“স্কুলত যদি দিনে দুবাৰ খাবলৈ দিলেহেঁতেন।”
সাত বছৰীয়া বাসৱৰাজুৱে তেলাংগনাৰ ছেৰিলিংগমপাল্লী মণ্ডল মণ্ডল পৰিষদ প্ৰাথমিক বিদ্যালয়ত পঢ়ে। গৰম গৰম দুপৰীয়াৰ আহাৰ পোৱা দেশৰ ১১.২ লাখ খন স্কুলৰ মাজৰ ৰাংগা ৰেড্ডী জিলাৰ এইখনো এখন। বাসৱৰাজুৰ স্কুলৰ লগ ১০ বছৰীয়া অম্বিকাই স্কুললৈ অহাৰ আগেয়ে এগিলাচ ভাতৰ মাৰ খাই আহিছে, আন বহুতৰ দৰে তাইৰো সেয়া দিনটোৰ প্ৰথম সাজ আহাৰ।
ভাৰতত ১ম মানৰ পৰা ৮ম মানৰ ১১৮ মিলিয়ন শিক্ষাৰ্থীয়ে চৰকাৰী আৰু বেচৰকাৰী তথা ৰাজ্যচালিত শিক্ষণ কেন্দ্ৰসমূহত সৰ্বশিক্ষা অভিযানৰ অধীনত কোনো মাচুল নোহোৱাকৈ কৰ্মদিনকেইটাত মধ্যাহ্ন ভোজন কৰিবলৈ পায়। পেট ভৰি থাকিলে ভালকৈ যোগ-বিয়োগ অংক কৰিব পাৰি, নাইবা বানান শুদ্ধকৈ জোটাব পাৰি, এনে কোনো যুক্তি নাই। কিন্তু দুপৰীয়াৰ আহাৰ দিয়া উদ্দেশ্যে হৈছে শিশুক স্কুললৈ আহিবলৈ উৎসাহিত কৰা। (অতিকমেও ১৫০ মিলিয়ন শিশু আৰু যুৱক ভাৰতত আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ পৰা বাহিৰত, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই কথা কৈছে)।
আমি যেতিয়া ৰাজস্থানৰ ভিলৱাৰা জিলাৰ যোৰগড় গাঁৱৰ ৰাজকীয় প্ৰাথমিল বিদ্যালাত দহ বছৰীয়া দক্ষ ভাটক লগ পাও, তেতিয়া দক্ষই স্কুললৈ অহাৰ আগতে দুখনমান বিস্কুট খাইছিল। হাজাৰ হাজাৰ কিলোমিটাৰ দূৰৰ অসমৰ নলবাৰী জিলাত আলিশা বেগমে আমাক কয় যে তাই ৮৫৮ নং নিজ খাগাটা এল.পি. স্কুললৈ অহাৰ আগতে এখন ৰুটি আৰু অলপ লালচাহ খাই আহিছে। তাইৰ দেউতাক ৰাস্তাৰ কাষৰ বেপাৰী আৰু মাক গৃহিণী।


































