২০২০ চনৰ মাৰ্চত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ বঢ়াৰ সময়ত মহাৰাষ্ট্ৰৰ ওচমানাবাদ জিলাৰ অৰুণ গাইকোৱাডৰ ১০ একৰ খেতি পথাৰখন উদং হৈ পৰিছিল। ওচমানাবাদ তালুকৰ মহালিংগি গাঁৱৰ তেওঁৰ ঘৰত তেওঁৰ পত্নী ৪৮ বছৰীয়া ৰাজশ্ৰীয়ে কয়, “আমি সেই সময়ত জোৱাৰ, চানা [বুট] আৰু পিয়াজ চপাইছিলো।”
কিন্তু দেশজুৰি হোৱা লকডাউনৰ কাৰণে বজাৰবোৰ বন্ধ হৈ গৈছিল। “আমি আমাৰ বস্তুবোৰ মাণ্ডিলৈ নিব নোৱাৰিলো। সেয়েহে গোটেই চপোৱা শস্যখিনি আমাৰ চকুৰ সন্মুখতে নষ্ট হৈ গ’ল,” ৰাজশ্ৰীয়ে কয়।
৫২ বছৰীয়া অৰুণ আৰু ৰাজশ্ৰীয়ে ১০ কুইণ্টল জোৱাৰ, ১০০ কুইণ্টল পিয়াজ আৰু ১৫ কুইণ্টল বুট চপাইছিল। সেই সময়ত, জোৱাৰৰ নিম্নতম সমৰ্থন মূল্য আছিল প্ৰতি কুইণ্টলত ২,৫৫০ টকা। চানাৰ বাবে আছিল ৪,৮০০ টকা, আৰু পিয়াজ প্ৰতি কুইণ্টলত প্ৰায় ১,৩০০ টকাত বিক্ৰী হৈছিল। সেয়ে দম্পতিহালে বীজ, সাৰ, কীটনাশক আৰু অন্যান্য ইনপুটৰ ওপৰত তেওঁলোকৰ বিনিয়োগ বাদ দি কমেও ২ লাখ ২৭,৫০০ টকাৰ লোকচান ভৰিছিল।
ইয়াৰ উপৰিও, তেওঁলোকে শস্য চহাবলৈ কেইবাঘণ্টা ৰখিবলগীয়া হৈছিল, ৰাজশ্ৰীয়ে লগতে কয়। "ক’ভিদে তচনচ কৰাৰ ঠিক আগতে তেওঁ এখন ট্ৰেক্টৰ কিনিছিল, আৰু মাহিলী ১৫,০০০ টকাৰ কিস্তি পৰিশোধ কৰাও টান হৈ পৰিছিল। আমি বেংকৰ পৰা নটিচ পাবলৈ ধৰিলো।"
কিন্তু অৰুণে ২০২০ চনৰ খাৰিফ ঋতুত (জুলাই-অক্টোবৰ) ঘাটিখিনি মাৰিব পাৰিব বুলি আশা কৰিছিল। জুলাই মাহৰ ভিতৰত ক’ভিড-১৯ৰ প্ৰথম ঢৌ মাৰ যোৱাৰ উপক্ৰম হৈছিল আৰু ক’ভিড সংক্ৰমণৰ ঘটনাও হ্ৰাস পাইছিল। তেওঁ ভাবিছিল আটাইতকৈ বেয়া দিনবোৰ উকলিছে। “আমি ভাবিছিলো যে আমি সোনকালেই স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিম আৰু ক’ভিডৰ ধ্বংসলীলাৰ অৱসান ঘটিছে। অৰ্থনীতি লাহে লাহে মুকলি হৈ আহিছিল,” অৰুণৰ ৩০ বছৰীয়া জোঁৱায়েক প্ৰদীপ ধাৱলেয়ে কয়।
যোৱা বছৰ জুনৰ শেষৰ ফালে, অৰুণ আৰু ৰাজশ্ৰীয়ে তেওঁলোকৰ মাটিত ছ’য়াবিনৰ খেতি কৰে। কিন্তু অক্টোবৰ মাহত শস্য চপোৱাৰ সময়ত, আৱতৰীয়া বৰষুণে ওচমানাবাদত ছ’য়াবিনৰ শস্য নষ্ট কৰি পেলায়। ৰাজশ্ৰীয়ে কয়, "আমাৰ গোটেই খেতিপথাৰ বানপানীত উটি গৈছিল। "আমি আমাৰ চপোৱা শস্যবোৰ কোনোপধ্যেই বচাব নোৱাৰিলো। সেইসময়ত আমাৰ কিমান ক্ষতি হৈছিল তেওঁ মোক কোৱা নাছিল, সম্ভৱতঃ তেওঁ মোৰ দুশ্চিন্তাবোৰ আৰু বঢ়াব বিচৰা নাছিল।" যোৱা ৪-৫ বছৰত প্ৰায় ১০ লাখ টকাৰ আশে-পাশে ধাৰ হোৱা কথাটো তেওঁ ৰাজশ্ৰীক কোৱা মনত আছে।







