“প্ৰজন্মৰ পিচত প্ৰজন্ম ধৰি আমি দুটা কামেই কৰি আহিছো - নাও চলোৱা আৰু মাছ মৰা। এতিয়া নিবনুৱাৰ যি পৰিস্থিতি, মোৰ ল’ৰাহঁতেও এই কামকেই কৰিব লাগিব,” বিক্ৰমাদিত্য নিষাদে কয়। তেওঁ যোৱা ২০ বছৰ ধৰি বাৰাণসীত গংগা নদীৰ এটা ঘাটৰ পৰা আনটোলৈ তীৰ্থযাত্ৰী আৰু পৰ্য্যটকক অনা-নিয়া কৰি আহিছে।
উত্তৰ প্ৰদেশ, যাৰ মাজেৰে গংগা নদীখন হাজাৰ কিলোমিটাৰমান পাৰ হৈ গৈছে, তাত নিবনুৱাৰ হাৰ যোৱা পাঁচ বছৰ ধৰি ৫০ শতাংশৰ আশে-পাশে, এয়া ২০২৪ৰ ভাৰতৰ নিয়োগ প্ৰতিবেদনৰ তথ্য।
“মোডীজীয়ে ‘ভ’কেল ফৰ ল’কেল’ আৰু বিৰাসত হি বিকাশ (ঐতিহ্যই উন্নয়ন) বুলি কৈ ফুৰে। কওকচোন, সেই বিৰাসত কাৰ বাবে? কাশী (বাৰাণসী)ৰ মানুহখিনিৰ বাবে নে বাহিৰৰ মানুহৰ বাবে?” তেওঁ যোগ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাৰাণসীৰ পৰা তৃতীয়বাৰৰ বাবে জয়ী হৈছে আৰু তেওঁৰ অভিযানে আমাক তিতা অভিজ্ঞতা দিছে, ঘাটুৱৈগৰাকীয়ে কয়, “আমাক উন্নয়ন লাগে।”






