ৰাস্তাৰ কাষৰ ধাবাত থকা কৃষকসকলক বাঁহীৰ সুৰ এটাই চুই গৈছিল। ২২ ডিচেম্বৰৰ শীতৰ পুৱা নাচিক চহৰৰ পৰা ৬৫ কিলোমিটাৰ দুৰৈত থকা চান্দবাড় নগৰত তেওঁলোকে চাহৰ বাবে অপেক্ষা কৰি আছিল। কিছুমানে আধা টোপনিত আছিল আৰু আন কিছুমানে পুৱাৰ আহাৰৰ বাবে পাওঁ প্ৰস্তুত কৰি আছিল। কিন্তু কোলহাপুৰ জিলাৰ জামভলী গাঁৱৰ ৭৩ বছৰীয়া নাৰায়ন গাইকোৱাডে বাঁহী বজায় আছিল। ঘৰৰ পৰা তেওঁ ৫০০ কিলোমিটাৰ দূৰৈত আছিল যদিও পুৱাৰ দৈনন্দিন কামবোৰ কৰি আছিল। “মানুহে কয় যে দিল্লীৰ এই প্ৰতিবাদ পাঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকৰ মাজতে সীমাবদ্ধ," তেওঁ কয়। “আমি এই বিষয়টো ৰাষ্ট্ৰীয় বিষয় হিচাপে দাঙি ধৰিব বিচাৰো।”
২১ ডিচেম্বৰত নাচিকৰ পৰা যাত্ৰা আৰম্ভ কৰা দিল্লীলৈ গাড়ীৰ সমদলত অংশ ল’বলৈ অহা ২০০০ কৃষক, কৃষি শ্ৰমিক আৰু প্ৰতিবাদকাৰীসকলৰ দলত গাইকোৱাডো এজন আছিল। কিন্তু গাইকোৱাডৰ যাত্ৰা এদিন আগতে আৰম্ভ হৈছিল। “আমি সাতজনে ২০ ডিচেম্বৰৰ ৰাতি টেম্পোৰে আহি নাচিকত উপস্থিত হৈছিলো। এইখিনি পাবলৈ আমাক ১৩ ঘন্টা সময় লাগিছিল," তেওঁ কয়। "বয়সৰ লগে লগে ৰাস্তাৰে যাত্ৰা কৰা কঠিন হৈ পৰিছে। কিন্তু মই আহিবলৈ সিদ্ধান্ত লৈছিলো কাৰণ মই ভগত সিঙৰ ভাৰতৰ ধাৰণাত বিশ্বাস কৰো। বিল্পৱ নোহোৱাকৈ কৃষকৰ সমস্যা কেতিয়াও সমাধান নহয়।”
পাঞ্জাৱ হাৰিয়ানাৰ লাখ লাখ কৃষক মূলতঃ সাহসেৰে আৰক্ষীৰ কন্দুৱা গেছ, লাঠিচালনা, শীত আৰু বৰষুণক নেওচি দিল্লী সীমান্তত প্ৰতিবাদ কৰি আছে। তেওঁলোকে তিনিখন কৃষি আইনৰ বিৰোধিতা কৰি আছে যি তিনিখন প্ৰথমে কেন্দ্ৰীয় চৰকাৰে ২০২০ চনৰ ২০ জুনত অধ্যাদেশ হিচাপে জাৰি কৰিছিল আৰু ১৪ ছেপ্টেম্বৰত সদনত উত্থাপন কৰাৰ পিছত সেই মাহৰ ২০ তাৰিখে আইনত পৰিণত হৈছিল।
কৃষকসকলে বিৰোধীতা কৰা আইনবোৰ ক্ৰমে- কৃষিপণ্য ব্যৱসায় আৰু বাণিজ্য (সংবৰ্দ্ধন আৰু সৰলীকৰণ)আইন, ২০২০; শস্যৰ (সবলীকৰণ আৰু সংৰক্ষণ) মূল্যৰ আৰু কৃষি সেৱা আইন, ২০২০ৰ আৰু অত্যাৱশ্যকীয় পণ্য(সংশোধন) আইন, ২০২০ৰ নিশ্চয়তাৰ চুক্তি। ইয়াৰ উপৰিও এই আইনে ভাৰতীয় সংবিধানৰ ৩২ নং অনুচ্ছেদক উপেক্ষা কৰি ভাৰতীয় নাগৰিকৰ আইনী যুঁজৰ অধিকাৰ কাঢ়ি নিয়াৰ বাবে সমালোচিত হৈছে।








