২০২০ চনৰ মাৰ্চত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ বঢ়াৰ সময়ত মহাৰাষ্ট্ৰৰ ওচমানাবাদ জিলাৰ অৰুণ গাইকোৱাডৰ ১০ একৰ খেতি পথাৰখন উদং হৈ পৰিছিল। ওচমানাবাদ তালুকৰ মহালিংগি গাঁৱৰ তেওঁৰ ঘৰত তেওঁৰ পত্নী ৪৮ বছৰীয়া ৰাজশ্ৰীয়ে কয়, “আমি সেই সময়ত জোৱাৰ, চানা [বুট] আৰু পিয়াজ চপাইছিলো।”
কিন্তু দেশজুৰি হোৱা লকডাউনৰ কাৰণে বজাৰবোৰ বন্ধ হৈ গৈছিল। “আমি আমাৰ বস্তুবোৰ মাণ্ডিলৈ নিব নোৱাৰিলো। সেয়েহে গোটেই চপোৱা শস্যখিনি আমাৰ চকুৰ সন্মুখতে নষ্ট হৈ গ’ল,” ৰাজশ্ৰীয়ে কয়।
৫২ বছৰীয়া অৰুণ আৰু ৰাজশ্ৰীয়ে ১০ কুইণ্টল জোৱাৰ, ১০০ কুইণ্টল পিয়াজ আৰু ১৫ কুইণ্টল বুট চপাইছিল। সেই সময়ত, জোৱাৰৰ নিম্নতম সমৰ্থন মূল্য আছিল প্ৰতি কুইণ্টলত ২,৫৫০ টকা। চানাৰ বাবে আছিল ৪,৮০০ টকা, আৰু পিয়াজ প্ৰতি কুইণ্টলত প্ৰায় ১,৩০০ টকাত বিক্ৰী হৈছিল। সেয়ে দম্পতিহালে বীজ, সাৰ, কীটনাশক আৰু অন্যান্য ইনপুটৰ ওপৰত তেওঁলোকৰ বিনিয়োগ বাদ দি কমেও ২ লাখ ২৭,৫০০ টকাৰ লোকচান ভৰিছিল।
ইয়াৰ উপৰিও, তেওঁলোকে শস্য চহাবলৈ কেইবাঘণ্টা ৰখিবলগীয়া হৈছিল, ৰাজশ্ৰীয়ে লগতে কয়। "ক’ভিদে তচনচ কৰাৰ ঠিক আগতে তেওঁ এখন ট্ৰেক্টৰ কিনিছিল, আৰু মাহিলী ১৫,০০০ টকাৰ কিস্তি পৰিশোধ কৰাও টান হৈ পৰিছিল। আমি বেংকৰ পৰা নটিচ পাবলৈ ধৰিলো।"
কিন্তু অৰুণে ২০২০ চনৰ খাৰিফ ঋতুত (জুলাই-অক্টোবৰ) ঘাটিখিনি মাৰিব পাৰিব বুলি আশা কৰিছিল। জুলাই মাহৰ ভিতৰত ক’ভিড-১৯ৰ প্ৰথম ঢৌ মাৰ যোৱাৰ উপক্ৰম হৈছিল আৰু ক’ভিড সংক্ৰমণৰ ঘটনাও হ্ৰাস পাইছিল। তেওঁ ভাবিছিল আটাইতকৈ বেয়া দিনবোৰ উকলিছে। “আমি ভাবিছিলো যে আমি সোনকালেই স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিম আৰু ক’ভিডৰ ধ্বংসলীলাৰ অৱসান ঘটিছে। অৰ্থনীতি লাহে লাহে মুকলি হৈ আহিছিল,” অৰুণৰ ৩০ বছৰীয়া জোঁৱায়েক প্ৰদীপ ধাৱলেয়ে কয়।
যোৱা বছৰ জুনৰ শেষৰ ফালে, অৰুণ আৰু ৰাজশ্ৰীয়ে তেওঁলোকৰ মাটিত ছ’য়াবিনৰ খেতি কৰে। কিন্তু অক্টোবৰ মাহত শস্য চপোৱাৰ সময়ত, আৱতৰীয়া বৰষুণে ওচমানাবাদত ছ’য়াবিনৰ শস্য নষ্ট কৰি পেলায়। ৰাজশ্ৰীয়ে কয়, "আমাৰ গোটেই খেতিপথাৰ বানপানীত উটি গৈছিল। "আমি আমাৰ চপোৱা শস্যবোৰ কোনোপধ্যেই বচাব নোৱাৰিলো। সেইসময়ত আমাৰ কিমান ক্ষতি হৈছিল তেওঁ মোক কোৱা নাছিল, সম্ভৱতঃ তেওঁ মোৰ দুশ্চিন্তাবোৰ আৰু বঢ়াব বিচৰা নাছিল।" যোৱা ৪-৫ বছৰত প্ৰায় ১০ লাখ টকাৰ আশে-পাশে ধাৰ হোৱা কথাটো তেওঁ ৰাজশ্ৰীক কোৱা মনত আছে।
তাৰে কিছু ঋণ আছিল তিনিজনী জীয়েকৰ বিয়াৰ বাবে লোৱা ঋণ। “ক’ভিডৰ আগতেও আমাৰ পৰিস্থিতি বৰ এটা ঠিক নাছিল। লকডাউন আৰু ধাৰাসাৰ বৰষুণৰ পিছত, ইয়াৰ যথেষ্ট অৱনতি ঘটিছিল,” ৰাজশ্ৰীয়ে কয়। “আমাৰ ২০ বছৰীয়া ল’ৰা এটাও আছে। তাৰ নাম মন্থন। তাৰ পঢ়া খৰছৰ বাবেও আমাক টকাৰ প্ৰয়োজন আছিল।”
অৰুণে তেতিয়াও আশা এৰি দিয়া নাছিল। তেওঁ ভাবিছিল যে আটাইতকৈ বেয়া দিনবোৰ শেষ হোৱাৰ উপক্ৰম হৈছে। এক নতুন উদ্যমেৰে তেওঁ নৱেম্বৰৰ আশে-পাশে আৰম্ভ হোৱা ৰবি ঋতুত খেতিত লাগিবলৈ ধৰে। তেওঁ জোৱাৰ আৰু চানা সিচিছিল। “কিন্তু ৰবি শস্য চপোৱাৰ পাছতে [মাৰ্চৰ আশে পাশে] দ্বিতীয় ঢৌ [ক’ভিদ-১৯] আহে।” “এইটো প্ৰথম বাৰতকৈও ভয়ংকৰ আছিল। যোৱা বছৰ যিমান ভয় খাইছিল, মানুহবোৰ তাতকৈ বেছি আতংকিত হৈছিল। কোনেও বাহিৰত থাকিব খোজা নাছিল।”
এইবাৰ, তেওঁলোকে ২৫ কুইণ্টল জোৱাৰ আৰু প্ৰায় ২০ কুইণ্টল চানা চপাইছিল। কিন্তু অৰুণ আৰু ৰাজশ্ৰীৰ বাবে এইটো পুনৰ ২০২০ৰ মাৰ্চৰ দৰে আছিল। দেশখনত আন এটা লকডাউন হৈছিল, বজাৰবোৰ বন্ধ হৈ গৈছিল, আৰু সকলোবোৰ প্ৰয়োজনীয়া শস্যৰ দৰ কমি গৈছিল।
আন এটা বিপদৰ সংশয়ে অৰুণক খুলি খুলি খাইছিল। এই বছৰৰ এপ্ৰিল মাহৰ এদিন পুৱা তেওঁ নিজৰ ঘৰৰ কাষৰ এটা গোহালিত চিপজৰী লয়।
অৰুণে হয়তো ক’ভিড-১৯ৰ পৰা পলাই সাৰিছিল, কিন্তু সঁচাকৈয়ে যিমানখিনি লোকচান হৈছিল তাৰ পৰা ৰক্ষা পোৱা নাছিল।
২০২০ৰ মাৰ্চত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ বঢ়াৰ মাত্ৰ এবছৰৰ ভিতৰত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিউ (PEW) গৱেষণা কেন্দ্ৰৰ মাৰ্চ ২০২১ৰ প্ৰতিবেদন অনুসৰি, ভাৰতত প্ৰতিদিনে ২ ডলাৰ বা তাতকৈ কম উপাৰ্জনৰ আনুমানিক ৭৫ নিযুত লোক দৰিদ্ৰতাৰ কবলত পৰিছিল।
মহাৰাষ্ট্ৰৰ মাৰাঠৱাড়া অঞ্চলৰ কৃষিপ্ৰধান জিলা ওচমানাবাদত এই মন্দাৱস্থা বিশেষভাৱে লক্ষণীয় য'ত কৃষকসকলে যোৱা তিনি দশকৰ পৰা ঋণ আৰু সংকটৰ সৈতে যুঁজি আছে।
২০১৫ৰ পৰা ২০১৮লৈ ৰাজ্যখনত সৰ্বাধিক সংখ্যক কৃষকৰ আত্মহত্যাৰ সৰহ সংখ্যকেই আছিল মাৰাঠৱাড়াৰ। বৰ্তমান স্থানীয় অৰ্থনীতিৰ মন্দাৱস্থা, বছৰ বছৰ ধৰি হৈ অহা খৰাং, মুদ্ৰাস্ফীতি আৰু জলবায়ু পৰিৱৰ্তনে ভাৰাক্ৰান্ত কৃষকসকলৰ সমস্যা অধিক জটিল কৰি পেলাইছে। মহামাৰী আৰম্ভ হোৱাৰ পিছত তেওঁলোকৰ জীয়াই থকাৰ সংগ্ৰাম অধিক কঠিন হৈ পৰিছে, যাৰ ফলত বহুতো কৃষক দৰিদ্ৰতাৰ সীমাত উপনীত হৈছে।
৪০ বছৰীয়া ৰমেশ চৌৰে দ্বিতীয় ঢৌ অহাৰ আগতেই সকলোবোৰ হেৰুওৱাৰ ভয়ত হাৰ মানিছিল – প্ৰথম ঢৌৱে তেওঁৰ মন ভাঙি পেলাইছিল।
ওচমানাবাদৰ ৰঘুচিৱাড়ী গাঁৱৰ তিনি একৰ মাটিত খেতি কৰা ৰমেশে তেওঁৰ পত্নীৰ ডায়েলাইচিছ চিকিৎসাৰ বাবে টকা ধাৰ লৈছিল – যাৰ বাবে তেওঁলোকে মাহত কমেও এবাৰ ৯০ কিলোমিটাৰ দূৰৰ লাটুৰলৈ যাবলগা হয়। তেওঁলোকৰ ঘৰৰ কাষৰে ৬১ বছৰীয়া তেওঁৰ খুৰাক ৰামৰাৱে কয়, "তেওঁ তাইৰ চিকিৎসাৰ বাবে যথেষ্ট খৰছ কৰিব লগা হৈছিল। “২০১৯ চনৰ ছেপ্টেম্বৰত তাই ঢুকাল।”
পত্নীৰ মৃত্যুৰ পিছত ৰমেশে তেওঁৰ মাটিত জোৱাৰ আৰু ছ’য়াবিন খেতি কৰিবলৈ লয়। তেওঁ জীৱিকাৰ হেতু এখন টেম্পো চলাইছিল আৰু তেওঁৰ ১৬ বছৰীয়া পুত্ৰ ৰোহিতৰ চোৱা-চিতাও কৰিছিল। ৰামৰাৱে কয়, “তেওঁ টেম্পো চলাই ৬,০০০ টকা উপাৰ্জন কৰিছিল।” “কিন্তু ক’ভিড-১৯ [প্ৰাদুৰ্ভাৱ]ৰ বাবে তেওঁ কাম হেৰুৱাব লগা হৈছিল। কৃষক হিচাপেও তেওঁৰ জীৱনটো অতিশয় কষ্টকৰ হৈ পৰিছিল।”
আন কৃষকসকলৰ দৰে, ৰমেশেও তেওঁৰ ২৫ কুইণ্টল জোৱাৰ বিক্ৰী কৰিব পৰা নাছিল আৰু প্ৰায় ৬৪,০০০ টকা লোকচান ভৰে। ৰামৰাৱে কয় যে তেওঁৰ ভতিজাই সেই খেতিত প্ৰতি একৰত ১২,০০০ টকাকৈ বিনিয়োগ কৰিছিল, তেঁৱো তেনেদৰে ৩০,০০০ টকা লোকচানৰ সন্মুখীন হয়।
ৰমেশৰ কৃষি ব্যয় আৰু চিকিৎসা বিল মিলি ৪ লাখমান ধাৰ লাগিছিল। তেওঁ অতিশয় চিন্তিত হৈ পৰিছিল। ৰামৰাৱে কয়, “তেওঁ অনুভৱ কৰিছিল যে ছ’য়াবিনৰ বতৰ ভাল হ'লেও তেওঁৰ ধাৰ নমৰে।” যোৱা বছৰ ছেপ্টেম্বৰত, ৰমেশে তেওঁৰ জীৱন শেষ কৰি দিছিল। ৰামৰাৱে মনত পেলাই কয়, “মই সন্ধিয়া পথাৰলৈ গৈছিলো আৰু তাৰ পৰা ঘূৰি আহি তেওঁক চিলিং ফেনত (তেওঁৰ ঘৰত) ওলমি থকা দেখিছিলো।” “অক্টোবৰত হোৱা বৰষুণে তেওঁৰ চপোৱা গোটেইখিনি শস্য উটুৱাই নিছিল। অন্ততঃ তেওঁ সেইটো নেদেখিলে।”
এবছৰৰ ভিতৰত মাক-দেউতাক দুয়োকে হেৰুৱাই ৰমেশৰ পুত্ৰ ৰোহিতেপঢ়াশুনা অব্যাহত ৰাখিবলৈ ৰেচন দোকানএখনত কাম কৰা আৰম্ভ কৰে। তেওঁ কয়, “মই এইমাত্ৰ স্কুলৰ কালচোৱা শেষ কৰিলো। এতিয়া কলেজলৈ গৈ কলা শাখাত অধ্যয়ন কৰিব বিচাৰো”। “তাৰ পিছত কি কৰিব লাগে মই চাম।”
বছৰ বছৰ ধৰি হৈ অহা খৰাং, মুদ্ৰাস্ফীতি আৰু জলবায়ু পৰিৱৰ্তনৰ কবলত পৰি স্থানীয় অৰ্থনীতি ডুবিব ধৰিছে, পৰিণামস্বৰূপে কৃষকসকলৰ সমস্যা অধিক জটিল হৈ পৰিছে। তাতে আকৌ দৰিদ্ৰতাই তেওঁলোকৰ জীয়াই থকাটোৱে মস্কিল কৰি তুলিছে, বহু কৃষক দৰিদ্ৰতাৰ গৰাহত পৰিছে
কৃষকৰ ক্ৰয় ক্ষমতা নাইকিয়া হৈ অহাৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী।
বীড় জিলাৰ ধাৰুৰ তালুকৰ কৃষি সেৱা কেন্দ্ৰৰ গৰাকী ৩১ বছৰীয়া শ্ৰীকৃষ্ণ বধে এই পৰিণাম বাৰুকৈয়ে অনুভৱ কৰিছিল। ওচমানাবাদ চহৰৰ পৰা প্ৰায় ১১৫ কিলোমিটাৰ দূৰৰ দেৱদাহিফল গাঁৱত তেওঁৰ এখন দোকান আছিল। সেইখন দোকানৰ পৰাই অঞ্চলটোৰ কৃষকসকলে বীজ, সাৰ আৰু কীটনাশক ক্ৰয় কৰিছিল। “বহুতো কাৰণত, কৃষকসকলে এই ইনপুটবোৰ ক্ৰয় নকৰে, তেওঁলোকে মাত্ৰ ধাৰ হিচাপে লয়,” বাধেৰ ২৪ বছৰীয়া সম্পৰ্কীয় ভাই খাণ্ডু পোটে কয়। “এবাৰ [কৃষি] ঋতু শেষ হোৱাৰ পিছত তেওঁলোকে তেওঁলোকৰ সামগ্ৰীবোৰ বিক্ৰী কৰাৰ পিছত দোকানীজনৰ ওচৰত যি ঋণ থাকে সেয়া পৰিশোধ কৰে।”
অৱশ্যে মহামাৰী আৰম্ভ হোৱাৰ পিছত বেছিভাগ কৃষকে বাধেৰ দোকানত হোৱা ধাৰ মাৰিব পৰা নাছিল, পোটে কয়। তেওঁ লগতে কয়, “শ্ৰীকৃষ্ণৰ নিজৰ পাঁচ একৰ খেতিপথাৰ আছিল, সেয়েহে তেওঁ জানিছিল যে কৃষকসকলে মিছা মতা নাই।” “কিন্তু ডিষ্ট্ৰিবিউটৰৰ পৰা যি ষ্টক আনিছিল, সেইখিনিৰ বাবে তেওঁ ধন পৰিশোধ কৰিবলগা হৈছিল। তেওঁ সেইবোৰ পৰিশোধ কৰিবলৈ টকা ধাৰলৈ বিচাৰিছিল। কিন্তু একো কামত নাহিল।”
বাধে বহুত অস্থিৰ হৈ পৰিছিল। তাৰ পিছত, ২০২১ চনৰ মে’ মাহত, তেওঁ এদিন নিজৰ খেতিপথাৰলৈ গৈ গছ এডালত চিপজৰী ল’লে। "তেওঁ আন এটা লোকচান আৰু হতাশাৰ বতৰৰ আশংকাই বাহ লৈছিল। “দৰাচলতে কৃষকসকলৰ হাতত খেতি কৰি ঋণৰ পৰা উদ্ধাৰ পোৱাৰ বাদে আন কোনো উপায় নাথাকে।”
ৰাজশ্ৰীয়ে ঠিক সেইটোৱেই কৰাৰ পৰিকল্পনা কৰিছে। “আমি ছ’য়াবিনৰ বতৰ অহাত ১ লাখ টকাৰ ধাৰ লৈছিলো (২০২১ত),” তেওঁ কয়। “আমি চিজন শেষ হোৱাৰ পিছত সেয়া পৰিশোধ কৰিম বুলি ভাবি থৈছিলো। ধাৰবোৰ লাহে লাহে কমাই অনাৰ এইটোৱেই আমাৰ হাতত থকা একমাত্ৰ বিকল্প।”
সেয়েহে, ৰাজশ্ৰীৰ খেতি ভাল হোৱাটো অতিকৈ জৰুৰী। তেওঁৰ কন্যা আৰু তেওঁলোকৰ গৃহস্থসকলে ইতিমধ্যে তেওঁক সহায় কৰি আছে। সকলোবোৰ কথাই তেওঁ ভবা মতেই ভাললৈ অহাৰ বাটত আছিল। কিন্তু ছেপ্টেম্বৰৰ শেষৰফালে ঘূৰ্ণীবতাহ গুলাবে মাৰাঠৱাড়ালৈ ধাৰাসাৰ বৰষুণ নমাই আনিলে। ৰাজশ্ৰীৰ ভাবি ভয় লাগে যে আটাইতকৈ বেয়া দিনবোৰ তেওঁৰ ঠিক পিছতেই ৰৈ আছে।
এই প্ৰতিবেদন সাংবাদিকজনলৈ পুলিটজাৰ চেণ্টাৰে আগবঢ়োৱা স্বতন্ত্ৰ সাংবাদিকতা অনুদানৰ অধীনত কৰা এলানি প্ৰতিবেদনৰ অংশ ।
অনুবাদ: ৰিমঝিম বৰঠাকুৰ