শম্ভু আৰু খানৌৰি সীমান্তত ২০২৪ৰ ফেব্ৰুৱাৰীত প্ৰতিবাদী কৃষকৰ ওপৰত চৰকাৰে প্ৰয়োগ কৰা দমনমূলক ব্যৱস্থা, পুলিচৰ কন্দুৱা গেছ আৰু লাঠিচালনাক লৈ কৃষক সমাজত ক্ষোভ আছে। পঢ়ক: ‘শম্ভু সীমান্তত নিজকে কাৰাৰুদ্ধ যেন লাগিছে’
চৰকাৰে ৰাজধানী চহৰত কৃষকক প্ৰৱেশ কৰাত বাধা দিবলৈ চেষ্টা কৰা বাধা-নিষেধ স্বত্ত্বেও এজন বক্তাই উদ্দাত্ত কণ্ঠেৰে কৈছে: “দিল্লী হমাৰি হ্যে, দেশ পৰ ৱহি ৰাজ কৰেগা, জৌ কিষাণ মজদুৰ কি বাত কৰেগা! (দিল্লীখন আমাৰ। কৃষক আৰু মজদুৰৰ হকে যিয়ে কাম কৰিব, সিয়েই দিল্লীত ৰাজ কৰিব!)”
পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ আৰু উত্তৰাখণ্ডৰ কৃষক আৰু শ্ৰমিক ইউনিয়নৰ নেতাসকলে ‘ক’ৰ্পৰেট কোম্পানীৰ হিতৰ বাবে কাম কৰা সাম্প্ৰদায়িক, একনায়কত্ববাদী চৰকাৰ’খনক শিকনি দিবলৈ সকলোকে আহ্বান জনায়।
“২০২১ৰ ২২ জানুৱাৰীৰ পিছৰ পৰা চৰকাৰে কৃষক সংস্থাৰ সৈতে কথা পতা নাই। কথাই যিহেতু পতা নাই, সমস্যাবোৰৰ সমিধান কেনেকৈ ওলাব?” ৰাকেশ টিকৈতে তেওঁৰ ভাষণত কয়। টিকৈত ডাঙৰীয়া ভাৰতীয় কিষাণ ইউনিয়ন (বি.কে.ইউ.)ৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ আৰু এছ.কে.এম.ৰ এগৰাকী নেতা।
“২০২০-২১ৰ কৃষকৰ আন্দোলনৰ পিছত নৰেন্দ্ৰ মোদী চৰকাৰে চি-২ + ৫০ শতাংশ হাৰত ন্যূনতম সমৰ্থন মূল্যৰ আইনী নিশ্চয়তা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। সেয়া পিছে কাৰ্য্যকৰী নহ’ল। কৃষকৰ ঋণ ৰেহাই দিয়া হ’ব বুলিও গেৰাণ্টি দিছিল, সেয়াও এতিয়ালৈ কৰা নহ’ল,” সৰ্বভাৰতীয় কিষাণ সভা (এ.আই.কে.এছ.)ৰ সাধাৰণ সচিব ড. বিজু কৃষ্ণমনে কয়। পঢ়ক: পাৰিত কৃষি আন্দোলনৰ সম্পূৰ্ণ কাভাৰেজ
মঞ্চৰ পৰা কৃষ্ণনে কয় যে কৃষকৰ দীৰ্ঘদিনীয়া আন্দোলনত প্ৰায় ৭৩৬ গৰাকী কৃষকে প্ৰাণ হেৰুৱাইছে। চৰকাৰে কিন্তু এতিয়ালৈ সেইসকল কৃষকৰ পৰিয়ালক ক্ষতিপূৰণৰ প্ৰদানৰ লগতে তেওঁলোকৰ বিৰুদ্ধে দাখিল কৰা গোচৰবোৰ উঠাই লোৱাৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ পৰা বিৰত আছে। “বিদ্যুৎ (সংশোধনী) আইনখনো প্ৰত্যাহাৰ কৰাৰ কথা আছিল, সেইটোও নকৰিলে,” তেওঁ মহাপঞ্চায়তৰ সময়ত পাৰিৰ সৈতে কথা পাতোতে কয়।