পথাৰত হাল বাই থকাজনৰ পৰা আৰম্ভ কৰি লোণডোবাত কঠোৰ শ্ৰম কৰাজন, খনিত কাম কৰাজন, নাৱেৰে মাছ মাৰি ফুৰাজনলৈকে আটায়ে কামৰ মাজতে গীত গাই কষ্ট লাঘৱ কৰিবলৈ চায় আৰু এয়া আমাৰ পৰিচিত দৃশ্য। আমাৰ লোককৃষ্টিত কঠোৰ পৰিশ্ৰমৰ সৈতে নিৰ্দিষ্ট জীৱিকা অনুসৰি কেতবোৰ গীতৰ প্ৰচলন আগৰেপৰাই প্ৰচলিত। জীৱিকাৰ সৈতে জৰিত লোকসংগীত প্ৰায় সকলো সংস্কৃতিতে আছে। কাম এটাত সহযোগ পাবলৈ আৰু উদ্যম গোটাবলৈ উৎসাহেৰে কেতিয়াবা এই গান গোৱা হয়, কেতিয়াবা আকৌ অকলে কঠোৰ পৰিশ্ৰমত নাইবা আমনিদায়ক কামত দুখ-অৱসাদ আঁতৰাবলৈ এনে গীত গোৱা হয়।
কচ্ছৰ ১৭০ মিটাৰ দীঘল স্থলবেষ্টিত উপসাগৰখন জলমুখ, মোহনা আৰু বোকামাটিৰ পথাৰেৰে পূৰ্ণ যিখন এক বিশাল পৰিস্থিতিতন্ত্ৰ, লগতে বহু সামুদ্ৰিক জীৱৰ প্ৰজননৰ উত্তম স্থল। এই উপকূলীয় অঞ্চলটোত বহুতৰে বাবে মাছ মৰাটো এক পাৰম্পৰিক জীৱিকা। উপকূল অঞ্চলত ইটোৰ পিছত সিটো উন্নয়নমূলক নিৰ্মাণকাৰ্য্যৰ ফলত কচ্ছৰ পৰিস্থিতিতন্ত্ৰৰ লগতে মাছমৰীয়াসকলৰ জীৱন-জীৱিকাৰ ওপৰত পৰা বিৰূপ প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত মাছমৰীয়াসকলৰ জীৱনৰ প্ৰত্যাহ্বানবোৰক লৈ ৰচিত এই কচ্ছৰ গীতবোৰ।
কচ্ছৰ মাছমৰীয়া সমাজ, বিদ্যায়তনিক সমাজ-সংগঠন আৰু আন বহুতেই এনে কাৰ্য্যকলাপৰ বিৰূপ প্ৰভাৱৰ কথা কৈছে। তেওঁলোকে দ্ৰুতগতিত সামূদ্ৰিক জীৱকূলৰ বৈচিত্ৰ হ্ৰাস পোৱাৰ বাবে মুন্দ্ৰা তাপীয় প্ৰকল্প (টাটা) আৰু মুন্দ্ৰা শক্তি প্ৰকল্প (আদানি গ্ৰুপ)ৰ বিৰুদ্ধে অভিযোগ তুলিছে। পৰিস্থিতিতন্ত্ৰৰ এনেকৈ অৱক্ষয় ঘটাৰ ফলত অঞ্চলটোৰ মাছমৰীয়াসকলৰ জীৱিকাৰ ওপৰতো প্ৰভাৱ পৰিছে। ইয়াত উল্লিখিত প্ৰাঞ্জল ভাষাৰ গীতে এই সমস্যা আৰু প্ৰত্যাহ্বানবোৰকে দাঙি ধৰিছে।
এই কৰ্মগীতটোত মুন্দ্ৰা তালুকৰ মাছমৰীয়া জুমা ৱাঘেৰে কণ্ঠ দিছে। তেওঁক মূল গায়ক হিচাপে লৈ মাছমৰীয়া সম্প্ৰদায়ক হো জামাল’ (অ’ মাছুমৰীয়া বন্ধু) বুলি কৰা সমবেত কণ্ঠৰ সম্বোধনেৰে গীতটো আৰম্ভ হৈছে।



