“মোৰ মায়ে গাই থকা সময়ত দুই-তিনিটা শব্দ মই মনত ৰাখিছিলো,” হৌছাবাই দীঘে কয়। সেয়া আছিল ১৯৯৫ৰ কথা, তেওঁ হেমা ৰাইৰ্কাৰ আৰু গী পঁইটৱ’ৰ সৈতে কথা পাতি আছিল। ১৯৮০ৰ দশকৰ শেষৰফালে জি.এছ.পি. প্ৰকল্পটো হাতত লোৱা সমাজবিজ্ঞানী আৰু সমাজকৰ্মীসকলে গোট এটা হৈ মুলচি তালুকৰ ভাম্বাৰ্দে গাঁৱত উপস্থিত হৈছিল আৰু জাঁতশালৰ গীত গোৱা মহিলাসকলৰ সৈতে কথা পাতিছিল।
হৌছাবাইয়ে তেতিয়া কয়, “পথাৰৰ কাম শেষ কৰি ঘৰলৈ আহি যেতিয়া দেখো যে আটা নাই, তেতিয়া মই জাঁতশালত বহো আৰু জাঁত ঘূৰাই ঘূৰাই গীত গুণগুণাও। গীত নাগালে আমাৰ দিনটো আধৰুৱা হৈ ৰয়। গীতবোৰ গাই থাকোতে থাকোতে মনৰ গহনত সিবোৰ থাকি গ’ল। সেই গীতৰ সুৰবোৰ মৃত্যু পৰ্য্যন্ত মনত বাজি থাকিব। নমৰালৈকে সেইবোৰ মনত থাকি যাব।” তেওঁৰ গীতে, কথাই গ্ৰামাঞ্চলত খেতি-বাতি কৰা লোক, কৃষিশ্ৰমিক, মাছুৱৈ, কুমাৰ, মালি আদি কাম কৰা হাজাৰ হাজাৰ মহিলাৰ মনৰ হাজাৰটা কথা ব্যক্ত কৰে। দিনটোত দীঘলীয়া সময়ৰ বাবে কাম কৰিবলগীয়া হোৱা এই মহিলাসকলে পূবে ধলফাট নৌ-দিওতেই শোৱাপাটী এৰে। ঘৰৰ কাম-বন অটাই পথাৰলৈ বুলি ওলাই যায়।
সদায় দিনটোৰ প্ৰথম কাম আছিল জাঁতশালত বহি শস্য পিহা। তেওঁলোকে জাঁতত ধৰাৰ মাজতে গান গুণগুণাইছিল। পাকঘৰ বা পিৰালিৰ চুক এটাই আছিল তেওঁলোকৰ জিৰণিৰ ঠাই। হাঁহি-কান্দোন, হা-হুমুনিয়াহ, জীৱন সংগ্ৰাম আৰু সৰু সৰু জয়ৰ আৱেগ ইজনে-সিজনৰ আগত ব্যক্ত কৰাৰ ঠাই আছিল সেই পিৰালি নাইবা পাকঘৰ।
এনেকৈয়ে পিৰালিত বহি তেওঁলোকে জগত সম্পৰ্কে নিজৰ মতামত, গাওঁ আৰু সম্প্ৰদায়ৰ মাজত জুখি চোৱা নিজৰ জীৱনটো, পাৰিবাৰিক সম্পৰ্ক, ধৰ্ম আৰু তীৰ্থভ্ৰমণ, জাত-পাতৰ কথা, পিতৃপ্ৰধান সমাজত থাকি হোৱা অভিজ্ঞতা, বাবাচাহেব আম্বেদকাৰৰ কৰ্ম আদি বিভিন্ন বিষয়ে কথা পাতিছিল। ভিডিঅ’টোত পুণেৰ মুলচি তালুকৰ খড়কৱাড়ি চুবুৰীৰ তাৰাবাই উভেয়ে গীত আৰু জীৱনৰ কথা কৈছে।





