বনৰ ৰজাক অপেক্ষা কৰিবলৈ দিব নোৱাৰি।
সিংহবোৰ আহিবলগীয়া আছিল। সুদূৰ গুজৰাটৰ পৰা। সিহঁতৰ প্ৰৱেশ যাতে সুচল হয়, তাৰবাবে আন সকলোৱে আঁতৰি দিবলগীয়া হ’ল।
কিন্তু সেয়া ভাল কাম যেনেই লাগিছিল। অৱশ্যে এই কামৰ পৰিণাম কি হ’ব পাৰে, সেই কথা তেওঁলোকে ভালকৈ বুজি উঠা নাছিল।
“সিংহকেইটা আহি পালে এই ঠাইখন বিখ্যাত হৈ পৰিব। আমি গাইডৰ কাম পাম। চাহ-বিস্কুটৰ দোকানো দিব পাৰিম। আমাৰ পৰিয়ালবোৰ চলিব।” এইখিনি কথা ৰাঘৱৰ। ৭০ বছৰ বয়সীয়া ৰাঘৱে কুনো ৰাষ্ট্ৰীয় উদ্যানৰ বাহিৰত আগাৰা গাঁৱত আমাৰ সৈতে কথা পাতিছে।
“আমাক জলসিঞ্চনৰ সুবিধা থকা মাটি দিব, সকলো বতৰতে ভালে থকা ৰাস্তা, গোটেই গাওঁখনৰ বাবে বিদ্যুতৰ সুবিধা আৰু নাগৰিকৰ প্ৰাপ্য সুবিধাখিনি দিব,” ৰঘুলালে কৈছিল।
“চৰকাৰে সেয়াই প্ৰতিশ্ৰুতি দিছিল,” তেওঁ কয়।
তেনে প্ৰতিশ্ৰুতি বুকুত সাবটি পাইৰা গাঁৱকে ধৰি ২৪ খন গাঁৱৰ প্ৰায় ১,৬০০ পৰিয়ালে কুনো ৰাষ্ট্ৰীয় উদ্যানত থকা তেওঁলোকৰ ঘৰ এৰিছিল। তেওঁলোক ঘাইকৈ চাহাৰিয়া আদিবাসী, দলিত আৰু দৰিদ্ৰ ও.বি.চি. শ্ৰেণীৰ লোক। বৰ লৰালৰিকৈ তেওঁলোকক বিস্থাপিত কৰা হৈছিল।
ঘৰবোৰ ভাঙি পেলাবলৈ ট্ৰেক্টৰ অনা হৈছিল। আজোককাকৰ দিন ধৰি বনাঞ্চলত থকা বাসিন্দাসকলে নিজৰ ঘৰ-বাৰি এৰিছিল, বস্তু-বাহানিও সামৰিব পৰা নাছিল। স্কুল ঘৰ, দমকল, কুঁৱা আৰু তেওঁলোকে তাহানিৰে পৰা খেতি কৰা মাটিবোৰ এৰি আহিবলগীয়া হৈছিল। আনকি গৰু-মহো এৰি আহিছিল। কিয়নো অৰণ্যখন নাথাকিলে সিহঁতক খুওৱা মস্কিল হ’ব আৰু আলাই-আথানি কৰাহে হ’ব।
আজি তেত্ৰিশ বছৰ পাৰ হ’ল, সিংহকেইটা আহিব বুলি তেওঁলোক এতিয়াও ৰৈ আছে।


















