নিজৰ খেতিৰ পৰা চিগি আনি হাতত লোৱা এমুঠি এৰাগুটিলৈ দেখুৱাই নাৰায়ণ গাইকোৱাডৰ ক’লহাপুৰি চেন্দেললৈ মনত পৰি যায়। আজিৰ পৰা ২০ বছৰ আগতে ক’লহাপুৰি চেন্দেলৰ সৈতে এৰাগুটিৰ তেলৰ সম্পৰ্ক আছিল। “আমি ক’লহাপুৰি চেন্দেল বনোৱাৰ সময়ত এৰাগুটিৰ তেল ব্যৱহাৰ কৰিছিলো। এই তেল লগালে চেন্দেলবোৰ বেছিদিনলৈ টিকিছিল,” গোটেই দেশতে জনাজাত ক’লহাপুৰি চেন্দেল আৰু তেলবিধৰ মাজৰ ওচৰ-সম্পৰ্ক ব্যাখ্যা কৰি ৭৭ বৰ্ষীয় খেতিয়কজনে কয়।

ক’লহাপুৰি চেন্দেল ঘঁহি মিহি কৰিবলৈ ক’লহাপুৰ জিলাত এৰাগুটিৰ তেল বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল। ম’হ বা গৰুৰ চামৰা ব্যৱহাৰ কৰি বনোৱা এই চেন্দেল ঘঁহি মিহি কৰিলে চামৰা নৰম হয় আৰু গঢ় লয়, ঘঁহিবলৈ এৰাগুটিৰ তেল ব্যৱহাৰ কৰা হৈছিল।

ক’লহাপুৰৰ স্থানীয় নহ’লেও এৰা ( Ricinus communis )ৰ খেতি এই অঞ্চলত বহুলভাৱে কৰা হৈছিল। এই সেউজীয়া পাতৰ এৰাৰ খেতি গোটেই বছৰটো কৰিব পাৰি। বিশ্বৰ সৰ্বাধিক এৰাগুটি উৎপাদন কৰা দেশ হৈছে ভাৰত, ২০২১-২২ত ভাৰতবৰ্ষই ১৬.৫ লাখ টন এৰাগুটি উৎপাদন কৰিছে। দেশৰ এৰাগুটি উৎপাদনৰ ক্ষেত্রত শীৰ্ষত আছে গুজৰাট, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, ওড়িশা আৰু ৰাজস্থান।

“মাঝে বাদিন ৯৬ বৰ্ষ জাগলে (মোৰ পিতৃ ৯৬ বছৰ জীয়াই আছিল) - তেওঁ গোটেই বছৰটো এৰাগছৰ খেতি কৰিছিল,” বছৰ বছৰ ধৰি নিজৰ ৩.২৫ একৰ মাটিত খেতি কৰি পিতৃৰ পৰম্পৰা জীয়াই ৰখা নাৰায়ণে কয়। তেওঁ কয় যে যোৱা ১৫০ বছৰ ধৰি তেওঁলোকৰ পৰিয়ালে এৰাগুটিৰ খেতি কৰি আহিছে। “আমি এই থলুৱা ইৰান্দি বিন আকৃতিৰ বীজবিধ এনেকৈ সংৰক্ষণ কৰি আহিছো। এই বীজবোৰ অতিকমেও এটা শতিকা পুৰণি,” বাতৰি কাকতত সযতনে মেৰিয়াই থৈ দিয়া বীজখিনি দেখুৱাই নাৰায়নে আমাক কয়। “ফকত বাইকৌ আনি মি ছেৱকিন (এতিয়া ইয়াৰ সংৰক্ষণ কেৱল মই আৰু মোৰ পত্নীয়ে কৰিছো)।”

নাৰায়ণ আৰু তেওঁৰ পত্নী কুসুমেও কোনো মেচিনৰ সহায় নোলোৱাকৈ নিজৰ খেতিৰ এৰাগুটিৰ তেল নিষ্কাশন কৰি আহিছে। আশে-পাশে থকা তেলৰ মিলবোৰ বন্ধ হৈ গ’লেও তেওঁলোকে এই কষ্টসাধ্য মেনুৱেল কাম নিজহাতে কৰি আহিছে। “আগতে আমি তিনিমাহত এবাৰকৈ তেল নিষ্কাশণৰ কাম কৰিছিলো,” নাৰায়ণে কয়।

Narayan Gaikwad shows the thorny castor beans from his field
PHOTO • Sanket Jain

নাৰায়ণ গাইকোৱাডে নিজৰ খেতিৰ কাঁইটিয়া এৰাগছৰ গুটি আমাক দেখুৱাইছে

Left: Till the year 2000, Narayan Gaikwad’s field had at least 100 castor oil plants. Today, it’s down to only 15 in the 3.25 acres of land.
PHOTO • Sanket Jain
Right: The Kolhapuri chappal , greased with castor oil, which Narayan used several years back
PHOTO • Sanket Jain

বাওঁফালে: ২০০০ বৰ্ষলৈকে নাৰায়ণ গাইকোৱাডৰ খেতিপথাৰত অতিকমেও ১০০ ডাল এৰাৰ গছ আছিল। এতিয়া ৩.২৫ একৰ মাটিত মাত্ৰ ১৫ ডাল আছে। সোঁফালে: ভালেকইবছৰ আগত নাৰায়ণে ব্যৱহাৰ কৰা এৰাগুটিৰ তেলেৰে ঘঁহা ক’লহাপুৰি চেন্দেলজোৰ

“সৰুতে গাঁৱৰ ঘৰে ঘৰে এৰাৰ খেতি কৰিছিল। কিন্তু এতিয়া এৰাৰ সলনি কুঁহিয়াৰৰ খেতি কৰিবলৈ লয়,” মাকৰ পৰা এৰাগুটিৰ তেল উৎপাদনৰ কৌশল শিকা কুসুমে কয়।

২০০০ বৰ্ষলৈকে গাইকোৱাড পৰিয়ালটোৰ পথাৰত প্ৰায় শৰো অধিক এৰাগছ আছিল। এতিয়া এৰাগছৰ সংখ্যা টুটি মাত্ৰ ১৫ হৈছে। ক’লহাপুৰত এৰাৰ খেতি কৰা মানুহৰ সংখ্যা এতিয়া আঙুলিৰ মুৰত লেখিবপৰা। কিন্তু ক’লহাপুৰত এৰাগুটিৰ তেল উৎপাদনৰ চাহিদা কমাত “আমি এতিয়া প্ৰতি চাৰিবছৰৰ মূৰে মূৰেহে তেল নিষ্কাষণ কৰোঁ,” তেওঁ কয়।

বিগত বছৰবোৰত ক’লহাপুৰি চেন্দেলৰ চাহিদা কমি অহাৰ বাবেও অঞ্চলটোত তেলৰ উৎপাদনক প্ৰভাৱিত কৰিছে। “ক’লহাপুৰি চেন্দেলৰ দাম বহুত, এযোৰ চেন্দেলত ২,০০০ টকা লাগে,” নাৰায়ণে কয়। এযোৰ চেন্দেলৰ ওজন প্ৰায় দুই কিলোগ্ৰাম পৰ্য্যন্ত হয়। খেতিয়কৰ মাজত এই চেন্দেলৰ চাহিদা এতিয়া কমি আহিল। ৰবৰৰ চেন্দেল তাতোকৈ বহুত সস্তা আৰু পাতল। তাকেই মানুহে এতিয়া পছন্দ কৰে। তাৰোপৰি, “মোৰ ল’ৰাহঁতে কুঁহিয়াৰৰ খেতি বেছিকৈ কৰিবলৈ লৈছে,” এৰাৰ খেতি কেনেকৈ কমি আহিল, সেইবিষয়ে বুজাই নাৰায়ণে কয়।

নাৰায়ণে দহ বছৰ বয়সতে এৰাৰ তেল নিষ্কাষণ কৰিবলৈ শিকিছিল। মাকে পথাৰত দ’মাই থোৱা পাঁচ কিলোগ্ৰামৰো অধিক এৰাগুটিলৈ আঙুলিয়াই কৈছিল, “গোটেইখিনি সাৰি গোটাই থ।” ৰোৱাৰ তিনি-চাৰিমাহতে এৰাগছৰ গুটি লাগে। সংগৃহীত গুটিখিনি তিনিদিনৰ বাবে ৰ’দত শুকুৱাব লাগে।

শুকোৱা গুটিৰ পৰা তেল উলিওৱা কামটো বৰ কষ্টসাধ্য। “আমি চেন্দেলেৰে প্ৰথমে গুটিবোৰ গছকো। এনেকৈ গুটিৰ কাঁইটীয়া ছেইবোৰ এৰি যায় আৰু গুটি ওলায়,” নাৰায়ণে বুজাই কয়। তাৰপিছত চুলি (পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰি অহা চৌকা)ত গুটিবোৰ সিজোৱা হয়।

এবাৰ সিজোৱাৰ পিছত ৰ’দত শুকুওৱা গুটিবোৰ পেৰি তেল উলিয়াবৰ বাবে সাজু হয়।

Left: A chuli , a stove made usually of mud, is traditionally used for extracting castor oil.
PHOTO • Sanket Jain
Right: In neighbour Vandana Magdum’s house, Kusum and Vandana begin the process of crushing the baked castor seeds
PHOTO • Sanket Jain

বাওঁফালে: চৌকাত এৰাগুটিবোৰ সিজাই তাৰপিছত শুকুৱাই তাৰপৰা তেল পেৰা হয়। সোঁফালে: চুবুৰীয়া বন্দনা মাগদুমৰ ঘৰত কুসুম আৰু বন্দনাই সিজাই শুকুওৱা এৰাগুটি খুন্দিছে

নাৰায়ণে তেওঁৰ মাতৃ কাচাবাইক বুধবাৰে নিজহাতে এৰাগুটি খুন্দাত সহায় কৰে। “আমি দেওবাৰৰ পৰা মঙলবাৰলৈকে খেতিত কাম কৰিছিলো আৰু (আন শাক-পাচলিৰ দৰে) উৎপাদিত তেল বৃহস্পতিবাৰৰ পৰা শনিবাৰলৈ আশে-পাশে সাপ্তাহিক বজাৰত বিক্ৰী কৰিছিলো,” তেওঁ মনত পেলায়। “বুধবাৰৰ দিনটো কেৱল আজৰিৰ দিন আছিল।”

আজিও, ছটা দশক পাৰ হৈ যোৱাৰ পিছত গাইকোৱাডে কেৱল বুধবাৰে এৰাগুটি খুন্দে। কুসুমৰ চুবুৰীয়া আৰু সম্পৰ্কীয় বন্দনা মাগদুমৰ ঘৰত অক্টোবৰ মাহৰ পুৱাৰ ভাগত দুয়োজনে উখল-মুচলত এৰাগুটি খুন্দিছে।

ক’লা শিলৰ পৰা কাটি উলিওৱা উখাল (উৰাল) এবিধ শস্য খুন্দা যতন। মজিয়াত ৰখা এই যতনবিধৰ খুবলিটো ৬ৰ পৰা ৮ ইঞ্চি দ থাকে। কুসুমে মজিয়াত বহি চেগুন কাঠৰ মুচল (খুন্দনা) নামৰ শকত মাৰিডাল দাঙি দিয়াত সহায় কৰে, আনফালে বন্দনাই থিয় হৈ সেইডালেৰে জোৰকৈ উখলত মাৰি এৰাগুটি খুন্দে।

“আগতে মিক্সাৰ-গ্ৰাইণ্ডাৰ এইবোৰ নাছিল,” অতীজৰে পৰা ব্যৱহাৰ হৈ অহা যতনবিধৰ বিষয়ে কুসুমে কয়।

ত্ৰিশ মিনিট এনেকৈ খুন্দাৰ পিছত কুসুমে তলত জমা হোৱা তেল দেখুৱাইছে। “আতা য়াচা ৰাবদা তয়াৰ হোতো (ৰবৰৰ দৰে ই আকাৰ ল’ব),” বুঢ়া আঙুলিত লাগি থকা পানী মিহলোৱা মিশ্ৰণটো দেখুৱাই তেওঁ কয়।

দুঘণ্টা খুন্দাৰ পিছত তেল যেতিয়া জিলিকিবলৈ ধৰিলে, কুসুমে উৰালটোৰ পৰা মিশ্ৰণখিনি উলিয়াই তাত উতলা পানী ঢালি দিলে। দুই কিলো গুড়ি এৰাগুটিৰত কমেও পাঁচ লিটাৰ উতলা পানীৰ প্ৰয়োজন হয়, তেওঁ বুজাই কয়। বাহিৰত চুলি (চৌকা)ত সেই মিশ্ৰণ আকৌ উতলোৱা হয়। জুইকুৰাত জাল দি থাকোতে কুসুমত ধোঁৱাই চকুত ধৰিছে, “এতিয়া আৰু এনেকৈ অভ্যাস হৈ গৈছে,” তেওঁ কাহি কাহি কয়।

Left: Ukhal – a mortar carved out of black stone – is fitted into the floor of the hall and is 6-8 inches deep.
PHOTO • Sanket Jain
Right: A musal made of sagwan wood is used to crush castor seeds.
PHOTO • Sanket Jain

বাওঁফালে: ক’লা শিলৰ পৰা কাটি উলিওৱা এটা উখল (উৰাল) - মজিয়াত উৰালটো বহুওৱা হয়, খুবলিটো ৬ৰ পৰা ৮ ইঞ্চি দ। সোঁফালে: এৰাগুটি খুন্দিবলৈ ব্যৱহাৰ কৰা শকত মাৰিডাল চেগুনৰ শকত মাৰি এডাল ব্যৱহাৰ কৰা হয়

Kusum points towards her thumb and shows the castor oil’s drop forming.
PHOTO • Sanket Jain
She stirs the mix of crushed castor seeds and water
PHOTO • Sanket Jain

কুসুমে বুঢ়া আঙুলিটোৰ পৰা টোপ টোপকৈ সৰা তেল দেখুৱাইছে। তেওঁ খুন্দা এৰাগুটি আৰু পানীৰ মিশ্ৰণটো লৰাই দিছে

মিশ্ৰণটো উতলিবলৈ ধৰাৰ সময়ত কুসুমে মোৰ চোলাটোৰ পৰা সূতা এডাল উলিয়াই খুবলিৰ তেলত যোগ দিলে। “কোন বাহেৰচা আলা তাৰ ত্যাচা চিন্দুক ঘেউন টাকাইচা, নাহি তাৰ তে তেল ঘেউন জাতে (এই কাম চলি থকাৰ মাজত বাহিৰৰ পৰা কোনোবা আহিলে আমি তেওঁলোকৰ কাপোৰৰ পৰা সূতা এডাল তাত যোগ দিও। নহ’লে অভ্যাগতজনে তেল চুৰ কৰি নিব),” তেওঁ বুজাই কয়। “এয়া অন্ধবিশ্বাস,’ নাৰায়ণে টপৰাই কয়, “আগৰ দিনত মানুহে ভাবিছিল যে বাহিৰৰ মানুহে তেল চুৰ কৰি নিব। সেয়ে তেলত সূতা মিহলাই দিছিল।”

পানী আৰু এৰাগুটিৰ ক্কাথখিনি দাৱ (কাঠৰ ডাঙৰ হেতা - কৰচলি)ৰে লৰাই দিছে। দুঘণ্টা লৰোৱাৰ পিছত তেলখিনি পৃথক হৈ ওপৰত ভাঁহি উঠিছে।

“আমি তেল কেতিয়াও বিক্ৰী কৰা নাছিলো, সদায় বিনাপইচাই দিছিলো,” জাম্ভালিৰ চুবুৰীয়া গাঁৱৰ মানুহে তেওঁৰ ঘৰলৈ তেল নিবলৈ অহাৰ কথা মনত পেলাই নাৰায়ণে কয়। “যোৱা চাৰিটা বছৰত কোনেও তেল নিবলৈ অহা নাই,” শোধনা (ছেকনী) এখনেৰে তেলখিনি ছেকি থকাৰ সময়ত কুসুমে কয়।

আজিলৈকে এৰাগুটিৰ তেল বিক্ৰী কৰি লাভ আদায়ৰ কথা গাইকোৱাড পৰিয়ালটোৱে ভবা নাই।

তাৰোপৰি এৰাগুটিৰ খেতি কৰি পোৱা তেল তেনেই সামান্য। “ওচৰৰে জয়সিংপুৰ চহৰৰ বেপাৰীয়ে প্ৰতিকিলো ২০-২৫ টকা দৰত এৰাগুটি কিনে,” কুসুমে কয়। কাৰখানাবোৰত পাতল প্ৰলেপ দিয়া, পিচ্ছিলকাৰক, ৱেক্স আৰু ৰং হিচাপে এই তেল ব্যৱহাৰ কৰা হয়। আনকি চাবোন আৰু প্ৰসাধনৰ সামগ্ৰীতো এই তেল ব্যৱহাৰ কৰা হয়।

“এতিয়া এনেকৈ উৰালত খুন্দি তেল উলিয়াবলৈ মানুহৰ সময় নাই। প্ৰয়োজন হ’লে মানুহে দোকানৰ পৰা ৰেডিমেড এৰাগুটিৰ তেল কিনি নিয়ে,” কুসুমে কয়।

Left: Crushed castor seeds and water simmers.
PHOTO • Sanket Jain
Right: Narayan Gaikwad, who has been extracting castor oil since the mid-1950s, inspects the extraction process.
PHOTO • Sanket Jain

বাওঁফালে: গুড়ি কৰা এৰাগুটিৰ আৰু পানীখিনি উতলিছে। সোঁফালে: ১৯৫০ৰ দশকৰ মাজভাগৰ পৰা এৰাগুটিৰ তেল নিষ্কাষণ কৰি অহা নাৰায়ণ গাইকোৱাডে প্ৰক্ৰিয়াটো চাইছে

After stirring the castor seeds and water mixture for two hours, Narayan and Kusum separate the oil floating on top from the sediments
PHOTO • Sanket Jain
After stirring the castor seeds and water mixture for two hours, Narayan and Kusum separate the oil floating on top from the sediments
PHOTO • Sanket Jain

এৰাগুটি আৰু পানীৰ মিশ্ৰণটো দুঘণ্টা উতলোৱাৰ পিছত নাৰায়ণ আৰু কুসুমে মিশ্ৰণটোৰ উপৰিভাগৰ পৰা তেলখিনি সংগ্ৰহ পাত্ৰত বাকিছে

আজিৰ তাৰিখতো গাইকোৱাড পৰিয়ালটোৱে এৰাগুটিৰ দীৰ্ঘদিনীয়া উপকাৰীতাত বিশ্বাস ৰাখে। “দকয়াভাৰ ইৰান্দি থেৱলাৱাৰ, দোকা শান্ত ৰাহতে (এৰাৰ পাত এটা মূৰত থ’লে আপোনাৰ মনৰ অস্থিৰতা ই নাইকিয়া কৰাত সহায় কৰিব),” নাৰায়ণে কয়। “পুৱাৰ আহাৰ খোৱাৰ আগতে খালিপেটত এটোপাল এৰাগুটিৰ তেল খালে পেটৰ জন্তুবোৰ (বেক্টেৰিয়া) নাইকিয়া হৈ যায়।”

“এৰাৰ পাত কৃষকৰ ছাতি,” এৰাপাতৰ নিমজ পাতত যে বৰষুণৰ টোপাল পিচলি যায়, সেয়া দেখুৱাই নাৰায়ণে কয়। এপ্ৰিলৰ পৰা ছেপ্টেম্বৰৰ সময়ছোৱাৰ বৰষুণৰ বতৰত এই পাত বৰ কামত আহে। “তাৰোপৰি খুন্দি গুড়ি কৰা এৰাৰ গুটি বৰ ভাল জৈৱ সাৰ,” নাৰায়ণে কয়।

এৰাৰ পৰম্পৰাগত বিভিন্ন ব্যৱহাৰ থকা স্বত্ত্বেও ক’লহাপুৰৰ খেতিপথাৰৰ পৰা এইবিধ শস্য দ্ৰুতগতিত নাইকিয়া হৈ আহিব ধৰিছে।

ক’লহাপুৰত কুঁহিয়াৰৰ খেতিৰ চাহিদা বৰকৈ বাঢ়ি অহাত এৰাৰ খেতিৰ জনপ্ৰিয়তা নাইকিয়া হৈ আহিব ধৰিছে। মহাৰাষ্ট্ৰ চৰকাৰৰ গেজেটিয়াৰ্চ বিভাগৰ ডেটা অনুযায়ী ১৯৫৫-৫৬ত ক’লহাপুৰত ৪৮,৩৬১ একৰ মাটিত কুঁহিয়াৰৰ খেতি কৰা হৈছিল। এতিয়া ২০২২-২৩ বৰ্ষত ৰাজ্যখনত ৪.৩ লাখ একৰ মাটিত কুঁহিয়াৰ খেতি কৰা হয়।

Kusum filters the castor oil using a tea strainer. 'For the past four years, no one has come to take the oil,' she says
PHOTO • Sanket Jain
Kusum filters the castor oil using a tea strainer. 'For the past four years, no one has come to take the oil,' she says
PHOTO • Sanket Jain

চাহ ছেকা ছেকনী এখনেৰে কুসুমে এৰাগুটিৰ তেল ছেকিছে। ‘যোৱা চাৰিটা বছৰত কোনেও তেল নিবলৈ অহা নাই,’ তেওঁ কয়

' A castor plant is a farmer’s umbrella,' says Narayan (right) as he points towards the tapering ends of the leaves that help repel water during the rainy season
PHOTO • Sanket Jain
' A castor plant is a farmer’s umbrella,' says Narayan (right) as he points towards the tapering ends of the leaves that help repel water during the rainy season
PHOTO • Sanket Jain

‘এৰাগছৰ পাত কৃষকৰ ছাতি,’ বৰষুণৰ টোপাল পিচলি যোৱা এৰাৰ পিছল পাতৰ প্ৰসংগত নাৰায়ণে কয়

“এৰাৰ গুটিৰ পৰা তেল উলিওৱাৰ কামটো মোৰ ল’ৰাদুটাইও নিশিকিলে,” নাৰায়ণে কয়। “সিহঁতৰ সময় নাই।” তেওঁৰ দুই পুত্ৰ মাৰুতি (৪৯) আৰু ভগত সিং (৪৭) দুয়োজনে খেতিয়ক। তেওঁলোকে কুঁহিয়াৰকে ধৰি বিভিন্ন খেতি কৰে। জীয়ৰী মীনাতাই (৪৮) এগৰাকী গৃহিণী।

এৰাগুটিৰ তেল উলিয়াওতে হোৱা কষ্টৰ কথা সোধোতে তেওঁ কয়, “সমস্যা একো নাই। আমাৰ বাবে ই এটা ভাল ব্যায়াম।”

“মই গছ-গছনি সংৰক্ষণ কৰি ভাল পাও। সেয়ে প্ৰতিবছৰে এৰাগছ ৰোও,” তেওঁ আত্মপ্ৰত্যয়ৰে কথাষাৰ কয়। এৰাগছৰ খেতি কৰি কোনো আৰ্থিক লাভালাভ তেওঁলোকৰ নাই। কিন্তু এই পৰম্পৰাক তেওঁলোকে হেৰাই যাবলৈ নিদিয়ে।

দহ ফুট ওখ কুঁহিয়াৰৰ খেতিৰ মাজত নাৰায়ণ আৰু কুসুমে তেওঁলোকৰ এৰাগছৰ খেতি অব্যাহত ৰাখিছে।

এই ষ্ট’ৰিটো মৃণালিনী মুখাৰ্জী ফাউণ্ডেচনৰ পৰা প্ৰাপ্ত অনুদানেৰে সংকেত জৈনে গ্ৰামীণ শিল্পীসকলৰ ওপৰত কৰা প্ৰতিবেদনলানিৰ এটা।

অনুবাদ: পংকজ দাস

Sanket Jain

ସାଙ୍କେତ ଜୈନ ମହାରାଷ୍ଟ୍ରର କୋହ୍ଲାପୁରରେ ଅବସ୍ଥାପିତ ଜଣେ ନିରପେକ୍ଷ ସାମ୍ବାଦିକ । ସେ ୨୦୨୨ର ଜଣେ ବରିଷ୍ଠ ପରୀ ସଦସ୍ୟ ଏବଂ ୨୦୧୯ର ଜଣେ ପରୀ ସଦସ୍ୟ ।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Sanket Jain
Editor : Dipanjali Singh

ଦୀପାଞ୍ଜଳି ସିଂ ପିପୁଲ୍ସ ଆର୍କାଇଭ୍‌ ଅଫ୍‌ ରୁରାଲ ଇଣ୍ଡିଆର ସହାୟକ ସମ୍ପାଦିକା। ସେ ପରୀ ଲାଇବ୍ରେରୀ ପାଇଁ ଗବେଷଣା କରିବା ସହିତ ଦସ୍ତାବିଜ ପ୍ରସ୍ତୁତ କରିଥାନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Dipanjali Singh
Translator : Pankaj Das

ପଙ୍କଜ ଦାସ ପିପୁଲ୍ସ ଆର୍କାଇଭ୍ ଅଫ୍ ରୁରାଲ୍ ଇଣ୍ଡିଆର ଆସାମ ଭାଷାର ଜଣେ ଅନୁବାଦ ସମ୍ପାଦକ। ସେ ଗୌହାଟିର ବାସିନ୍ଦା, ସେ ମଧ୍ୟ ଜଣେ ଦକ୍ଷ ଅନୁବାଦକ ଯେ କି ୟୁନିସେଫ୍ ସହିତ କାର୍ଯ୍ୟ କରନ୍ତି। ସେ idiomabridge.blogspot.comରେ ଶବ୍ଦଚାତୁରୀରେ ପ୍ରଦର୍ଶନ କରିବାକୁ ଭଲପାଆନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Pankaj Das