৩০ নং ৰাষ্ট্ৰীয় ঘাইপথত আপুনি ছত্তীশগড়ৰ ৰাজধানী চহৰ ৰায়পুৰৰ পৰা বাস্তাৰৰ জিলা সদৰলৈ যাব পাৰে। এই বাটচোৱাতে পৰে কাংকেৰ জিলাৰ এখন সৰু চহৰ চাৰ্মা। চাৰ্মা নাপাওতে তাতে এটা সৰু ঘাট আছে। এই ঘাটতে তহল দি থাকোতে হাবিৰ পৰা খৰি লুৰুকি মুৰত বোজাই কৰি নিয়া পুৰুষ-মহিলাৰ ১০-১৫ জনীয়া দল এটা দেখিবলৈ পাইছিলো, তাৰে প্ৰায়ভাগেই মহিলা আছিল।
ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা কাংকেৰ জিলাৰ কোঁচৱাহী গাঁও আৰু বালোড় জিলাৰ মছন্দুৰ গাঁৱৰ আছিল সেইসকল আদিবাসী লোক। তেঁওলোকৰ প্ৰায়ভাগেই আছিল গোণ্ড জনজাতিৰ উপান্ত কৃষক অথবা কৃষিশ্ৰমিক আছিল।






