মে’ৰ ৫ তাৰিখে ভেকচিনৰ প্ৰথমটো পালি ল’বলৈ বুলি ঘৰৰ পৰা ওলোৱা মহেন্দ্ৰ ফুটান ১২ দিন পিছতহে ঘৰলৈ উভতিব পাৰিছিল। “সেই দিনটো ভাল দিন হ’ব যেনেই লাগিছিল,” তেওঁ কয়। “কিন্তু বিধিৰ বিপাক ঘটিল।”
কিন্তু মহেন্দ্ৰই টিকাকৰণ কেন্দ্ৰ পোৱাৰ আগতেই পুলিচে তেওঁক ধৰি জেলত ভৰাই থ’লে।
মহাৰাষ্ট্ৰ বীড় জিলাৰ নেকনুৰ গাঁৱৰ বাসিন্দা ৪৩ বৰ্ষীয় মহেন্দ্ৰই কৱিন প্লেটফৰ্মত নেৰানেপেৰাকৈ লাগি থাকি কোনোমতে এপইণ্টমেণ্ট ল’বলৈ সক্ষম হৈছিল। “পুৱা ৯ৰ পৰা ১০ বজাৰ এপইণ্টমেণ্ট পোৱা বুলি মোলৈ এটা এছএমএছ আহিছিল (৫ মে’ৰ দিনা),” তেওঁ কয়। তেওঁ নিজৰ আৰু পৰিয়ালৰ কেইজনমান সদস্যৰ বাবে শ্লট বুক কৰিবলৈ সক্ষম হৈছিল, আটাইৰে বয়স আছিল ৪৫ বছৰ অনুৰ্দ্ধ। “আমি প্ৰথমটো পালি পাম বুলি আশা পালি আছিলো। ক’ভিড-১৯ৰ দ্বিতীয়টো ঢৌৱে সঁচাই বিভীষিকা নমাই আনিছিল।”
পৰিয়ালটোৱে যেতিয়া নেকনুৰৰ পৰা ২৫ কিলোমিটাৰ দূৰৰ বীড় নগৰৰ সেই কেন্দ্ৰটোলৈ আহে, তেওঁলোকৰ আশাত চেঁচাপানী পৰে। কেন্দ্ৰটোত ভেকচিনৰ নাটনিৰ ফলত ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ লোকক ভেকচিন দিয়া বন্ধ কৰা হৈছে। “তাতে আৰক্ষী মোতায়েন কৰা আছিল,” মহেন্দ্ৰই কয়। “আমি আমাৰ এপইণ্টমেণ্টৰ মেচেজ দেখুৱালো। কিন্তু তেওঁলোকে অভব্য আচৰণ দেখুৱালে।”
তাতে শাৰি পাতি অপেক্ষা কৰা লোকসকলৰ আৰক্ষীৰ সৈতে বাক-বিতণ্ডা লাগিল। শেষত আৰক্ষীয়ে লাঠিচালনা কৰিলে আৰু মহেন্দ্ৰ, তেওঁৰ পুত্ৰ পাৰ্থ, ভাতৃ নিতিন আৰু ভায়েক বিবেককে ধৰি ছজন লোকক আৰক্ষীয়ে জিম্মাত ল’লে।
কেন্দ্ৰটোত সেই সময়ত কৰ্তব্যৰত কনিষ্টবল অনুৰাধা গাৱহানে দাখিল কৰা ঘটনাটোৰ এফআইআৰত এই অভিযোগ তোলা হ’ল যে সেই ছজন লোকে শাৰী ভংগ কৰাৰ লগতে আৰক্ষীৰ লগতো টনা-আঁজোৰা কৰিছে। এফআইআৰখনত কোৱা হ’ল যে তেওঁলোকে কনিষ্টবলগৰাকীক দুৰ্ব্যৱহাৰ আৰু অপমান কৰাৰ লগতে আৰক্ষীৰ ওপৰত আক্ৰমণো কৰিছে। বেআইনীভাৱে সমবেত হোৱা, সংঘৰ্ষত লিপ্ত হোৱা, চৰকাৰী সেৱাত থকা কৰ্মচাৰীৰ ক্ষতি কৰা আৰু শান্তিভংগকে ধৰি এঘাৰটা অভিযোগ তেওঁলোকৰ ওপৰত লগোৱা হ’ল।





