ই এক অপ্ৰত্যাশিত যাদুখেলৰ দৰেই৷ তেওঁৰ দোকানৰ পিছফালে থকা পুৰণি নীলা বাকচৰ পৰা ডি ফাতিমাই সম্পদখিনি উলিয়াই আনিছে। প্ৰতিটোৱেই এটা শিল্পকৰ্মতকৈ কম নহয়:  থুথুকুড়িৰ সিপাৰৰ গভীৰ সাগৰত বাস কৰা সেই ডাঙৰ ডাঙৰ শক্তিশালী মাছবোৰ এতিয়া ৰ’দ, নিমখ আৰু দক্ষ হাতৰ পৰশত শুকুৱাই সংৰক্ষিত হৈছে।

ফাটিমাই কুইন মাছ এটা উলিয়াই চকুৰ আগত দাঙি ধৰিলে। মাছটো তেওঁ যিমান ওখ, তাৰ আধা হ’ব, মাছটোৰ মুখেৰে হাত এখন সহজে সোমাই যাব। মাছটোৰ মুখৰ পৰা ফিচালৈকে দকৈ কাটি পেলোৱা হৈছে, য’ত তেওঁ চোকা দাৰে ডাঠ মাংসখিনি ফালি পেলাইছে, পেটুবোৰ আঁতৰাই মাছটোৰ ভিতৰত নিমখ ভৰাই দিছে; আৰু ইমান তীব্ৰ ৰ’দৰ শুকুৱাইছে যে য’তেই ৰ’দ পৰিছে, সেয়াই শুকাই গৈছে - মাছ, পৃথিৱী, মানুহ, সকলো...

তেওঁৰ মুখ আৰু হাতৰ ৰেখাই সেই ৰ’দেপোৰা কাহিনীকে কয়। কিন্তু তেওঁ আন এটাৰে আৰম্ভ কৰে। এটা বেলেগ যুগৰ, যেতিয়া তেওঁৰ আচি (আইতা)য়ে মাছত নিমখ দিছিল আৰু মাছ বিক্ৰী কৰিছিল। কাহিনীটো বেলেগ এখন চহৰ আৰু এটা ৰাস্তাৰ। তেতিয়া ৰাস্তাৰ সিপাৰৰ কেনেলটো মাত্ৰ কেইফুটমান বহল আছিল, তেওঁলোকৰ পুৰণি ঘৰটোৰ ঠিক পিছতে। তাৰপিছত আহিল ২০০৪ চনৰ চুনামী। তেওঁলোকৰ জীৱনলৈ বোকা আৰু নলা-নৰ্দমাৰ মল লৈ আহিল। আৰু তাৰ লগে লগে নতুন ঘৰৰ প্ৰতিশ্ৰুতিও। অৱশ্যে এটা সমস্যা আছিল। নতুন ঘৰটো নিৰ্মিত ঘৰটো আছিল “ৰম্ভা ধূৰম [বহুত দূৰ],” ফাতিমাই মূৰটো হেলনীয়া কৰি হাত এখন তুলি দূৰত্ব বুজাবলৈ চেষ্টা কৰে। বাছেৰে প্ৰায় আধা ঘণ্টা সময় লাগে, মাছ ক্ৰয় কৰিবলৈ হ’লে সাগৰৰ পাৰলৈ আহিবই লাগিব।

ন বছৰৰ পাছত ফাতিমা আৰু তেওঁৰ ভনীয়েকহঁতে নিজৰ পুৰণি চুবুৰীটোলৈ উভতি আহিল – থুথুকুড়ি চহৰৰ প্ৰান্তৰ টেৰেছপুৰম এলেকালৈ। ঘৰ আৰু দোকানখন এতিয়া বহল হৈ পৰা খাল এটাৰ কাষতে, পানীৰ গতি লেহেম। আবেলিটো থিৰ হৈ পৰিছে, কিছু নিমখ আৰু বহুত ৰ’দত মহিলাৰ জীৱনবোৰ বচাই ৰখা সেই শুকান মাছবোৰৰ দৰে থিৰ।

৬৪ বছৰীয়া ফাতিমা বিয়া নোহোৱালৈকে আইতাকৰ মাছৰ ব্যৱসায়ত জড়িত আছিল। দুটা দশকৰো আগত স্বামীৰ মৃত্যুৰ পিছত তেওঁ পুনৰ এই ব্যৱসায়ত নামি পৰিল। ফাতিমাই আঠ বছৰ বয়সৰ স্মৃতি মনত পেলায়, তেতিয়া জালত লগা মাছবোৰ ধৰফৰাই আছিল। জালখন চপায় মানে মাছৰ ধৰফৰনি বাঢ়িছিল। ইমান সতেজ আছিল মাছবোৰ। এতিয়া প্ৰায় ৫৬ বছৰ বয়সৰ পাছত, এই ‘বৰফৰ মাছ’বোৰেই দেখি থাকো, তেওঁ  কয়। নাওবোৰে মাছ পেকিং কৰিবলৈ বৰফ কঢ়িয়াই আনে, আৰু লৈ যায়। ডাঙৰ ডাঙৰ মাছ লাখ টকাত বিক্ৰী হয়। “তেতিয়া আমি অনা-পইচাৰে লেনদেন কৰিছিলো, এশ টকা বৰ ডাঙৰ কথা আছিল। এতিয়া হাজাৰ আৰু লাখত লেনদেন হয়।”

Fathima and her sisters outside their shop
PHOTO • Tehsin Pala

নিজৰ দোকানৰ সন্মুখত ফাতিমা আৰু তেওঁৰ ভনীয়েকহঁত বহিছে

Fathima inspecting her wares
PHOTO • M. Palani Kumar

ফাতিমাই তেওঁৰ বিক্ৰীৰ বাবে সাজু কৰা সামগ্ৰীখিনি চাইছে

আচিৰ দিনত সকলোতে কেৱল মহিলা আছিল। মূৰত পাম গছৰ পাতৰ পাচিত শুকান মাছ লৈ সিহঁত ঘূৰি ফুৰিছিল। “তেওঁলোকে মাছ বিক্ৰী কৰিবলৈ পাট্টিকাৰু (চুবুৰী) পৰ্য্যন্ত গৈছিল।” এতিয়া তেওঁলোকে এলুমিনিয়ামৰ পাচিত বাছত গৈ শুকান মাছ বিক্ৰী কৰে। তেওঁলোকে চুবুৰীয়া ব্লক আৰু জিলাবোৰলৈ যায়।

পাৰিৰ সৈতে ২০২২ৰ আগষ্টত কথা পাতোতে ফাতিমাই হাতেৰে বতাহতে মানচিত্ৰ এখন অঁকাৰ দৰে ভংগীৰে কৈছিল, “কৰ’নাৰ আগতে আমি তিৰুনেলভেলী পথৰ, তিৰুচেন্দুৰ পথৰ গাওঁবোৰলৈ গৈছিলোঁ। আমি শেহতীয়াকৈ কেৱল এৰাল চহৰৰ চান্থই (সাপ্তাহিক বজাৰ)লৈহে যাওঁ, প্ৰতি সোমবাৰে।” তেওঁ যাত্ৰাৰ খৰচৰ হিচাপ কৰে: বাছ-ডিপোলৈ যোৱাৰ অটো ভাড়া আৰু বাছত পাচিটোৰ ভাৰা ধৰি মুঠ দুশ টকা। “তাৰোপৰি বজাৰত প্ৰৱেশ মাচুল হিচাপে পাঁচশ [টকা] দিওঁ। আমি ৰ’দতে [মুকলি ঠাইত] বহি থাকোঁ, কিন্তু পইচা সিমানেই দিব লাগিব।” তাৰপিছতো তেওঁ সিমানখিনি কষ্টৰ মূল্য আছে বুলি বিচাৰ কৰে, কিয়নো তেওঁ তাত পাঁচৰ পৰা সাত হাজাৰ টকাৰ শুকান মাছ বিক্ৰী কৰে।

কিন্তু সোমবাৰেৰে মাহটো নচলে। ফাতিমাই ব্যৱসায়বিধৰ সমস্যাৰ বিষয়ে সুন্দৰকৈ ফঁহিয়াই কয়, “কেইটামান দশক আগলৈকে মাছমৰীয়াই থুথুকুড়িৰ পৰা বেছি দূৰলৈ যাবলগীয়া হোৱা নাছিল। বহুত মাছ লৈ উভতিছিল। এতিয়া? তেওঁলোকে উত্তাল সাগৰ পায়গৈ, কিন্তু বিশেষ একো নাপায়।”

নিজৰ জীৱনকালত দেখা অভিজ্ঞতাৰ পৰা আঁত ধৰি ফাতিমাই মাছ কমি অহাৰ বিষয়টো এক মিনিটৰো কম সময়ত আমাৰ আগত দাঙি ধৰিছে। “আগতে তেওঁলোকে ৰাতি গৈছিল আৰু পিছদিনা সন্ধিয়া উভতি আহিছিল। আজিকালি ১৫-২০ দিনৰ বাবে যায়, একেবাৰে কন্যাকুমাৰীলৈকে, সিংহল আৰু আন্দামানৰ কাষ পায়গৈ।”

এলেকাটো বৰ বিশাল আৰু ই এক বিশাল সমস্যাৰো ইংগিত দিয়ে: থুথুকুড়িৰ আশে-পাশে মাছ ধৰা এলেকাত মাছৰ সংখ্যা কমি অহাটো। যিটো বিষয়ৰ ওপৰত তেওঁৰ নিয়ন্ত্ৰণ নাই ঠিকেই, কিন্তু সিয়ে তেওঁৰ সম্পূৰ্ণ জীৱনটো নিয়ন্ত্ৰণ কৰে। লগতে জীৱিকাও।

ফাতিমাই যিটো পৰিঘটনাৰ কথা কৈছে, তাৰ এটা নাম আছে: অভাৰফিছিং। গুগলত চাওক, আৰু আপুনি চকুৰ পচাৰতে প্ৰায় ১.৮ কোটি উত্তৰ পাব৷ এয়া ইমানেই সাধাৰণ কথা হৈ পৰিছে৷ অভাৰফিছিঙৰ নেপথ্যৰ কথাখিনি ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (FAO)-এ এনেদৰে কৈছে: “গোলকীয়ভাৱে জলজ খাদ্যই ২০১৯ত প্ৰায় ১৭ শতাংশ প্ৰাণীৰ প্ৰ’টিন আৰু ৭ শতাংশ সকলো প্ৰ’টিন যোগান ধৰিছিল।” অৰ্থাৎ প্ৰতি বছৰে আমি “সাগৰৰ পৰা ৮০ৰ পৰা ৯ কোটি মেট্ৰিক টন বন্য সাগৰীয় খাদ্য” আহৰণ কৰো বুলি আমেৰিকান কেটচ্ এণ্ড ফ’ৰ ফিছৰ লেখক পল গ্ৰীনবাৰ্গে কয়। আচৰিত হ’বলগীয়া কথা, গ্ৰীনবাৰ্গে কয় যে ই “ চীনৰ গোটেই মানুহ মিলাই যিমান ওজন হ’ব , তাৰ সমতুল্য।”

ইয়াতেই আমাৰ কাহিনী নিহিত হৈ আছে। প্ৰতিটো মাছেই সতেজ ৰূপত খোৱা নহয়। আন পাচলি আৰু মাংসৰ দৰে ইয়াকো ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰি থোৱা হয়। সংৰক্ষণৰ আটাইতকৈ পুৰণি পদ্ধতিবোৰৰ এটা হৈছে নিমখ দিয়া আৰু ৰ’দত শুকুওৱা।

Left: Boats docked near the Therespuram harbour.
PHOTO • M. Palani Kumar
Right: Nethili meen (anchovies) drying in the sun
PHOTO • M. Palani Kumar

বাওঁফালে: তেৰেচপুৰম বন্দৰত নাওবোৰ। সোঁফালে: নেতিলি মীন (সৰু এবিধ মাছ)

*****

আমি শুকুৱাবলৈ ৰ’দত মেলি দিয়া
মাছৰ মঙহাল মাংস খাবলৈ বুলি
জাক জাক চৰাই আহে,
আমি হুৰাই দিওঁ সিহঁতক,
তহঁতৰ গুণে আমাৰ কি ভাল কৰিব?
গাত দুৰ্গন্ধ লৈ আহিছ, বেগেতে আঁতৰ হ !

নাত্ৰিনাই ৪৫ , নেইতাল তিনই (সাগৰতীৰৰ গীত)

কবি অজ্ঞাত। নায়িকাৰ বন্ধুৱে নায়কক যি কৈছিল।

এই কালজয়ী ধ্ৰুপদী পদ্য ২০০০ বছৰীয়া তামিল সংগম সাহিত্যৰ অংশ। তাৰোপৰি ইয়াত উপকূলৰ পৰা বাহিৰলৈ যোৱা নিমখৰ ব্যৱসায়ী আৰু তেওঁলোকৰ বাহনৰ কেইবাটাও মন কৰিবলগীয়া প্ৰসংগ আছে। আন প্ৰাচীন সংস্কৃতিতো নিমখ দিয়া আৰু ৰ’দত শুকুওৱাৰ একেধৰণৰ পৰম্পৰা আছিল নেকি?

ইতিবাচক উত্তৰ দিয়ে খাদ্য অধ্যয়নৰ গৱেষক ডাঃ কৃষ্ণেন্দু সত্যজিতে। “বহিৰ্মুখী, বিশেষকৈ সাগৰ ভ্ৰমণ কৰি ফুৰা নাবিক সাম্ৰাজ্যসমূহৰ মাছ ধৰাৰ সৈতে সম্ভৱতঃ এক অতি সুকীয়া সম্পৰ্ক আছিল। এই সাম্ৰাজ্যসমূহৰ বাবে অতি প্ৰয়োজনীয় নাও নিৰ্মাণৰ কলা আৰু নাও চলোৱাৰ দক্ষ শ্ৰম বেছিভাগেই মাছমৰীয়াৰ পৰাই আহিছিল, যিটো বহু পিছত ভাইকিং, জেনোজ, ভেনিচ, পৰ্তুগীজ আৰু স্পেনিছৰ ক্ষেত্ৰত দেখা যায়।”

নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ অধ্যাপকজনে লগতে কয়, “ফ্ৰীজত ৰখাৰ আগতে নিমখ দিয়া, মুকলিত শুকুৱাই লোৱা, ধোঁৱা দি শুকুওৱা আৰু কিম্বন কৰা আদি অতি মূল্যৱান প্ৰ’টিন সংৰক্ষণ কৰাৰ একমাত্ৰ উপায়; দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰিবলগীয়া জাহাজৰ বাবে সময় আৰু ব্যৱধান দুয়োটাকে জয় কৰাৰ বাবে অত্যন্ত প্ৰয়োজনীয় উপাদান। সেয়েহে ভূমধ্যসাগৰীয় অঞ্চলৰ আশে-পাশে থকা ৰোমান সাম্ৰাজ্যত গাৰুম [কিম্বন কৰা মাছৰ চাটনি]ৰ বৰ চাহিদা আছিল, যিটো ৰোমৰ পতনৰ লগে লগে নাইকিয়া হৈ গ’ল।”

খাদ্য আৰু কৃষি সংস্থাৰ আন এক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি তামিলনাডুত সাধাৰণতে প্ৰক্ৰিয়াকৰণত “সাধাৰণতে পচনকাৰী বেক্টেৰিয়া আৰু এনজাইম ধ্বংস কৰা আৰু অণুজীৱৰ বৃদ্ধি আৰু প্ৰসাৰৰ বাবে অনুপযুক্ত পৰিস্থিতি সৃষ্টি কৰাটো জড়িত হৈ থাকে।”

Salted and sun dried fish
PHOTO • M. Palani Kumar

নিমখ দিয়া আৰু ৰ’দত শুকুওৱা মাছ

Karuvadu stored in containers in Fathima's shop
PHOTO • M. Palani Kumar

ফাতিমাৰ দোকানত মজুত কৰি ৰখা কৰুৱাৰু মাছ

এফ.এ.অ’.ৰ প্ৰতিবেদনত কোৱা হৈছে যে মাছত নিমখ দিয়াটো হৈছে, “মাছ সংৰক্ষণৰ একেবাৰে কম খৰচী উপায়। নিমখ দিয়াৰ দুটা সাধাৰণতে প্ৰচলিত পদ্ধতি আছে: শুকান নিমখ দিয়া, য’ত মাছৰ গাত পোনে পোনে নিমখ প্ৰয়োগ কৰা হয়; আৰু, ব্ৰাইনিং, য’ত মাছবোৰ নিমখ/পানীৰ দ্ৰৱত ডুবাই ৰখা হয়।” এনেকৈ বহুমাহ মাছ ভালে থাকে।

অতীতৰে পৰা এনেহেন সুবাদ থকা আৰু প্ৰ’টিনৰ সুলভ আৰু সহজে উপলব্ধ উৎস হোৱাৰ পিছতো, কৰুৱাৰু জনপ্ৰিয় সংস্কৃতিত [উদাহৰণস্বৰূপে, তামিল চিনেমাত] বহুত উপহাসৰ বস্তু হৈ পৰে। সোৱাদৰ ফালৰ পৰা ই কিমান নম্বৰত পৰে?

ড. ৰায়ে কয়, “চিন্তাৰ অনুক্ৰমত একাধিক তৰপ লুকাই আছে। সৰ্বগ্ৰাসী স্থলজ জীৱনে য’তেই তাৰ আধিপত্য বিস্তাৰ কৰিছে, ব্ৰাহ্মণ্যবাদৰ হাতে হাত ধৰি – তাতেই জলজ জীৱন আৰু জীৱিকাৰ ভাগত পৰিছে চুড়ান্ত অৱমূল্যায়ন আৰু সংশয়, বিশেষকৈ এই কথাটো লুণীয়া পানীৰ ক্ষেত্ৰত স্পষ্ট। জাত-পাতৰ জন্মৰ সময়ত সামান্যতম হ’লেও স্থান আৰু পেছাৰ সম্পৰ্ক আছে, তাতেই বৈষম্যৰ চিকাৰ হৈছে মাছ ধৰা পেছা।”

ডাঃ ৰায়ে কয় যে মাছ হৈছে শেষবিধ বন্যজীৱ যিটো আমি ব্যাপক হাৰত ধৰি খাই আহিছো। এইটো কাৰণতে হয় তাৰ মূল্য অপৰিসীম, নাইবা হৈছে অৱজ্ঞাৰ চিকাৰ। ভাৰতৰ যি যি অঞ্চলত সংস্কৃতায়ন ঘটিছে, সেই সেই স্থানত আবাদযোগ্য ভূমি, মন্দিৰ বিনিয়োগ আৰু জলীয় আন্তঃগাঁথনিৰ সৈতে আঞ্চলিকতা, গাৰ্হস্থ্য জীৱন আৰু শস্য উৎপাদন অৰ্থনৈতিক আৰু সাংস্কৃতিক পণ্য হিচাপে মূল্যায়ন হৈছে, তাতেই মাছ ধৰা আৰু খোৱাটো ঐতিহাসিকভাৱে তাচ্ছিল্যৰ সন্মুখীন হৈছে।”

*****

চালি এখনৰ তলত সহায়াপুৰানিয়ে পূমীন [মিল্ক ফিছ] সাজু কৰিছে। চাক্ – চাক্ – চাক্ – তেৰেচপুৰম নিলাম কেন্দ্ৰৰ পৰা তেওঁ ৩০০ টকাত কিনা তিনি কিলো ওজনৰ মাছটো দাখনেৰে কাটি চাফা কৰি পেলালে। তেওঁৰ কৰ্মস্থলী ফাতিমাৰ দোকানৰ বিপৰীতে, কেনেলৰ সিপাৰে। খালৰ পানীখিনি ঘোলা – ধাৰতকৈ তাত বোকা বেছি। মাছৰ পৰা ওলোৱা বাকলিবোৰ অ’ত-তত উটি-ভাঁহি ফুৰিছে। কিছুমান পূমীন মাছটোৰ আশে-পাশে পৰি আছে, কিছুমানত পোহৰ পৰি জিলিকিছে, কিছুমান উফৰি আহি মোৰ ভৰিৰ কাষত পৰিছে। মোৰ গাত আহি পৰা দেখি তেওঁ মূৰ তুলি চাই হাঁহিছে। সকলোৱে ক্ষণিকতে সেই হাঁহিত যোগ দিছে। সহায়াপুৰানি পুনৰ নিজৰ কামত লাগি পৰিছে। দুবাৰত ফিচা কাটি শেষ। তাৰপিছত মূৰটোৰ ফালে আগবাঢ়িছে আৰু তাক গাৰ পৰা ৰেপি পৃথক কৰিছে। তিনিটা ঘাপত মূৰটো কাটি টুকুৰা-টুকুৰ কৰি পেলোৱা হৈছে।

পিছফালে বান্ধি থোৱা বগা কুকুৰ এটাই চাই আছে, গৰমত থাকিব নোৱাৰি সি জিভাখন উলিয়াই আছে। ইয়াৰ পিছত সহায়াপুৰানিয়ে পেটু অংশ পেলাই আৰু মাংসখিনি দাখনেৰে ৰেপি মাছটো কিতাপ এখনৰ দৰে খুলি পেলাইছে। কাঁচিখনেৰে তেওঁ মাছটোৰ গাটো ফালি দিছে। মাছটোৰ গাত সিবোৰ সৰু সৰু ৰেখাৰ দৰে দেখা গৈছে। এহাতেৰে তেওঁ মুঠি মুঠি নিমখ লৈ মাছৰ ভিতৰত ঘঁহিছে, যেতিয়ালৈকে মাছৰ গোলাপী গাটোত বগা স্ফটিকবোৰ সোমাই নাযায়। মাছটো শুকুৱাবলৈ বুলি এতিয়া সাজু। তেওঁ কাঁচি আৰু দাখন ধুই পানীত হাত ডুবাই হাতদুখন জোকাৰি জোকাৰি শুকাবলৈ চেষ্টা কৰিছে। তাৰ লগে লগে কৈছে, “আহক। আমি তেওঁৰ ঘৰলৈ বুলি অনুসৰণ কৰিলো।

Sahayapurani scrapes off the scales of Poomeen karuvadu as her neighbour's dog watches on
PHOTO • M. Palani Kumar

সহায়াপুৰানিয়ে পূমীন কৰুৱাৰু মাছটো চাফা কৰিছে, আনফালে তেওঁৰ চুবুৰীয়াৰ কুকুৰটোৱে লুভীয়া দৃষ্টি দিছে

Sahayapurani rubs salt into the poomeen 's soft pink flesh
PHOTO • M. Palani Kumar

গোলপীয়া ৰঙৰ পূমীন মাছটোত সহায়াপুৰানিয়ে নিমখ ঘঁহিছে

তামিলনাডুৰ সামুদ্ৰিক মীন লোকপিয়ল ২০১৬ অনুসৰি ৰাজ্যখনত মাছমৰীয়াসকলৰ ভিতৰত ২.৬২ লাখ মহিলা আৰু ২.৭৪ লাখ পুৰুষ। তাৰোপৰি সম্পূৰ্ণ ৯১ শতাংশ সাগৰীয় মাছমৰীয়া পৰিয়াল দৰিদ্ৰ সীমাৰেখা (বিপিএল)ৰ তলত বাস কৰে।

তপত ৰ’দৰ পৰা আঁতৰি থাকি সহায়াপুৰানিক সুধিলো যে তেওঁ এদিনত কিমান বিক্ৰী কৰে। “এই সকলোবোৰ নিৰ্ভৰ কৰে আন্দাভাৰ [যীশু]য়ে আমাৰ বাবে কি পৰিকল্পনা কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁৰ কৃপাত আমি জীয়াই আছো।” আমাৰ কথা-বতৰাত যীশুৰ প্ৰসংগ ভালেকেইবাৰ ওলাইছে। “তেৰাই যদি সকলো শুকান মাছ বিক্ৰী কৰাত সহায় কৰে, তেন্তে আমি পুৱা ১০:৩০ বজাৰ ভিতৰত ঘৰলৈ আহিব পাৰিম।”

তেওঁ যে আপোচ কৰি চলিছে, সেই কথা তেওঁৰ য’ত মাছ বিক্ৰী কৰে, তাতো স্পষ্ট। মাছ শুকুৱাবলৈ দিয়া তেওঁৰ নিৰ্ধাৰিত ঠাইখিনি কেনেলৰ কাষত। মাছ শুকুৱাবলৈ একেবাৰে ভাল ঠাই নহয়। কিন্তু তেওঁ কয়, ইয়াৰ বিকল্প কিবা আছে জানো? কেৱল তপত ৰ’দেটোৱেই নহয়, তেওঁ কিম্বা তেওঁৰ সামগ্ৰী একোৱেই ৰেহায় নাপায়। “সিদিনা মই মাছবোৰ নিমখ সানি শুকুৱাবলৈ উলিয়াই দি ঘৰলৈ আহি চকু দুটা অলপ মুদিছিলোহে মাত্ৰ... হঠাতে এজনে দৌৰি আহি বৰষুণ দি আছে বুলি ক’লে, মই খৰখেদাকৈ ওলাই আহিলোঁ, কিন্তু অৰ্ধেকসংখ্যক মাছেই তিতি গ’ল। সৰু মাছবোৰ উদ্ধাৰ কৰিব নোৱাৰি, পচি যায়, জানেনে।”

বৰ্তমান ৬৭ বছৰীয়া সহায়াপুৰানিয়ে নিজৰ চিট্টি মানে মাহীয়েকৰ পৰা মাছ শুকুওৱা কলা শিকিছিল। কিন্তু, তেওঁ কয়, আপাত দৃষ্টিত মাছৰ ব্যৱসায় বাঢ়িছে যদিও শুকান মাছৰ ব্যৱহাৰ কমিছে। “কিয়নো মাছ খাব খোজাজনে সহজেই সতেজ মাছ পায়। কেতিয়াবা সস্তাতো বেপাৰীয়ে বিক্ৰী কৰে। তাৰোপৰি প্ৰতিদিনে একেখিনি বস্তু খাবলৈ মন নাযায় নহয়নে? যদি সপ্তাহত দুবাৰ মাছ থাকে, তেন্তে এদিন বিৰিয়ানী, আন এটা সম্বাৰ, ৰচম, ছয়া বিৰিয়ানী ইত্যাদি...”

অৱশ্যে মূল কাৰণটো হৈছে ডাক্তৰৰ নানা মত। “কৰুৱাৰু নাখাবা, বৰ নিমখীয়া। চিকিৎসকে কয় যে ই ৰক্তচাপ বৃদ্ধি কৰে। গতিকে, মানুহে খোৱাটো পৰিহাৰ কৰে।” ব্যৱসায় মন্দা হৈ অহা আৰু চিকিৎসকৰ পৰামৰ্শৰ কথা বুজাই থকাৰ সময়ত তেওঁ লাহে লাহে মূৰটো জোকাৰি আছিল আৰু মুখখন ভেঙুচাই দিয়ে। ঠিক এটা শিশুৰ দৰে এক অভিব্যক্তি, যিয়ে হতাশা আৰু দুৰ্বলতা দুয়োটাকে একেটা ক্ষণতে দৰ্শাইছে।

কৰুৱাৰু সাজু হ’লে তেওঁ সেয়া নিজৰ ঘৰত, ব্যৱসায়ৰ বাবে আচুতীয়াকৈ ৰখা কাষৰ কোঠাটোত জমা কৰি ৰাখে। তেওঁ কয়, “ডাঙৰ মাছ সাধাৰণতে মাহৰ পিছত মাহ ধৰি বেয়া নোহোৱাকৈ থাকে। তেওঁ নিজৰ দক্ষতাৰ ওপৰত আত্মবিশ্বাসী; তেওঁ খাঁজ কটা আৰু নিমখ ঘঁহি দিয়াৰ ধৰণ চায়েই ক’ব পাৰি যে মাছটো সংৰক্ষিত হৈ থাকিব। “গ্ৰাহকেও কেইবা সপ্তাহো ৰাখিব পাৰে। অলপ হালধি আৰু অলপ নিমখ দি বাতৰি কাকতত মেৰিয়াই তাৰ পিছত এয়াৰটাইট কাভাৰত থৈ দিলে ফ্ৰীজত বহুদিন ৰাখিব পাৰি।”

Sahayapurani transferring fishes from her morning lot into a box. The salt and ice inside will help cure it
PHOTO • M. Palani Kumar

সহায়াপুৰানিয়ে পুৱাৰ ভাগৰ মাছখিনি এটা বাকচত ঢালিছে। তাত থকা বৰফ আৰু নিমখে মাছখিনি নষ্ট নোহোৱাকৈ ৰাখিব

মাক থকা সময়ত তেওঁলোকে বেছিকৈ কৰুৱাৰু খাইছিল। শুকান মাছ ভাজি বাজৰাৰ দাইলৰ লগত খাইছিল। “তেওঁলোকে এটা ডাঙৰ পাত্ৰ লৈ চজিনাৰ ঠাৰি আৰু বেঙেনা আৰু মাছ দি থপথপিয়াকৈ বনাই আঞ্জাৰ ওপৰত ঢালি দিছিল। কিন্তু এতিয়া, সকলোতে ‘টিপ-টপ’ৰ যুগ চলিছে,” কৈ তেওঁ জোৰকৈ হাঁহিছে, “আনকি চাউলখিনিও ‘চাফা’, আৰু মানুহে শাক-পাচলিৰ কুটু [দাইলৰ সৈতে একেলগে সিজোৱা] আৰু কণী ভাজি কাষত লৈ খায়। ৪০ বছৰ আগতে মই কেতিয়াও শাক-পাচলিৰ কুটুৰ কথা শুনা নাছিলো।”

বেছিভাগ দিনেই সহায়াপুৰানিয়ে ঘৰৰ পৰা ৪:৩০ বজাত বাছেৰে ১৫ কিলোমিটাৰ আশে-পাশে থকা গাওঁবোৰলৈ যায়। ২০২১ত মুখ্যমন্ত্ৰী এম.কে. ষ্টেলিনে মহিলাৰ বাবে তামিলনাডুত বিনামূলীয়া বাছ ভ্ৰমণৰ সুবিধাৰ প্ৰসংগত তেওঁ কয়, “গুলপীয়া বাছত পইছা দিব নালাগে। কিন্তু আমি আমাৰ পাচিৰ বাবে সম্পূৰ্ণ টিকটৰ পইছা দিওঁ। সেয়া ১০ টকা বা ২৪ টকা হ’ব পাৰে। নিৰ্ভৰ কৰে।” কেতিয়াবা কণ্ডাক্টৰৰ হাতত দহ টকাৰ নোট এখন গুজি দিয়ে, “তেতিয়া কণ্ডাক্টৰজনৰ ব্যৱহাৰ খুবেই ভাল হৈ পৰে,” তেওঁ কৈ উঠি হাঁহে।

গন্তব্যস্থল পোৱাৰ পিছত সহায়াপুৰানিয়ে গাঁৱে গাঁৱে ঘূৰি তেওঁ মাছ বিক্ৰী কৰে। কামটো বৰ কঠিন শ্ৰমসাধ্য বুলি তেওঁ স্বীকাৰ কৰে। তাতে আকৌ প্ৰতিযোগিতামূলক। “আমি সতেজ মাছ বিক্ৰী কৰাৰ সময়ত আৰু বেয়া পৰিস্থিতি হৈছিল। পুৰুষে দুচকীয়া বাহনত মাছৰ টোপোলা আনিছিল আৰু আমি দুঘৰ ঢুকি পাওগৈ মানে সিহঁতে দহ ঘৰত মাছ দি আজৰি হৈছিল। খোজ কাঢ়ি কাঢ়ি অৱস্থা কাহিল হৈ গৈছিল। তাতে আকৌ পুৰুষবোৰে আমাতকৈও সস্তাত মাছ বিক্ৰী কৰিছিল।” তেনেকৈয়ে তেওঁ কেৱল কৰুৱাৰু বিক্ৰীতে নিজকে সীমাবদ্ধ কৰি ৰাখিলে।

ঋতু অনুসৰি শুকান মাছৰ চাহিদা সলনি হয়। “গাঁৱৰ উৎসৱ হ’লে মানুহে কেতিয়াবা কেবাদিনো আৰু কেবাসপ্তাহো নিৰামিষ আহাৰ খাই থাকে। বেছি মানুহে এনেকৈ কোনো প্ৰথা মানিলে আমাৰ বেপাৰৰ ফালে আধ্যা পৰে।” আৰু এই ৰীতি-নীতি বৰ এটা পুৰণি নহয়। “পাঁচ বছৰ আগতে ইমান মানুহক এই ব্ৰত আদি পালন কৰা দেখা নাছিলো।” উৎসৱৰ সময়ত আৰু পিছত – যেতিয়া কোনো ভোজৰ বাবে ছাগলী বলি দিয়া হয় – তেতিয়া মানুহে নিজৰ আত্মীয়ৰ বাবে ভাল পৰিমাণৰ শুকান মাছ অৰ্ডাৰ দিয়ে। ৩৬ বছৰীয়া কন্যা নেন্সীয়ে বুজাইছে, “কেতিয়াবা এক কিলোও বিচাৰে।

মন্দা পৰা মাহত পৰিয়ালটোৱে ধাৰ-ধুপাৰ কৰি চলিবলগীয়া হয়। “দহ পইচা সুত, দৈনিক সুত, সাপ্তাহিক সুত, মাহিলী সুত। বাৰিষা আৰু মাছ ধৰাত নিষেধাজ্ঞাৰ সময়ত আমি তেনেকৈয়ে কটাওঁ৷ কিছুমানে গহনা বন্ধকত থয়।  কেতিয়াবা দোকানীৰ তাত, নাইবা বেংকত। ধাৰ কৰিবই লগা হয়,’ - নেন্সীয়ে কয়, তেওঁ এগৰাকী সমাজকৰ্মীও। তেওঁৰ মাকে নেন্সীৰ বাক্যটো সম্পূৰ্ণ কৰে, “নহ’লে খাবলৈ বস্তু কিনিব নোৱাৰিম।’’

Left: A portrait of Sahayapurani.
PHOTO • M. Palani Kumar
Right: Sahayapurani and her daughters talk to PARI about the Karuvadu trade
PHOTO • M. Palani Kumar

বাওঁফালে: সহায়াপুৰানিৰ এখন আলোকচিত্ৰ। সোঁফালে: সহায়াপুৰানি আৰু তেওঁৰ জীয়ৰীয়ে পাৰিৰ সৈতে কৰুৱাৰুৰ বেপাৰৰ কথা পাতিছে

কৰুৱাৰু ব্যৱসায়ত মেহনত আৰু মুনাফা সমান নহয়। সেইদিনা ৰাতিপুৱা নিলামত ১৩০০ টকাত [এপাচি চাৰ্দাইন] সহায়াপুৰানিয়ে মাছ কিনিছে, তেওঁৰ ৫০০ টকা লাভ হ’ব ঠিকেই। কিন্তু তাৰ বাবে তেওঁ দুদিন খাটিব লাগিব। মাছবোৰ চাফা কৰি, নিমখ দি শুকুৱাই ল’ব লাগিব। তাৰোপৰি আৰু দুদিন বাছত লৈ বিক্ৰী কৰিব লাগিব। তেনেকৈ চাৰিদিন কষ্ট কৰাৰ পিছত পাব দিনে ১২৫ টকা, নহয়নে? মই সুধিলো।

উত্তৰত তেওঁ কেৱল মুৰটো লাহেকৈ দুপিয়াই দিলে। এইবাৰ তেওঁৰ মুখৰ পৰা হাঁহিও নোলাল।

*****

থুথুকুড়িৰ কৰুৱাৰু ব্যৱসায়ৰ মানৱ সম্পদ আৰু অৰ্থনীতিৰ ছবিখন বিভ্ৰান্তকাৰী। তামিলনাডুৰ সামুদ্ৰিক মীন লোকপিয়লৰ পৰা আমি কিছু পৰিসংখ্যা পাওঁ। তেৰেচপুৰমত মাছ কিউৰিং আৰু প্ৰক্ৰিয়াকৰণৰ কামত জড়িত ৭৯ জন লোক আছে, গোটেই টুটিকোৰিন জিলাখনৰ ক্ষেত্ৰত এই সংখ্যা বাঢ়ি ৪৬৫ জন হৈছে। ৰাজ্যখনৰ মুঠ মৎস্যজীৱিৰ ৯ শতাংশ এই বেপাৰত জড়িত। কিন্তু এই ৯ শতাংশৰ ভিতৰত আচৰিত ধৰণে ৮৭ শতাংশই হৈছে মহিলা। এফ.এ.অ’.ৰ প্ৰতিবেদনত বিশ্বব্যাপী পৰিসংখ্যাতকৈ এয়া বহুত বেছি, য’ত মহিলা কৰ্মশক্তিয়ে “ক্ষুদ্ৰ পৰিসৰৰ মীনপালনৰ ক্ষেত্ৰত মৎস্যসংগ্ৰহৰ পৰৱৰ্তী পৰ্য্যায়ত নিয়োজিত শ্ৰমিকৰ আধা অংশহে” মহিলা।

লাভ আৰু লোকচানৰ হিচাপ পোৱাটো অধিক কঠিন। হাজাৰ টকাত বিক্ৰী হ’ব পৰা পাঁচ কিলোৰ ডাঙৰ মাছ এটা অলপ নৰম হ’লে চাৰিশত দিয়া হয়। মহিলাসকলে ইয়াক ‘গুলুগুলু’ বুলি কয়, আৰু আঙুলি দুটা চেপি ধৰি দেখুৱায়। যেন কোনো কাল্পনিক জীৱ এটাক দুই আঙুলিৰ মাজত ধৰি ৰাখিছে। সতেজ মাছৰ ব্যৱসায়ীৰ বাবে এইবোৰ মাছ কামত নাইকিয়া, তাকেই এই কৰুৱাৰু কাৰিকৰসকলে বিচাৰি ফুৰে। সৰু পোনাতকৈ তেওঁলোকে এইবোৰ মাছ বেছি পছন্দ কৰে, কিয়নো ডাঙৰ মাছ সাজু কৰি তোলোতে সময় নষ্ট নহয়।

প্ৰায় পাঁচ কিলো ওজনৰ ফাতিমাৰ ডাঙৰ মাছটো তেওঁক সাজু কৰিবলৈ এঘণ্টা সময় লাগিছিল। কিন্তু সমান ওজনৰ সৰু মাছ হোৱা হ’লে তাত দুগুণ সময় লাগিব। নিমখো বেলেগ বেলেগ। ডাঙৰ মাছক সাধাৰণতে শৰীৰৰ ওজনৰ আধাখিনি নিমখৰ প্ৰয়োজন হয়। আকৌ সৰু মাছত তাৰ ওজনৰ এক-অষ্টমাংশ নিমখ লাগে।

Scenes from Therespuram auction centre on a busy morning. Buyers and sellers crowd around the fish and each lot goes to the highest bidder
PHOTO • M. Palani Kumar
Scenes from Therespuram auction centre on a busy morning. Buyers and sellers crowd around the fish and each lot goes to the highest bidder
PHOTO • M. Palani Kumar

তেৰেচপুৰমৰ নিলাম কেন্দ্ৰৰ ব্যস্ত ৰাতিপুৱাৰ দৃশ্য। ক্ৰেতা-বিক্ৰেতাই মাছবোৰ ঘেৰি ধৰি ডাক দিছে

A woman vendor carrying fishes at the Therespuram auction centre on a busy morning. Right: At the main fishing Harbour in Tuticorin, the catch is brought l ate in the night. It is noisy and chaotic to an outsider, but organised and systematic to the regular buyers and sellers
PHOTO • M. Palani Kumar
A woman vendor carrying fishes at the Therespuram auction centre on a busy morning. Right: At the main fishing Harbour in Tuticorin, the catch is brought l ate in the night. It is noisy and chaotic to an outsider, but organised and systematic to the regular buyers and sellers
PHOTO • M. Palani Kumar

ৰাতিপুৱাৰ বজাৰৰ ব্যস্ততাৰ মাজত তেৰেচপুৰম নিলাম কেন্দ্ৰত মহিলা বিক্ৰেতা এগৰাকীয়ে মাছ প্লাষ্টিকৰ খৰাহী এটাত মাছ কঢ়িয়াই আনিছে। সোঁফালে : টুটিকোৰিণত মাছ ধৰা বন্দৰত মাছবোৰ শেষনিশাৰ ভাগত অনা হয়। বাহিৰা মানুহে শুনিলে সেয়া চিঞৰ-বাখৰ যেন লাগিব, কিন্তু নিয়মীয়া ক্ৰেতা-বিক্ৰেতাৰ বাবে সেয়া সংগঠিত আৰু শৃংখলিত

শুকান মাছ উৎপাদনকাৰীসকলে উপ্পলম বা লোণডোবাৰ পৰা পোনে পোনে নিমখ কিনে। কিমান কিনিব লাগিব, তাৰ কোনো ধৰা-বন্ধা নিয়ম নাই। ১০০০ টকাৰ পৰা আৰম্ভ কৰি ৩০০০ টকা পৰ্য্যন্ত নিমখ তেওঁলোকে কিনে। ট্ৰাইচাইকেল বা ‘কুটিয়ানাই’ (আক্ষৰিক অৰ্থত ‘সৰু হাতী,’ যাক সৰু টেম্পো ট্ৰাক বুলি কোৱা হয়)ত নিমখ পৰিবহন কৰা হয়। ঘৰলৈ আনি সেয়া ওখ প্লাষ্টিকৰ নীলা ৰঙৰ ড্ৰামত মজুত কৰা হয়।

কৰুৱাৰু প্ৰক্ৰিয়াটো আইতাকৰ সময়ৰ পৰা বিশেষ সলনি হোৱা নাই বুলি ফাতিমাই কয়। মাছবোৰৰ পেটু অংশ উলিয়াই পৰিষ্কাৰ কৰি খোলাবোৰ এৰুৱাই পেলোৱা হয়। তাৰ পিছত নিমখ সানি দিয়া হয় আৰু ভিতৰতো নিমখ ভৰাই দি ৰ’দত শুকুৱাই লোৱা হয়। তেওঁলোকৰ কাম পৰিষ্কাৰ, তেওঁ মোক নিশ্চিতি দি কয় আৰু মোক কেইবাটাও মাছৰ টোপোলা দেখুৱায়। কটা কৰুৱাৰু এজনে হালধিগুড়ি সানি ৰ’দত শুকুওৱা প্ৰক্ৰিয়াকৰণ কৰিছে। এক কিলোৰ দাম হ’ব ১৫০ৰ পৰা ২০০ টকা। কাপোৰেৰে মেৰিওৱা আন এটা টোপোলাত ওলিমিন (বাৰাকুড়া) আৰু তলত প্লাষ্টিকৰ পাত্ৰ এটাত শুকান ছালাই কৰুৱাৰু (শুকান চাৰ্ডাইন) আছে। তেওঁৰ ভনীয়েক ফ্ৰেডেৰিকে পিছৰ ষ্টলৰ পৰা মাত দিছে। “যদি আমাৰ কাম ‘নাকৰেই মূকৰেই’ (লেতেৰা-পেতেৰা), তেন্তে কোনে আমাৰ পৰা মাছ কিনিব? এতিয়া, বহুত ডাঙৰ মানুহে, আনকি পুলিচেও আমাৰ পৰা মাছ কিনে৷ আমাৰ কৰুৱাৰুৱে ভাল নাম অৰ্জন কৰিছে।”

উপাৰ্জনৰ উপৰিও দুই ভনীয়েকে আৰ্জিছে বহুত দাগ। ফ্ৰেডেৰিক মোক তেওঁৰ হাত দুখন দেখুৱাইছে। কটাৰীয়ে কটা বহুত দাগ, কোনোবাটো সৰু, কোনোবাটো গভীৰ; তেওঁৰ হাতৰ তলুৱাৰ ৰেখাবোৰে তেওঁৰ ভৱিষ্যতৰ কথা যিমান সঠিককৈ ক’ব পাৰে, তাতোকৈ বেছি স্পষ্টকৈ অতীতৰ কথা দাগবোৰে কৈছে।

নিজৰ দোকানখনৰ ছাঁত বহি ফাতিমাই কয়, “মোৰ দেৱৰজনে মাছ আনি দিয়ে, আৰু আমি চাৰিজনী ভনীয়ে লগ লাগি শুকুৱাই বিক্ৰী কৰো। “তেওঁৰ চাৰিবাৰ অস্ত্ৰোপচাৰ হৈছে; সাগৰলৈ যাব নোৱাৰে৷ গতিকে, তেওঁ টেৰেছপুৰম নিলাম কেন্দ্ৰ বা থুথুকুড়িৰ মূল মাছ ধৰা বন্দৰৰ পৰা কেইহাজাৰমান টকাৰ ষ্টকখিনি কিনে। যাৱতীয় হিচাপ-নিকাচখিনি এখন কাৰ্ডত লিখি থোৱা হয়। মই আৰু মোৰ ভনীকেইজনীয়ে তেওঁৰ পৰা মাছ কিনো, অলপ কমিছন দিও। তাৰ পিছত কৰুৱাৰু কৰি লওঁ।” ফাতিমাই নিজৰ দেৱৰক “মাপিল্লাই” বুলি কয়, যাৰ অৰ্থ জোঁৱাই; আৰু তেওঁ ভনীয়েকহঁতক “পন্নু” বুলি কয়, সাধাৰণতে এজনী সৰু ছোৱালীৰ বাবে ব্যৱহাৰ কৰা শব্দ।

অৱশ্যে সকলোৰে বয়স ৬০ উৰ্দ্ধ।

Left: All the different tools owned by Fathima
PHOTO • M. Palani Kumar
Right: Fathima cleaning the fish before drying them
PHOTO • M. Palani Kumar

বাওঁফালে : ফাতিমাই ব্যৱহাৰ কৰা বিভিন্ন সঁজুলি। সোঁফালে : ফাতিমাই মাছবোৰ শুকুৱাৰ আগেয়ে চাফা কৰিছে

Right: Fathima cleaning the fish before drying them
PHOTO • M. Palani Kumar
Right: Dry fish is cut and coated with turmeric to preserve it further
PHOTO • M. Palani Kumar

বাওঁফালে : ডাঙৰ প্লাষ্টিকৰ ড্ৰামত নিমখ মজুত কৰা হয়। সোঁফালে : শুকান মাছখিনি কাটি তাত হালধি সানি সংৰক্ষণ কৰা হয়

ফ্ৰেডেৰিকে তেওঁৰ নামৰ তামিল সংস্কৰণ ব্যৱহাৰ কৰে: পেট্ৰি। স্বামী জেভিয়াৰৰ মৃত্যুৰ পিছত ৩৭ বছৰ ধৰি অকলেই তেওঁ কাম কৰি গৈছে। তেঁৱো গিৰীয়েকক মাপিল্লাই বুলি মাতিছিল। “বাৰিষাৰ দিনকেইটাত আমি মাছ শুকুৱাব নোৱাৰো। পেট পোহাটো বৰ কঠিন হৈ পৰে। আমি চৰা সুতত টকা ধাৰে লওঁ – প্ৰতিমাহে প্ৰতি টকাত ৫ পইচা আৰু ১০ পইচা,’ তেওঁ কয়। বছৰি সেয়া ৬০ৰ পৰা ১২০ শতাংশ সুত হৈ পৰে।

লেহেম গতিত পানী বৈ থকা কেনেলটোৰ কাষত অস্থায়ী ষ্টলৰ বাহিৰত বহি ফ্ৰেডেৰিকে কয় যে তেওঁ নতুন বৰফৰ বাকচ এটা বিচাৰে। “এটা ডাঙৰ, মজবুত ঢাকনি থকা, য’ত আমি সতেজ মাছ জমা কৰি বাৰিষা বিক্ৰী কৰিব পাৰো। চাওক, আমি সদায় আমাৰ মহলৰ পৰা ধাৰ ল’ব নোৱাৰো, কাৰণ সকলোৰে ব্যৱসায়ত মন্দা চলি আছে। কাৰ হাতত টকা আছে? কেতিয়াবা, গাখীৰৰ পেকেট এটা কিনিবলৈও হাতত এটকা নাথাকে।”

শুকান মাছ বিক্ৰীৰ পৰা পোৱা পইছাখিনি ঘৰ চলোৱা, খোৱা আৰু স্বাস্থ্যৰ নামত খৰছ হয়। তেওঁ শেষৰটোৰ ওপৰত গুৰুত্ব আৰোপ কৰে – “প্ৰেচাৰ আৰু চুগাৰৰ টেবলেট”। যিকেইটা মাহত মাছ ধৰাটো নিষিদ্ধ, সেই মাহকেইটাতে তেওঁলোকে খাদ্য কিনিবলৈ পইছা ধাৰ কৰিবলগীয়া হয়। “এপ্ৰিল আৰু মে’ মাহত মাছে পোনা মেলে, আৰু সেয়েহে মাছ ধৰাৰ অনুমতি নাই। তেতিয়া আমাৰ বহুত লোকচান হয়। আৰু লগতে, বাৰিষাৰ সময়ত – অক্টোবৰৰ পৰা জানুৱাৰীলৈকে – যেতিয়া নিমখ নোপোৱা হৈ যায়, আৰু মাছ শুকুওৱা টান হৈ পৰে, তেতিয়া আমি সঞ্চয়ো কৰিব নোৱাৰো নাইবা মন্দা দিনৰ কাৰণে মাছ কিনিবলৈও পইছা জমা কৰিব নোৱাৰো।”

নতুন এটা বৰফৰ বাকচৰ দাম ৪,৫০০ টকা। এযোৰ লোহাৰ দগা-পাল্লা আৰু এলুমিনিয়ামৰ পাচি লগত থাকিলে গোটেই কিটটো সম্পূৰ্ণ। এই গোটেইখিনি হ’লেই জীৱনটো সলনি হৈ যাব বুলি ফ্ৰেডেৰিকে বিশ্বাস কৰে। “মই কেৱল মোৰ বাবেই বিচৰা নাই; মই সকলোৰে বাবে বিচাৰো। যদি আমাৰ হাতত সেইটো থাকিলহেঁতেন,” তেওঁ কয়, “আমি চলিব পাৰিলোহেঁতেন।”

Left: Frederique with the fish she's drying near her house.
PHOTO • M. Palani Kumar
Right: Fathima with a Paarai meen katuvadu (dried Trevally fish)
PHOTO • M. Palani Kumar

বাওঁফালে: ফ্ৰেডেৰিকে ঘৰৰ কাষত মাছ শুকাবলৈ মেলি দিছে। সোঁফালে: পাৰই মীন কৰুৱাৰু (শুকান ট্ৰেভাল্লি মাছ)ৰ সৈতে ফাতিমা

*****

তামিলনাডুত শস্যবিলাক নিজহাতে কাটি আনি হাতেৰেই জাৰি-জোকাৰি প্ৰস্তুত কৰা প্ৰক্ৰিয়া, যিটো ঘাইকৈ বয়সীয়া মহিলা শ্ৰমিকে কৰে, তাৰ মূল্য কোনেও নেদেখিলেও তেওঁলোকৰ সময় আৰু অপৰ্য্যাপ্ত মজুৰিৰ ফালৰ পৰা চাবলগীয়া। মাছ শুকুওৱা ব্যৱসায়টো তাৰ ব্যতিক্ৰম নহয়।

“ইতিহাস সাক্ষী, কেনেদৰে বাৰে বাৰে লিংগ নিৰ্ধাৰিত হৈছে মজুৰিবিহীন মেহনতৰ ৰীতি। সেইবাবেই পূজা, নিৰাময়, ৰন্ধা-বঢ়া, শিক্ষা, আৰু যোগানৰ পেছাদাৰীকৰণৰ যিমানখিনি কাম তাত ওতঃপ্ৰোতঃভাৱে সংপৃক্ত হৈ আছে নাৰীবিদ্বেষ। তেনেদৰেই ডাইনী, বুঢী় ঘৈণীৰ কাহিনী, যাদু-মন্ত্ৰ আদিৰ সৈতে নাৰীক জড়িত কৰা হৈছে,” ড. ৰায়ে কয়। মুঠতে মহিলাৰ বিনা বেতনে শ্ৰমক যুক্তিসংগত কৰাৰ বাবে সকলো ধাৰণাকেই অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে। “পেছা নিৰ্মাণ আৰু অ-নিৰ্মাণৰ প্ৰসংগত এয়া কাকতালীয় সংযোগ নহয়। সেইবাবেই আজিও পেছাদাৰী চেফসকল পুৰুষত্বৰ প্ৰায় কেৰিকেচাৰ হোৱাৰ প্ৰৱণতা থাকে, ঘৰুৱা ৰন্ধা-বঢ়া সদায় উন্নত কৰা বুলি দাবী কৰে। তেওঁলোকৰ আগতে পুৰোহিতসকলে সেই কাম কৰিছিল। চিকিৎসকসকলেও তেনেকুৱাই কৰিছিল। অধ্যাপকসকলেও তেনেকুৱাই কৰিছিল।”

থুথুকুড়ি চহৰৰ সিটো পাৰে, এজন লোণৰ কাৰিকৰ এছ ৰাণীৰ পাকঘৰত আমি কৰুৱাৰু কোৰাম্বু (জোল) ৰন্ধা  লাইভ ডেম’ দেখিবলৈ পাওঁ। এবছৰৰ আগতে, ২০২১ চনৰ ছেপ্টেম্বৰ মাহত আমি তেওঁক লোণডোবাৰ পৰা নিমখ চপাই থকা দেখিছিলো, দেই পুৰি নিয়া ৰ’দ আৰু ভৰি গলাই দিয়া গৰম পানীত তেওঁ জিলিকি থকা নিমখ স্ফটিকবোৰ চপাই আছিল।

ৰাণীয়ে কিনা কৰুৱাৰু তেওঁৰ চুবুৰীত প্ৰস্তুত কৰা হয়, স্থানীয়ভাৱে উৎপাদিত নিমখৰ সৈতে। গ্ৰেভি বনাবলৈ তেওঁ নেমুৰ আকাৰৰ তেঁতেলীৰ বল এটা পানীত তিয়াই দিয়ে। তাৰ পিছত তেওঁ নাৰিকল এটা কাটি ৰোকনী এখনেৰে নাৰিকলখিনি এৰুৱাই মিক্সিত দিয়ে। লগত দিয়ে বাকলি গুচোৱা পিয়াজ। সেইখিনি মুগা বৰণ নধৰালৈকে মিক্সিত দিয়ে। ব্যঞ্জনবিধ ৰান্ধি থকাৰ মাজতে তেওঁ কথা পাতি থাকে। তেওঁ ওপৰলৈ চাই কয়, “কৰুৱাৰু কোড়াম্বুৰ সোৱাদ পিছদিনালৈও ভাল লাগে। কামলৈ গ’লে লৈ যাবলৈ বৰ ভাল, লগত অকণমান লুথুৰী।”

Left: A mixed batch of dry fish that will go into the day's dry fish gravy.
PHOTO • M. Palani Kumar
Right: Tamarind is soaked and the pulp is extracted to make a tangy gravy
PHOTO • M. Palani Kumar

বাওঁফালে: বিভিন্ন প্ৰজাতিৰ শুকান মাছ। সেইখিনিৰে মাছৰ জোল বনোৱা হ’ব। সোঁফালে: তেঁতেলীখিনি পানীত ডুবাই ৰাখি তাৰে পানীখিনিৰে টেঙা জোল বনোৱা হয়

Left: Rani winnows the rice to remove any impurities.
PHOTO • M. Palani Kumar
Right: It is then cooked over a firewood stove while the gravy is made inside the kitchen, over a gas stove
PHOTO • M. Palani Kumar

বাওঁফালে: ৰাণীয়ে চাউলখিনি জাৰিছে। সোঁফালে: তাৰপিছত সেয়া খৰিৰ জুইত সিজোৱা হৈছে। আনফালে পাকঘৰত গেছৰ ষ্টোভত মাছৰ জোল বনোৱা হৈছে

ইয়াৰ পিছত তেওঁ শাক-পাচলিবোৰ চাফা কৰি কাটি দিয়ে – দুডাল চজিনা, কেঁচা কল, বেঙেনা আৰু তিনিটা বিলাহী। নৰসিংহৰ পাতৰ কেইটামান ডাল আৰু মছলা গুড়িৰ পেকেট এটাই ব্যঞ্জনৰ বাবে প্ৰয়োজনীয় উপাদানৰ তালিকাখন সম্পূৰ্ণ কৰে। মাছৰ গোন্ধ পাই মেকুৰী এটাই ভোকত মেও মেও কৰিছে। ৰাণীয়ে পেকেটটো খুলি দিয়ে, আৰু বহু ধৰণৰ কৰুৱাৰু উলিয়াই আনে – নাগাৰা, আছালাকুট্টি, পাৰাই আৰু ছালাই। “এইটো চল্লিশ টকাত পাইছো,” তেওঁ কয়, আৰু সেইদিনাৰ গ্ৰেভিৰ বাবে ইয়াৰ প্ৰায় আধাখিনি বাছি লয়।

আন এটা প্ৰস্তুতি আছে যিটো তেওঁ ভাল পায়, ৰাণীয়ে বুজাইছে: কৰুৱাৰু আভিয়াল। তেওঁ সেইটো অমিতা, সেউজীয়া মৰিচা, পিঁয়াজ, বিলাহী আৰু কৰুৱাৰুৰে ৰান্ধে। মছলা, নিমখ আৰু টেঙাৰ এক কল্পনাতীত মিশ্ৰণেৰে ই এবিধ জনপ্ৰিয় ব্যঞ্জন। শ্ৰমিকসকলে লোণডোবালৈ এয়া লগত লৈ যায়। ৰাণী আৰু তেওঁৰ বন্ধুসকলে আৰু কিছুমান ব্যঞ্জনৰ কথা আমাক কয়। জিৰা, নহৰু, সৰিয়হ আৰু হিঙৰ সৈতে একেলগে পিছি অমিতা আৰু বিলাহীৰ চূপৰ দৰে মিশ্ৰণত কিছু জলকীয়া আৰু শুকান মাছৰ সৈতে সিজাই লোৱা হয়। ৰাণীয়ে কয়, “এইটোক মিলাগুতান্নি বুলি কোৱা হয়। সদ্যপ্ৰসৱ কৰা মাতৃৰ বাবে ই অতি উত্তম, কিয়নো এইবিধ ব্যঞ্জন ঔষধি মছলাৰে ভৰি থাকে।” প্ৰচলিত যে এয়া খালে গাখীৰ বেছি উৎপন্ন হয়। কৰুৱাৰু বাদ দি মিলাগুতান্নিৰ আন এটা সংস্কৰণক জনপ্ৰিয়ভাৱে ৰচম বুলি জনা যায়, আনকি তামিলনাডুৰ বাহিৰতো। ব্ৰিটিছে এইটো বহু আগতেই লগত লৈ গৈছিল, আৰু বহু কণ্টিনেণ্টেল মেনুত ইয়াৰ নাম হয়গৈ ‘মুলিগাটাউনি’ চূপ।

ৰাণীয়ে পানীৰ পাত্ৰ এটাত কৰুৱাৰুকেইটা থয় আৰু তাৰ পিছত মাছবোৰ পৰিষ্কাৰ কৰে। তেওঁ মূৰ আৰু ফিছা আৰু ফানখিনি আঁতৰাই পেলায়। সমাজকৰ্মী উমা মহেশ্বৰীয়ে কয়, “ইয়াত সকলোৱে কৰুৱাৰু খায়। “শিশুসকলে ঠিক তেনেকৈয়ে খায়। আৰু কিছুমানে মোৰ স্বামীহঁতে জুইত জাল দি খোৱাটো পছন্দ কৰে।” খৰিৰ চৌকাৰ গৰম ছাইত কৰুৱাৰু পুতি থোৱা হয়, ভালকৈ সিজিলে গৰমকৈ খোৱা হয়। “ইমান ভাল গোন্ধ ওলায়। চুট্টা কৰুৱাৰু বৰ সুস্বাদু,’ উমাই কয়।

কোড়াম্বু উতলি থকাৰ সময়খিনিত ৰাণীয়ে ঘৰৰ বাহিৰত প্লাষ্টিকৰ চকী এখনত বহি কঁকাল পোনাই লৈছে। আমি বিভিন্ন কথা পাতিছো। মই তেওঁক চিনেমাত কৰুৱাৰুৰ কেনেদৰে নেতিবাচক ৰূপত দেখুওৱা হয়, তাকে কৈছো। তেওঁ হাঁহিছে। “কিছুমান জাতিৰ মানুহে মাংস নাখায়। তেওঁলোকেই তেনেকুৱা ছবি নিৰ্মাণ কৰে,’ তেওঁ কয়। “কিছুমানৰ বাবে ই নাথাম [অপ্ৰিয় গোন্ধ]। আমাৰ বাবে ই মানম [এক সুন্দৰ সুগন্ধি]।” আৰু এনেকৈ কৈয়ে থুথুকুড়িৰ লোণ ডোবাৰ ৰাণীয়ে কৰুৱাৰুৰ বিতৰ্কত নিষ্পত্তি কৰে...

এই গৱেষণা আজিম প্ৰেমজী বিশ্ববিদ্যালয়, বেংগালুৰুৰ গৱেষণা অনুদান কাৰ্য্যসূচী, ২০২০ৰ পৰা প্ৰাপ্ত অনুদানেৰে কৰা হৈছে।

অনুবাদ: পংকজ দাস

Aparna Karthikeyan

ଅପର୍ଣ୍ଣା କାର୍ତ୍ତିକେୟନ ହେଉଛନ୍ତି ଜଣେ ସ୍ୱାଧୀନ ସାମ୍ବାଦିକା, ଲେଖିକା ଓ ପରୀର ବରିଷ୍ଠ ଫେଲୋ । ତାଙ୍କର ତଥ୍ୟ ଭିତ୍ତିକ ପୁସ୍ତକ ‘ନାଇନ୍‌ ରୁପିଜ୍‌ ଏ ଆୱାର୍‌’ରେ ସେ କ୍ରମଶଃ ଲୋପ ପାଇଯାଉଥିବା ଜୀବିକା ବିଷୟରେ ବର୍ଣ୍ଣନା କରିଛନ୍ତି । ସେ ପିଲାମାନଙ୍କ ପାଇଁ ପାଞ୍ଚଟି ପୁସ୍ତକ ରଚନା କରିଛନ୍ତି । ଅପର୍ଣ୍ଣା ତାଙ୍କର ପରିବାର ଓ କୁକୁରମାନଙ୍କ ସହିତ ଚେନ୍ନାଇରେ ବାସ କରନ୍ତି ।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ ଅପର୍ଣ୍ଣା କାର୍ତ୍ତିକେୟନ୍
Photographs : M. Palani Kumar

ଏମ୍‌. ପାଲାନି କୁମାର ‘ପିପୁଲ୍‌ସ ଆର୍କାଇଭ୍‌ ଅଫ୍‌ ରୁରାଲ ଇଣ୍ଡିଆ’ର ଷ୍ଟାଫ୍‌ ଫଟୋଗ୍ରାଫର । ସେ ଅବହେଳିତ ଓ ଦରିଦ୍ର କର୍ମଜୀବୀ ମହିଳାଙ୍କ ଜୀବନୀକୁ ନେଇ ଆଲେଖ୍ୟ ପ୍ରସ୍ତୁତ କରିବାରେ ରୁଚି ରଖନ୍ତି। ପାଲାନି ୨୦୨୧ରେ ଆମ୍ପ୍ଲିଫାଇ ଗ୍ରାଣ୍ଟ ଏବଂ ୨୦୨୦ରେ ସମ୍ୟକ ଦୃଷ୍ଟି ଓ ଫଟୋ ସାଉଥ ଏସିଆ ଗ୍ରାଣ୍ଟ ପ୍ରାପ୍ତ କରିଥିଲେ। ସେ ପ୍ରଥମ ଦୟାନିତା ସିଂ - ପରୀ ଡକ୍ୟୁମେଣ୍ଟାରୀ ଫଟୋଗ୍ରାଫୀ ପୁରସ୍କାର ୨୦୨୨ ପାଇଥିଲେ। ପାଲାନୀ ହେଉଛନ୍ତି ‘କାକୁସ୍‌’(ଶୌଚାଳୟ), ତାମିଲ୍ ଭାଷାର ଏକ ପ୍ରାମାଣିକ ଚଳଚ୍ଚିତ୍ରର ସିନେମାଟୋଗ୍ରାଫର, ଯାହାକି ତାମିଲ୍‌ନାଡ଼ୁରେ ହାତରେ ମଇଳା ସଫା କରାଯିବାର ପ୍ରଥାକୁ ଲୋକଲୋଚନକୁ ଆଣିଥିଲା।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ M. Palani Kumar
Editor : P. Sainath

ପି. ସାଇନାଥ, ପିପୁଲ୍ସ ଆର୍କାଇଭ୍ ଅଫ୍ ରୁରାଲ ଇଣ୍ଡିଆର ପ୍ରତିଷ୍ଠାତା ସମ୍ପାଦକ । ସେ ବହୁ ଦଶନ୍ଧି ଧରି ଗ୍ରାମୀଣ ରିପୋର୍ଟର ଭାବେ କାର୍ଯ୍ୟ କରିଛନ୍ତି ଏବଂ ସେ ‘ଏଭ୍ରିବଡି ଲଭସ୍ ଏ ଗୁଡ୍ ଡ୍ରଟ୍’ ଏବଂ ‘ଦ ଲାଷ୍ଟ ହିରୋଜ୍: ଫୁଟ୍ ସୋଲଜର୍ସ ଅଫ୍ ଇଣ୍ଡିଆନ୍ ଫ୍ରିଡମ୍’ ପୁସ୍ତକର ଲେଖକ।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ ପି.ସାଇନାଥ
Photo Editor : Binaifer Bharucha

ବିନଇଫର୍ ଭାରୁକା ମୁମ୍ବାଇ ଅଞ୍ଚଳର ଜଣେ ସ୍ୱାଧୀନ ଫଟୋଗ୍ରାଫର, ଏବଂ ପରୀର ଫଟୋ ଏଡିଟର୍

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ ବିନାଇଫର୍ ଭାରୁଚ
Translator : Pankaj Das

ପଙ୍କଜ ଦାସ ପିପୁଲ୍ସ ଆର୍କାଇଭ୍ ଅଫ୍ ରୁରାଲ୍ ଇଣ୍ଡିଆର ଆସାମ ଭାଷାର ଜଣେ ଅନୁବାଦ ସମ୍ପାଦକ। ସେ ଗୌହାଟିର ବାସିନ୍ଦା, ସେ ମଧ୍ୟ ଜଣେ ଦକ୍ଷ ଅନୁବାଦକ ଯେ କି ୟୁନିସେଫ୍ ସହିତ କାର୍ଯ୍ୟ କରନ୍ତି। ସେ idiomabridge.blogspot.comରେ ଶବ୍ଦଚାତୁରୀରେ ପ୍ରଦର୍ଶନ କରିବାକୁ ଭଲପାଆନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Pankaj Das