বনসকান্থা জিলাত থকা নিজৰ ২.৫ একৰ খেতিমাটিখিনি ভানুবেন ভাৰৱাড়ে চাবলৈ নোযোৱা এটা বছৰেই হ’ল। এটা সময়ত তেওঁ গিৰীয়েকৰ সৈতে খেতিৰ কামত তালৈ প্ৰতিদিনে গৈছিল। বছৰটোৰ বাবে তেওঁলোকে বাজৰা, মগু আৰু জোৱাৰৰ খেতি কৰিছিল। গুজৰাটত ২০১৭ত সংহাৰী বান অহাৰ আগলৈকে খেতিখনেই তেওঁলোক চলি থকাৰ একমাত্ৰ ভৰসা আছিল। সেই বানত তেওঁলোকৰ গোটেইখিনি খেতিমাটি নষ্ট হৈ গ’ল। “তাৰপিছত আমাৰ খাদ্যই সলনি হৈ গ’ল,” ৩৫ বৰ্ষীয় ভানুবেনে কয়। “নিজৰ মাটিতে খেতি কৰি উৎপাদন কৰা শস্য এটা সময়ত তেওঁলোকে দোকানৰ পৰা কিনিবলগীয়া হৈ পৰিছিল।”
তেওঁলোকৰ খেতিৰ আধা একৰ মাটিত প্ৰায় চাৰি কুইণ্টল (৪০০ কিলো) যৱধান উৎপাদন হৈছিল। এতিয়া সেইখিনি কিনিব লাগিলে মাণ্ডিত ১০ হাজাৰ টকা দিব লাগিব। “মুদ্ৰাস্ফীতি ধৰিলেও আধা একৰ মাটিত বাজৰা খেতি কৰিবলৈ আমাক বজাৰৰ দৰতকৈ আধাখিনি টকা ব্যয় কৰিব লাগে,” তেওঁ কয়। “আন শস্যৰ ক্ষেত্ৰতো হিচাপটো একেটাই। প্ৰতিবিধ শস্যৰ (আমি উৎপাদন কৰা) বজাৰ দৰ দুগুণ।”
ভানুবেন, তেওঁৰ গিৰীয়েক ভোজাভাই (৩৮) আৰু তেওঁলোকৰ তিনি সন্তান কংকৰেজ তালুকৰ বনসকান্থাৰ টোটানা গাঁৱত থাকে। তেওঁলোকে খেতি কৰিছিল যদিও বোজাভাইয়ে অতিৰিক্ত উপাৰ্জনৰ বাবে কৃষিশ্ৰমিক হিচাপেও কাম কৰিছিল। কিন্তু তেওঁ ২০১৭ৰ পৰা পূৰ্ণকালীন শ্ৰমিক হিচাপে কাম কৰিবলীয়া হৈছে। ৩০ কিলোমিটাৰ দূৰৰ পাটানত থকা নিৰ্মাণ ছাইটবোৰত তেওঁ কাম কৰে। “এতিয়াও তেওঁ কামৰ সন্ধানত ওলাই গৈছে। কাম পালে তেওঁৰ দিনে ২০০ টকা উপাৰ্জন হয়,” ভানুবেনে কয়।
ভানুবেন আৰু ভোজাভাইৰ সৰুটো সন্তান সুহানা সেই বিধ্বংসী বান অহা বছৰটোতে জন্ম পাইছিল। তাইৰ মুৰত হাত ফুৰাই দি ভানুবেনে কয় যে তেওঁ বিশ্বাস কৰিব নোৱাৰে যে পাঁচটা বছৰ বাগৰি গ’ল।
বনসকান্থা, পাটান, সুৰেন্দ্ৰনগৰ, আৰাৱলী আৰু মৰবিকে ধৰি গুজৰাটৰ ভালেকেইখন জিলাত ২০১৭ৰ জুলাই প্ৰচুৰ বৃষ্টিপাতৰ সন্মুখীন হৈছিল। একে সময়তে আৰৱ সাগৰ আৰু বংগ উপত্যকাত সৃষ্টি হোৱা নিম্ন চাপৰ বাবে মহাপ্লাৱন সৃষ্টি হৈছিল। সেয়া আছিল এক বিৰল পৰিঘটনা। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ এক প্ৰতিবেদন অনুযায়ী যোৱা ১১২ টা বছৰত অঞ্চলটোত সেই বৃষ্টিপাত আছিল সৰ্বোচ্চ।









