''চৰকাৰক শুই নাথাকিবলৈ মই আহ্বান জনাইছো...’’
সেয়াই অসাধাৰণ ব্যক্তিত্বৰ দাউ দাউকৈ জ্বলি থকা একুৰা জুইৰ দৰে বিপ্লৱী, অনুপ্ৰেৰণাদায়ক, কৃষক-দৰিদ্ৰ আৰু উপান্ত শ্ৰেণীৰ হৈ উকালতি কৰা বিপ্লৱী সত্তা। ২০১৮ৰ নৱেম্বৰত সংসদলৈ কৃষকে উলিওৱা মিচিললৈ তেওঁ ভিডিঅ’ বাৰ্তা পঠিয়াইছিল, তাৰেই কিছু কথা ইয়াতে তুলি ধৰা হৈছে।
''কৃষকে তেওঁলোকৰ শস্যৰ উচিত মূল্য পাবই লাগিব,’’ ভিডিঅ’টোত তেওঁ হুংকাৰ দিয়ে। ''এই ন্যায্যপ্ৰাপ্তিৰ বাবে মই নিজে তেওঁলোকৰ সৈতে থিয় দিমগৈ’’ আৰু মিচিলৰ অংশ হ’ম, তেওঁ প্ৰতিবাদী কৃষকসকললৈ বুলি কয়। তেওঁৰ যে বয়স ৯৩ৰ কাষ চাপিছে, স্বাস্থ্যও ভাগি পৰিছে- সেয়া যেন একো ডাঙৰ কথা নহয়। তাৰে মাজতে তেওঁ চৰকাৰক ''শুই নাথাকি জাগি থাকি দৰিদ্ৰজনৰ হকে কাম কৰিবলৈ’’ হুমকি দিছে।
২০২১ৰ ২৩ ছেপ্টেম্বৰৰ সদা সষ্টম-সতৰ্ক হৌচাবাঈ ৯৫ বছৰ বয়সত চাংলিত চিৰনিদ্ৰাত মগ্ন হয়। তেওঁলৈ
হৌচাবাঈ আছিল বৃটিছৰ ৰেলগাড়ী আক্ৰমণ কৰি পুলিচৰ সামগ্ৰী-পাতি লুটি নিয়া, বৃটিছ প্ৰশাসনৰ কাম-কাজ চলা ডাক বাংলা আনকি বিচাৰকক্ষ পৰ্যন্ত জ্বলাই দিয়া ১৯৪৩ৰ পৰা ১৯৪৬ৰ বিপ্লৱী গোটৰ সদস্যা। বৃটিছ ৰাজৰ পৰা ১৯৪৩ত নিজকে স্বাধীন বুলি ঘোষণা কৰা আত্মগোপনকাৰী চাতাৰাৰ প্ৰতি চৰকাৰৰ সেনাবাহিনী তুফান সেনাৰ লগত তেওঁ কাম কৰিছিল।
১৯৯৪ত তেওঁ তেতিয়াৰ পৰ্টুগীজ শাসকৰ বিৰুদ্ধেও বিপ্লৱত ভাগ লৈছিল। মাজনিশা মাণ্ডোভি নদীখন এটা বাকচত উঠি তেওঁ কমৰেড বন্ধুসকলৰ লগত পাৰ হৈছিল। কিন্তু তেওঁ সদায়েই কয়, ''স্বাধীনতা যুঁজত মই কৰাখিনি তেনেই সামান্য কাম...একো ডাঙৰ বা মহান নহয়।’’ তেওঁক লৈ লিখা মোৰ অন্যতম জনপ্ৰিয় প্ৰতিবেদনখন অনুগ্ৰহ কৰি পঢ়কঃ হৌচাবাঈৰ বীৰত্বৰ বিস্মৃত কাহিনী।


