“চালেট জায়চে… চালেট… বৈভৱ… বৈভৱ… চালেট…” (স্কুললৈ যাব খোজো… স্কুললৈ…)
প্ৰতীকে বাৰে বাৰে এই শব্দকেইটা কৈ থাকে, তাত নথকা এজন সহপাঠীক মাতি থাকে। এটা কোঠাৰ মাটিৰ ঘৰটোৰ বাৰান্দাত সি বহি লৈছে, ওচৰতে হাঁহি-ধেমালী কৰি খেলি থকা আন কেইটামান শিশুলৈ সি চাই আছে। ১৩ বছৰীয়া এই ল’ৰাটোৱে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ তাত বহি থাকে। অথবা আগ চোতালত থকা এডাল গছত আউজি সি তাৰ নিজৰ পৃথিৱীখন চাই থাকে - তাৰ দৃষ্টিৰে পৃথিৱীখন যোৱা ১১ টা মাহত চোতালৰ গছবিলাক অথবা গোহালি ঘৰটোৰ পৰা কাচিৎহে বাহিৰলৈ প্ৰসাৰিত হৈছে।
ৰাছিন গাঁৱৰ আন শিশুবিলাকে প্ৰতীকৰ লগত নেখেলে। “সি কি কয় আন শিশুবিলাকে বুজি নাপায়। সি অকলশৰে থাকে,” প্ৰতীকৰ ৩২ বছৰীয়া মাতৃ সাৰদা ৰাউতে কয়। সৰুৰে পৰা তেওঁ লক্ষ্য কৰিছিল যে গাঁৱৰ আন ল’ৰা-ছোৱালী অথবা সাৰদাৰ ডাঙৰ কেইটা ল’ৰা-ছোৱালীৰ সৈতে প্ৰতীকৰ পাৰ্থক্য আছে। ১০ বছৰ বয়সলৈকে সি কথাবোৰ বুজি নাপাইছিল আৰু নিজে নিজৰ ল’বলগীয়া যত্ন ল’বপৰা নাছিল।
তাৰ যেতিয়া ৮ বছৰ বয়স হৈছিল, সেই সময়ত আহমেদনগৰ জিলাৰ কাৰ্জাত তালুকৰ সিহঁতৰ গাওঁখনৰ পৰা প্ৰায় ১৬০ কি.মি. দূৰত অৱস্থিত চৰকাৰৰ দ্বাৰা পৰিচালিত শ্ৰীছত্ৰপতি শিৱাজী মহাৰাজ সৰ্বোপচাৰ ৰুগ্নালয় নামৰ চোলাপুৰত থকা প্ৰতিষ্ঠানত তাৰ মজলীয়া ধৰণৰ ‘ডাউন চিনড্ৰ’ম’ (বৌদ্ধিক অক্ষমতা বা প্ৰতিবন্ধকতা) থকা বুলি নিৰ্ণীত হৈছিল। “১০ বছৰ বয়সলৈকে সি কথা ক’বপৰা নাছিল। কিন্তু যেতিয়াৰ পৰা বিদ্যালয়লৈ যোৱা আৰম্ভ হ’ল আৰু তেতিয়াৰে পৰা মোক ‘আই’ বুলি মাতিবলৈ ধৰিলে। আনকি সি শৌচাগাৰলৈ নিজে যাব পৰা হ’ল তথা নিজে গা ধুবলৈ ধৰিলে। সেই কাৰণে মোৰ ল’ৰাৰ কাৰণে বিদ্যালয়লৈ যোৱাৰ খুব প্ৰয়োজন আছে। সি কিছুমান বৰ্ণমালা শিকিছিল আৰু গৈ থাকিব পৰাহেঁতেন আৰু শিকিলেহেঁতেন। কিন্তু এই মহামাৰীত…” সাৰদাই হুমুনিয়াহ কাঢ়ে।
২০২০ৰ মাৰ্চত ক’ভিড-১৯ মহামাৰী আৰম্ভ হোৱাৰ লগে লগে প্ৰতীকে পঢ়া আৱাসিক বিদ্যালয়খনৰ চৌহদ বন্ধ কৰি দিয়া হ’ল। বৌদ্ধিক প্ৰতিবন্ধী ২৫ টা শিশুৰ মাজৰে প্ৰতীকো এজন - শিশুসকলৰ বয়স ৬ৰ পৰা ১৮ বছৰৰ ভিতৰত আছিল - কিন্তু সকলোকে ঘৰলৈ ঘূৰাই পঠিওৱা হ’ল।











