“এইখন নৰক
এক চাকনৈয়া
দুৰ্বিসহ এক কুৎচিত যাতনা
নৰ্তকীৰ বেদনাক্লিষ্ট নূপুৰ...”
নামদেৱ দশালৰ কবিতা ‘কামাথিপুৰা’ৰ পৰা


Central Mumbai, Maharashtra
|WED, JUN 08, 2022
নৰ্তকীৰ সেই বেদনাক্লিষ্ট নূপুৰ
মুম্বাইৰ কামাথিপুৰাত চনি আৰু অন্যান্য যৌনকৰ্মীয়ে লকডাউনৰ সময়ত আৰ্থিক ক্ষতিৰ সন্মুখীন হোৱা স্বত্বেও তেওঁলোকৰ সন্তানক সুৰক্ষিত ৰাখিবলৈ যথাসাধ্য চেষ্টা কৰিছিল যদিও চনিয়ে ঘৰলৈ আহি জানিব পাৰিলে যে তেওঁৰ পাঁচ বছৰীয়া জীয়েকক যৌন নিৰ্যাতন কৰা হৈছে
Author
Translator
বহু বছৰৰ পিছত প্ৰথমবাৰলৈ কোলাহলপূৰ্ণ পথটোলৈ নিৰৱতা নামি আহিছিল। কিন্তু তাত বাস কৰা মহিলাসকলে বেছি দিন কামৰ পৰা আঁতৰি থাকিব নোৱাৰিলে। ঘৰৰ ভাৰা পৰিশোধ কৰিবলগীয়া আছিল, লকডাউনৰ সময়ত তেওঁলোকৰ ল'ৰা-ছোৱালীবোৰ তেওঁলোকৰ হোষ্টেলৰ পৰা ঘৰলৈ উভতি আহিছিল আৰু দৈনিক খৰচ বাঢ়ি গৈছিল।
জুলাইৰ মাজভাগত প্ৰায় চাৰি মাহৰ ব্যৱধানৰ পিছত ২১ বছৰীয়া চনিয়ে প্ৰতি সন্ধিয়া মধ্য মুম্বাইৰ কামাথিপুৰা অঞ্চলত ফকলেণ্ড ৰোডৰ ফুটপাথত আকৌ এবাৰ থিয় হ'বলৈ আৰম্ভ কৰিছিল। তেওঁ নিজৰ পাঁচ বছৰীয়া জীয়েক ঈশাক এগৰাকী ঘৰৰ মালিকনীৰ ওচৰত ৰাখি কাষৰ সৰু হোটেল বা বন্ধুৰ কোঠাত গ্ৰাহকসকলক লগ কৰিবলৈ যাব। ঈশাৰ কাৰণে তেওঁ সিহঁতক নিজৰ কোঠালৈ আনিব নোৱাৰিলে। (এই কাহিনীত অন্তৰ্ভুক্ত সকলোবোৰ নাম সলনি কৰা হৈছে।)
৪ আগষ্টত, যেতিয়া চনি নিশা প্ৰায় ১১ বজাত কামৰ পৰা উভতি আহিছিল আৰু নিজৰ কোঠালৈ গৈছিল, তেওঁ দেখিছিল যে ঈশাই কান্দি আছে। চনিয়ে এইদৰে কয়: "মই প্ৰতিদিনে তাইৰ ওচৰ পোৱাৰ সময়ত তাই শুই পৰিছিল, কিন্তু [সেই নিশা] তাই তাইৰ শৰীৰৰ ফালে আঙুলিয়াই বিষাইছে বুলি কৈছিল।" এই সকলোবোৰ বুজিবলৈ মোক অলপ সময় লাগিছিল..."
সেইদিনা সন্ধিয়া চনি কামত থকা অৱস্থাত ঈশাক ধৰ্ষণ কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে। কেইঘৰমান দূৰৈত বাস কৰা এগৰাকী যৌনকৰ্মীয়ে ঈশাক বিস্কুট দিয়াৰ অজুহাতত নিজৰ কোঠালৈ লৈ গৈছিল৷ মানুহগৰাকীক সংগীয়ে তাত অপেক্ষা কৰি আছিল। "তেওঁ সুৰাপান কৰিছিল আৰু মোৰ ছোৱালীক তাইক এৰি যোৱাৰ পূৰ্বে কাকো এইবোৰ একো নক'বলৈ সতৰ্ক কৰি দিছিল’’, চনিয়ে কৈছিল৷ ‘‘ঈশাৰ বিষ হৈছিল, তাই ঘৰৱালিক [ঘৰৰ গৰাকীক] কৈছিল নিজৰ আইতাকৰ দৰে ব্যৱহাৰ কৰিছিল। ময়েই মুৰ্খ যিয়ে বিশ্বাস কৰিছিলো যে আমাৰ দৰে মানুহে কাৰোবাক বিশ্বাস কৰিব পাৰে। যদি মোৰ ছোৱালীয়ে ভয়ত মোক এই বিষয়ে নক'লেহেঁতেন, তেন্তে কি হ'লহেঁতেন? ঈশাই তেওঁলোকক চিনি পাইছিল আৰু তেওঁলোকক বিশ্বাস কৰিছিল, সেয়েহে তাই তেওঁলোকৰ কোঠালৈ গৈছিল, অন্যথা তাই ভালদৰে জানে যে মোৰ অনুপস্থিতিত তাই কাৰো সৈতে কথা পাতিব নালাগে।"

Aayna

Aayna
অঞ্চলটোৰ এগৰাকী প্ৰাক্তন যৌনকৰ্মী ডলীয়ে ঘটনাটোৰ পিছত বিষয়টো নিষ্পত্তি কৰিবলৈ চনিক সৈমান কৰিবলৈ চেষ্টা কৰিছিল, তেওঁ ঈশাক প্ৰলোভিত কৰাৰ পৰিকল্পনাৰ বিষয়ে জানিছিল। "ইয়াত ছোৱালীবোৰৰ কি হয় সকলোৱে জানে। কিন্তু মানুহে এনে অৱস্থাত চকু বন্ধ কৰে আৰু বহুতো লোক আছে যিয়ে আমাৰ মুখ বন্ধ কৰিবলৈ আহে। কিন্তু মই নিশ্চুপ হৈ থাকিব নোৱাৰো।"
সেইদিনাই, অৰ্থাৎ ৪ আগষ্টত, চনিয়ে নিকটৱৰ্তী নাগপাড়া আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰিছিল। পিছদিনা, যৌন উৎপীড়নৰ পৰা শিশুৰ সুৰক্ষা আইন (পকচো), ২০১২-ৰ অধীনত এখন এজাহাৰ দাখিল কৰা হৈছিল। আইনৰ ব্যৱস্থা অনুসৰি আৰক্ষীয়ে ৰাজ্যখনৰ শিশু কল্যাণ সমিতিৰ কাষ চাপিছিল য’ত এক সুৰক্ষিত পৰিৱেশত আইনী সাহায্য, পৰামৰ্শ আৰু পুনৰ্সংস্থাপনৰ দৰে অন্যান্য দায়িত্ব গ্ৰহণ কৰা হয়। ঈশাৰ চিকিৎসা পৰীক্ষাৰ বাবে চৰকাৰৰ দ্বাৰা পৰিচালিত জেজে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল। পৰৱৰ্তী সময়ত, ১৮ আগষ্টত, ছোৱালীজনীক মুম্বাই চেণ্ট্ৰেলত অৱস্থিত এখন চৰকাৰী সাহায্যপ্ৰাপ্ত শিশু-যত্ন প্ৰতিষ্ঠানলৈ লৈ যোৱা হয়।
******
অৱশ্যে এনে ঘটনা অতি সাধাৰণ হয়। ২০১০ চনত কলকাতাৰ ৰেড লাইট এলেকাত কৰা এক অধ্যয়নত সাক্ষাৎকাৰ গ্ৰহণ কৰা ১০১ টা পৰিয়ালৰ ৬৯ শতাংশই ভাবিছিল যে তেওঁলোকৰ অঞ্চলৰ পৰিৱেশ সন্তানৰ বাবে ভাল নহয়, মুখ্যতঃ ছোৱালীৰ বাবে। প্ৰতিবেদন অনুসৰি, "... মাতৃসকলৰ সৈতে হোৱা বাৰ্তালাপে প্ৰকাশ কৰিছিল যে যেতিয়া এজন গ্ৰাহকে তেওঁলোকৰ ছোৱালীক স্পৰ্শ কৰিছিল, উৎপীড়ন কৰিছিল বা মৌখিকভাৱে উপহাস কৰিছিল, তেওঁলোকে অসহায় অনুভৱ কৰিছিল।" আৰু সাক্ষাৎকাৰ গ্ৰহণ কৰা ১০০ শতাংশ শিশুৱে কৈছিল যে তেওঁলোকে তেওঁলোকৰ বন্ধুবৰ্গ, ভাই-ভনী আৰু চুবুৰীয়াৰ আন শিশুৰ পৰা যৌন উৎপীড়নৰ ঘটনা শুনিছিল।
কামাথিপুৰাত আমাৰ কথোপকথনৰ চলি থকাৰ সময়ত ওচৰতে বহি থকা এগৰাকী যৌনকৰ্মীয়ে কয়, "আমাৰ ছোৱালীৰ সৈতে এনে কৰা বা ওচৰ চাপিবলৈ চেষ্টা কৰা বা তাইক অশ্লীল ভিডিঅ’ চাবলৈ বাধ্য কৰোৱা বুলি শুনিবলৈ পোৱাটো আমাৰ বাবে নতুন কথা নহয়। ই কেৱল ছোৱালীৰ মাজতেই সীমাবদ্ধ নহয়, সৰু ল'ৰাবোৰৰ ক্ষেত্ৰতো এনে হয়। কিন্তু কোনেও মুখ খুলিব নোৱাৰিব।"
২০১৮ চনত প্ৰকাশিত আন এক প্ৰতিবেদনত কোৱা হৈছিল যে "কিছুমান লোকৰ ক্ষেত্ৰত শিশু যৌন উৎপীড়নৰ আশংকা যথেষ্ট বেছি, যাৰ ভিতৰত আছে বাণিজ্যিক যৌনকৰ্মীৰ সন্তান, মানসিক সমস্যাৰ সৈতে যুঁজি থকা ছোৱালী, আৰু বিদ্যালয় এৰি যোৱা আৰু শ্ৰমিক হিচাপে কাম কৰি থকা কিশোৰ ল'ৰা আৰু ছোৱালী।"

Aayna

Aayna
লকডাউনে তেওঁলোকক বিপদত পেলোৱাটো সম্ভৱ। ইউনিচেফৰ জুন ২০২০-ৰ 'শিশুৰ বিৰুদ্ধে হিংসা সমাপ্তিৰ কাৰ্য্যনীতি' শীৰ্ষক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে এপ্ৰিলত লকডাউনৰ দুসপ্তাহৰ ভিতৰত মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত জৰুৰীকালীন সেৱা চাইল্ডলাইনলৈ অহা ফোনৰ সংখ্যা ৫০ শতাংশ বৃদ্ধি পাইছে। প্ৰতিবেদনখনত পৃথকে এইটোও কোৱা হৈছে যে "৯৪.৬ শতাংশ শিশু যৌন উৎপীড়নৰ ক্ষেত্ৰত, অপৰাধীসকল কোনো প্ৰকাৰে বা আন প্ৰকাৰে শিশুৰ সৈতে পৰিচিত আছিল; ৫৩.৭ শতাংশ ক্ষেত্ৰত তেওঁলোক পৰিয়ালৰ সদস্য বা আত্মীয়/বন্ধু আছিল।"
কামাথিপুৰাত কাম কৰা কিছুমান বেচৰকাৰী সংগঠনে যৌনকৰ্মীৰ সন্তানসকলৰ মাতৃ কামত ব্যস্ত থকাৰ সময়ত নিশা বা দিনৰ আশ্ৰয় গৃহ পৰিচালনা কৰে। তেওঁলোকে লকডাউনৰ সময়ত শিশুসকলক সম্পূৰ্ণ সময়ৰ বাবে আশ্ৰয়ত থাকিবলৈ প্ৰস্তাৱ দিছিল, কিন্তু চহৰখনৰ অন্যান্য আৱাসিক হোষ্টেলবোৰ বন্ধ থকা হেতুকে শিশুসকলক ঘৰলৈ প্ৰেৰণ কৰা হৈছিল। ঈশা যি আশ্ৰয় গৃহত আছিল তাতে লকডাউনৰ সময়তো থাকিবলৈ দিয়া হৈছিল। কিন্তু চনিয়ে সেই সময়ত কাম কৰা নাছিল, সেয়েহে তেওঁ নিজৰ ছোৱালীক জুনৰ আৰম্ভণিতে ঘৰলৈ লৈ আহিছিল। জুলাই মাহত যেতিয়া চনিয়ে পুনৰ কাম আৰম্ভ কৰিবলৈ সংগ্ৰাম আৰম্ভ কৰিছিল, তেওঁ ঈশাক আশ্ৰয় গৃহলৈ ঘূৰাই পঠিয়াবলৈ চেষ্টা কৰিছিল, তেওঁ কয়, "ক’ৰোনাৰ ভয়ত তেওঁলোকে ঈশাক ৰাখিবলৈ অস্বীকাৰ কৰিছিল।"
লকডাউনৰ আৰম্ভণিতে, কিছুমান স্থানীয় বেচৰকাৰী সংগঠনৰ পৰা সামান্য ৰেচন আহিছিল যদিও ৰন্ধনৰ বাবে তেতিয়াও কেৰাচিনৰ প্ৰয়োজন আছিল। আৰু যেতিয়া চনিয়ে কাম পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল সেই সময়ত দুমাহৰ ভাড়াও বকেয়া আছিল। (যৌন নিৰ্যাতনৰ ঘটনাৰ পিছত চনি ১০ আগষ্টত ওচৰৰ পথৰ আন এটা কোঠালৈ স্থানান্তৰিত হৈছিল। ইয়াত ভাৰা প্ৰতিদিনে ২৫০ টকা, কিন্তু ঘৰৰ মালিকনীয়ে এতিয়ালৈকে কোনো জোৰ দিয়া নাই।)
বিগত বছৰবোৰত, চনিয়ে পৰিয়াল আৰু অঞ্চলটোৰ আন লোকসকলক প্ৰায় ৫০,০০০ টকাৰ ধাৰ অলপ অলপ কৈ পৰিশোধ কৰি আছিল। ইয়াৰ কিছুমান তাইৰ দেউতাকৰ চিকিৎসাৰ বাবে লোৱা হৈছিল; তেওঁ ৰিক্সা চলাইছিল আৰু পিছত উশাহ-নিশাহৰ অসুবিধাৰ বাবে ফল বিক্ৰী কৰা আৰম্ভ কৰিছিল, কিন্তু ২০২০ চনৰ ফেব্ৰুৱাৰীত তেওঁৰ মৃত্যু হয়। "মই পুনৰ কাম আৰম্ভ কৰিবলগীয়া হৈছিল, অন্যথা কোনে টকা দিব?" তেওঁ প্ৰশ্ন কৰে৷ চনিয়ে পশ্চিম বংগৰ হাওৰা জিলাৰ তেওঁৰ গাঁৱত মাতৃ আৰু তিনিগৰাকী ভনীলৈ (দুগৰাকী পঢ়ি আছে, এগৰাকী বিবাহিত) টকা প্ৰেৰণ কৰে। কিন্তু লকডাউনৰ পিছত সেয়াও বন্ধ হৈ পৰিছিল।
******
কামাথিপুৰাৰ আন যৌনকৰ্মীসকলেও একে ধৰণৰ যুঁজ দি আছে। চনিয়ে বাস কৰা গলিটোত থকা ৩০ বছৰীয়া প্ৰিয়াই আশা কৰে যে হোষ্টেলবোৰে সোনকালেই তেওঁলোকৰ সন্তানক উভতাই নিয়া আৰম্ভ কৰিব। নৱম শ্ৰেণীত পঢ়া তেওঁৰ ন বছৰীয়া কন্যা ৰিদ্ধিক লকডাউন আৰম্ভ হোৱাৰ সময়ত মদনপুৰাৰ আৱাসিক বিদ্যালয়ৰ পৰা উভতাই অনা হৈছিল।

Aayna

Aayna
প্ৰিয়াই জীয়েকক কঢ়াকৈ কয়, "এই কোঠাৰ পৰা একেবাৰে ওলাই নাযাবা, ইয়াৰ ভিতৰতে যি কৰিব বিচাৰা তাকে কৰা।" ৰিদ্ধিৰ চলাচলৰ ওপৰত নিষেধাজ্ঞা ক’ভিডৰ ভয়ৰ বাবে নহয়। প্ৰিয়াই কয়, "আমি এনে ঠাইত বাস কৰোঁ য'ত এই লোকসকলে আমাৰ ছোৱালীবোৰক খাই পেলালেও কোনেও সুধিবলৈ নাহে," প্ৰিয়াই কয়, প্ৰিয়াই তেওঁৰ নিয়মীয়া গ্ৰাহকৰ পৰা লোৱা কিছু ঋণৰ ধন লৈ কোনোমতে নিৰ্বাহ কৰি আছে।
লকডাউনে পৰিয়ালটোৰ অৱস্থা কঠিন কৰি তুলিছিল আৰু তাৰপিছতো অৱস্থা উন্নত হোৱা নাই। প্ৰিয়াই কয়, "মোৰ অৱস্থা বেয়া, মই ভাৰা পৰিশোধ কৰিবলৈ অক্ষম আৰু মই কাম আৰম্ভ কৰিব লাগিব। কাম কৰোঁতে মই ৰিদ্ধিক মোৰ লগত ৰাখিব নোৱাৰো, তাই হোষ্টেলত অন্ততঃ সুৰক্ষিত থাকিব।" প্ৰিয়া মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাৰ বাসিন্দা আৰু এক দশকৰো অধিক সময় ধৰি কামাথিপুৰাত বাস কৰি আছে।
প্ৰিয়াৰ ১৫ বছৰীয়া পুত্ৰ বিক্ৰমো তেওঁৰ সৈতে আছে। লকডাউনৰ পূৰ্বে সি বাইকুল্লাৰ এখন পৌৰনিগমৰ বিদ্যালয়ত অষ্টম শ্ৰেণীত পঢ়ি আছিল। যেতিয়া তাৰ মাতৃয়ে গ্ৰাহকসকলক লগ কৰিছিল, সি ওচৰৰ কোঠা এটাত শুইছিল বা ঘূৰি ফুৰিছিল নহ’লে বা এনজিঅ'-পৰিচালিত স্বাস্থ্য সেৱা কেন্দ্ৰত সময় কটাইছিল।
ইয়াত মহিলাসকলে জানে যে তেওঁলোকৰ ল’ৰাসন্তানবোৰো শোষণৰ ভুক্তভোগী বা সিহঁত ড্ৰাগছ আৰু অন্যান্য বেয়া আসক্তিৰ সৈতে জড়িত হোৱাৰ আশংকা আছে, সেয়েহে সেই মহিলাসকলৰ কিছুমানে আনকি ল'ৰাবোৰকো হোষ্টেলত ৰাখে। প্ৰিয়াই দুবছৰ আগতে বিক্ৰমক হোষ্টেললৈ পঠিয়াবলৈ চেষ্টা কৰিছিল কিন্তু সি পলাই ঘূৰি আহিছিল। এই বছৰৰ এপ্ৰিল মাহত সি মাস্ক আৰু চাহ বিক্ৰী কৰা, পৰিয়ালৰ ঘৰ পৰিষ্কাৰ কৰা আৰু পৰিয়ালটোক সহায় কৰিবলৈ আন যিকোনো কাম কৰা আৰম্ভ কৰে। (চাওক ইমান দীঘলীয়া বাট, জীৱন চক্ৰবাত)
১০ x ১০ ফুটৰ এটা কোঠাক ৪x৬ৰ তিনিটা আয়তাকাৰ বাকচত বিভক্ত কৰা হৈছে, এই বিষয়ে প্ৰিয়াই কয়, "তেওঁলোকে ইয়ালৈ আহি 'দূৰত্ব মানি চলক' বুলি ভাটৌ চৰাইৰ দৰে কৈ থকাৰ পৰিৱৰ্তে আমাৰ কোঠাবোৰ চাব লাগে।" প্ৰতিটো গোটত একোখনকৈ বিচনা আছে, যি ঠাইটুকুৰাৰ চাৰিওফালে সম্পূৰ্ণৰূপে আৱৰি থাকে আৰু দুটাকৈ শ্বেল্ফ আছে। এটা কোঠাত প্ৰিয়া বাস কৰে, আনটো আন এটা পৰিয়ালে ব্যৱহাৰ কৰে আৰু মাজৰ কোঠাটো (যেতিয়া আন কোনো পৰিয়াল নাথাকে) তেওঁলোকে কামৰ বাবে ব্যৱহাৰ কৰে বা তেওঁলোকে তেওঁলোকৰ তাত গ্ৰাহকসকলক লগ কৰে। চুকত পাকঘৰ আৰু স্নানৰ বাবে এটুকুৰা সাধাৰণ ঠাই। ইয়াত থকা বহুতো গৃহ আৰু কৰ্ম গৃহ একে আকৃতিৰ - কিছুমান আনকি ইয়াতকৈও সৰু।

Aayna

Aayna
প্ৰিয়াই এই সৰু ঠাইটুকুৰাৰ বাবে বিগত ছয় মাহ ধৰি মাহিলী ৬,০০০ টকা ভাৰা পৰিশোধ কৰিবলৈ সক্ষম হোৱা নাই, কেৱল তেওঁ অলপতে ঋণৰ ধনৰ পৰা লোৱা সৰু অংশ এটাৰ বাহিৰে। "প্ৰতি মাহে, মই কিবা-কিবি কামৰ বাবে ৫০০ টকা আৰু কেতিয়াবা ১,০০০ টকা ল'বলগীয়া হৈছিল। এনে পৰিস্থিতিত বিক্ৰমৰ উপাৰ্জনে সহায় কৰিছিল। বহু সময়ত আমি ঘাছলেট [কেৰাচিন] কিনিবলৈ [বেচৰকাৰী সংগঠন আৰু আনৰ পৰা প্ৰাপ্ত] কিছু ৰেচন [স্থানীয় দোকানত] বিক্ৰী কৰিছিলো।"
প্ৰিয়াই ২০১৮ চনত ৪০,০০০ টকাৰ ঋণ লৈছিল, সেইখিনি সূতৰ সৈতে ৬২,০০০ টকালৈ বৃদ্ধি হৈছে। আৰু এই পৰ্যন্ত তেওঁ ইয়াৰ মাত্ৰ ৬,০০০ টকা ঘূৰাই দিবলৈ সক্ষম হৈছে। প্ৰিয়াৰ দৰে বহুতো লোক এই অঞ্চলৰ ব্যক্তিগত ঋণদাতাৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল।
"প্ৰিয়াই বেছি কাম কৰিব নোৱাৰে, তেওঁৰ পেটত সংক্ৰমণৰ তীব্ৰ বিষ অব্যাহত আছে। তেওঁ কয়, "মোৰ ইমানেই গৰ্ভপাত হৈছে যে মই ইয়াৰ বাবে পৰিণাম ভুগি আছো, মই চিকিৎসালয়লৈ গৈছিলো, কিন্তু তেওঁলোক ক’ৰোনাত ব্যস্ত আৰু জৰায়ুৰ অস্ত্ৰোপচাৰৰ বাবে ২০,০০০ টকা বিচাৰিছিল।’’ আগষ্ট মাহত তেওঁ দৈনিক ৫০ টকা মজুৰীত তেওঁৰ এলেকাত ঘৰুৱা শ্ৰমিক হিচাপে কাম এটা পাইছিল যদিও সেই কামটো মাত্ৰ এমাহ চলিছিল।
প্ৰিয়াই এতিয়া হোষ্টেল পুনৰ খুলিব বুলি কিছু আশা বান্ধি ৰাখিছে। তেওঁ কয়, "মই ৰিদ্ধিৰ ভৱিষ্যত নষ্ট হোৱা চাব নোৱাৰো।"
আৰু লকডাউনৰ সময়ত তেওঁ আৰু চনিৰ ছোৱালীয়ে তেওঁলোকৰ মাতৃৰ ওচৰলৈ উভতি অহাৰ লগে লগে অঞ্চলটোত কাম কৰি থকা বেচৰকাৰী সংগঠন প্ৰেৰণাৰ শেহতীয়া প্ৰতিবেদনত উল্লেখ কৰিছে যে যৌনকৰ্মীৰ ৭৪ টা সন্তানৰ ভিতৰত ৫৭ জন (৩০ টা পৰিয়ালৰ সাক্ষাৎকাৰ লোৱা হৈছিল) লকডাউনৰ সময়ত তেওঁলোকৰ পৰিয়ালৰ সৈতে বাস কৰি আছিল। আৰু ভাৰা কোঠাত বাস কৰা ১৮ টা পৰিয়ালৰ ভিতৰত ১৪ টা পৰিয়ালেই এই সময়ছোৱাত ভাৰা পৰিশোধ কৰিবলৈ অক্ষম হৈছে, আনহাতে ১১ টা পৰিয়ালে মহামাৰীৰ সময়ত অধিক ধাৰো লৈছিল।

Aayna
চাৰুৰ তিনি বছৰীয়া জীয়েক শীলাকো তাই অসুস্থ হৈ পৰাৰ সময়ত মে’ মাহত কামাথিপুৰাৰ এটা বেচৰকাৰী সংগঠনৰ দ্বাৰা পৰিচালিত এটা আশ্ৰয় গৃহৰ পৰা ঘৰলৈ ঘূৰাই পঠোৱা হৈছিল। ৩১ বছৰীয়া চাৰুৱে কয়, "তাইৰ কিছু এলাৰ্জী আছে আৰু খজুৱতি আছে। মই তাইৰ মুণ্ডন কৰিব লগীয়া হৈছিল," চাৰুৰ আৰু চাৰিটা সন্তান আছে; এজনী ছোৱালীক কোনোবাই তুলি লৈছে আৰু তাই বদলাপুৰত থাকে আৰু গাৱঁত থকা তিনিজন পুতেক গাঁৱত থাকে৷ বিহাৰৰ কাটিহাৰ জিলাত দৈনিক মজুৰি উপাৰ্জন কৰা আত্মীয়সকলৰ সৈতে বাস কৰে। তেওঁ প্ৰতি মাহে পুতেকহঁতৰ বাবে ৩,০০০ ৰ পৰা ৫,০০০ টকা প্ৰেৰণ কৰিছিল কিন্তু লকডাউনত তেওঁ অধিক ঋণ ল'বলগীয়া হৈছিল। তেওঁ কয়, "মই আৰু ঋণ ল'ব নোৱাৰো, মই ইয়াক কেনেকৈ ঘূৰাই দিম নাজানো।"
সেয়েহে, চাৰুৱেও কামলৈ যোৱাৰ সময়ত ‘ঘৰৱালি’ৰ সৈতে শীলাক থ’ব লাগিব। তেওঁ আগষ্টত পুনৰ কাম কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ সুধিছিল, "মোৰ হাতত আৰু কি বিকল্প আছে?"
অৱশ্যে, এই মহিলাসকলে অধিক উপাৰ্জন কৰিব পৰা নাই। "এসপ্তাহত মই মাত্ৰ এজন বা দুজন গ্ৰাহক পাইছো," চনিয়ে কয়। এসময়ত চাৰি বা পাঁচজন আছিল কিন্তু এতিয়া এয়া কঠিন হৈ পৰিছে। আগতে ইয়াত মহিলাসকলে দিনে ৪০০ৰ পৰা ১,০০০ টকাৰ ভিতৰত উপাৰ্জন কৰিব পাৰিছিল আৰু কেৱল ঋতুস্ৰাৱ হ'লে, অসুস্থ হ'লে বা তেওঁলোকৰ সন্তান ঘৰলৈ উভতি অহাৰ সময়তহে কামৰ পৰা বিৰতি লৈছিল। চনিয়ে কয়, "এতিয়া দিনে ২০০-৫০০ টকা উপাৰ্জন কৰাটোও আমাৰ বাবে এক ডাঙৰ কথা।"
******
মজলিচ আইনী কেন্দ্ৰৰ এগৰাকী অধিবক্তা আৰু কেন্দ্ৰৰ সাহায্য প্ৰকল্পৰ প্ৰগ্ৰাম মেনেজাৰ যচিন্তা চালদানহাই কয়, "আমি সুবিধাৰ পৰা বঞ্চিত বহু পৰিয়াল বিচাৰিছো যিসকলে বাহিৰলৈ ওলাই আহি তেওঁলোকৰ সমস্যা উত্থাপন কৰিলেও সেইবোৰ বিবেচনা কৰা নহয়।" জেচিন্তা আৰু তেওঁৰ দলটোৱে এতিয়া ঈশাৰ গোচৰটো চম্ভালি আছে। "চনি সঁচাকৈয়ে সাহসী আছিল, তেওঁ মুকলিকৈ ওলাই আহিছিল, এনেকুৱা আন বহুতো পৰিয়াল থাকিব পাৰে যিয়ে মুখ নোখোলে । জীৱিকাৰ প্ৰশ্নটো বহুত ডাঙৰ হৈ পৰে। এই ডাঙৰ বিষয়বোৰৰ আঁৰত বহুতো কাৰণ আছে।"

Aayna
তেওঁ কয় যে যৌনকৰ্মীৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ বেচৰকাৰী সংগঠন, উকীল, পৰামৰ্শদাতা আৰু অন্যান্যৰ এক বৃহৎ নেটৱৰ্ক একত্ৰিত হোৱা উচিত। "তেওঁলোকৰ ওপৰত কৰা উৎপীড়নে তেওঁলোকক ইমান বেদনা দিয়ে যে তেওঁলোকে আনকি কি শুদ্ধ সেয়াও নাজানে," চালদানহাই কয়। যদি যৌনকৰ্মী বা তেওঁলোকৰ সন্তানৰ ক্ষেত্ৰত কিবা হয় তেন্তে এনে অঞ্চলৰ লোকসকলে সাধাৰণতে ভাবে: কি ডাঙৰ কথাটো হ'ল? যদি শিশুসকলৰ অধিকাৰ উলংঘন হয় তেন্তে তেওঁলোকে মাতৃক দোষ দিয়ে।"
ইফালে ঈশাৰ গোচৰত দোষী সাব্যস্ত হোৱাজনক ৫ জুলাইৰ পৰা পকচোৰ অধীনত আটক কৰা হৈছে, আনহাতে সহ-অভিযুক্তৰ বিৰুদ্ধে (অপহৰণ কৰাৰ বাবে, তেওঁৰ সহযোগী, ‘ঘৰৱালি’ আৰু প্ৰাক্তন যৌনকৰ্মীৰ বাবে) এতিয়াও অভিযোগনামা দাখিল কৰা হোৱা নাই। তেওঁলোকক এতিয়াও আটক কৰা হোৱা নাই। পকচো আইনৰ অধীনত মুখ্য অভিযুক্তক কমেও দহ বছৰৰ কাৰাদণ্ড দিয়া হয় কিন্তু ইয়াক আজীৱন কাৰাদণ্ডলৈও বৃদ্ধি কৰিব পাৰি। ইয়াত মৃত্যুদণ্ডৰ লগতে জৰিমনাও আদায় কৰাৰো ব্যৱস্থা কৰা হয় যি "ন্যায়সংগত আৰু যুক্তিসংগত হয় আৰু ভুক্তভোগীক চিকিৎসা ব্যয় আৰু পুনৰ্সংস্থাপনৰ বাবে পৰিশোধ কৰা হয়"। ইয়াত এই ব্যৱস্থাও বিদ্যমান যে ৰাজ্যই শোষিত শিশু আৰু তেওঁৰ পৰিয়ালক ৩ লাখ টকালৈকে ক্ষতিপূৰণ পৰিশোধ কৰিব।
বেংগালুৰুৰ নেচনেল ল স্কুল অব্ ইণ্ডিয়া বিশ্ববিদ্যালয়ৰ শিশু আৰু আইন কেন্দ্ৰৰ ফেব্ৰুৱাৰী ২০১৮ ৰ প্ৰতিবেদনত কোৱা হৈছে যে শোষণৰ বলি হোৱা লোকসকলৰ পৰিয়ালৰ প্ৰাথমিক প্ৰত্যাহ্বান হৈছে (যিসকলে পকচো আইনৰ অধীনত গোচৰ ৰুজু কৰিছে) যে তেওঁলোকৰ "আইনী ব্যৱস্থাকে ধৰি অন্যান্য প্ৰণালীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস নাই।" প্ৰতিবেদনত কোৱা হৈছে যে সমগ্ৰ প্ৰণালীটোৱে উৎপীড়নৰ বলি হোৱা শিশুটোক "ন্যায় বিলম্বিত কৰি, বিচাৰত পলম কৰি আৰু আদালতলৈ বাৰে বাৰে মাতি" তেওঁৰ পুনৰবাৰ শোষণ কৰে।
চালদানহা ইয়াৰ সৈতে সন্মত। "[শিশুটোৰ] বিবৃতি চাৰিবাৰ লিপিবদ্ধ কৰা হয়, প্ৰথমে আৰক্ষী চকীত, তাৰ পিছত চিকিৎসা পৰীক্ষাৰ সময়ত আৰু দুবাৰ আদালতত [দণ্ডাধীশৰ ওচৰত আৰু ন্যায়াধীশৰ সন্মুখত]। কেতিয়াবা শিশুসকল ইমান আতকিংত হয় যে তেওঁলোকে সকলো অভিযুক্তৰ নাম ল'ব নোৱাৰে যি ঈশাৰ ক্ষেত্ৰতো ঘটিছিল। তেওঁ অলপতে ‘ঘৰৱালি’ [যিয়ে অপৰাধটো প্ৰতিৰোধ কৰিছিল না ইয়াৰ প্ৰতিবেদন দাখিল কৰিছিল] জড়িত থকাৰ বিষয়ে মুখ খুলিলে।"
ইয়াৰ উপৰিও আইনী প্ৰক্ৰিয়াটোত গোচৰ ৰুজু কৰাৰ পৰা চূড়ান্ত সিদ্ধান্তলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয় বুলিও তেওঁ আঙুলিয়াই দিয়ে। ২০১৯ৰ জুনৰ শেষলৈকে আইন আৰু ন্যায় মন্ত্ৰালয়ৰ তথ্য অনুসৰি, পকচো আইনৰ অধীনত মুঠ ১৬০,৯৮৯ টা গোচৰৰ শুনানি বাকী আছিল, যাৰ ভিতৰত মহাৰাষ্ট্ৰ (উত্তৰ প্ৰদেশৰ পিছত) ১৯,৯৬৮ টা গোচৰৰ সৈতে দ্বিতীয় স্থানত আছে।

Aayna
"বোজা বহুত বেছি আৰু প্ৰতিদিনে আৰু বহুতো বিবাদ যোগ হৈ গৈ আছে," চালদানহাই কয়। আমি সকলোৱে বিচাৰো যে এই প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰা হ'ব যাৰ বাবে অধিক ন্যায়াধীশৰ প্ৰয়োজন হ'ব বা সম্ভৱতঃ কামৰ সময় বৃদ্ধি হ'ব লাগিব।" বিগত ছয় মাহৰ গোচৰবোৰ আদালতে কেনেদৰে নিষ্পত্তি কৰিব তাক লৈ তেওঁ চিন্তিত। ইয়াৰ উপৰিও, ২০২০ৰ মাৰ্চৰ পূৰ্বে কিছুমান কে’চ আছে যাৰ শুনানি লকডাউনৰ বাবে বন্ধ কৰা হৈছিল।
******
যেতিয়া চনিৰ বন্ধুৱে তেওঁক কলকাতাত বিক্ৰী কৰিছিল, সেই সময়ত চনিৰ বয়স মাত্ৰ ১৬ বছৰ আছিল। মাত্ৰ ১৩ বছৰ বয়সতে তেওঁ বিবাহপাশত আৱদ্ধ হৈছিল। "মোৰ স্বামীৰ সৈতে সদায়ে কাজিয়া হৈছিল [যি কাপোৰৰ কাৰখানাত সহায়ক হিচাপে কাম কৰিছিল] আৰু মই মোৰ মা-দেউতাৰ ঘৰলৈ পলাই গৈছিলো। এবাৰ তেনেধৰণৰ কাজিয়াৰ পিছত মই ষ্টেচনত বহি আছিলো আৰু মোৰ বন্ধুৱে কৈছিল যে তেওঁ মোক সুৰক্ষিত স্থানলৈ লৈ যাব।" বন্ধুজনে এগৰাকী মেডামৰ সৈতে চুক্তি কৰাৰ পিছত চনিক চহৰৰ ৰেড লাইট এলেকাত গতাই দিছিল। তেওঁৰ ছোৱালী ঈশা তেতিয়া মাত্ৰ এবছৰীয়া আছিল আৰু তাই মাকৰ সৈতে আছিল।
চনি চাৰি বছৰ আগেয়ে মুম্বাইৰ কামাথিপুৰালৈ গুচি গৈছিল। তেওঁ কয়, "মোৰ ঘৰলৈ যাবলৈ মন যায়। কিন্তু মই ইয়াৰো নহয় বা তাৰো নহয় ৷ ইয়াত [কামাথিপুৰাত] মই এটা ঋণ লৈছো যিটো মই ঘূৰাই দিব লাগিব আৰু মোৰ গৃহ চহৰৰ মানুহে মোৰ ব্যৱসায়ৰ বিষয়ে জানে, যাৰ বাবে মই তাৰ পৰা গুচি আহিবলগীয়া হৈছিল।"
যেতিয়াৰে পৰা ঈশাক শিশু শুশ্ৰুষা প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হৈছিল, তেওঁ তাইক দেখা কৰিব পৰা নাছিল (ক’ভিড সম্পৰ্কীয় নিষেধাজ্ঞাৰ বাবে) আৰু ভিডিঅ' কলতহে তাইৰ সৈতে কথা পাতিছিল। তেওঁ কয়, "মোৰ সৈতে যি ঘটিছে সেয়া মই ইতিমধ্যেই সহ্য কৰি আছোঁ। মই এগৰাকী ধ্বংস হোৱা মহিলা, কিন্তু অন্ততঃ তেওঁলোকে মোৰ ছোৱালীৰ জীৱন ধ্বংস কৰা উচিত নহয়। মই নিবিচাৰো যে তাই মোৰ দৰে জীৱন যাপন কৰক আৰু মই সন্মুখীন হোৱা পৰিস্থিতিৰ মাজেৰে পাৰ হওক। মই তাইৰ বাবে যুঁজি আছোঁ কাৰণ মই নিবিচাৰো যে তাই ভৱিষ্যতে অনুভৱ কৰক যে কোনেও তাইৰ পক্ষত থিয় হোৱা নাছিল, যিদৰে মোৰ পক্ষত কোনেও থিয় হোৱা নাছিল।"
যৌন উৎপীড়নকাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা, তেওঁৰ সংগীয়ে (যি ছোৱালীজনীক যৌন শোষণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল) চনিক হাৰাশাস্তি কৰি আহিছে। "তেওঁ কাজিয়া কৰিবলৈ মোৰ কোঠাত প্ৰৱেশ কৰে আৰু তেওঁৰ ‘মানুহ’জনক কাৰাগাৰলৈ পঠোৱাৰ বাবে অভিশাপ দিয়ে," চনিয়ে কয়। তেওঁলোকে কয় যে মই তেওঁৰ ওপৰত প্ৰতিশোধ লৈছো, কিছুমান লোকে কয় যে মই সুৰা পান কৰোঁ আৰু এগৰাকী অসাৱধান মাতৃ। সৌভাগ্যৰ কথা, তেওঁলোকে অন্ততঃ মোক মা বুলি মাতিছে।"
প্ৰচ্ছদ আলোকচিত্ৰ: চাৰু আৰু তেওঁৰ জীয়েক শীলা (ফটো: আকাংক্ষা)
অনুবাদ: মনোৰঞ্জন মজুমদাৰ
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/নৰ্তকীৰ-সেই-বেদনাক্লিষ্ট-নূপুৰ

