“মিৰ্চী, লেহচুন, অদৰক...পানীলাওৰ পাত, কৰেলা...গুড়।”
জলকীয়া, আদা-নহৰু, পানীলাও আৰু কেৰেলা - এয়া কোনো ব্যঞ্জনৰ ৰন্ধন উপকৰণ নহয়। এয়া জৈৱিক খেতিয়ক গুলাবৰাণীয়ে সাৰ আৰু কীটনাশক প্ৰস্তুতিৰ বাবে ব্যৱহাৰ কৰা পাচলি। পান্না ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ দাঁতিৰ চুংগুনা গাঁৱত গুলাবৰাণীৰ ঘৰ।
প্ৰথমে এই তালিকাখন যেতিয়া ৫৩ বৰ্ষীয় গুলাবৰাণীয়ে শুনিছিল, তেতিয়া তেওঁৰ হাঁহি উঠিছিল। “মই মনতে ভাবিলো, ক’ৰপৰা এইবোৰ বিচাৰি পাম? কিন্তু তেতিয়া হাবিত পানীলাও লাগিছিল...” তেওঁ কয়। গুড় আদি তেওঁ বজাৰৰ পৰা কিনিবলগীয়া হৈছিল।
তেওঁ কিনো ৰান্ধিছে, তাকে লৈ সন্দেহৰ চকুৰে চোৱা চুবুৰীয়াৰ পৰা সহায়ৰ হাতখন আগবাঢ়ি নাহিল। কিন্তু গুলাবৰাণীয়েও জানো কোনে কি কৈছে, ভাবিছে, সেইবোৰক গুৰুত্ব দিয়া মানুহ? সেইটো কাৰণতে পাঁচশ মানুহৰ গাওঁখনত তেঁৱেই যে এনেকৈ জৈৱিক খেতিৰ বাবে আগবাঢ়ি আহিছিল, তাত কোনো আচৰিত হ’বলগীয়া কথা নাই।
“আমি বজাৰৰ পৰা কিনা পাচলিত দৰৱ দিয়া থাকে আৰু তাত বিভিন্ন ধৰণৰ ৰাসায়নিক প্ৰয়োগ কৰা হয়, সেয়ে ভাবিলো আমিনো কিয় সেইবোৰ খাম,” চাৰিবছৰ আগতে ঘৰত হোৱা আলোচনাৰ কথা মনত পেলাই তেওঁ কয়।
“আমাৰ পৰিয়ালটোৱে ভাবিলে যে জৈৱিক খেতি এটা ভাল কাম হ’ব। জৈৱিক পদ্ধতিৰে উত্পাদিত খাদ্য খালে আমাৰ সকলোৰে স্বাস্থ্য ভালে থাকিব। জৈৱিক সাৰে কীট-পতংগৰ স্বাস্থ্য বেয়া কৰিব, আমাৰ ভাল কৰিব!” ৰগৰ কৰি তেওঁ কয়।
















