তেওঁ কেৱল নিজৰ নামটো পঢ়িব বা লিখিব পাৰে। তেওঁ ইয়াক গৌৰৱেৰে দেৱনাগৰীত লিখে, সযত্নে: গো-পুহ-লী। তাৰ পাছত তেওঁ যিটো হাঁহি মাৰে, চৌপাশ পোহৰাই তোলে।
চাৰিটা সন্তানৰ মাতৃ ৩৮ বছৰীয়া গোপলী গামেটিয়ে কয় যে মহিলাসকলে যদি মনতে এবাৰ থিৰাং কৰি লয়, তেতিয়া তেওঁলোকৰ বাবে কোনো কামেই অসম্ভৱ নহয়।
উদয়পুৰ জিলাৰ গোগুণ্ডা ব্লকৰ কাৰ্দা গাঁৱৰ উপকণ্ঠত মাত্ৰ ৩০ টা ঘৰৰ এই গোটটোত, গোপলীয়ে তেওঁৰ চাৰিটা সন্তানৰ প্ৰতিটো ঘৰতে প্ৰসৱ কৰিছিল, তেওঁক সহায় কৰিছিল সম্প্ৰদায়টোৰ আন মহিলাসকলে। চাৰি নম্বৰ সন্তানটো জন্ম দিয়াৰ পিছত প্ৰথমবাৰৰ বাবে তেওঁ চিকিৎসালয়লৈ গৈছিল, বন্ধ্যাকৰণৰ বাবে৷
তেওঁ কয়, "আমাৰ পৰিয়াল সম্পূৰ্ণ হোৱা বুলি মানি লোৱাৰ সময় আহি পৰিছিল।" গোগুণ্ডা ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰ (চিএইচচি)ৰ এগৰাকী পৰিদৰ্শনকাৰী স্বাস্থ্য কৰ্মীয়ে তেওঁক এই "অস্ত্ৰোপচাৰ"ৰ বিষয়ে কৈছিল যি পিছৰ গৰ্ভধাৰণসমূহ প্ৰতিহত কৰিব। এয়া বিনামূলীয়া আছিল। তেওঁ কেৱল ৩০ কিলোমিটাৰ দূৰৈত অৱস্থিত চাৰিটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ (পিএইচচি) দ্বাৰা সেৱা আগবঢ়োৱা গাওঁবোৰৰ বাবে চৰকাৰৰ দ্বাৰা পৰিচালিত গ্ৰামীণ চিকিৎসালয় চিএইচচি-লৈ যাবলগীয়া হৈছিল।
কেইবাবাৰো তেওঁ ঘৰত এই বিষয়টো উত্থাপন কৰিছিল যদিও তেওঁৰ স্বামীয়ে কাণ দিয়া নাছিল। তেওঁ কেইবামাহো ধৰি নিজকে স্থিৰ কৰি কনিষ্ঠটো সন্তানক স্তনপান কৰাই থাকোঁতে তেওঁৰ সিদ্ধান্ত সম্পূৰ্ণ হোৱাটোৰ বিষয়ে ভাবিছিল।













