গৌৰী পাৰমাৰৰ কণ্ঠত লুকাই থকা শ্লেষ আৰু তিক্ততা স্পষ্ট হৈ পৰে যেতিয়া তেওঁ এইদৰে কয়, "ক’ত নিষিদ্ধ হৈছে সুৰা?"
গৌৰীয়ে লগতে কয়, "হয়তোবা এয়া এক প্ৰৱঞ্চনা নতুবা মোৰ গাওঁখন গুজৰাটত নাই। মোৰ গাঁৱৰ মানুহে বহুবছৰ ধৰি সুৰাপান কৰি আহিছে৷" তেওঁৰ গাওঁখন ৰোজিদ গুজৰাটৰ বটাড জিলাত অৱস্থিত।
গুজৰাট হৈছে ভাৰতৰ তিনিখন 'ড্ৰাই ষ্টেট'ৰ ভিতৰৰ অন্যতম এখন য'ত সাধাৰণ নাগৰিকক সুৰা ক্ৰয় বা পান কৰিবলৈ অনুমতি দিয়া নহয়। গুজৰাট নিষিদ্ধকৰণ (সংশোধনী) আইন, ২০১৭-ৰ অধীনত, সুৰাৰ উৎপাদন আৰু বিক্ৰীৰ বাবে ১০ বছৰৰ কাৰাবাসৰ ব্যৱস্থা আছে।
অৱশ্যে, পঞ্চাশ বৰ্ষীয় গৌৰীয়ে ত্ৰিশ বছৰ পূৰ্বে বিবাহসূত্ৰে ৰোজিদত উপস্থিত হোৱাৰ পিছৰে পৰা এই আইন উলংঘনৰ সাক্ষী হৈ আহিছে। স্থানীয় লোকসকলে কেৱল দেশীয় সুৰা প্ৰস্তুত কৰাই নহয়, বৰঞ্চ আগ্ৰহী গ্ৰাহকসকলক পলিথিনৰ মোনাত বিক্ৰীও কৰে।
এই নকল সুৰা প্ৰস্তুত কৰাৰ পৰিণাম সুদূৰপ্ৰসাৰী আৰু মাৰাত্মক। নকল সুৰা নিৰ্মাতাসকলে ইয়াৰ নিৰ্মাণ প্ৰক্ৰিয়া দ্ৰুত কৰিবলৈ আৰু পৰিমাণ বৃদ্ধি কৰিবলৈ বহুতো মাৰাত্মক নিচাযুক্ত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰে। "তেওঁলোকে ইয়াত তৰল চেনিটাইজাৰ, ইউৰিয়া আৰু মিথানল মিহলি কৰে", গৌৰীয়ে কয় ৷
২০২২ চনৰ জুলাই মাহত গুজৰাটত এনেধৰণৰ বিষাক্ত সুৰাপান কৰি ৪২ জন লোকৰ মৃত্যু হয় আৰু প্ৰায় ১০০ জন লোকক আহমেদাবাদ, ভাৱনগৰ আৰু বটাড জিলা চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হয়। নিহতসকলৰ এঘাৰজন কেৱল ৰোজিদ গাঁৱৰ আছিল যিখন বটাড জিলাৰ বৰৱালা তালুকাত অৱস্থিত।








