মীনাক এতিয়া যিকোনো এটা দিনত বিয়া দি দিয়া হ’ব। কিয়নো কেইমাহমান আগতে তাই ঘৰখনৰ বাবে 'এক সমস্যা’ হৈ পৰিছিল। তাইৰ সৰুজনী ভনীয়েক চনুও মীনাৰ দৰেই কেইবাসপ্তাহ আগতে সেই একেই সমস্যা হৈ পৰিছিল। তাইকো এতিয়া বিয়াৰ বাবে সাজু কৰা হৈছে। সমস্যা মানে এবাৰ পুষ্পিতা হোৱাৰ পিছত ছোৱালী চিন্তাৰ কাৰণ হৈ পৰে, সমস্যা বা বোজা বুলি তেওঁলোকক গণ্য কৰা হয়।
এয়া মীনা (১৪) আৰু চনু (১৩)। ৰছী লগোৱা বিচনা এখনত ওচৰা-ওচৰিকৈ বহি আছে। কথা মাজতে দুয়ো দুয়োৰে মুখলৈ চায়, কিন্তু বেছিভাগ সময় তলমুৰকৈ মাটিৰ মজিয়াখনলৈ চাই থাকে। অচিনাকী এজনৰ লগত মাহেকীয়াৰ কথা পাতিবলৈ অকণমান সংকোচবোধো তেওঁলোকে নকৰা নহয়। তেওঁলোকৰ পিছফালে ছাগলী পোৱালী এটা পঘা লগাই থোৱা আছে। উত্তৰ প্ৰদেশৰ ক’ৰাৱন ব্লকৰ সেই বৈঠকৱা চুবুৰীটোৰ আশে-পাশে বনৰীয়া জীৱ-জন্তু ঘূৰি ফুৰে কাৰণে ভয়তে ছাগলীটো এৰি দিয়া নাই। থেপাথেপিকৈ থকা ঘৰবোৰৰ মাজৰ এই সৰু ঘৰটোৰ ভিতৰতে সেয়ে ছাগলীটো ৰাখিছে, তেওঁলোকে কয়।
ঋতুস্ৰাৱনো কি, ছোৱালী দুজনীয়ে নিজে বুজি লৈছে- কিবা এটা লাজ পাবলগীয়া কথা। আৰু মাক-দেউতাকৰ পৰা আহৰণ কৰা ভয়, শংকা তাৰ লগত মিহলি হৈছে। মহিলাৰ সুৰক্ষাৰ কথা ভাবি আৰু ছোৱালীবোৰ চয়ানী মানে পৈণত হ’লে বিয়াৰ আগতেই যদি কেনেবাকৈ অন্তসত্বা হয়, সেই ভয়তে প্ৰয়াগৰাজ জিলাৰ (পূৰ্বৰ এলাহবাদ) এই চুবুৰীটোৰ পৰিয়ালবোৰে নিজৰ জীয়াৰীহঁতক বিয়াৰ বয়স হোৱাৰ আগতেই, প্ৰায়ে ১২ বছৰমান বয়সতে বিয়া দিয়ে।
''গৰ্ভধাৰণ কৰিবপৰা হোৱাৰ পিছত আমাৰ ছোৱালীহঁতক কেনেকৈ আঁৰ কৰি ৰাখিম?’’ মীনাৰ মাক ৰাণী (২৭)য়ে প্ৰশ্ন কৰে। তেওঁ নিজে কম বয়সত বিয়া হৈছিল আৰু ১৫ বছৰ হয় মানে মাতৃত্ব লাভ কৰিছিল। চনুৰ মাক চম্পাইও ৰাণীৰ দৰে একে বয়সতে বিয়া হোৱাৰ কথা মনত পেলায়, এতিয়া তেওঁৰ বয়স ২৭ বছৰ আৰু জীয়াৰীৰ বয়স ১৩। আমাৰ সৈতে কথা পাতিবলৈ গোটখোৱা ছগৰাকী মহিলাই কয় যে তেওঁলোকৰ চুবুৰীত ১৩ বা ১৪ বছৰ বয়সত বিয়া হোৱাতো নিয়মহে, ব্যতিক্ৰম নহয়। ''আমাৰ গাওঁখন এলান্ধুক’লীয়া। আমাৰ কোনো উপায় নাথাকে। আমি অসহায়,’’ ৰাণীয়ে কয়।
উত্তৰ আৰু কেন্দ্ৰীয় ভাৰতৰ উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান, বিহাৰ আৰু চত্তীশগড়ৰ জিলাবোৰৰ বহু ঠাইত বাল্যবিবাহ এক বহুল প্ৰচলিত ৰীতি। ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ ৰিচাৰ্ছ অন ৱ’মেন আৰু ইউনিচেফৰ ২০১৫ৰ জিলা পৰ্যায়ত কৰা এক যুটীয়া অধ্যয়নত পোৱা তথ্য অনুযায়ী ''এই ৰাজ্যকেইখনৰ প্ৰায় দুই-তৃতীয়াংশ জিলাৰ ৫০ শতাংশৰো অধিক মহিলাই বিয়াৰ বৈধ বয়স নহওঁতেই বিয়া হৈ যায়।’’
বাল্যবিবাহ নিষেধ আইন, ২০০৬ৰ মতে ছোৱালীৰ ১৮ বছৰ নোহোৱালৈকে আৰু ল’ৰাৰ ২১ বছৰ নোহোৱালৈকে বিয়া হোৱা নিষেধ। এনে কৰিলে দুবছৰলৈ সশ্ৰম কাৰাদণ্ড আৰু ১ লাখ টকালৈ জৰিমনা বিহাৰ নিয়ম আছে।












