৰিবলৈ বাধ্য কৰায়, তেওঁ কয়।
গুণাহ বা পাপ মানে আচলতে কি সেয়া সুক্ষ্মদৃষ্টিৰে মানুহে এতিয়া চাবলৈ আগ্ৰহ কৰা হৈছে বুলি চালাহে কয়। “মোৰ ধৰ্মই ইয়াকো কৈছে যে আপুনি নিজৰ সন্তানৰ চোৱাচিতা কৰিব লাগিব, সুস্বাস্থ্য সুনিশ্চিত কৰিব লাগিব, ভাল কাপোৰ দিব লাগিব, ভালদৰে লালন-পালন কৰিব লাগিব...” তেওঁ কয়। “এক কি আধা ডৰ্জন সন্তান জন্ম দি ল’লো আৰু সিহঁতক অ’ত-ত’ত পৰি থাকিবলৈ দিলো - আমাৰ ধৰ্মই আমাক সন্তান জন্ম দি সিহঁতক নিজে খুটি খাবলৈ এৰি দিবলৈ নকয়।”
আগৰ ভয়বোৰ নাইকিয়া হৈ আহিছে, চালাহে কয়। “এতিয়া শাহুবোৰে ঘৰত হুকুম নচলায়। পুতেকে উপাৰ্জন কৰে আৰু ঘৈণীয়েকলৈ টকা পঠিয়ায়। তায়েই ঘৰৰ মুখীয়াল। আমি তাইক সন্তানৰ মাজত ব্যৱধান ৰখা, আন্তঃজৰায়ু আহিলাৰ ব্যৱহাৰ, বড়ি বা বেজী লোৱা আদি কথা শিকাও। আৰু যদি তাইৰ দুই বা তিনিটা সন্তান আছে, আমি তাইক চাৰ্জাৰি (বন্ধ্যাকৰণৰ) কৰিবলৈ পৰামৰ্শ দিওঁ।”
হাচানপুৰৰ মানুহৰ পৰা ভাল সঁহাৰি পোৱা হৈছো। চালাহে কয়ঃ লাইন পে আ গয়ে হ্যে সব (মানুহবোৰৰ গত লাগিছে)।
সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰ মিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।
এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে যদি অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখি এই ইমেইল ঠিকনালৈ লিখক- [email protected]।
অনুবাদ: পংকজ দাস