দুটা বছৰত অতিকমেও ১৩ জনৰ মৃত্যু, বোধকৰো ১৫ জনৰ। গৰু-মহো মাৰিছে আৰু খাইছে। এই সকলো ঘটনা ঘটিছে কৃষকৰ আত্মহত্যা আৰু কৃষি সংকটৰ কাৰণে বদনামী ৫০ বৰ্গকিলোমিটাৰ এলেকা জোৰা য়াভাতমাল জিলাত। যোৱা সপ্তাহলৈকে বিদৰ্ভৰ ৰালেগাঁও তহচিলত দুই পোৱালীৰ সৈতে ঘুৰি ফুৰা বাঘিনীজনীয়ে গাঁৱে-ভূঞে মানুহৰ মাজত আৰু বন বিষয়াবোৰৰ মনত আতংকৰ সৃষ্টি কৰি আহিছিল। ৫০ খনৰো অধিক গাঁৱত খেতি-বাতিৰ কাম বন্ধ হোৱাৰ উপক্ৰম হৈছিল। খেতিয়কে অকলে পথাৰলৈ ওলাবলৈ সংকোচবোধ কৰা হৈছিল, দলে-বলে গ'লেহে সাহ পাইছিল।
বাঘিনীজনীৰ কিবা বন্দোবস্ত কৰিব লাগে, কামলৈ নোযোৱাবোৰৰ এয়া সাধাৰণ অজুহাত হৈ পৰিছিল।
ক্ষোভিত মানুহে বনকৰ্মীসকলে টি-১ক ধৰিবলৈ নাইবা মাৰিবলৈ কৈ হেঁচা দি আহিছিল, ইয়ে বনকৰ্মীসকলক উপায়ন্তৰ কৰি পেলাইছিল। ক্ৰমান্বয়ে এই অভিযান জটিল আৰু প্ৰত্যাহ্বানপূৰ্ণ হৈ পৰিল। ২০০ৰো অধিক বনৰক্ষী, তীক্ষ্ণ বন্দুকবাজ, মহাৰাষ্ট্ৰ বন বিভাগৰ শীৰ্ষ বিষয়া আৰু মধ্য ভাৰতৰ কেবাজনো বিশেষজ্ঞ অভিযানত জপিয়াই পৰে। সকলোৱে ২৪ ঘণ্টাই বাঘিনীজনীৰ চালচলনত তীক্ষ্ণ নজৰ দি আহিছিল। ২ নৱেম্বৰত টি-১ক মৰাৰ পিছতহে উত্তেজনা শাম কাটে। (চাওকঃ 'টি-১ বাঘিনীৰ বিচৰণভূমিত, হত্যাৰ বৃত্তান্ত’ আৰু 'মই যেতিয়া তেঁওক ঘৰলৈ উভতি অহা দেখো, সেই বাঘিনীক ধন্যবাদ জনাও’ )
২০১৬ৰ পৰা আৰম্ভ কৰি সিদিনালৈকে বাঘিনীয়ে কেবাজনো লোকৰ প্ৰাণ লৈছে। এই দুটা বছৰত তাইৰ পৰা অপ্ৰত্যাশিতভাৱে কষ্ট কোনে স্বীকাৰ কৰিবলগীয়া হৈছে?
*****
একঃ সোনাবাঈ ঘোষলে, বয়স ৭০ বছৰ, পাৰধি যাযাবৰ জনজাতি, বোৰাতি গাঁও, ১ জুন, ২০১৬
সোনাবাঈ আছিল টি-১ৰ প্ৰথমটো চিকাৰ। ২০১৬ৰ ১ জুনৰ দিনা তেঁও খেতিপথাৰত ছাগলী চৰাবলৈ নিছিল। 'মই ছাগলীকেইটা চৰাই সোনকালেই ঘৰলৈ উভতিম।’ তেঁও যোৱাৰ আগেয়ে এনেদৰে নিজৰ ৰুগীয়া পতি বামনৰাঁও (তেঁওৰ মৃত্যু ঘটিছে)ক কৈছিল। তেঁওৰ ডাঙৰজন পুত্ৰই এইখিনি কথা আমাক ক’লে।
সেয়া তেঁওৰ দিনচৰ্যা আছিল। সোনকালে উঠা, তাৰ পিছত ঘৰৰ কাম শেষ কৰি পথাৰলৈ গৰু-মহৰ দানা লৈ যোৱা। কিন্তু সেইদিনা তাই উভতি নাহিল।
'তেঁও দুপৰীয়া আমাক ক’লে যে সৌনাবাঈ উভতি অহা নাই,’ বোৰাতিত নিজৰ দুটা কোঠাৰ জুপুৰীত বহি সুভাষে আমাক কৈ গ’ল। 'মই মাক চাবলৈ ল’ৰা এজন পঠালো, কিন্তু সি ঘুৰি মাক বিচাৰি নোপোৱা বুলি ক’লে। মাত্ৰ তেঁওৰ প্লাষ্টিকৰ বটলটোহে দেখা বুলি ক’লে,’ এই কথা শুনামাত্ৰে সুভাষে আৰু কেইজনমান মানুহ গোটাই তেঁওক বিচাৰি ওলাল।
তেঁওলোকৰ পাঁচ একৰ খেতিৰ মাটিৰ এচুকত সোনাবাঈ পৰি আছিল। শুকান মাটিত তেজৰ চেকুৰা লাগি আছিল। বাঘিনীয়ে তেঁওক চোঁচৰাই লৈ গৈছিল। সেই মাটিত তেঁওলোকে কপাহ, ৰহৰ দাইল আৰু জোৱাৰৰ খেতি কৰিছিল। তেঁওৰ পুত্ৰ সুভাষে কয়, 'আমি চিন চাই চাই তেঁওৰ ক্ষত-বিক্ষত শৱটো বিচাৰি উলিয়ালো...আমি হতভম্ব হৈছিলো।’
টি-১ক স্থানীয় লোকে অৱনী বুলিও কয়। ২০১৬ৰ আশে-পাশে অৱনী সেই এলেকালৈ আহিছিল। কিছুমানে তাইক দেখা পোৱা বুলি দাবীও কৰে। কিন্তু অৱনীৰ হাতত সোনাবাঈৰ মৃত্যুৰ আগলৈকে মানুহে তাইৰ উপস্থিতিৰ উমান পোৱা নাছিল। জনা মতে টিপেশ্বৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা বাঘিনীজনী ৰালেগাঁও তহচিলৰ সেই ঠাইলৈ আহিছিল। অভয়াৰণ্যখন ৰালেগাঁৱৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দুৰত পশ্চিমে থকা য়াভাটমাল জিলাত অৱস্থিত। বাঘিনীজনীৰ কাৰ্যকলাপত চকু ৰখাসকলে কয় যে সম্ভৱতঃ ২০১৪ত অৱনী ইয়ালৈ আহে আৰু ঠাইখন নিজৰ কৰি লয়। ২০১৭ৰ ডিচেম্বৰত তাই দুটা পোৱালী-এটা মতা আৰু আনটো মাইকী জন্ম দিয়ে।
সোনাবাঈৰ পৰিয়ালক মহাৰাষ্ট্ৰ বন বিভাগে ১০ লাখ টকাৰ ক্ষতিপুৰণ দিয়ে।
তেতিয়াৰে পৰা ৰালেগাঁৱৰ যাৰে লগত কথা পাতিছো সিয়েই কৈছে কেনেদৰে পুৰুষ-মহিলা সকলোকে বাঘিনীয়ে ডিঙিত কামুৰি 'তেজ শুহি খায়’।
******
দুইঃ গজানন পাৱাৰ, বয়স ৪০ বছৰ, কুণৱি ওবিচি সম্প্ৰদায়, চৰাতি গাঁও, ২৫ আগস্ত, ২০১৭
আমি গৈ পাওতে ইন্দুকলাবাঈ ঘৰত অকলে আছিল। তেঁওৰ সৰুজন ল’ৰা, ৪০ বৰ্ষীয় গজানন ২০১৭ৰ ২৫ আগস্তত টি-১ৰ চিকাৰ হৈছিল। তেঁও লোনি আৰু বৰাতি গাঁৱৰ মাজত থকা চৰাতি গাঁৱত হাবি-বননীয়ে আৱৰা ঠাইত থকা নিজৰ খেতিত লাগি আছিল। সেইদিনা দুপৰীয়া বাঘিনীয়ে পিছফালৰ পৰা আহি তেঁওক আক্ৰমণ কৰে। গাঁওবাসীয়ে তেঁওৰ শৱটো হাবিৰ মাজত ৫০০ মিটাৰমান দুৰৈত বিচাৰি পায়।
''চাৰি মাহ আগতে গজাননৰ দুজনীকৈ গাভৰু ছোৱালীক লৈ চিন্তিত হৈ থকা মোৰ স্বামীৰ মৃত্যু ঘটে,’’ ইন্দুকলাবাঈয়ে কয়। তেঁওৰ বোৱাৰী মঙলাই তাইৰ মাকৰ ঘৰলৈ গুছি গৈছে। 'তাই ইমানেই ভয় খাইছে যে বাঘিনীজনীক নমৰালৈকে বা নধৰালৈকে তাই ইয়ালৈ আহিব নিবিচাৰে,’ ইন্দুকলাবাঈয়ে কয়।
এই ঘটনাৰ পিছত চৰাতি গাঁৱত মানুহে ৰাতি ৰাতি পহৰা দিবলৈ ধৰিলে। বন বিভাগৰ হৈ দিনহাজিৰাৰ বিনিয়মত অৱনীক ধৰাৰ বাবে কিছু যুৱকে অপাৰেচনত চামিল হ’ল। 'কপাহ চিঙা কাম বিচৰাটো বৰ দুসাহসিক হৈ পৰিল, ভয়তে মানুহে খেতিপথাৰলৈ যোৱা বাদ দিলে,’ মাৰাঠী দৈনিক দেশোন্নতিৰ ষ্ট্ৰিঞ্জাৰ ৰবীন্দ্ৰ ঠাকুৰ নামে যুৱকজনে ক’লে।
ইন্দুকলাবাঈৰ ডাঙৰ ল’ৰা বিষ্ণুৱে পৰিয়ালটোৰ ১৫ একৰ মাটিত খেতি কৰে। তেঁও কপাহ আৰু ছয়াবিন আৰু গমৰ খেতি কৰে।
পিছফালৰ পৰা অহা বাঘিনীজনী দেখি খেতিপথাৰত কাম কৰি থকা গজাননে হয়তো বিচুৰ্ত্তি খাইছিল, তেঁওৰ মাকে ক’লে। তেঁওৰ মুখমণ্ডলত খং বিয়পি পৰিছে আৰু উত্তেজনাৰ ৰেখা জিলিকিছে। ''বিনা মেঘে বজ্ৰপাতৰ দৰে বাঘিনীজনে মোৰ ল’ৰাটো নিলে। বন বিভাগে তাইক মাৰিবই লাগিব, তেতিয়াহে আমাৰ চিত শাত পৰিব, আমি এটা স্বাভাৱিক জীৱন কটাব পাৰিম।’’
******
তিনিঃ ৰমাজী চিণ্ডে (৬৮), গণ্ড গোৱাৰী জনজাতিৰ লোকঃ লোনি গাঁও, ২০১৮ৰ ২৭ জানুৱাৰী
এই বছৰৰে জানুৱাৰী মাহৰ সেই শীতৰ দিনটোৰ দুঃসহ স্মৃতিয়ে কলাৱতীক এতিয়াও আমনি কৰে৷ তাইৰ গিৰিয়েক ৰমাজী (৭০)য়ে বনৰীয়া গাহৰি আৰু নীলগাইক তেঁওলোকৰ দুই একৰ মাটিৰ গমধানৰ খেতিৰ পৰা আঁতৰত ৰাখিবলৈ জুই ধৰিছিল৷ কলাবাঈয়ে খেতিৰ এটা মুৰত কপাহ চিঙি আছিল৷ হঠাতে তাই এটা চিৎকাৰ শুনিলে৷ বাঘিনী এজনীয়ে তাইৰ গিৰীয়েকক পিছফালৰ পৰা হাতোৰাৰে খামুচি ধৰিছিল৷ টি-১ নামৰ বাঘিনীজনী হঠাতে জোপোহাৰ আঁৰৰ পৰা ওলাইছিল৷ ৰমাজীক গলতে ধৰাত তেঁওৰ থিতাতে মৃত্যু হৈছিল, কলাবাঈয়ে কয়৷
ৰমাজীয়ে খেতিৰ কাম চোৱাচিতা কৰে। তেঁওৰ ল’ৰাই অইন খেতিত শ্ৰমিক হিচাপে কাম কৰে। 'আমি দুয়ো বিয়াৰ পিছৰ পৰা প্ৰতিদিনে খেতিত কাম কৰো,’ কলাবাঈয়ে কয়। 'ইয়েই আমাৰ জীৱন আছিল।’ এতিয়া তেঁও খেতিলৈ নাযায়। 'মোৰ ভয় লাগে।’
নিজৰ জুপুৰীত এখন চকীত কলাবাঈ বহি আছে। তেঁওৰ প্ৰয়াত স্বামীৰ ফটোখন বেৰত আৰি থোৱা আছে। ক’বলৈ ভাষা পোৱা নাই, শোকে বুকু সোপা মাৰি ধৰিছে। তেঁও কঁপা কঁপা মাতেৰে আৰম্ভ কৰিলে। 'মই ভয়তে কপি কপি টিলা এটাৰ ফালে দৌৰিলো আৰু সহায়ৰ বাবে চিঞৰিবলৈ ধৰিলো।’ তেঁও কৈ গ’ল। 'তেঁও কেতিয়াও ভবা নাছিল যে তেঁওৰ মৃত্যু এনেদৰে হ’ব।’
কলাবাঈয়ে প্ৰাণৰ মমতাত টিলা এটাৰ ফালে দৌৰিলে। সেই সময়তো বাঘিনীজনীয়ে ৰমাজীক এৰি দিয়া নাছিল। ৰমাজীৰ শৱটো খেতিৰ পৰা চোঁচৰাই লৈ গৈছিল।
গাঁৱৰে বাবাৰাও ৱাথোড়ে (৫৬) ওচৰতে গৰু-মহ চৰাই আছিল। ৰমাজীক বাঘিনীয়ে গলত কামুৰি ধৰা দেখি তেঁও চিৎকাৰ কৰি উঠিল আৰু লাঠি এডাল মাৰি পঠিয়ালে। বাঘিনীজনীয়ে তেঁওৰ ফালে ঘোপাকৈ চাই পঠিয়ালে আৰু পুনৰাই শৱটো কামুৰি ধৰি লৈ গ’ল। বাথোড়েয়ে বাঘিনীজনীৰ পিছ লৈছিল যদিও হঠাতে এখন ট্ৰাক অহা শব্দ শুনি বাঘিনীজনী শৱ এৰি হাবিত লুকাই পৰিল।
ৰমাজীৰ পুত্ৰ নাৰায়নৰ চকুৰ সমস্যা আছে। তেঁও এতিয়া বন বিভাগৰ সুৰক্ষাকৰ্মীৰ চাকৰি পাইছে। তেঁওৰ গাঁৱৰ মানুহে গৰু-মহ চৰাবলৈ ওলালে তেঁও গোৰখীয়াসকলৰ সৈতে যায় আৰু নজৰ ৰাখে। নাৰায়নৰ ডাঙৰজন ল’ৰা সাগৰে তেঁওৰ পিতাকক সহায় কৰাৰ কাৰণে স্কুললৈ যাবলৈ এৰিছে। এতিয়া তেঁও খেতিৰ কামত লাগিছে, পিতাককো তেঁওৰ গাৰ্ডৰ কামত সহায় কৰে। এইখিনি কথা ১২ অক্টোবৰৰ দিনা আমি যেতিয়া তেঁওৰ ঘৰলৈ গৈছিলো, তেতিয়া কৈছিল।
*****
চাৰিঃ গুলাবৰাও মুকেশ (৬৫), গণ্ড জনজাতীয় সম্প্ৰাদয়, বেদশী গাঁও, ২০১৮ৰ ৫ আগস্ত
ডাঙৰ ভায়েক নত্থুজীয়ে তেঁওক হাবিৰ ভিতৰলৈ যোৱাত বাধা দিছিল যদিও গুলাবৰাওৱে তেওৰ কথালৈ কাণ নিদিল। সেইদিনা আছিল ৫ আগস্তৰ পুৱাৰ কথা।
''মই সেই বিপদৰ উমান পালো যেতিয়া আমাৰ গাইজনীয়া অস্বাভাৱিকভাৱে হেম্বেলিয়াই উচপিচাব ধৰিলে। গাইজনীয়ে বোধকৰো কিহবাৰ গোন্ধ পালে।’ প্ৰৌঢ় নত্থুজীয়ে সেইদিনাৰ ঘটনা মনত পেলাই ৱাৰহাদি উপভাষাত কথাখিনি ক’লে।
কেইমিনিটমানৰ পিছতে বাঘিনী এটাই গোজৰণি মাৰি তেঁওৰ ভায়েকৰ ওপৰত জপিয়াই পৰা দেখিলে। বাঘিনীজনী বিশালকায় আছিল, গুলাবৰাওৱে টলকিবও নাপালে, বাচি অহাটো দুৰৰে কথা। নত্থুজীয়ে অসহায় হৈ চাই থাকিল। তেঁও বাঘিনীজনীৰ ওপৰত চিঞৰিলে, শিলো মাৰিলে। বাঘিনীজনীয়ে তেঁওৰ ভায়েকৰ শৱটো তাতে এৰি হাবিৰ মাজত সোমাল। ''মই সহায় বিচাৰি গাঁৱলৈ আহিলো। গাঁৱৰ মানুহৰ সহযোগত ভাইটোৰ শৱটো ঘুৰাই আনিবলৈ সক্ষম হ’লো...তেঁওৰ দেহটো ক্ষত-বিক্ষত হৈ পৰিছিল।’’
নত্থুজীয়ে সেই হৃদয়বিদাৰক ঘটনা পাহৰিব পৰা নাই। দুই ভায়েকে নিতৌ গাঁৱৰ ১০০ৰো অধিক গৰু-মহ হাবিৰ কাষৰ পথাৰলৈ চৰাবলৈ লৈ যায়। বেদশী গাঁৱৰ ৰালেগাঁও অঞ্চলৰ হাবিখন বৰ ঘন। তাতেই টি-১য়ে দুই বছৰ ধৰি চিকাৰৰ সন্ধানত পিতপিতাই ফুৰে।
২০১৮ৰ আগস্ত মাহত টি-১ য়ে তিনিজন লোকক হত্যা কৰিছিল। গুলাৱৰাৱৰ পৰা এই হত্যাৰ আৰম্ভণি হৈছিল। দ্বিতীয়জন লোক আছিল বিহিৰগাঁৱৰ। তেঁওৰ মৃত্যু হৈছিল ১১ আগস্তত। আকৌ ২৮ আগস্তত পিপলচিণ্ডাত তৃতীয়জন লোক বাঘিনীৰ চিকাৰ হৈছিল।
গুলাৱৰাৱৰ পুত্ৰ কিশোৰক তেতিয়া বন বিভাগে ৯ হাজাৰ টকাৰ বেতন দি বনকৰ্মী হিচাপে নিযুক্তি দিয়ে। এতিয়া গাঁৱৰ গোৰখীয়া আৰু ভেড়াৰখীয়াৰ লগত তেঁও পথাৰলৈ গৈ নীৰিক্ষণৰ কাম কৰে। ''আমি একেলগে থাকো। হাবিৰ বেছি ভিতৰলৈ আমি নাযাও কিয়নো বাঘিনীজনী যিকোনো ঠাইত লুকাই থাকিব পাৰে...’’
*****
পাঁচঃ নাগোৰাও ঝুনঘাৰে (৬৫), কোলাম জনজাতি, পিপলচিণ্ডা গাঁও (ৰালেগাঁও তহচিলৰ সীমাতে লাগি থকা কলম্ব তহচিলত), ২০১৮ৰ ২৮ আগস্তত
সেইজন আছিল টি-১ৰ অন্তিমটো চিকাৰ।
ঝুনঘাৰ আছিল পাঁচ একৰ মাটিৰ মালিক, তেঁও আছিল এগৰাকী পশুপালক। তেঁও সদায় ৰাতিপুৱা গাইবোৰক চৰাবলৈ কাষৰে হাবিতলীয়া পথাৰখনলৈ লৈ গৈছিল। তেঁওৰ ল’ৰাই নিজৰ খেতিপথাৰত কাম কৰে নাইবা বেলেগৰ খেতিত দিনহাজিৰা কৰে।
ইঁটা আৰু মাটিৰে সজোৱা তেঁওলোকৰ জুপুৰীত ঝুনঘাৰেৰ পত্নি ৰেণুকাবাঈয়ে কথাবোৰ মনত পেলালে। সেইদিনা আছিল ২৮ আগস্ত। তেঁওলোকৰ গৰুবোৰ ঘৰলৈ আহি অস্বাভাৱিক আচৰণ দেখুৱাইছিল। ঝুনঘাৰ ঘুৰি অহা নাছিল। ''মই জানিছিলো কিবা এটা অঘটন ঘটিছে,’’ তেঁও কৈ গ’ল।
ঝুনঘাৰেয়ে গৰু চৰাবলৈ নিয়া ঠাইডোখৰৰ গাতে লাগি থকা হাবিখনলৈ গঞা দল এটা হুৰমুৰকৈ সোমাই গ’ল। তাতে তেঁওৰ মৃতদেহ টানি নিয়া চিন আছিল। হাবিৰ এক কিলোমিটাৰ ভিতৰত তেঁওৰ শৱটো পোৱা গ’ল। ''বাঘে তেঁওৰ ডিঙিৰ পৰা তেজ পি খোৱাৰ পিছত হাবিলৈ চোঁচৰাই লৈ গৈছিল,’’ ৰেণুকাবাঈয়ে কয়। ''শৱটো বিচাৰোতে দেৰি কৰা হ’লে হয়তো কেতিয়াও বিচাৰি নাপালোহেঁতেন...’’
এই ঘটনাৰ পিছত তেঁওৰ ডাঙৰ ল’ৰা কৃষ্ণাক বনবিভাগে গোৰখীয়া আৰু ভেড়াৰখীয়াৰ সৈতে হাবিতলীয়া পথাৰত চৰাবলৈ নিয়াসকলৰ সৈতে সুৰক্ষাকৰ্মী হিচাপে ভৰ্ত্তি কৰে। সৰুজন ল’ৰা বিষ্ণুৱে নিজৰ গাঁৱতে নাইবা পান্ধাৰকাবাৰ-য়াভাটমাল ৰাজপথৰ দাঁতিকাষৰীয়া গাঁওবোৰত দিনহাজিৰা কৰে।
কোলামে ভয়তে পথাৰলৈ যোৱা বন্ধ কৰিছে। ''মোৰ ল’ৰাটোক লৈ ভয় লাগে,’’ ৰেণুকাবাঈয়ে কয়। ''সি তাৰ পৰিয়ালৰ কাৰণে এই চাকৰি(গাৰ্ডৰ চাকৰি)ত সোমাইছে, তাৰ দুজনীকৈ ছোৱালীও আছে। বাঘিনীজনী ধৰা নপৰালৈকে সি এই কাম কৰাটো মই বিচৰা নাই।’’
হাতীৰ গছকত মৃত্যু
অৰ্চনা কুলসংঘে (৩০), গণ্ড আদিবাসী সম্প্ৰদায়, চাহন্দ গাঁও, ২০১৮ৰ ৩ অক্টোবৰ
মৃত্যু সন্তপৰ্ণে অহাৰ সময়ত তাই জুপুৰী ঘৰটোৰ সমুখতে গোবৰ গোটাই আছিল। বহুকেইঘণ্টা আগতে চাহন্দ গাঁৱত প্ৰায় ৩৫ কিলোমিটাৰ দুৰৰ লোনিৰ নিকটৱৰ্তী এলেকাত বন বিষয়াৰ বেছ কেম্পত বান্ধি থোৱা এটা হাতীয়ে শিকলি খুলি মুক্ত হৈ উন্মত্ত হৈ পৰিছিল। হাতীটো পিছফালৰ পৰা অৰ্চনাৰ কাষ চাপিল। শুঁৰেৰে তাইক দাঙি লৈ কাষৰে কপাহৰ খেতিত দলিয়াই দিলে। কি হ’ল কোনোৱে তৰ্কিব পৰাৰ আগতেই ঘটনাস্থলীতে তাইৰ মৃত্যু ঘটিল।
''মই মজিয়াত দাত চাফা কৰি আছিলো, পোহৰ তেতিয়াও হোৱা নাছিল।’’ খেতিৰে পেট পোহা অৰ্চনাৰ পতি মোৰেশ্বৰে ক’লে। কোলাত তেঁওৰ পাঁচ বছৰীয়া পুত্ৰ নাচিকেত। ''তীব্ৰ শব্দ এটা আমাৰ কাণত পৰিল, হাতীয়ে আমাৰ চুবূৰীয়াৰ ঘৰ মহতিয়াই আহি পিছফালৰ পৰা আহিল আৰু জুপুৰীৰ আগৰ বাটটোৰে পলাই গ’ল।’’
হাতীৰ উপদ্ৰৱত চুবুৰীয়া পোহনা গাঁৱত এগৰাকী আঘাতপ্ৰাপ্ত হৈছিল। তাৰে তিনি দিন পিছত তেঁওৰো মৃত্যু হৈছিল। ইয়াৰ পিছত ৰাজপথত হাতীটোক ধৰি শান্ত কৰা হৈছিল।
মোৰেশ্বৰৰ মাতৃ মন্দাবাঈয়ে কয় যে বোৱাৰীৰ মৃত্যুৱে আমাৰ পৰিয়ালটোলৈ বিলাই-বিপত্তি আনিলে। ''মোৰ নাতিটোক লৈ চিন্তা হয়,’’ মন্দাবাঈয়ে কয়।
গজৰাজক চন্দ্ৰপুৰ জিলাৰ তাড়োবা অন্ধাৰী ব্যাঘ্ৰ সংৰক্ষিত এলেকাৰ পৰা অনা হৈছিল। টি-১ৰ সুংসূত্ৰ উলিয়াওৱাৰ বাবে গজৰাজকে ধৰি মুঠ পাঁচটা হাতী কামত লগোৱা হৈছিল। কিন্তু পিছত হাতীটোক ঘুৰাই পঠিওৱা হয়। সুৰক্ষা আৰু বাঘ ধৰা কামত ব্যৱহাৰ কৰা অইন চাৰিটা হাতী মধ্যপ্ৰদেশৰ পৰা অনা হৈছিল। কিন্তু এই ঘটনাৰ পিছত কেইদিনমানৰ কাৰণে কাম বন্ধ কৰি দিয়া হয়। তেতিয়াই বাকী চাৰিটা হাতীকো বিদায় দিয়া হয়। গজৰাজ উন্মত্ত কেনেকৈ হৈছিল সেই লৈ বন বিভাগে তদন্ত অব্যাহত ৰাখিছে।
*****
টি-১ৰ মৃত্যুৰ পিছত বনৰক্ষীৰ কাম পোৱা সেইসকল লোকৰ কি হ ’ ল সেয়া এতিয়ালৈ স্পষ্ট হোৱা নাই। তেঁওলোকক বন বিভাগে ক্ষতিপুৰণ হিচাপে অইন কামৰ বাবে ৰাখিবও পাৰে। সকলো ভুক্তভোগী পৰিয়াল ১০ লাখ টকাৰ ক্ষতিপুৰণৰ যোগ্য। কিছুমানে পালে , বাকীসকলৰ কাম কাগজে-পত্ৰই চলি আছে।
অনুবাদঃ পংকজ দাস