আজিৰ পৰা ঠিক এটা বছৰ আগতে গণৰাজ্য দিৱস উদযাপন উপলক্ষে এক বিশাল নাগৰিক সমাৱেশ ঘটিছিল। ২০২০ৰ ছেপ্টেম্বৰত সংসদত ততাতয়াকৈ গৃহীত কৰা কৃষি আইন তিনিখনৰ বিৰুদ্ধে দুমাহ ধৰি দিল্লী সীমান্তত শিবিৰ পাতি আন্দোলন চলাই অহা হাজাৰ হাজাৰ কৃষকে নিজেই গণৰাজ্য দিৱসৰ আয়োজন কৰিছিল। ২০২১ৰ ২৬ জানুৱাৰীৰ দিনা দিল্লী সীমান্তৰ সিংঘু, টিক্ৰি, গাজিপুৰ আৰু আন আন প্ৰতিবাদস্থলীৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ট্ৰেক্টৰ ৰেলীৰ সূচনা হৈছিল।

কৃষকৰ এই পেৰেড আছিল এক শক্তিশালী, ভাস্বৰ প্ৰতীকি কুচকাৱাজ। এয়া আছিল সৰ্বসাধাৰণ, কৃষক, শ্ৰমিক আৰু আন সাধাৰণ জনতাৰ দ্বাৰা গণতন্ত্ৰৰ পুনৰোদ্ধাৰ। বিভেদকামী দুই এটা সৰু গোটে এই পেৰেডত বিশৃংখলতাৰ সৃষ্টি কৰি সকলোৰে দৃষ্টি এই বিশাল জনতাৰ পৰা আঁতৰাই নিব খুজিছিল যদিও অপাৰগ হৈছিল। সৰ্বসাধাৰণৰ এই বিশাল অগতানুগতিক পেৰেড উল্লেখযোগ্য ঘটনা হৈ পৰিছিল।

২০২১ৰ নৱেম্বৰত এই আইনকেইখন চৰকাৰে প্ৰত্যাহাৰ কৰাৰ পিছত কৃষকৰ আন্দোলনে সাৰ্থকতা লাভ কৰে। তেতিয়ালৈ তেওঁলোকে শীতৰ হাড় কঁপোৱা জাৰ, গ্ৰীষ্মৰ দেই পুৰি নিয়া ৰ’দ আৰু ক’ভিড-১৯ৰ দ্বিতীয় ঢৌ পাৰ কৰিছিল, ৭০০ৰো অধিক কৃষকে প্ৰাণ হেৰুৱাইছিল। তেওঁলোকৰ দীৰ্ঘদিনীয়া যুঁজলৈ চিনেমাখনে গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে।

২০২১ৰ গণৰাজ্য দিৱসৰ দিনটোৰ ট্ৰেক্টৰ পেৰেড ইতিহাসৰ এক বিশাল প্ৰতিবাদ। সংবিধান আৰু নাগৰিক অধিকাৰৰ পক্ষত হোৱা এক শান্তিপূৰ্ণ আৰু শৃংখলিত কুচকাৱাজ। গণতন্ত্ৰ আৰু নাগৰিক অধিকাৰক সুৰক্ষা দিয়া আমাৰ সংবিধানখন গৃহীত হোৱাৰ দিনটোৱে হৈছে গণৰাজ্য দিৱস, আমি সকলোৱে মনত ৰখা উচিত।

ভিডিঅ চাওঁকঃ গণৰাজ্য দিৱসৰ দিনটোৰ কৃষকৰ বিশাল পেৰেডৰ স্মৃতিত

আদিত্য কাপুৰৰ এখন চিনেমা

অনুবাদ: পংকজ দাস

Aditya Kapoor

ਆਦਿਤਯ ਕਪੂਰ ਦਿੱਲੀ-ਅਧਾਰਤ ਇੱਕ ਵਿਜੂਅਲ ਪ੍ਰੈਕਿਸ਼ਨਰ ਹਨ ਅਤੇ ਸੰਪਾਦਕੀ ਅਤੇ ਡਾਕਿਊਮੈਂਟਰੀ ਕੰਮ ਵਿੱਚ ਡੂੰਘੀ ਰੁਚੀ ਰੱਖਦੇ ਹਨ। ਉਨ੍ਹਾਂ ਦੇ ਅਭਿਆਸ ਵਿੱਚ ਚਲਤ ਛਵੀਆਂ ਅਤੇ ਰੇਖਾ ਚਿੱਤਰ ਸ਼ਾਮਲ ਹਨ। ਉਨ੍ਹਾਂ ਨੇ ਚਲਤ ਛਵੀਆਂ ਅਤੇ ਡਾਕਿਊਮੈਂਟਰੀਆਂ ਅਤੇ ਐਡ-ਫਿਲਮਾਂ ਦਾ ਨਿਰਦੇਸ਼ਨ ਕੀਤਾ ਹੈ।

Other stories by Aditya Kapoor
Translator : Pankaj Das

ਪੰਕਜ ਦਾਸ ਪੀਪਲਸ ਆਰਕਾਈਵ ਆਫ਼ ਦਿ ਰੂਰਲ ਇੰਡੀਆ ਵਿਖੇ ਅਸਾਮੀ ਅਨੁਵਾਦ ਦੇ ਸੰਪਾਦਕ ਹਨ। ਉਹ ਗੁਹਾਟੀ ਦੇ ਰਹਿਣ ਵਾਲ਼ੇ ਹਨ ਅਤੇ ਲੋਕਾਲਾਈਜੇ਼ਸ਼ਨ ਦੇ ਮਾਹਰ ਵੀ ਹਨ ਅਤੇ ਯੂਨੀਸੈਫ਼ ਨਾਲ਼ ਰਲ਼ ਕੇ ਕੰਮ ਕਰ ਰਹੇ ਹਨ। ਉਨ੍ਹਾਂ ਨੂੰ idiomabridge.blogspot.com.‘ਤੇ ਸ਼ਬਦਾਂ ਨਾਲ਼ ਖੇਡਣਾ ਪਸੰਦ ਹੈ।

Other stories by Pankaj Das