ভালাপাৰ্লা তিৰুপথাম্মাই স্বস্তিৰ নিশ্বাস এৰিছে। গুণ্টুৰ জিলাৰ নীৰুকোণ্ডা গাঁৱৰ নৱনিৰ্মিত এছআৰএম বিশ্ববিদ্যালয়ৰ মজিয়াবোৰত ছিটিকি পৰা ৰং চাফা কৰা কামত তাইক লগোৱা হৈছিল। 'আমি যোৱা ৩-৪ বছৰত বেছি কাম পোৱা নাছিলো, সেয়ে কাম পাই আমি সুখী হৈছিলো। কিন্তু সেই সুখ আছিল ক্ষন্তেকীয়,’ তাই কয়। দুসপ্তাহ পিছত ২৯ বৰ্ষীয় ভালাপাৰ্লাক কোনো কাৰণ নদৰ্শোৱাকৈ কাম এৰি যাবলৈ কোৱা হৈছিল।
৪০ বৰ্ষীয় উষ্টালা মেৰী মাথাকো কামৰ পৰা খেদি দিয়া হৈছিল। 'ৰং চাফা কৰাৰ বাবে আমাক দিনে ২৫০ টকা দিয়া হৈছিল। কাম শেষ হোৱাৰ পিছত আমাক যাবলৈ দিয়া হৈছিল। তেঁওলোকৰ মতে আমাৰ 'বয়স’ হৈছে আৰু কামৰ বাবে যোগ্য নহয়,’ তাই কয়।
২০১৮ৰ মে’ মাহত শ্ৰমিকৰ সন্ধানত ঠিকাদেৰে নীৰুকোণ্ডাত থকা ১৫০০ মান জনসংখ্যাৰ দলিত চুবুৰীলৈ আহে। ২০ জনীয়া পুৰুষ-মহিলাৰ দল এটা বাচনি কৰা হয়। 'কাম থাকিলে তেঁওলোকে আহি আমাক লৈ যায়। কাম শেষ হ’লে আমাক পঠিয়াই দিয়ে,’ ৬০ বৰ্ষীয় কুৰাগান্তি বাজৰামে কয়। 'অৱশ্যে আমি সকলো কৰ্মহীন হৈ পৰিছো কাৰণে এতিয়া শ্ৰমিকৰ অভাৱ নাইকিয়া হৈছে।’
কিছুমানে এতিয়াও বিশ্ববিদ্যালয়খনৰ বাগিছা আৰু গৃহ পৰিচৰ্যা বিভাগত কাম কৰি আছে, কিন্তু কিমানদিনলৈ সেই কাম কৰিব পাৰিব তাৰ নিশ্চয়তা নাই। অইন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ৰ দৰে এছআৰএম বিশ্ববিদ্যালয়খনো অন্ধ্ৰপ্ৰদেশৰ নতুন ৰাজধানী অমৰাৱতীৰ 'জ্ঞানৰ চহৰ’ৰ 'জ্ঞান সংগমস্থল’ৰ এটা অংশ। জ্ঞানৰ এই সংগমস্থলত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান, কৰ্প’ৰেট আৰু ৰাজহুৱা খণ্ডৰ গৱেষণা আৰু উন্নয়ন বিভাগ, 'কৌশল বিকাশ’ প্ৰতিষ্ঠান আৰু এটা 'উদ্যমীতাৰ কেন্দ্ৰ’ অন্তৰ্ভুক্ত। এই থূপৰ প্ৰথম পৰ্যায়ত ৭৫ একৰ মাটি সামৰি লোৱা হৈছে, এয়া ২০২২লৈ সাজু হৈ উঠিব। পৰৱৰ্তী পৰ্যায়ৰ নিৰ্মাণকাৰ্য ২০৩৭ত সাজু হ’ব বুলি অন্ধ্ৰপ্ৰদেশ ৰাজধানী অঞ্চল উন্নয়ন কৰ্তৃপক্ষ (এপিচিআৰডিএ)ৰ এখন নথিত উল্লেখ আছে।
পৰিহাসৰ কথা এয়ে যে সেই কেন্দ্ৰৰ আশে-পাশে খেতিৰ কাম নাইকিয়া হোৱা চন পৰা পথাৰেৰে আগুৰি আছে। প্ৰায় আটাইবোৰ শ্ৰমিক, বিশ্ববিদ্যালয়খনত কাম কৰি থকা আৰু কামৰ পৰা খেদি দিয়াবোৰকে ধৰি সকলোৱে ভূমিহীন দলিত। তাৰে প্ৰায়ভাগেই মালা সম্প্ৰদায়ৰ। অমৰাৱতীৰ বাবে অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ লেণ্ড পুলিং স্কীমৰ অধীনত মাটিৰ গৰাকীয়ে মাটিবোৰ 'স্বেচ্ছাই’ চৰকাৰক দিবলৈ আৰম্ভ কৰাৰ সময়ত ২০১৪ মানৰ পৰা এই অঞ্চলটোত কৃষিকাৰ্য ম্লান পৰিছে। মেৰীৰ স্বামী ৫২ বৰ্ষীয় উষ্টালা আজাৰাইয়াই কয়, 'পুলিঙৰ কাৰণে খেতিয়কে মাটি এৰি দিয়াৰ আগলৈকে মোৰ পত্নি আৰু মই শ্ৰমিক হিচাপে কাম কৰি আহিছিলো। তেতিয়াৰে পৰা আমি কাম কমকৈ পাবলৈ ধৰিছো। ’
নীৰুকোণ্ডা গাঁওখন উৰ্বৰ কৃষ্ণা-গোদাবৰী বদ্বীপত অৱস্থিত। এই বদ্বীপ পূৱ গোদাবৰী, পশ্চিম গোদাবৰী, কৃষ্ণা আৰু গুণ্টুৰ- এই চাৰিখন জিলালৈকে বিয়পি আছে। গাঁওখন পাহাৰৰ নামনিত অৱস্থিত আৰু কন্দাভিতি ভাগু(খাল)ৰ গাতে লাগি আছে। বদ্বীপৰ গাঁওবোৰত কৃষি মজুৰীৰ হাৰ ৰাজ্যখনৰ ভিতৰতে সৰ্বোচ্চ। পুৰুষৰ কাৰণে এয়া ৪০০ ৰপৰা ৫০০ আৰু মহিলাৰ কাৰণে ১৫০ৰ পৰা ২০০। 'দুজন কৃষি শ্ৰমিক থকা এটা পৰিয়ালে মাহে ১২ৰ পৰা ১৫ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিছিল,’ মেৰীয়ে কয়। তাই আৰু তাইৰ গিৰীয়েকে মিলি ২০১৫ৰ প্ৰাৰম্ভিক ভাগত ইমানখিনি ধনেই ঘটিছিল, এয়া অমৰাৱতীৰ কাম আৰম্ভ হোৱাৰ বেছিদিন আগৰ কথা নহয়।
'সেউজ’ ৰাজধানী নিৰ্মাণৰ কাৰণে ৰাজ্য চৰকাৰে এলপিএছ-ৰ অধীনত ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰত ক্ষতিপুৰণ দিওতে কেৱল মাটিৰ মালিকৰ কথাহে বিবেচনা কৰা হয়, ভাৰাতীয়া খেতিয়ক বা কৃষিশ্ৰমিকৰ কথা বিবেচনা কৰা নকৰে। জীৱিকাৰ পৰা বঞ্চিত হোৱা কৃষিশ্ৰমিকৰ কাৰণে চৰকাৰে এলপিএছ-ৰ অংশ হিচাপে ১০ বছৰৰ কাৰণে ২৫০০ টকাৰ পৰিয়ালে প্ৰতি পেঞ্চনৰ প্ৰতিশ্ৰুতি দিছে। এই ৰাশি ভূমিহীন শ্ৰমিকৰ বাবে ২০১৭ৰ ছেপ্তেম্বৰ মাহত বিশ্ববেংকৰ পৰিদৰ্শন পীঠৰ প্ৰতিবেদনত ভূমিহীন শ্ৰমিকৰ কাৰণে নিৰ্ধাৰণ কৰি দিয়া মাহিলী গঢ় আয় ৮৪৭৬ টকাতকৈ বহুত কম।
তাকো নীৰুকোণ্ডাৰ পৰা ১২ কিলোমিটাৰ দুৰৈৰ বিজয়ৱাড়াস্থিত থুল্লুৰ মণ্ডলত থকা এপিচিআৰডিএ-ৰ শাখা কাৰ্যালয়ত শ্ৰমিকে কৰা এলানি প্ৰতিবাদৰ পিছতহে ২০১৫ৰ মাজভাগত এই নগন্য পৰিমাণৰ পেঞ্চনৰ আৱণ্টন দিয়া হয়।
'২৫০০ টকাৰে চাৰিজনীয়া পৰিয়াল এটা কেনেকৈ চলে?’ মেৰীয়ে সোধে। 'এই সামান্য টকাও দিয়াত পলম কৰে আৰু দুই-তিনি মাহৰ পিছতহে পাও।’ গাঁৱৰ উচ্চ জাতৰ কৃষকৰ পৰা লোৱা ঋণ পৰিশোধ কৰোতে পানীত হাঁহ নচৰা অৱস্থা হৈছে।
নীৰুকোণ্ডা হৈছে সেই ২৯খন গাঁৱৰ মাজৰ এখন য’ত মাটিৰ মালিকে পুলিঙৰ কাৰণে ৰাজ্য চৰকাৰক মাটি এৰি দিছে। গাঁওখন অমৰাৱতীৰ দক্ষিণ দিশত অৱস্থিত আৰু ইয়াৰে উত্তৰ পাৰত আছে কৃষ্ণা নদীৰ পাৰত থকা অইন গাঁওবোৰ। ৰাজধানীৰ সামগ্ৰিক প্ৰকল্পৰ প্ৰথমটো পৰ্যায়ত চৰকাৰে ৩৩ হাজাৰ একৰ (২০৫০লৈ তৃতীয় পৰ্যায়ত অধিগৃহীত ভূমিৰ পৰিমাণ ১ লাখ একৰ হ’বগৈ) আহৰণ কৰিব।
নদীখনৰ বিপৰীত দিশত আছে নেলাপাড়ু, সেই ২৯ খনৰে মাজৰ এখন গাঁও। 'আগতে (সপ্তাহত) ৫-৬ দিনৰ বাবে পথাৰত হাজিৰাৰ কাম পাইছিলো,’ ৪০ বৰ্ষীয় নেলাপাড়ুৰ বি. মাৰিয়াম্মাই কয়। 'কামৰ অভাৱ নাথাকিলে আপুনি আমাক ইয়াত (ঘৰত) নাপালেহেঁতেন।’
নেলাপাড়ুৰ প্ৰায় ১০০ টা ভূমিহীন দলিত পৰিয়ালেই জীৱিকাৰ বাবে কৃষিকৰ্মৰ ওপৰত নিৰ্ভৰশীল। যাহওক, ২০১৪ৰ পৰা যেতিয়া চৰকাৰে মাটি 'পুল’ কৰিবলৈ ল’লে, তেতিয়াৰে পৰা তেঁওলোকে কাম বিচাৰি দুৰণিবটীয়া ঠাইলৈ যাবলগীয়া হৈছে। মালা দলিত সম্প্ৰদায়ৰ ৩৫ বৰ্ষীয় কৃষিশ্ৰমিক কম্মুৰি চিত্তাম্মাই কয়, 'আমি ৩০-৪০ কিলোমিটাৰ দুৰৈৰ ব্যাকুন্তপুৰম, গাৰাপাড়ু আৰু লিংগাপুৰম আদি গাঁৱলৈ যাও। তাতে মাত্ৰ নবেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈ (জলকীয়া চিঙা) কাম পোৱা যায়। আনকি এই পাঁচটা মাহতো আমি অতি বেছি ৫০-৭০ দিনৰহে কাম কোনোমতে পাও (দিনে ১৫০-২০০ টকাকৈ)।’
'আমি ঢলপুৱাতে উঠিবগীয়া হয়, ৫ বজাতে, তাৰ পিছত ভাত ৰান্ধি দুপৰীয়াৰ আহাৰ মোনাত বান্ধি ৭ বজাত কামৰ বাবে ৰাওনা হওঁ। সন্ধিয়া ৮মান বজাত আমি গাঁৱলৈ ঘুৰি আহো,’ ৩৫ বৰ্ষীয় কম্মুৰি চিত্তাম্মাই কয়। এই যাত্ৰা আৰু কামে তাইক দুখে-ভাগৰে আধামৰা কৰে।
'ভূমিহীন পৰিয়াল (পেঞ্চনৰ ৰূপত) হিচাপে আমি মাহে অতিকমেও ১০ হাজাৰ টকা দাবী কৰিছো,’ ৫০ বৰ্ষীয় কয়াগুৰা নিৰ্মলাই কয়। থুল্লুৰৰ কিছুমান প্ৰতিবাদত তেঁও অংশগ্ৰহণ কৰিছে। 'থুল্লুৰৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ এবাৰ গ’লেই ৫০০ টকা ভৰিবলগীয়া হয়, তেনেস্থলত ২৫০০ টকাৰে কি কামত আহিব?’
চৰকাৰে শ্ৰমিকক ৩৬৫ দিনৰ এমজিএনৰেগাৰ কামৰ প্ৰতিশ্ৰুতি দিছে, কিন্তু গাঁৱৰ মানুহে অভিযোগ কৰে যে সেই আঁচনিৰ অধীনত ২০১৪ৰ পৰা এতিয়ালৈ এদিনৰো কাম তেঁওলোকে পোৱা নাই। যাহওক, নেলাপাড়ুৰ ব’ৰ্ডবোৰত লিখা আছে যে ইয়াতে এমজিএনৰেগাৰ পুঁজিৰে চিমেণ্টৰ ৰাস্তা নিৰ্মাণ কৰা হৈছে। 'এমজিএনৰেগাৰ অধীনত আমাৰ কোনোৱে একো কামেই পোৱা নাই,’ মোৰ কথাৰ উত্তৰত নিৰ্মলাই ক’লে। 'মই নাজানো এই ব’ৰ্ডবোৰ কেতিয়া কেনেকৈ সাজিলে।’ থুল্লুৰ মণ্ডলৰ ৰাজহ বিষয়া এ. সুধীৰ বাবুক মই যোগাযোগ কৰাত তেঁও জনায়, '২০১৭ত ৰাস্তা নিৰ্মাণৰ সময়ত এপিচিআৰডিএ-ৰ নিয়মানুসাৰে এমজিএনৰেগাৰ অধীনত নেলাপাড়ুৰ লোকসকলক কাম দিয়া হৈছিল।’
নেলাপাড়ু হৈছে সেই চাৰিখন ৰাজধানী অঞ্চলৰ গাঁৱৰ মাজৰ এখন য’ত নতুন অট্টালিকাৰ নিৰ্মাণকাৰ্য ইতিমধ্যে আৰম্ভ হৈছে। লাৰ্ছেন এণ্ড টাৰ্ব’ আৰু শ্বাপুৰজী পালনজীৰ দৰে ডাঙৰ কোম্পানীয়ে তাতে 'জাষ্টিচ চিটি’ (উচ্চ ন্যায়ালয় চৌহদ), বিধায়কৰ আবাসিক এলেকা, ভাৰতীয় প্ৰশাসনিক বিষয়াৰ আবাসিক এলেকাকে ধৰি বিভিন্ন নিৰ্মাণকাৰ্য আৰম্ভ কৰিছে।
'নিৰ্মাণখণ্ডৰ প্ৰায় সকলো শ্ৰমিক পশ্চিমবংগ, বিহাৰ আৰু ঝাৰখণ্ডৰ,’ মাৰিয়াম্মাৰ পতি ৪৮ বৰ্ষীয় বাক্কা দোনেশে কয়। 'এই গাঁওখনটো বাদেই, গোটেইখন অন্ধ্ৰপ্ৰদেশ ধৰিলেও ইয়াতে এজনো শ্ৰমিক নোলাব। কম মজুৰীতে কাম কৰে কাৰণে কোম্পানীয়ে সিহতক কামত লগায়।’
দোনেশে এবাৰ নিৰ্মাণ চাইট এটাৰ চকীদাৰৰ কাম বিচাৰি গৈছিল। 'সিহতে মোক এটা সাপ মাৰিবলৈ দিলে। মই সাপটো মৰাৰ পিছত সিহতে ক’লে যে মই সাপটো জীয়াই জীয়াই ধৰিব লাগিছিল। মই সিহতক ক’লো যে গোটেই জিলাখন পাত কৰিলেও তেনে এজন চকীদাৰ নাপাব, এই বুলি মই ঘুৰি আহিলো।’ দোনেশে এতিয়া নিৰ্মাণ চাইটত কাম পালে থুল্লুৰলৈ যায়।
নেলাপাড়ুৰ দলিত পৰিয়ালবোৰে কেনেদৰে চৰকাৰৰ পৰা কোনো সহায় নোপোৱাকৈ এনেদৰে ছেগা-চোৰোকাকৈ কাম কৰি চলি থাকিব? মাৰিয়াম্মাই হাঁহে। 'আমি কাম পালেহে খাবলৈ পাও, নহ’লে লঘোনেই টোপনি যাও।’
নীৰুকোণ্ডাৰ গুণ্টুৰ আৰু প্ৰকাশম জিলাৰ প্ৰায় ২০ টা খৰাংপীড়িত পৰিয়ালে টাৰ্প’লিন টেণ্ট সাজি বাহিৰতে বাহৰ পাতি থাকিবলগীয়া হৈছে। তেঁওলোকেও বিশ্ববিদ্যালয়খনতে কাম কৰে। 'ঠিকাদাৰে আমাক ইয়ালৈ আনিছে আৰু আমি প্ৰায় এবছৰ ধৰি (২০১৭ৰ অক্টোবৰ মাহৰ পৰা) ইয়াতে আছো। চুক্তি কেতিয়া শেষ হ’ব আমি নাজানো,’ দিনে ২৫০ টকাকৈ মজুৰী পোৱা ৪০ বৰ্ষীয় ৰামাদেৱীয়ে কয়।
প্ৰকাশম জিলাৰ মাৰ্কাপুৰ গাঁৱৰ ৩৫ বৰ্ষীয় গৰলাম্মাই কয়, 'পানীৰ অভাৱত আমাৰ গাঁৱত খেতিৰ কাম নাইকিয়া হৈছে। সেয়ে আমি ঘৰ-বাৰী এৰি ইয়ালৈ আহিবলগীয়া হৈছে।’ গৰলাম্মাই তাইৰ ল’ৰা-ছোৱালীকেইটাক ককা-আইতাকৰ হাততে এৰি আহিছে। 'মই ঘুৰি যাবলৈ খোজো, কিন্তু গাঁৱত কৰিবলৈ কাম নাই,’ তাই কয়।
অমৰাৱতী চহৰৰ পৰিকল্পনাত অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টিৰ প্ৰতিস্থাপক এন. টি. ৰামা ৰাওৰ এটা বিশাল প্ৰতিমূৰ্ত্তি আৰু স্মাৰক নীৰুকোণ্ডাৰ পাহাৰৰ ওপৰত স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়ে গাঁৱৰ মানুহক উচ্ছেদ কৰিব, কিন্তু চৰকাৰে তেঁওলোকক এতিয়ালৈ জাননী দিয়া নাই। দলিত পৰিয়ালৰ সৈতে পাহাৰত বাস কৰা মেৰীৰ মাটীৰ পট্টা নাই, তাই ঘৰ-মাটী হেৰুৱাব বুলি শংকাত দিন কটাইছে। 'আমি মাটিৰ পট্টা বিচাৰিছো যাতে চৰকাৰে আমাক ইয়াৰ পৰা উচ্ছেদ কৰিলেও আমি অন্ততঃ কিছু ক্ষতিপুৰণ পাম, তাই কয়। নীৰুকোণ্ডাৰ মানুহে আশা কৰে যে ইমানদিনে বাস কৰি অহা নিজৰ গাঁও এৰি যাবলগীয়া হ’লে চৰকাৰে তেঁওলোকক আন এঠাইত ঘৰ দিব- ডাঙৰ চহৰৰ কাৰণে বাট মুকলি হ’ব, য’ত তেঁওলোকৰ দৰে মানুহৰ স্থান নাই, তেঁওলোকে ভাৱে।
এই শৃংখলত আৰু আছেঃ
‘এইখন সাধাৰণ জনতাৰ ৰাজধানী নহয়’
ৰাজধানী নতুন, বৈষম্য এলান্ধুকলীয়া
‘চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিয়া চাকৰিবোৰ দিয়ক’
মাটিৰ আকাশলংঘী দৰ, পথাৰত সোণগুটি কম
বিশাল ৰাজধানী চহৰৰ কম মজুৰী পোৱা প্ৰব্ৰজিত শ্ৰমিক
অনুবাদঃ পংকজ দাস