“ঘাৰ’ যাৱ’ ৰজ্জ্ কে, কাম হৌগা গজ্জ কে (পেট পূৰাই যেতিয়া ঘৰৰ পৰা ওলাবা, তেহে হ’ব সহজে কাম সমাধা)।”
বিলাৱল সিঙৰ বাবে শ্বাহজাহানপুৰত প্ৰতিবাদী কৃষকৰ বাবে লংগৰ চলোৱাৰ সেয়াই হ’ল সৰল যুক্তি। “এই চৰকাৰখন লঘোণীয়া প্ৰতিবাদকাৰীৰ সৈতে মোকাবিলাত অভ্যস্ত,” তেওঁ পাঞ্জাবী ভাষাতে কৈ গ’ল। “চাওঁচোন ভৰা পেটৰ প্ৰতিবাদকাৰীৰ সৈতে তেওঁলোকে কিদৰে মোকাবিলা কৰে।”
দিল্লীৰ পৰা প্ৰায় ১২০ কি.মি. দক্ষিণে ৰাজস্থান-হাৰিয়ানা সীমাৰ শ্বাহজাহানপুৰত শিৱিৰ পাতি থকা হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ মাজৰ ৩২ বছৰীয়া বিলাৱল আৰু তেওঁৰ সম্পৰ্কীয় ভাই ৩০ বছৰীয়া ৰছৱিন্দৰ সিং ৰাজস্থানৰ গংগানগৰ জিলাৰ ৪১ নং আৰ বি গাৱঁৰ দুজন কৃষক।
দিল্লী আৰু তাৰ কাষৰীয়া আন বহু ঠাইৰ মাজৰ এইখিনিয়েই এনে এক ঠাই য’ত প্ৰধানতঃ হাৰিয়ানা, পাঞ্জাৱ আৰু ৰাজস্থানৰ লাখ লাখ কৃষক আৰু অগণন কৃষি সংগঠনে কেন্দ্ৰীয় চৰকাৰে এই বছৰ ছেপ্টেম্বৰ মাহত জাপি দিয়া তিনিখন কৃষি আইন বাতিলৰ দাবীত যোৱা ২৬ নৱেম্বৰৰ পৰা প্ৰতিবাদী ধৰ্ণাত বহিছে।
২০২০ চনৰ ৫ জুনত পোনতে আইনকেইখন অধ্যাদেশ হিচাপে অনুমোদিত হয়, তাৰ পিচত ছেপ্টেম্বৰৰ ১৪ তাৰিখে সংসদত কৃষি বিধেয়ক হিচাপে উপস্থাপন কৰা হয় আৰু সেই মাহৰে ২০ তাৰিখে বৰ্তমানৰ চৰকাৰে ততাতৈয়াকৈ তাক আইনত পৰিণত কৰে। কৃষকসকলে এই আইন কেইখন তেওঁলোকৰ জীৱিকাৰ বাবে সৰ্বনাশী বুলি বিবেচনা কৰিছে কিয়নো আইন কেইখনে কৃষক আৰু কৃষি উৎপাদনৰ ক্ষেত্ৰখন বৃহৎ বণিকগোষ্ঠীৰ বাবে অধিক সুচল কৰি তুলিব আৰু আনকি বণিক গোষ্ঠীবোৰক কৃষকতকৈ অধিক ক্ষমতাশালী কৰি তুলিব। আইনকেইখনে ন্যূনতম সমৰ্থন মূল্যকে ধৰি কৃষিজাত উৎপাদন বাণিজ্য কমিটি, ৰাজ্যিক ক্ৰয় আৰু কৃষকৰ বাবে থকা অন্যান্য প্ৰধান সমৰ্থনৰ প্ৰণালীসমূহো দূৰ্বল কৰি তুলিব।








