“পঢ়া-শুনা কৰি থাকিবলৈ মোৰ ইমান ধৈৰ্য নাই।’’ নৱেম্বৰ মাহৰ এটি শীতাৰ্ত আবেলি মাজুলীৰ গড়মূৰৰ পথেৰে গৈ থাকোতে আমাৰ আগত এইদৰে কয় পাৰ্থ প্ৰতীম বৰুৱাই। তেওঁ আৰু কয়, “পঢ়া-শুনি কৰিলেও যে মই সেই পঢ়া-শুনাৰে চাকৰি নাপাও, সেইটোও জানো।’’ জিলাখনৰ গড়মূৰ সৰু সত্ৰৰ ডেকা গায়ন-বায়নসকলৰ ভিতৰত অন্যতম এইগৰাকী ১৬ বছৰীয়া পাৰ্থ।
সত্ৰীয়া সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ দিশ গায়ন-বায়ন হৈছে অসমৰ সত্ৰসমূহত চলি অহা ধৰ্মীয় লোক-কৃষ্টিৰ প্ৰদৰ্শন। এই লোক-কৃষ্টি পৰিৱেশনৰ গায়কসকলক গায়ন বুলি কোৱা হয়। তেওঁলোকে তালো বজায়। আনহাতে খোল আৰু বাঁহী বজোৱা বাদ্যযন্ত্ৰীসকলক কোৱা হয় বায়ন। মাজুলীত গায়ন বা বায়ন হোৱাটো কোনো পেছা নহয় যদিও ইয়াক লৈ সকলোৱে পৰম্পৰাগতভাৱে গৌৰৱ কৰি অহাৰ লগতে নিজৰ পৰিচয়ৰ অংশ হিচাপেও গণ্য কৰি আহিছে।
“পঢ়া-শুনা কৰাৰ পিছতো যদি মই চাকৰি এটা নাপাও, যদি চাকৰি মোৰ ভাগ্যতে নাই, তেন্তে মই কি কৰিম?’’ বাস্তৱক উদঙাই দি পাৰ্থৰ প্ৰশ্নসূচক মন্তব্য। সেয়ে তেওঁ দ্বাদশ উত্তীৰ্ণ হোৱাৰ পিছত সংগীত শিক্ষা আহৰণ কৰিবলৈ আগ্ৰহী। তেওঁৰ বায়েকে ইতিমধ্যে উত্তৰ প্ৰদেশৰ কোনো এখন গাঁৱত সংগীত শিক্ষয়িত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
“মা-দেউতায়ো গুৱাহাটীত সংগীতৰ শিক্ষা লম বুলি ভাবি থকা কথাটোত সন্মতি জনাইছে,’’ তেওঁ কয়। “এই সমৰ্থনটোৱে বহু ডাঙৰ কথা। সেয়া অবিহনে মইনো কেনেকৈ সংগীতৰ শিক্ষা ল’ব পাৰিম?’’ এই পৰিকল্পনাত চাউল আৰু খৰিৰ ক্ষুদ্ৰ ব্যৱসায় কৰা তেওঁৰ পিতৃয়ে কোনো আপত্তি কৰা নাই যদিও মাতৃ এই সিদ্ধান্তক লৈ সিমান সুখী নহয়। মাকে পাৰ্থই ঘৰৰ পৰা দূৰত পঢ়িবলৈ যোৱাতো মুঠেই বিচৰা নাই।
যেতিয়া অনুষ্ঠানৰ সময় আহে তেতিয়া পাৰ্থই বগা ধুতি-কুৰ্তা আৰু মূৰত পাগ মাৰি গাত চেলেং চাদৰ লয়। শিল্পীসকলে ডিঙিত বিশেষ মণিৰ মালা মতামণি পিন্ধে আৰু কপালত চন্দনৰ ফোঁট লয়।
যুৱ শিল্পীসকলৰ দল এটাই অনুষ্ঠানত পৰিৱেশন কৰিবলৈ সাজু হোৱাৰ প্ৰাকক্ষণত আমি পাৰ্থৰ সৈতে কথা-বতৰা পাতো। মঞ্চৰ পিছফালে তেওঁলোকক যথেষ্ট আত্মবিশ্বাসী দেখা যায় আৰু তেওঁলোকে এজনে আনজনক পাগ বন্ধাত, ছেফটিপিনেৰে চেলেং মেৰিয়াই লোৱাত সহায় কৰি দিয়ে।




























