“সিহঁতে কয় যে এই ঠাইটুকুৰা কদৰ্য্যময় হৈ পৰিছে, বৰ বেয়া গোন্ধায়,” ৰাস্তাৰ দুয়োকাষে পৰি থকা মাছৰ বাকচ আৰু থিয় হৈ থকা শাৰী শাৰী বিক্ৰেতালৈ আঙুলিয়াই সামান্য উত্তেজিত হৈ থকা এন. গীতাই কয়। “এই আৱৰ্জনাই আমাৰ সম্বল। এই গন্ধই আমাৰ জীৱিকা। এইবোৰ এৰি আমি ক’লৈ যাম?” ৪২ বৰ্ষীয় মহিলাগৰাকীয়ে কয়।
আমি লুপ ৰ’ডৰ নচিক্কুপ্পমৰ অস্থায়ী মাছৰ বজাৰখনত থিয় হৈ আছো। সেই ৰাস্তাটো মেৰিনা সাগৰতীৰৰ ২.৫ কিলোমিটাৰ পৰ্য্যন্ত বিয়পি আছে। সিহঁত মানে ইয়াত চহৰখনৰ সৌন্দৰ্য্যৰ খাতিৰত মাছ বেপাৰীসকলক তাৰ পৰা খেদি পঠিয়াব বিচৰা আইন প্ৰণেতা আৰু নাগৰিক সমাজৰ কৰ্তৃপক্ষৰ কথা কোৱা হৈছে। গীতাহঁতৰ দৰে মাছমৰীয়াসকলৰ বাবে নচিক্কুপ্পম তেওঁলোকৰ ওৰু (গাওঁ)। সেইখন হাজাৰ চুনামি আৰু ধুমুহা বতাহৰ মাজতো তেওঁলোকৰ।
বজাৰখন ব্যস্ত হৈ পৰাৰ আগেয়ে গীতাই তেওঁৰ দোকানখন পুৱাতেই সাজু কৰিছে। প্লাষ্টিকৰ বাকচ আৰু প্লাষ্টিক ব’ৰ্ডেৰে তেওঁ বনোৱা অস্থায়ী টেবুলখনত পানী ছটিয়াব লৈছে। তেওঁ তাত দুপৰীয়া ২ বজালৈকে থাকিব। দুটা দশক আগতে হোৱা তেওঁৰ বিয়াৰ দিনৰে পৰা তেওঁ ইয়াত মাছ বিক্ৰী কৰি আহিছে।
এটা বছৰ আগতে, ২০২৩ৰ ১১ এপ্ৰিলত লুপ ৰ’ডৰ তেওঁৰ লগতে প্ৰায় তিনিশ আন মাছ বেপাৰীয়ে গ্ৰেটাৰ চেন্নাই কোপাৰেচন (জিচিচি)ৰ পৰা উচ্ছেদৰ জাননী পায়। মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশ অনুযায়ী জিচিচিয়ে এসপ্তাহৰ ভিতৰত সেই ৰাস্তা খালি কৰি দিবলৈ সেই নটিচ জাৰী কৰিছিল।
“গ্ৰেটাৰ চেন্নাই কোপাৰেচনে আইনৰ নিৰ্দেশ অনুযায়ী লুপ ৰ’ডৰ কাষৰ বেদখলকৃত এলেকা (মাছৰ দোকান-পোহাৰ, ৰখাই থোৱা গাড়ীবোৰ) আদি আঁতৰাব। অঞ্চলটোৰ ট্ৰেফিক যাতে সুচল হয় আৰু পদপথবোৰো মুকলি হয়, তাৰবাবে এই উচ্ছেদ অভিযানত আৰক্ষীয়েও সহযোগ কৰিব,” আদালতৰ নিৰ্দেশত এনেকৈ লিখা আছে।






















