“যমুনা নদীৰ সৈতে আমি সম্পৰ্কিত। আমি সদায়েই নদীৰ কাষত থাকি আহিছো।”
সেয়া বিজেন্দৰ সিং, নদীখনৰ সৈতে তেওঁৰ পৰিয়ালটোৰ সম্পৰ্কৰ কথা কৈছে। মাল্লাহ (নাৱৰীয়া) সম্প্ৰদায়ৰ লোকসকলে দিল্লীৰ কাষৰীয়া যমুনা নদীৰ প্লাৱনভূমিত বসবাস কৰাৰ লগতে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি খেতি কৰি আহিছে। ১,৩৭৬ কিলোমিটাৰজোৰা নদীখন ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল মাজেৰে ২২ কিলোমিটাৰ বৈ গৈছে আৰু সেই প্লাৱনভূমি ৯৭ বৰ্গকিলোমিটাৰ আগুৰি আছে।
বিজেন্দৰৰ দৰে প্ৰায় ৫,০০০ খেতিয়কৰ ৯৯ বছৰ ধৰি মালিকীস্বত্ব থকা পট্টা আছিল।
সেয়া বুলড’জাৰ অহাৰ আগৰ কথা।
২০২০ৰ জানুৱাৰীৰ এটা শীতাৰ্ত পুৱাত পৌৰনিগম কৰ্তৃপক্ষই জৈৱবৈচিত্ৰ উদ্যান এখনৰ বাবে ঠাই মোকলাবলৈ বুলড’জাৰেৰে তেওঁলোকৰ শস্যভৰ্তি পথাৰখন মহতিয়াই নিয়ে। বিজেন্দৰৰ পৰিয়ালে তেওঁৰ পৰিয়ালটোক ওচৰৰে গীতা কলনিৰ ভাৰাঘৰ এটালৈ নিবলগীয়া হয়।
ৰাতিটোৰ ভিতৰতে ৩৮ বছৰ বয়সীয়া খেতিয়কজনে তেওঁৰ জীৱিকা হেৰুৱালে আৰু তেওঁৰ পত্নী, দহ বছৰৰ তলৰ তিনি পুত্ৰৰে পাঁচজনীয়া পৰিয়ালটোৰ পেট পুহিবলৈ গাড়ীচালকৰ কামত সোমাবলগীয়া হ’ল। এনেদৰে বিলাই-বিপত্তি ঘটা কেৱল তেঁৱেই নাছিল। নিজৰ মাটি আৰু জীৱিকা হেৰুওৱা আন বহুতেই ৰঙৰ কাম, মালিৰ কাম, চিকিউৰিটি গাৰ্ড আৰু মেট্ৰ’ ষ্টেছনত চুইপাৰৰ কাম বিচাৰিবলগীয়া হ’ল।
“আপুনি যদি লোহা পুলৰ পৰা আই.টি.অ’লৈ যোৱা বাটটোলৈ নজৰ কৰে, দেখিব যে কছৰি বিক্ৰী কৰা চাইকেল দোকানীৰ সংখ্যা বাঢ়ি গৈছে। এই সকলোবোৰ এসময়ৰ খেতিয়ক। নিজৰ খেতিপথাৰখন হেৰুওৱাৰ পিছত খেতিয়কে কৰিবইবা কি?”










