মে’ৰ আৰম্ভণিৰ ভাগত অজয় কুমাৰ শ্বয়ে মন কৰিলে যে তেওঁৰ জ্বৰ উঠিছে। সেয়ে ঝাৰখণ্ডৰ সতাৰা জিলাৰ তেওঁৰ গাওঁ আচাৰিয়াহৰ পৰা আঠ কিলোমিটাৰ নিলগত ইটখোৰি চহৰৰ এখন ব্যক্তিগত ক্লিনিকত তেওঁ ডাক্তৰক দেখুৱালে।
ডাক্তৰে ক’ভিড পৰীক্ষা নকৰি কাপোৰ বেপাৰী ২৫ বছৰীয়া অজয়ৰ (প্ৰচ্ছদ ফটোত পুত্ৰ সৈতে) টাইফয়ড আৰু মেলেৰিয়া হোৱা বুলি ক’লে। অজয়ৰ তেজত অক্সিজেনৰ সংপৃক্তিৰ মাত্ৰা ৭৫ৰ পৰা ৮০ শতাংশ আছিল। (স্বাভাৱিক পৰিসৰ ৯৫ৰ পৰা ১০০) অজয়ক তাৰপিছত ঘৰলৈ পঠিয়াই দিয়া হয়।
ঘৰলৈ আহি ২-৩ ঘণ্টা পিছতে যেতিয়া তেওঁ উশাহ লোৱাত কষ্ট পাবলৈ ধৰিলে, তেতিয়াহে তেওঁ চিন্তাত পৰিল। সিদিনাই তেওঁ হাজাৰীবাগৰ আন এখন ব্যক্তিগত ক্লিনিকত (আচাৰহিয়াৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ দূৰত) আন এজন ডাক্তৰক দেখা কৰিলে। তাতেও তেওঁৰ ক’ভিড-১৯ৰ পৰিৱৰ্তে টাইফয়ড আৰু মেলেৰিয়াৰহে পৰীক্ষা কৰোৱা হ’ল।
অৱশ্যে অজয়ে একেখন গাঁৱৰে ভিডিঅ’ এডিটৰ হায়ুল ৰহমান আনচাৰিক কয় যে ক’ভিড পৰীক্ষা নকৰালেও “ডাক্তৰে মোক দেখি কৈছিল যে মোৰ ক’ৰনা হৈছে। তেওঁ মোক সদৰ হস্পিতাললৈ (হাজাৰীবাগৰ চৰকাৰী হস্পিতাল) যাবলৈ ক’লে কিয়নো তেওঁলোকৰ হস্পিতালত চিকিৎসা কৰালে বহুত খৰছ পৰিব। ভয় খাই আমি ক’লো যে যি খৰছ হয় আমি বহন কৰিম। চৰকাৰী হস্পিতালত আমাৰ বিশ্বাস নাই। তালৈ চিকিৎসাৰ বাবে যোৱা (ক’ভিডৰ) কোনো বাচি অহা নাই।”


