দূৰণিলৈ যাবগৈ ওলালো অ’, পৰদেশ যাব ওলালো
বহুদূৰ বাট অ’ তালৈ সাৰস পখী, বহুদূৰ বাট।


Kachchh, Gujarat
|SAT, NOV 11, 2023
যিদৰে শীতৰ পখী ঠিকনা সলনি হয়
কচ্ছৰ এই জনপ্ৰিয় বিয়াগীতত কবিয়ে নাৰী এগৰাকীৰ জীৱনটোক প্ৰব্ৰজিত ডেম’জিল সাৰসৰ সৈতে তুলনা কৰিছে
Author
Illustration
Translator
নতুনকৈ বিয়া হোৱা তৰুণী এজনীৰ জীৱনটোক এই গীতত স্থানীয় ভাষাত ইয়াক কুঞ্জ চৰাই বুলি কোৱা এটি ডেমোজিল সাৰসৰ সৈতে তুলনা কৰা হৈছে। মাক-দেউতাকৰ পৰা আঁতৰি শাহু-শহুৰৰ ঘৰলৈ এই যাত্ৰা সাৰস পক্ষীৰ দৰেই।
প্ৰতিবছৰে এই লাহী মটীয়া বৰণৰ পাখিৰ এই চৰাইবিধে মধ্য এছিয়াৰ প্ৰজনন স্থলৰ পৰা প্ৰব্ৰজন কৰি মধ্য ভাৰতৰ শুষ্ক সমতলভূমিত, ঘাইকৈ গুজৰাট আৰু ৰাজস্থানত থিতাপি লয়হি। চৰাইবিধে প্ৰায় ৫,০০০ কিলোমিটাৰৰ যাত্ৰা সম্পন্ন কৰি নৱেম্বৰত ইয়াত উপস্থিত হয় আৰু মাৰ্চ মাহত উভতি যায়।
এন্ড্ৰিউ মিলহামে তেওঁৰ গ্ৰন্থ চিঙিং লাইক লাৰ্কচ্-ত কৈছে, “পক্ষীৰ সৈতে জড়িত লোকসংগীতবোৰ বিপন্ন প্ৰজাতিক লৈ ৰচিত। বৰ্তমানৰ দ্ৰুত প্ৰযুক্তিৰ পয়োভৰ ঘটা বিশ্বত ই স্থান হেৰুৱাইছে।” চৰাই আৰু লোকসংগীতৰ মাজত তেওঁ এক সাদৃশ্যক লৈ কয়, দুয়োবিধেই আমাক আমাৰ চিন্তাৰ পৰিধিৰ পৰা বাহিৰলৈ লৈ যাব পাৰে।
আমি এনে এটা যুগত বাস কৰিছো য’ত লোকসংগীতৰ ধাৰা বিপন্ন হৈ পৰিছে, খুব কমেই প্ৰজন্ম-প্ৰৱাহিত হৈছে আৰু খুব কমেই পৰিৱেশন কৰা হৈছে। কিন্তু যিসকলে এই গীতবোৰ লিখিছিল, শিকিছিল আৰু গাইছিল - তেওঁলোকে আকাশলৈ চাইছিল, আশে-পাশে থকা জগতখনত ভূমুকিয়াই চাইছিল, নিজৰ মানুহখিনিৰ পৰা জীৱনৰ ৰং-বিৰংখিনি বুজিবলৈ যত্ন কৰিছিল, তেওঁলোকৰ বাবে লিখিবলৈ যত্ন কৰিছিল, সৃষ্টিশীলতাৰ বাবে, জীৱন আৰু জীৱনে শিকোৱা কথাবোৰৰ পৰা অনুপ্ৰেৰণা লৈ লিখিছিল, গাইছিল।
সেয়ে এয়া কোনো আচৰিত হ’বলগীয়া কথা নহয় যে এই চৰাইবোৰ কচ্ছৰ লোকসংগীত আৰু কাহিনীবোৰৰ এক অংশ হৈ পৰিছিল। মুন্দ্ৰা তালুকৰ ভদ্ৰেশ্বৰ গাঁৱৰ জুমা ৱাঘেৰৰ কণ্ঠত এই গীতে নকৈ প্ৰাণ পাই উঠিছে।
કરછી
ડૂર તી વિના પરડેસ તી વિના, ડૂર તી વિના પરડેસ તી વિના.
લમી સફર કૂંજ મિઠા ડૂર તી વિના,(૨)
કડલા ગડાય ડયો ,વલા મૂંજા ડાડા મિલણ ડયો.
ડાડી મૂંજી મૂકે હોરાય, ડાડી મૂંજી મૂકે હોરાય
વલા ડૂર તી વિના.
લમી સફર કૂંજ વલા ડૂર તી વિના (૨)
મુઠીયા ઘડાઈ ડયો વલા મૂંજા બાવા મિલણ ડયો.
માડી મૂંજી મૂકે હોરાઈધી, જીજલ મૂંજી મૂકે હોરાઈધી
વલા ડૂર તી વિના.
લમી સફર કૂંજ વલા ડૂર તી વિના (૨)
હારલો ઘડાય ડયો વલા મૂંજા કાકા મિલણ ડયો,
કાકી મૂંજી મૂકે હોરાઈધી, કાકી મૂંજી મૂકે હોરાઈધી
વલા ડૂર તી વિના.
લમી સફર કૂંજ વલા ડૂર તી વિના (૨)
નથડી ઘડાય ડયો વલા મૂંજા મામા મિલણ ડયો.
મામી મૂંજી મૂકે હોરાઈધી, મામી મૂંજી મૂકે હોરાઈધી
વલા ડૂર તી વિના.
অসমীয়া
দূৰণিলৈ যাবগৈ ওলালো অ’, পৰদেশ যাব ওলালো (২)
বহুদূৰ বাট অ’ তালৈ সাৰস পখী, বহুদূৰ বাট।
কড়ালাৰে মোৰ দুভৰি সজাই দিয়া,
ককাদেউতাক এবাৰ চাও, ককাদেউতাৰ মুখনি চাও।
অ পখি, দুৰণিলৈ যাব ওলাইছো, ইমান দূৰ বাট বুলিম আজি,
আইতাই মোক আগবঢ়াই দিব,
বহুদূৰ বাট অ’ তালৈ সাৰস পখী, বহুদূৰ বাট।
খাৰুৰে সুশোভিত কৰা মোৰ দুহাত,
মোৰ পিতাই ক’ত, পিতাইক মই এবাৰ চাবই লাগিব।
আইয়ে মোক জপনামুখলৈ আগবঢ়াই দিব,
চেনেহী আইজনীক মই চাও এবাৰ অ পখি,
বহুদূৰ বাট অ’ তালৈ সাৰস পখী, বহুদূৰ বাট।
গলপতাডাল পিন্ধাই দিয়া মোক,
বিদায় বেলাত মোৰ খুৰাদেউক চাবলৈ দিয়া,
খুৰীদেউৱে মোক আগবঢ়াই থৈ আহিব,
অ প্ৰিয় পখি, ইমান দূৰ বাট বুলিব লৈছো,
বহুদূৰ বাট অ’ তালৈ সাৰস পখী, বহুদূৰ বাট।
নাকফুলি এটা বনাই দিয়া, পিন্ধি লওঁ
মোমাইদেউক দেখা কৰোঁ
মামীদেউৱে মোক আগবঢ়াই থৈ আহিব,
বহুদূৰ বাট অ’ তালৈ সাৰস পখী, বহুদূৰ বাট।

গীতৰ প্ৰকাৰ: পৰম্পৰাগত লোকগীত
গীতৰ শ্ৰেণী: বিয়াগীত
গীতৰ নং : ৯
গীতৰ শিৰোনাম: দূৰ তি ভিনা, পৰদেশ তি ভিনা
গীতিকাৰ : দেৱল মেহতা
গায়িকা: মুন্দ্ৰা তালুকৰ ভদ্ৰেশ্বৰ গাঁৱৰ জুমা ৱাঘেৰ
ব্যৱহৃত বাদ্যযন্ত্ৰ: ঢোল, হাৰমনিয়াম, বাঞ্জো
বাণীবদ্ধকৰণৰ চন : ২০১২, কে.এম.ভি.এছ. ষ্টুডিঅ’
এইটো সুৰবাণী নামে কচ্ছী মহিলা বিকাশ সংগঠন পৰিচালিত সমবায় অনাতাঁৰ কেন্দ্ৰই ২০০৮ত বাণীবদ্ধ কৰা ৩৪১ টা গীতৰ মাজৰ এটা। কে.এম.ভি.এছ.ৰ যোগেদি গীতৰ এই সংগ্ৰহ পাৰিয়ে পাইছিল। সাংস্কৃতিক, ভাষিক আৰু সাংগীতিক বৈচিত্ৰময় এই গীতবোৰ পঢ়িবলৈ এই পৃষ্ঠাটোলৈ যাওক: ৰাণৰ সুৰ আৰু গীতবোৰ: কচ্ছী লোকসংগীতৰ ভঁৰাল
প্ৰীতি চনি, অৰুণা ধোলকিয়া, কে.এম.ভি.এছ.ৰ সচিব, অমদ চামেজা, কে.এম.ভি.এছ.ৰ প্ৰকল্প সমন্বয়কক তেওঁলোকৰ সহায়-সহযোগিতাৰ কাৰণে আৰু ভাৰতীবেন গ’ৰলৈ তেওঁৰ অমূল্য সহায়ৰ বাবে বিশেষ ধন্যবাদ।
অনুবাদ: পংকজ দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/on-the-wings-of-a-winter-bird-as

