কুন’ৰ চিতাবাঘৰ তথ্য এতিয়া ৰাষ্ট্ৰীয় সুৰক্ষাৰ সৈতে জৰিত। সেই সুৰক্ষাৰ নীতি উলংঘন কৰিলে ভাৰতৰ বৈদেশিক সম্পৰ্কত বিৰূপ প্ৰভাৱ পৰিব পাৰে।
সেয়া নহ’লেও এইটোৱেই কাৰণ, যিটো চিতাবাঘৰ ব্যৱস্থাপনাৰ ওপৰত ২০২৪ৰ জুলাইত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত চিতাবাঘকেইটা ব্যৱস্থাপনা সন্দৰ্ভত কৰা আবেদন নাকচ কৰাৰ বাবে মধ্য প্ৰদেশ চৰকাৰে দিয়া এটা কাৰণ। আৰ.টি.আই. আবেদন কৰা ভূপালৰ কৰ্মী অজয় ডুবেয়ে এই সন্দৰ্ভত কয়, “বাঘৰ বিষয়ে সকলো তথ্যত স্বচ্ছতা ৰখা হৈছে, কিন্তু চিতাৰ ক্ষেত্ৰত কিয় এনেকুৱা কৰা হৈছে? বন্যপ্ৰাণী ব্যৱস্থাপনাৰ তথ্যৰ স্বচ্ছতা ৰখাটো নিয়ম।”
ৰামগোপালৰ ঘৰ কুন’ উদ্যানৰ গাতে লাগি থকা আগাৰা গাঁৱত যদিও ৰাষ্ট্ৰীয় সুৰক্ষা আৰু কূটনৈতিক সম্পৰ্কত তেওঁৰ জীৱিকাই কি বিৰূপ প্ৰভাৱ পেলাব পাৰে, ভাগ্যে তেওঁ নাজানে। আন হাজাৰজন আদিবাসীৰ দৰে তেওঁৰো আন চিন্তা আছে, সেই চিন্তাইহে তেওঁক খাই মাৰিছে।
তেওঁ অলপতে বলদ গৰু এৰি ট্ৰেক্টৰ এখন কিনিছে। এনেকুৱা নহয় যে হঠাৎ তেওঁ ট্ৰেক্টৰৰ খৰছ বহন কৰিব পৰা হৈ উঠিছে। একেবাৰেই নোৱাৰে।
“মোডীজীয়ে আমাক নিৰ্দেশ দিছে। আমাৰ গৰুবোৰ এৰি নিদিয়াই ভাল বুলি তেওঁ কৈছে। চৰণীয়া পথাৰ বুলিবলৈ হাবিখনেই (কুন’) আছে। কিন্তু তাত আমি সোমালে বন বিষয়াই আমাক ধৰি জেলত ভৰাই থ’ব। সেয়ে ট্ৰেক্টৰ এখনেই ভাৰাত লোৱাৰ কথা চিন্তা কৰিলো।”
এই খৰছ বহন কৰাৰ সক্ষমতা ৰাম গোপালৰ নাই বুলিব পাৰি। তেওঁলোকৰ ঘৰখনৰ আয় দৰিদ্ৰ সীমাৰেখাৰ তলত। কুন’ ৰাষ্ট্ৰীয় উদ্যানখন চিতাবাঘৰ ঘৰ হৈ পৰাত তেওঁলোকৰ দৰে আদিবাসী লোকসকলৰ অৰণ্যৰ ওপৰত নিৰ্ভৰশীল জীৱিকা ক্ষতিগ্ৰস্ত হৈছে।






















