অহৰৱানিৰ ৰাস্তাটোত সোমাওতে ৰাম অৱতাৰ খুছৱাহাৰ মটৰ চাইকেলখনৰ গতি কমি আহিল, গোটেই ৰাস্তাটো বোকাৰে ভৰি আছে। তেওঁ কোনোমতে গৈ চুবুৰীটোৰ মাজভাগ পালে আৰু তাতে তেওঁৰ ১৫০ চিচিৰ বাইকখন ৰখালে।
পাঁচ মিনিটৰ ভিতৰত সৰু ল’ৰা-ছোৱালী, স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু কিশোৰ-কিশোৰীয়ে তেওঁক আগুৰি ধৰিলে। চহৰিয়া আদিবাসী সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীকেইটাই বৰ ধৈৰ্য্যৰে অপেক্ষা কৰিছে, নিজৰ মাজতে কথা পাতিছে। সিহঁতৰ হাতে হাতে খুচুৰা পইচা আৰু দহ টকীয়া নোট। সিহঁতে সিহঁতৰ প্ৰিয় খাদ্য চাওমিন খাবলৈ ৰৈ আছে।
অপেক্ষাৰত কণ কণ গ্ৰাহকসকলক অধৈৰ্য্য হৈ পৰাৰ আগেয়ে তেওঁ মটৰ চাইকেলখনৰ বোজাৰ পৰা বস্তুবোৰ উলিয়ালে। অৱশ্যে উলিয়াবলৈ বেছি বস্তু নাই। দুটা প্লাষ্টকৰ বটল, “এটাত ৰঙা চচ (জলকীয়াৰ) আৰু আনটোত আছে চয়া চচ,” তেওঁ বুজাই কয়। আন আন সামগ্ৰীৰ ভিতৰত আছে এটা বন্ধাকবি, বাকলি গুছাই থোৱা পিয়াজ, গ্ৰীণ কেপচিকাম আৰু সিজোৱা নুডলচ্। “মই বিজয়পুৰ (চহৰ)ৰ পৰা সামগ্ৰীবোৰ কিনো।”
সন্ধিয়া ৬ বাজিছে। ৰাম অৱতাৰে ইয়াৰ আগতে তিনিখন গাওঁ ঘূৰি আহিছে। তেওঁ নিয়মীয়াকৈ যিকেইখন গাঁৱলৈ যায়, আটাইকেইখনৰ নাম তেওঁ একে উশাহতে ল’লে - লাদৰ, পন্দৰি, খাজুৰি কলাঁ, শিলপাৰা, পাৰোন্দ। এই আটাইকেইখন গাওঁ বিজয়পুৰ টেহচিলৰ গোপালপুৰা গাওঁস্থিত চুটেপুৰা চুবুৰী নিবাসী ৰাম অৱতাৰৰ ঘৰৰ পৰা ৩০ কিলোমিটাৰ দূৰত্বৰ ভিতৰত। এইকেইখন গাঁৱ-চুবুৰীত সহজতে পোৱা মুখৰোচক খাদ্য বুলিবলৈ চিপচৰ পেকেট আৰু বিস্কুটহে পোৱা যায়।
প্ৰায় ৫০০ জনসংখ্যাৰে আদিবাসী অধ্যুষিত এই অঞ্চল অহৰৱানিত তেওঁ সপ্তাহত ২-৩ বাৰ আহে। অহৰৱানি গাওঁখন বেছি পুৰণি নহয়। সিংহৰ বাবে দ্বিতীয় এখন ঘৰ বনাবলৈ তেওঁলোকক ১৯৯৯ত কুন’ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বিস্থাপিত কৰা হৈছিল, তেওঁলোকে এইখন গাঁৱত বসতি কৰিবলৈ লয়। পঢ়ক: কুনোঃ চিতা সোমাব, আদিবাসী ওলাব। সিংহ নাহিল। কিন্তু আফ্ৰিকাৰ পৰা অনা চিতাবাঘ ২০২২ৰ ছেপ্টেম্বৰত কুন’লৈ অনা হ’ল।






