'মই জীৱনত কাহানিও ইমান বেগাই দৌৰা নাছিলো, সিদিনা যিমান বেগাই দৌৰিছিলো,' তেঁও নিজৰ পত্নি সুলৌচনা আৰু জীয়ৰী দিশা (১৮)আৰু বৈষ্ণৱী (১৫)ৰ ফালে চাই, অকণ ইতস্ততঃবোধ কৰি হাঁহি ক'লে। সিদিনা যে অত্ৰামে মৃত্যুৰ দুৱাৰডলিৰ পৰা উভতি আহিছিল, সেই কথা জানিও সিহতকেইটাও তেনেদৰেই হাঁহিলে। ঘৰ পায়েই তেঁও এটা কোঠালীৰ জুপুৰীটোত সোমাই দুৱাৰ জপাই দিলে, তাতে গৰু ৰখাৰ কাৰণে চালি দিয়া এখন বাৰান্দা আছে। গোটেই ৰাতি তেঁও বাহিৰ নোলাল। তেঁও ভয়তে হেনো কঁপি আছিল।
'অজি লগিত মোঠঠা হৌতা জী (সেইটো খুবেই ডাঙৰ বাঘ আছিল),' তেঁও মাৰাঠী ভাষাৰ বৰহাডী উপভাষাত ক'লে। তেঁওৰ কথাত ব্যংগ আছে, কিন্তু সাহস নাই। তেঁও কি ভয়ত বিতত হৈ আছিল নেকি? 'মংগ কা জী!' [তাৰপিছত কি আৰু]। তেঁওৰ জীয়ৰীকেইজনীয়ে খিলখিলাই হাঁহি দিলে।
বাঘৰ সৈতে মানুহৰ বাঢ়ি অহা সংঘাত
মহাৰাষ্ট্ৰৰ সুদুৰ পূৰ্বাঞ্চলত বিদৰ্ভৰ হাবিত বাঘৰ সৈতে অত্ৰামৰ মুখামুখি হোৱা ঘটনাই মানুহৰ সৈতে বাঘৰ বৰ্ধিত সংঘাতৰেই চিন।
এয়া এক শেহতীয়া ঘটনা। বৰাটিৰ এগৰাকী অনুভৱী কৃষক সিদ্ধাৰ্থ দুধেই কয়। তেঁও বনকৰ্মী হিচাপে দিনহাজিৰা কৰে। টিপেশ্বৰ অভয়াৰণ্যৰ দৰে এলেকাৰ পৰা বাঘ এই এলেকালৈ আহিব পাৰে, যিখন ঠাই বৰাটিৰ পৰা ১০০ কিলোমিটাৰ দক্ষিণ-পশ্চিম দিশত আছে। 'মানুহৰ মাজত ভয় আছে, উত্তেজনা আছে, চাপ আছে,' তেঁও কয়।(চাওক বাঘিনী টি-১ৰ আক্ৰমণ আৰু আতংকৰ চিন)
য়াভাতমাল জিলাৰ জোপোহা আৰু সুৰসুৰীয়া হাবি থকা গাঁৱেৰে ভৰি আছে। বাট হেৰুওৱা বাঘে গাঁৱৰ মানুহক আৰু পশু-পক্ষীক সহজেই লক্ষ্য কৰি লয়। বনকৰ্মী মেশ্ৰামে অত্ৰামৰ ঘৰত আমাক কয়। 'আমাৰ গাঁৱৰ আশে-পাশে এতিয়া টি-১ক দেখা পোৱা নাই,' তেঁও কয়। 'কিন্তু আমি যেতিয়া বাঘটো ক'ত আছে জানিবলৈ পাও, তেতিয়া আমি নজৰ ৰাখো আৰু গঞাক সতৰ্ক কৰি দিও।'
এই সংঘাতৰ ঘাইকৈ দুটা কাৰণত হৈছে, মহাৰাষ্ট্ৰৰ মুখ্য বন সংৰক্ষক প্ৰমুখ (বন্যপ্ৰাণী) অশোক কুমাৰ মিশ্ৰাই কয়ঃ 'এফালে সংগঠিত চিকাৰকে ধৰি বিভিন্ন দিশত চোকা নজৰ ৰাখি চলোৱা সংৰক্ষণৰ প্ৰচেষ্টাৰ কাৰণে বাঘৰ সংখ্যা বাঢ়িছে। আনফালে আছে মানৱজনিত উচ্চ চাপ, য'ত বনৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি পাইছে আৰু মানুহৰ জনসংখ্যা বৃদ্ধি পোৱা এইবোৰ কাৰণ অন্তৰ্ভূক্ত।'
ইয়াৰ উপৰি বিদৰ্ভৰ হাবি পথ আৰু ৰাজপথকে ধৰি বিভিন্ন পৰিকল্পনাৰ কাৰণে তীব্ৰ হাৰত বিখণ্ডিত হ'বলৈ ধৰিছে। মিশ্ৰাই কয় যে বাঘৰ আবাসভূমি সংকুচিত হৈছে নাইবা বিখণ্ডিত হৈছে, জীৱ-জন্তুৰ প্ৰাকৃতিক বাট-পথবোৰ চিগি-ভাগি গৈছে, সিহতৰ ঘুৰা-ফুৰা কৰিবলৈ ঠাই নাইকিয়া হৈছে। এনেক্ষেত্ৰত আপুনি সংঘাতৰ বাদে আন কি আশা কৰে? মিশ্ৰা চিন্তিত হৈ পৰা দেখা গৈছে। 'এনেদৰে পৰিস্থিতিৰ অধিক অৱনতি ঘটিব, তাতে যদি আমি প্ৰতিৰোধৰ চেষ্টা চলাই থাকো।'