সেই নিশা বিক্ৰম ঘৰলৈ উভতি অহা নাছিল, মাক প্ৰিয়াও সিমান উদ্বিগ্ন হোৱা নাছিল৷ সি কামাঠিপুৰাৰ আন এটা পথত থকা ‘ঘৰৱালি’ৰ ঘৰত কাম কৰি আছিল আৰু প্ৰায়েই নিশা ২ বজাত অথবা কাম কৰি কৰ্মস্থলীতেই শুই গৈছিল আৰু পিছদিনা পুৱাহে ঘৰলৈ উভতিছিল৷

মাকে তালৈ ফোন কৰিছিল যদিও কোনো উত্তৰ পোৱা নাছিল। ৮ আগষ্টত অৰ্থাৎ পিছদিনা সন্ধিয়ালৈও যেতিয়া সি ঘৰ গৈ পোৱা নাছিল, তেতিয়া ধীৰে ধীৰে মাক উদ্বিগ্ন হৈ পৰিছিল। তেওঁ চেণ্ট্ৰেল মুম্বাইৰ নিকটৱৰ্তী নাগপাড়া আৰক্ষী থানাত ব্যক্তি নিৰুদ্দেশৰ এখন এজাহাৰ দাখিল কৰিছিল। পিছদিনা পুৱা আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ পৰীক্ষণ আৰম্ভ কৰিছিল। ‘‘তাক মুম্বাই চেণ্ট্ৰেলৰ এটা মলৰ কাষত ফুটব্ৰিজ এখনৰ কাষত দেখা গৈছিল’’, প্ৰিয়াই এনেদৰে কয়।

তেওঁৰ উদ্বিগ্নতা ক্ৰমাৎ বৃদ্ধি পাইছিল। ‘‘যদি তাক কোনোবাই ধৰি লৈ গৈছে? তাৰ নতুন বেমাৰটো (ক’ভিড) হৈছে নেকি?’’ তেওঁ আশংকা কৰিছিল। ‘‘এই এলেকাত যদি কাৰোবাৰ কিবা হয়ও, কোনেও খাতিৰ নকৰে’’, তেওঁ কৈছিল।

বিক্ৰমে কিন্তু নিজৰ পৰিকল্পনা অনুসৰিয়েই যাত্ৰা আৰম্ভ কৰিছিল। ৩০ বছৰীয়া, পেছাত যৌনকৰ্মী তাৰ মাকে লকডাউনৰ সময়ত কোনো কাম কৰিব পৰা নাছিল আৰু তেওঁলোকৰ অৱস্থা দিনে দিনে বেয়ালৈ ঢাল খাইছিল, ঋণৰ বোজা বাঢ়িছিল। তাৰ ৯ বছৰীয়া ভনীয়েক ৰিদ্ধি মদনপুৰাৰ হোষ্টেলৰ পৰা ঘৰলৈ উভতি আহিছিল আৰু গোটেই পৰিয়ালটো এনজিঅ’ই বিতৰণ কৰা সাহায্যৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছিল। (এই কাহিনীৰ আটাইবোৰ চৰিত্ৰৰ নাম সলাই দিয়া হৈছে)

মাৰ্চৰ লকডাউনৰ সময়ত বাইকুল্লাৰ যি বিদ্যালয়ত বিক্ৰমে পঢ়ি আছিল, সেয়াও বন্ধ হৈ পৰিছিল। সেয়ে ১৫ বছৰীয়া বিক্ৰমে ইটো-সিটো বিভিন্ন ধৰণৰ কাম কৰিবলগীয়া হৈছিল।

পৰিয়ালটোক ৰান্ধিবলৈ কেৰাচিন ক্ৰয়ৰ বাবে প্ৰতি দিনে ৬০-৮০ টকাৰ প্ৰয়োজন হৈছিল। কামাঠিপুৰাৰ সেই সৰু ঘৰটোৰ ভাড়া দিবলৈকে তেওঁলোকে সংগ্ৰাম কৰিবলগীয়া হৈছিল। তেওঁলোকক ঔষধ ক্ৰয় কৰিবলৈ আৰু অন্যান্য ধাৰ পৰিশোধ কৰিবলৈও ধনৰ প্ৰয়োজন হৈছিল। প্ৰিয়াই তাইৰ গ্ৰাহক আৰু অন্যান্য স্থানীয় লোকৰ পৰা ধাৰ লৈছিল। বছৰ বাগৰি যোৱাৰ লগে লগে ধাৰৰ সেই পৰিমাণ গৈ সূতে-মূলে ৬২,০০০ টকা হৈছিল। প্ৰিয়াই ইয়াৰে কেৱল অৰ্ধেক অংশহে পৰিশোধ কৰিবলৈ সমৰ্থ হৈছিল, তাৰোপৰি তেওঁ ‘ঘৰৱালি’ক (যৌনকৰ্মীসকলৰ মালিক) ঘৰ ভাড়া হিচাপে মাহিলী ৬,০০০ টকাকৈ ছমাহৰ বাকী দিবলৈ থকাৰ লগতে অতিৰিক্ত ৭,০০০ টকা ‘ঘৰৱালি’ৰ পৰা ধাৰ হিচাপে লৈছিল।

PHOTO • Aakanksha

৭ আগষ্টত মাক প্ৰিয়াই বিক্ৰমক কাম কৰি অহাৰ পিছত ‘ঘৰৱালি’ৰ ঘৰত শুবলৈ নিদিয়াৰ বাবে দুয়োৰে মাজত কাজিয়াৰ সৃষ্টি হৈছিল

প্ৰিয়াৰ উপাৰ্জন তেওঁ যিমান দিন কাম কৰে, তাৰ ওপৰত নিৰ্ভৰ কৰিছিল আৰু লকডাউনৰ সময়ত এই পৰিমাণ আছিল দিনে ৫০০ টকাৰ পৰা ১০০০ টকালৈ। ‘‘এয়া নিয়মীয়া নাছিল। যদি ৰিদ্ধি হোষ্টেলৰ পৰা ঘৰলৈ আহে বা মোৰ অসুখ হয় তেতিয়া কামত বিৰতি লোৱা হয়’’, প্ৰিয়াই এইদৰে কয়। তাৰোপৰি পেটৰ বিষৰ বাবেও তেওঁ প্ৰায়েই কামলৈ যাব পৰা নাছিল।

লকডাউন আৰম্ভ হোৱাৰ কিছুদিনৰ পিছতে বিক্ৰমে কামাঠিপুৰাৰ এটা বিৱৰ্ণ পথৰ দাঁতিত থিয় হৈ অপেক্ষা কৰিছিল, হয়তোবা কোনোবা ঠিকাদাৰে তাক কোনো নিৰ্মাণস্থলীলৈ লৈ যাব, দৈনিক মজুৰি ভিত্তিত কাম দিব। মাজে সময়ে সি টাইল ফিট কৰা, বাঁহৰ স্কেফ’ল্ড নিৰ্মাণ কৰা আৰু ট্ৰাক লোড কৰাৰ আদি বিভিন্ন কাম কৰিছিল। এনেকৈ কাম কৰি প্ৰতিদিনে ২০০ টকাকৈ উপাৰ্জন কৰিছিল। দুটা চিফ্ট্ কাম কৰি সি সৰ্বাধিক ৯০০ টকা উপাৰ্জন কৰিছিল। কিন্তু তেনে ধৰণৰ কাম এদিন বা দুদিনৰ বাবেহে আহিছিল।

তদুপৰি সি চুবুৰীত ছাতি আৰু মাস্ক বিক্ৰী কৰাৰ কামো কৰিছিল। তাৰবাবে সি ঘৰৰ পৰা এক কিলোমিটাৰ দূৰ খোজ কাঢ়ি নাল বজাৰলৈ গৈছিল আৰু আগতে উপাৰ্জন কৰা ধন ব্যয় কৰি পাইকাৰি দামত সামগ্ৰীবোৰ ক্ৰয় কৰিছিল। টকা কম হ’লে সি স্থানীয় ঋণদাতা অথবা মাকক খুজিছিল। এবাৰ এজন দোকানীয়ে তাক কমিছন ভিত্তিত ইয়েৰফোন বিক্ৰী কৰিবলৈ দিছিল। ‘‘কিন্তু একো লাভ নহ’ল’’, বিক্ৰমে এইদৰে কয়।

তেওঁ চাহ বিক্ৰী কৰাৰ কামো কৰিছিল, গ্ৰাহক আছিল টেক্সিচালক আৰু ৰাস্তাৰ কাষত বহি থকা মানুহবোৰ। ‘‘যেতিয়া একো এটা নহ’ল, তেতিয়া মোৰ বন্ধু এজনে এই পৰামৰ্শ দিছিল। সি চাহ বনাইছিল আৰু মই এটা মিল্টন থাৰ্ম’ছ বটলত সেই চাহ ভৰাই লৈ বিক্ৰী কৰিবলৈ গৈছিলো।’’ ৫ টকাৰ একাপ চাহত সি ২ টকাকৈ লাভ কৰিছিল আৰু প্ৰতিদিনে ৬০ৰ পৰা ১০০ টকা উপাৰ্জন কৰিবলৈ সমৰ্থ হৈছিল।

লকডাউনৰ সময়ত সি স্থানীয় মদৰ দোকানৰ পৰা বীয়েৰ আৰু গুটখা কামাঠিপুৰাৰ লোকসকলৰ মাজত বিক্ৰী কৰিছিল। সেই সময়ত দোকানবোৰ বন্ধ থকা হেতুকে এই সামগ্ৰীবোৰৰ চাহিদা বৃদ্ধি পাইছিল আৰু সি হয়তো ভাল উপাৰ্জন কৰিবও পাৰিলেহেঁতেন। কিন্তু কিশোৰসকলৰ মাজত এই সামগ্ৰীবোৰৰ বিক্ৰীৰ প্ৰতিযোগিতাই বিক্ৰমৰ উপাৰ্জন সীমিত কৰি তুলিছিল। তদুপৰি মাকে এই কথাৰ ভূ পাব বুলিও বিক্ৰমে ভয় কৰিছিল।

সেই সময়তে বিক্ৰমে ‘ঘৰৱালি’ৰ বাবে কাম কৰা আৰম্ভ কৰিছিল - পৰিষ্কাৰ কৰা, সেই আৱাসত থকা মহিলাসকলৰ নৈমিত্তিক সামগ্ৰীবোৰ আনি দিয়া আদি। প্ৰতি দুদিনৰ মূৰে মূৰে সি ৩০০ টকাকৈ উপাৰ্জন কৰিছিল কিন্তু এই কামটোও সীমিত আছিল।

PHOTO • Courtesy: Vikram

লকডাউন আৰম্ভ হোৱাৰ পিছত বিক্ৰমে বিভিন্ন ধৰণৰ কাম আৰম্ভ কৰিছিল, চাহৰ পৰা আৰম্ভ কৰি ছাতি আৰু মাস্ক বিক্ৰী কৰা, নিৰ্মাণ খণ্ডৰ ছাইটত কাম কৰা আৰু হোটেল আদিৰ কামো তেঁৱো কাম কৰিছিল

এই সকলোবোৰৰ মাজতে বিক্ৰমে মহামাৰীৰ সময়ত শিশু শ্ৰমিকৰ এটা দলত অংশগ্ৰহণ কৰিছিল। ‘ক’ভিড-১৯ এণ্ড চাইল্ড লেবাৰ: এ ৰাইম অফ ক্ৰাইচিছ, এ টাইম টু এক্ট, বাই দা আইএলঅ' এণ্ড ইউনিচেফ’ শীৰ্ষক জুন ২০২০ৰ এখন গৱেষণা পত্ৰত ভাৰতক সেই দেশবোৰৰ ভিতৰত তালিকাভুক্ত কৰা হৈছে য'ত মহামাৰীত পিতৃ-মাতৃৰ কাম হেৰুওৱাৰ ফলত হোৱা অৰ্থনৈতিক পৰিস্থিতিৰ বাবে শিশুসকলে সমৰ্থন আগবঢ়োৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে। কাকতখনত কোৱা হৈছে, "নিম্নতম বিধিগত বয়সৰ তলৰ শিশুৱে অনানুষ্ঠানিক আৰু ঘৰুৱা চাকৰিত নিযুক্তি বিচাৰিব পাৰে, য'ত তেওঁলোকে বিপদজনক আৰু শোষণমূলক কামৰ তীব্ৰ বিপদাশংকাৰ সন্মুখীন হয়, ইয়াত শিশু শ্ৰমিকৰ আটাইতকৈ বেয়া স্থিতি অন্তৰ্ভুক্ত হৈছে।"

লকডাউনৰ পিছত প্ৰিয়াইও চাকৰি বিচাৰিবলৈ চেষ্টা কৰিছিল আৰু আগষ্টত তেওঁ কামাঠিপুৰাত ঘৰুৱা কৰ্মী হিচাপে এটা কাম বিচাৰি পাইছিল য’ত তেওঁ প্ৰতিদিনে ৫০ টকাকৈ উপাৰ্জন কৰিছিল। কিন্তু সেইটো মাত্ৰ এমাহৰ বাবে চলিছিল।

ইয়াৰ পিছত ৭ আগষ্টত তেওঁৰ সৈতে বিক্ৰমৰ কাজিয়া লাগিছিল। কামৰ পিছত ‘ঘৰৱালি’ৰ কোঠাত তাক শুব নিদিয়াৰ বাবে দুয়োৰে মাজত তৰ্কৰ অৱতাৰণা হৈছিল। শেহতীয়াকৈ ঘৰৰ ওচৰৰ এগৰাকী নাবালিকাৰ যৌন নিৰ্যাতনৰ পিছত তেওঁ ৰিদ্ধিক হোষ্টেললৈ উভতাই পঠিয়াব বুলি আশা কৰি আছিল (চাওক 'সকলোৱে জানে ছোৱালীৰ ক্ষেত্ৰত ইয়াত কি হয়' )।

সেইদিনা আবেলি বিক্ৰমে ঘৰ ত্যাগৰ সিদ্ধান্ত লৈছিল। তেওঁ বহু দিনৰ পৰা এই পৰিকল্পনা কৰি আছিল, অৱশ্যে মাকৰ সৈতে এই বিষয়ে কথা পতাৰ পিছতহে। সেইদিনা তেওঁ কয়, "মই খং কৰিছিলোঁ আৰু মাত্ৰ যাবলৈ সিদ্ধান্ত লৈছিলো”। তেওঁ এজন বন্ধুৰ পৰা শুনিছিল যে আহমেদাবাদত লাভজনক কামৰ সুযোগ আছে।

এটা সৰু জিঅ' ফোন আৰু পকেটত ১০০ টকা লৈ সি ৭ আগষ্টৰ সন্ধিয়া প্ৰায় ৭ বজাত গুজৰাটলৈ ৰাওনা হৈছিল।

হাজী আলীৰ কাষত বিক্ৰমে নিজৰ বাবে পাঁচ পেকেট গুটখা, এগিলাচ ফলৰ ৰস আৰু কিছু খাদ্য কিনি তাৰ লগত থকা ধনৰ আধাতকৈও অধিক খৰচ কৰিছিল। তাৰ পিছত বিক্ৰমে খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিল। সি গাড়ীত উঠিবলৈ চেষ্টা কৰিছিল কিন্তু কোনো তাৰ বাবে ৰোৱা নাছিল। ইতিমধ্যে সি লগত থকা ৩০-৪০ টকাৰ সৈতে বেষ্ট (BEST) বাছ এখনত উঠি বহুদূৰ আগবাঢ়িছিল। ৮ আগষ্টৰ পুৱা প্ৰায় ২ বজাত ১৫ বছৰীয়া ভাগৰুৱা কিশোৰজন বিৰাৰৰ ওচৰৰ এখন ধাবাত উপস্থিত হৈছিল আৰু ৰাতিটো তাত কটাইছিল। ইতিমধ্যে সি ৭৮ কিলোমিটাৰ দূৰ অতিক্ৰম কৰিছিল।

ধাবাৰ মালিকে জানিবলৈ বিচাৰিছিল যে সি পলাই আহিছে নেকি। বিক্ৰমে নিজকে অনাথ বুলি মিছাকৈ কৈছিল আৰু কৈছিল যে চাকৰিৰ বাবে সি আহমেদাবাদলৈ গৈ আছিল। "ধাবাৱালা ভাইয়াই মোক ঘৰলৈ উভতি যাবলৈ পৰামৰ্শ দিছিল, তেওঁ কৈছিল মোক কোনেও চাকৰি নিদিব, আৰু ক’ৰোনাৰ সময়ত আহমেদাবাদ গৈ পোৱাটো কঠিন হ’ব।" তেওঁ বিক্ৰমক অলপ চাহ আৰু চিৰা খাবলৈ দি ৭০ টকা দিছিল। বিক্ৰমে কয়, "মই ঘৰলৈ উভতি অহাৰ কথা ভাবিছিলো কিন্তু মই কিছু উপাৰ্জন কৰিহে উভতি যাব বিচাৰিছিলো।"

PHOTO • Aakanksha

'মোৰ বহুতো বন্ধুৱে [কামাঠিপুৰাত] স্কুল এৰি কাম কৰে,' বিক্ৰমে কয়, 'তেওঁলোকে ভাৱে যে উপাৰ্জন কৰাটো অধিক ভাল, কিয়নো তেওঁলোকে সঞ্চয় কৰিব পাৰে আৰু ব্যৱসায় আৰম্ভ কৰিব পাৰে'

সি খোজকাঢ়ি আগবাঢ়িছিল আৰু পেট্ৰ'ল পাম্পৰ ওচৰত কিছুমান ট্ৰাক দেখিছিল। সি লিফ্ট বিচাৰিছিল, কিন্তু কোনেও তেওঁক বিনামূলীয়াকৈ লৈ যাবলৈ সন্মত হোৱা নাছিল। "কিছুমান বাছ আছিল য'ত কেইটামান পৰিয়াল বহি আছিল, কিন্তু মই মুম্বাইৰ পৰা আহি আছো বুলি গম পোৱাৰ পিছত কোনেও মোক ভিতৰলৈ যাবলৈ দিয়া নাছিল [য'ত বহুতো ক’ভিড ঘটনাৰ খবৰ পোৱা গৈছিল]।’’ বিক্ৰমে এজন টেম্পো ড্ৰাইভাৰে সন্মত নোহোৱা পৰ্যন্ত বহুতৰ ওচৰত অনুৰোধ কৰিছিল "তেওঁ অকলে আছিল, তেওঁ মোক সুধিছিল যে মই অসুস্থ নেকি আৰু মই নহয় বুলি কোৱাৰ পিছত মোক ভিতৰলৈ আহিবলৈ কৈছিল।" চালকজনেও কিশোৰজনক সতৰ্ক কৰি দিছিল যে তেওঁ কাম বিচাৰি পোৱাৰ সম্ভাৱনা নাই। "তেওঁ ভাপী পাৰ হৈ আছিল সেয়েহে তেওঁ মোক তাত নমাই দিবলৈ সন্মত হৈছিল।"

সি ৯ আগষ্টত পুৱা প্ৰায় ৭ বজাত মুম্বাই চেণ্ট্ৰেলৰ পৰা প্ৰায় ১৮৫ কিলোমিটাৰ দূৰত্বত গুজৰাটৰ ভালচাদ জিলাৰ ভাপীত উপস্থিত হৈছিল। তাৰ পৰা, বিক্ৰমৰ পৰিকল্পনা আছিল আহমেদাবাদলৈ যোৱা। সেইদিনা দুপৰীয়া সি কাৰোবাৰ ফোনৰ পৰা মাকলৈ ফোন কৰিছিল। তাৰ নিজৰ ফোনৰ বেটাৰী শেষ হৈছিল আৰু কোনো কল-টাইম বাকী নাছিল। সি প্ৰিয়াক কৈছিল যে সি ভালে আছে আৰু ভাপীত আছে, আৰু এনেদৰে কৈ সি ফোনৰ সংযোগ বিচ্ছিন্ন কৰিছিল।

ইফালে, মুম্বাইত প্ৰিয়াই নিয়মীয়াকৈ নাগপাড়া আৰক্ষী থানা পৰিদৰ্শন কৰি আছিল। তেওঁ সোঁৱৰণ কৰি কয়, "আৰক্ষীয়ে মোক অসাৱধান হোৱাৰ বাবে দোষাৰোপ কৰিছিল, মোৰ কামৰ ওপৰত মন্তব্য কৰিছিল আৰু কৈছিল যে সি নিজে গুচি গৈছে আৰু সোনকালেই ঘূৰি আহিব।"

বিক্ৰমৰ ফোন অহাৰ পিছত, তাই উন্মত্তভাৱে পুনৰ ফোন কৰিছিল। কিন্তু ফোনটোৰ গৰাকীয়েহে সঁহাৰি জনাইছিল। "তেওঁ কৈছিল যে তেওঁ বিক্ৰমৰ সৈতে নাছিল আৰু সি ক'ত থাকিব পাৰে তাৰো কোনো ধাৰণা নাছিল। তেওঁ বিক্ৰমক এখন হাইৱে চাই ষ্টলত লগ পাইছিল আৰু মাত্ৰ তেওঁৰ ফোনটো ধাৰলৈ লৈছিল।"

৯ আগষ্টৰ নিশা বিক্ৰম ভাপীত আছিল। "মোতকৈ বয়সত ডাঙৰ এজন লৰাই এখন সৰু হোটেলত পহৰা দি আছিল। মই তেওঁক কৈছিলো যে মই কামৰ বাবে আহমেদাবাদলৈ গৈ আছো আৰু নিশাটো কৰবাত শুব বিচাৰিছো। তেওঁ মোক সেই হোটেলতে থাকিবলৈ আৰু কাম কৰিবলৈ কৈছিল, তেওঁ মালিকৰ সৈতে কথা পাতিব।"

'I too ran away [from home] and now I am in this mud,' says Vikram's mother Priya, a sex worker. 'I want him to study'
PHOTO • Aakanksha

'ময়ো [ঘৰৰ পৰা] পলাই গৈছিলো আৰু এতিয়া মই এই বোকাত আছোঁ,' বিক্ৰমৰ মাক প্ৰিয়া যি এগৰাকী যৌনকৰ্মী, তেওঁ এইদৰে কয়। 'সি পঢ়া-শুনা কৰাটো মই বিচাৰো'

মাকক প্ৰথম ফোন কৰাৰ চাৰি দিন পিছত অৰ্থাৎ ১৩ আগষ্টত, বিক্ৰমে ৰাতিপুৱা ৩ বজাত আন এটা ফোন কৰিছিল। সি তেওঁক কৈছিল যে ভাপীৰ এটা ভোজনালয়ত সি চাকৰি পাইছে, বাচন ধোৱা আৰু খাদ্যৰ অৰ্ডাৰ লোৱাৰ কাম পাইছে। প্ৰিয়াই ৰাতিপুৱাই নাগপাড়া আৰক্ষী থানাত কথাটো জনাবলৈ খৰখেদাকৈ গৈছিল, কিন্তু তেওঁক পুত্ৰক আনিবলৈ যাবলৈ কোৱা হৈছিল।

সেইদিনা সন্ধিয়া, প্ৰিয়া আৰু ৰিদ্ধিয়ে বিক্ৰমক ঘূৰাই আনিবলৈ মুম্বাই চেণ্ট্ৰেলৰ পৰা ভাপীলৈ এখন ৰে’লত উঠিছিল । ইয়াৰ বাবে প্ৰিয়াই ঘৰৱালি আৰু এজন স্থানীয় ঋণদাতাৰ পৰা ২০০০ টকা ধাৰ লৈছিল। ৰে’লৰ টিকটৰ মূল্য প্ৰতিজন ব্যক্তিৰ বাবে ৪০০ টকা আছিল।

প্ৰিয়াই নিজৰ পুতেকক ঘূৰাই আনিবলৈ সংকল্পবদ্ধ হৈছিল। তেওঁ নিবিচাৰে যে সিও তেওঁৰ দৰে লক্ষ্যহীন জীৱন যাপন কৰক, তেওঁ কয়। "মইও পলাই গৈছিলো আৰু এতিয়া মই এই বোকাত আছোঁ। মই তাক পঢ়িবলৈ দিব বিচাৰো," প্ৰিয়াই কয়, বিক্ৰমে তেওঁৰ সমান বয়সতে মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাৰ ঘৰৰ পৰা পলাই গৈছিল।

তেওঁ বিষয়ে কোনোদিন চিন্তা নকৰা কাৰখানাৰ এজন কৰ্মী আছিল তেওঁ দেউতাক, তেওঁৰ ঘৰৰ পৰাই বিক্ৰমৰ মাক পলাই গৈছিল (তেওঁৰ দুবছৰ বয়সতে মাক ঢুকাইছিল), আত্মীয়ই তেওঁক প্ৰহাৰ কৰিছিল আৰু ১২ বছৰ বয়সতে বিবাহৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিছিল, আৰু এজন পুৰুষ আত্মীয়ই তেওঁক উৎপীড়ন কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ কয়, “মই মুম্বাইত কাম পাব পাৰো বুলি শুনিছিলো”।

ছত্ৰপতি শিৱাজী টাৰ্মিনাচত ৰে’লৰ পৰা নামি প্ৰিয়াই অৱশেষত মদনপুৰাত ঘৰুৱা কৰ্মী হিচাপে চাকৰি এটা বিচাৰি পায়, মাহে ৪০০ টকা উপাৰ্জন কৰে আৰু পৰিয়ালৰ সৈতে থাকে। সময় যোৱাৰ লগে লগে, তেওঁ এজন গেলামালৰ দোকানীৰ সৈতে দক্ষিণ মুম্বাই ৰে ৰোডৰ এটা ভাড়াঘৰত বাস কৰিবলৈ লৈছিল, ইয়াৰ পিছত তাই কৈছিল যে মানুহজন নিৰুদ্দেশ হৈছিল। তাই পথৰ দাঁতিত বাস কৰিবলৈ আৰম্ভ কৰিছিল আৰু অনুভৱ কৰিছিল যে তেওঁ গৰ্ভৱতী হৈছিল। "মই ভিক্ষা কৰিছিলো আৰু জীয়াই আছিলোঁ।" আনকি বিক্ৰমৰ জন্মৰ পিছতো (২০০৫ চনত জেজে চিকিৎসালয়ত) তেওঁ ফুটপাথতে থাকিছিল। "এদিন ৰাতি, মই এজন ধান্দেৱালীক লগ পাইছিলো যিয়ে মোক খাবলৈ দিছিল। তেওঁ বুজাইছিল কৰিছিল যে প্ৰিয়াৰ খুওৱাবলৈ এটা সন্তান আছে, আৰু সেয়ে মই ব্যৱসায়ত যোগদান কৰা উচিত।" সংশয়ৰ ভাৱে তেওঁক আগুৰি ধৰিছিল যদিও শেষত তেওঁ মান্তি হৈছিল।

কেতিয়াবা, তেওঁ কৰ্ণাটকৰ বিজাপুৰলৈ যৌন কামৰ বাবে কামাঠিপুৰাৰ কেইগৰাকীমান মহিলাৰ সৈতে যায় যি সেই চহৰৰ পৰা আহিছে। তেনে এটা ভ্ৰমণত তেওঁলোকে তাইক এজন পুৰুষৰ সৈতে পৰিচয় কৰাই দিছিল। "তেওঁলোকে কৈছিল যে তেওঁ মোক বিয়া কৰাব আৰু মই আৰু মোৰ পুত্ৰৰ জীৱন ভাল হ'ব।" তেওঁলোকৰ গোপন 'বিবাহ' হৈছিল আৰু ৬-৭ মাহ প্ৰিয়া তেওঁৰ সৈতে আছিল, কিন্তু তাৰ পিছত তেওঁৰ পৰিয়ালে প্ৰিয়াক ঘৰ এৰি যাবলৈ কৈছিল। "সেইসময়ত ৰিদ্ধি জন্ম হোৱাৰ কথা," প্ৰিয়াই কয়, যি পিছত অনুভৱ কৰিছিল যে মানুহজনে ভুৱা নাম ব্যৱহাৰ কৰিছিল আৰু ইতিমধ্যেই বিবাহিত আছিল আৰু মহিলাসকলে প্ৰিয়াক মানুহজনৰ ওচৰত 'বিক্ৰী' কৰিছিল।

২০১১ চনত ৰিদ্ধি জন্ম হোৱাৰ পিছত, প্ৰিয়াই বিক্ৰমক অমৰাৱতীৰ এজন আত্মীয়ৰ ঘৰলৈ পঠিয়াইছিল। "সি ডাঙৰ হৈ আহিছিল আৰু এই অঞ্চলত চাৰিওফালে বস্তুবোৰ দেখি আছিল..." কিন্তু সি তাৰ পৰাও পলাই গৈছিল আৰু কৈছিল যে তেওঁলোকে অনুশাসনহীনতাৰ বাবে তাক প্ৰহাৰ কৰিছিল। "আমি সেই সময়তো এটা নিৰুদ্দেশ অভিযোগ দাখিল কৰিছিলো। দুদিনৰ পিছত সি ঘূৰি আহিছিল।" বিক্ৰমে এখন ৰে’লত গৈ দাদৰ ষ্টেচন পাইছিল, আৰু খালী ৰে’লৰ কম্পাৰ্টমেণ্টত থাকিবলৈ লৈছিল আৰু আনে তাক ভিক্ষাৰী বুলি ভাবি যি দিছিল সেয়াই খাইছিল।

Vikram found it hard to make friends at school: 'They treat me badly and on purpose bring up the topic [of my mother’s profession]'
PHOTO • Aakanksha

বিক্ৰমে স্কুলত ব ন্ধু গঢ়িবলৈ টান পাইছিল: 'সিহঁতে মোক বেয়া ব্যৱহাৰ কৰে আৰু উদ্দেশ্যপূৰ্ণভাৱে [মোৰ মাৰ বৃত্তিৰ] বিষয়টো উত্থাপন কৰে'

তেতিয়া তাৰ বয়স আছিল ৮ বা ৯ বছৰ আৰু তাক মধ্য মুম্বাইৰ ডংগ্ৰিত থকা কৈশোৰ গৃহত এসপ্তাহৰ বাবে 'অনাই-বনাই ঘূৰি ফুৰা'ৰ বাবে আটক কৰা হৈছিল। তাৰ পিছত, প্ৰিয়াই তাক এক দাতব্য সংগঠনৰ দ্বাৰা পৰিচালিত আন্ধেৰীৰ এখন হোষ্টেল-প্লাছ-স্কুললৈ পঠিয়াইছিল য'ত সি ষষ্ঠ শ্ৰেণীলৈকে পঢ়িছিল।

"বিক্ৰম সদায় সমস্যাত পৰে। মই তাৰ প্ৰতি অধিক সাৱধান হ'ব লাগিব," প্ৰিয়াই কয়। তেওঁ বিচাৰিছিল যে সি আন্ধেৰীৰ হোষ্টেলত থাকক (য'ত তাক আনকি কেইবাৰমান পৰামৰ্শদাতাৰ ওচৰলৈ লৈ যোৱা হৈছিল), কিন্তু এজন তত্ত্বাৱধায়কক আঘাত কৰাৰ পিছত তাৰ পৰাও সি পলাই গৈছিল। ২০১৮ চনত প্ৰিয়াই তাক বাইকুল্লাৰ পৌৰ বিদ্যালয়ত ৭ম শ্ৰেণীত নামভৰ্তি কৰে আৰু তেওঁ কামাঠিপুৰালৈ ঘূৰি যায়।

বিক্ৰমক বাইকুল্লা বিদ্যালয়ৰ পৰা দুৰ্ব্যৱহাৰ আৰু আন ল'ৰাৰ সৈতে কাজিয়া কৰাৰ বাবে নিলম্বিত কৰা হৈছে। "শিক্ষাৰ্থী আৰু চৌপাশৰ মানুহে তাক মোৰ কামৰ বিষয়ে জোকাই থকাটো সি ভাল পোৱা নাছিল। সি অতি সোনকালে খং কৰে," প্ৰিয়াই কয়। সি সাধাৰণতে কাকো নিজৰ পৰিয়ালৰ বিষয়ে নকয়, আৰু স্কুলত বন্ধু গঢ়িবলৈ টান পায়। বিক্ৰমে কয়, "সিহঁতে মোক বেয়া ব্যৱহাৰ কৰে আৰু উদ্দেশ্যপ্ৰণোদিতভাৱে (মোৰ মাৰ বৃত্তিৰ) বিষয়টো উত্থাপন কৰে।"

তথাপিও সি এজন সম্ভাৱনাপূৰ্ণ শিক্ষাৰ্থী আছিল, নব্বৈৰ ঘাইত নম্বৰ পাইছিল। কিন্তু তাৰ ৭ম শ্ৰেণীৰ মাৰ্কশ্বীটত কেতিয়াবা এমাহত মাত্ৰ তিনিদিনহে বিদ্যালয়ত উপস্থিত থকাটো দেখুৱাইছে। সি পঢ়া-শুনা কৰিব পাৰে আৰু পঢ়িব বিচাৰে বুলি কয়। নৱেম্বৰ ২০২০ৰ আৰম্ভণিতে, সি অষ্টম শ্ৰেণীৰ মাৰ্কশ্বীট (২০১৯-২০ শিক্ষাবৰ্ষৰ বাবে) লাভ কৰিছিল আৰু সাতটা বিষয়ত এ গ্ৰেড লাভ কৰিছিল আৰু বাকী দুটাত বি গ্ৰেড লাভ কৰিছিল।

"মোৰ বহুতো বন্ধুৱে [কামাঠিপুৰাত] স্কুল এৰি কাম কৰে। কিছুমানৰ অধ্যয়নত কোনো আগ্ৰহ নাই, সিহঁতে উপাৰ্জন অধিক ভাল বুলি অনুভৱ কৰে কিয়নো সিহঁতে সঞ্চয় কৰিব পাৰে আৰু ব্যৱসায় এটা আৰম্ভ কৰিব পাৰে," বিক্ৰমে কয়। (২০১০ চনত কলকাতাৰ ৰেড লাইট এলেকাত বাস কৰা শিশুসকলৰ ওপৰত কৰা এক অধ্যয়নত আধাতে স্কুল এৰা শিশুৰ হাৰ প্ৰায় ৪০ শতাংশ হৈছে আৰু উল্লেখ কৰা হৈছে যে "ই এই দুৰ্ভাগ্যজনক বাস্তৱ পৰিস্থিতি দৰ্শাইছে যে ৰেড লাইট এলেকাত বাস কৰা শিশুসকলৰ বাবে বিদ্যালয়ৰ নিম্ন উপস্থিতি এক সচৰাচৰ সমস্যা।")

আমি কথা পাতি থাকোতে বিক্ৰমে এটা গুটখা পেকেট খুলিছিল। "মাক নক'ব," সি কৈছিল। আগতে সি মাজে মাজে ধূমপান আৰু সুৰাপান কৰিছিল, তিতা পাইছিল আৰু বন্ধ কৰিছিল ‘‘কিন্তু মই গুটখাৰ অভ্যাসটো আঁতৰাব নোৱাৰো। মই ইয়াৰ সোৱাদ ল'বলৈ চেষ্টা কৰিছিলো আৰু নাজানো যে মই কেতিয়া ইয়াৰ প্ৰতি অভ্যস্ত হৈ পৰিছিলোঁ", সি কয়। কেতিয়াবা প্ৰিয়াই তাক চোবাই থকা ধৰা পেলাইছিল আৰু তাক মাৰিছিল।

"ইয়াত শিশুৱে সকলো বেয়া অভ্যাস চপাই লয়, সেয়েহে মই সিহঁতক হোষ্টেলত থাকি অধ্যয়ন কৰাটো বিচাৰো। ৰিদ্ধিয়েও ইয়াৰ মহিলাসকলক অনুকৰণ কৰে," লিপষ্টিক পৰিধান কৰিলৈ চেষ্টা কৰে বা মহিলাসকলৰ খোজকঢ়াৰ অনুকৰণ কৰে, প্ৰিয়াই কয়। "মাৰ-পিট কৰা, যুঁজ কৰা হৈছে আপুনি ইয়াত প্ৰতিদিনে দেখা ঘটনা।"

The teenager's immediate world: the streets of the city, and the narrow passageway in the brothel building where he sleeps. In future, Vikram (left, with a friend) hopes to help sex workers who want to leave Kamathipura
PHOTO • Aakanksha
The teenager's immediate world: the streets of the city, and the narrow passageway in the brothel building where he sleeps. In future, Vikram (left, with a friend) hopes to help sex workers who want to leave Kamathipura
PHOTO • Aakanksha

কিশোৰ ৰ তাৎক্ষণিক পৃথিৱী: চহৰৰ ৰাস্তা, আৰু সি শুই থকা পতিতালয়ভৱনৰ ঠেক পথ। ভৱিষ্যতে, বিক্ৰমে (বাওঁফালে, এজন বন্ধুৰ সৈতে) কামাঠিপুৰা এৰিব বিচৰা যৌন কৰ্মীসকলক সহায় কৰিব বুলি আশা কৰে

লকডাউনৰ পূৰ্বে বিক্ৰম বিদ্যালয়ত দুপৰীয়া ১ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ আছিল আৰু সন্ধিয়া ৭ বজালৈ অঞ্চলটোৰ এটা বেচৰকাৰী সংগঠনৰ দ্বাৰা পৰিচালিত নৈশ কেন্দ্ৰ আৰু শ্ৰেণীত আছিল, যেতিয়া শিশুৰ মাতৃসকল কামলৈ ওলাই গৈছিল। তাৰ পিছত সি হয় ঘৰলৈ উভতি আহে – তেওঁৰ মাতৃয়ে গ্ৰাহকক লগ পোৱা কোঠাটোৰ কাষৰ এটা পথত শুই থাকে – বা কেতিয়াবা নৈশ আশ্ৰয়ত থাকে।

লকডাউনৰ লগতে তাৰ ভনীয়েকেও ঘৰলৈ উভতি অহাৰ লগে লগে তেওঁলোকৰ কোঠাটো আৰু অধিক সংকুচিত হৈ পৰিছিল, যাক সি "ট্ৰেইন কা ডাব্বা" বুলি অভিহিত কৰে। "সেয়েহে সি ৰাতি কেতিয়াবা পথত টহল দি ফুৰিছিল বা য'তেই কাম পাইছিল তাতেই থাকিছিল। পৰিয়ালৰ কোঠাটো মাত্ৰ ১০ বাই ১০ ফুট, ৪ বাই ৬ৰ তিনিটা আয়তাকাৰ বাকচত বিভক্ত, প্ৰতিটোত এজন ভাড়াতীয়া বাস কৰে – এজন ব্যক্তিগত যৌন কৰ্মী বা তেওঁৰ পৰিয়ালৰ সৈতে এজন। কোঠাবোৰ সাধাৰণতে মহিলাৰ কৰ্মক্ষেত্ৰ।

১৪ আগষ্টত প্ৰিয়া আৰু ভনীয়েকৰ সৈতে ৰে’লত ভাপীৰ পৰা উভতি অহাৰ পিছত বিক্ৰমে কাষৰ চুবুৰীত এটা কাম বিচাৰি পাইছিল। তেতিয়াৰে পৰা সি শাক-পাচলি বিক্ৰী, নিৰ্মাণস্থলীত কাম, বোজা কঢ়িওৱাৰ কাম কৰি আছে।

মাকে বিক্ৰমৰ স্কুলৰ পৰা খবৰ অহালৈ অপেক্ষা কৰি আছিল আৰু কেতিয়া অনলাইন শ্ৰেণী আৰম্ভ হৈছিল সেই বিষয়ে অৱগত নাছিল। তাৰ ওচৰত স্মাৰ্টফোন নাই আৰু থাকিলেও এতিয়া কাম কৰোতে তাৰ সময় পাৰ হয় আৰু শ্ৰেণীৰ বাবে ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ পৰিয়ালটোক ধনৰ প্ৰয়োজন হ'ব। তাৰোপৰি তাৰ দীঘলীয়া অনুপস্থিতিৰ বাবে, বিদ্যালয়খনে তাক পঞ্জীয়নৰ পৰা আঁতৰাই দিছে, প্ৰিয়াই কয়।

Vikram has agreed to restart school, but wants to continue working and helping to support his mother
PHOTO • Aakanksha
Vikram has agreed to restart school, but wants to continue working and helping to support his mother
PHOTO • Aakanksha

বিক্ৰমে পুনৰ বিদ্যালয়ত পঢ়িবলৈ সন্মত হৈছে , কিন্তু কামো অব্যাহত ৰাখিব বিচাৰিছে। সোঁফালে তাৰ বিদ্যালয়ৰ বেগটো, এতিয়া সেইটো কামত ব্যৱহাৰ কৰে

তেওঁ ডংগ্ৰিৰ শিশু কল্যাণ সমিতিৰ সৈতে যোগাযোগ কৰিছে যাতে বিক্ৰমক হোষ্টেল-স্কুললৈ পঠোৱাত সহায় হয়, তেওঁ ভয় কৰে যে যদি সি কাম কৰি থাকে তেন্তে তাৰ পঢ়া বন্ধ হ’ব পাৰে। আবেদনখন প্ৰক্ৰিয়াত আছে। আনকি এয়া সম্ভৱ হ’লেও সি এটা শিক্ষাবৰ্ষ (২০২০-২১) হেৰুৱাব। "মই বিচাৰো যে সি পঢ়ক আৰু স্কুল আৰম্ভ হোৱাৰ পিছত কাম নকৰক। সি অনাই-বনাই ঘূৰি ফুৰা উচিত নহয়", প্ৰিয়াই কয়।

ৰিদ্ধিক দাদৰৰ এখন হোষ্টেল-স্কুলত নামভৰ্তি কৰোৱা হৈছিল আৰু নৱেম্বৰৰ মাজভাগত তালৈ লৈ যোৱা হৈছিল। প্ৰিয়াই নিজৰ ছোৱালী যোৱাৰ পিছত মাজে-সময়ে পেটৰ বিষ নহ’লে পুনৰ যৌনকৰ্ম আৰম্ভ কৰিছিল।

বিক্ৰমে ৰান্ধনি হ'বলৈ চেষ্টা কৰিব বিচাৰে, সি ৰান্ধিবলৈ ভাল পায়। "মই কাকো কোৱা নাই, তেওঁলোকে ক'ব" যে এয়া ছোৱালীৰ হে কাম," সি কয়। তাৰ ডাঙৰ পৰিকল্পনা হৈছে কামাঠিপুৰা এৰিব বিচৰা যৌন কৰ্মীসকলক স্থানান্তৰ কৰা। সি কয়, "মই বহুত উপাৰ্জন কৰিব লাগিব যাতে মই তেওঁলোকক খুৱাব পাৰো আৰু পিছত তেওঁলোকে সঁচাকৈয়ে কৰিব বিচৰা যাতে এটা কাম বিচাৰি পাও।" "বহুলোকে কয় যে তেওঁলোকে ইয়াৰ মহিলাসকলক সহায় কৰিব, কিন্তু আপুনি দেখিছে যে এই অঞ্চললৈ বহুতো নতুন বাইদেউ আহিছে, বহুতে বলপূৰ্বক আৰু বেয়া কামৰ [যৌন উৎপীড়ন]ৰ সন্মুখীন হৈছে আৰু ইয়াত তেওঁলোকক নিক্ষেপ কৰা হৈছে। নিজৰ স্বইচ্ছাই ইয়ালৈ কোন আহে? আৰু কোনে তেওঁলোকক সুৰক্ষা দিব।"

অক্টোবৰত, বিক্ৰমে ভাপীৰ একেটা ভোজনালয়লৈ ঘূৰি গৈছিল। সি দুপৰীয়াৰ পৰা মাজ নিশালৈকে দুসপ্তাহ কাম কৰিছিল; মজিয়া, মেজ আৰু কাঁহী-বাটি আদি পৰিষ্কাৰ কৰিছিল। দিনত দুবাৰকৈ সি আহাৰ আৰু সন্ধিয়া চাহ খাবলৈ পাইছিল। নৱম দিনা সি এজন সহকৰ্মীৰ সৈতে কাজিয়া কৰি দুয়োজনে পৰস্পৰক আঘাত কৰিছিল। দুসপ্তাহৰ বাবে ৩,০০০ টকাৰ সন্মত মজুৰিৰ পৰিৱৰ্তে সি ২,০০০ টকা লাভ কৰিছিল আৰু অক্টোবৰৰ শেষত ঘৰলৈ উভতি আহিছিল।

এতিয়া সি এখন ধাৰলৈ লোৱা চাইকেল ব্যৱহাৰ কৰি মুম্বাই চেণ্ট্ৰেলৰ চাৰিওফালৰ স্থানীয় ৰেষ্টুৰেণ্টৰ পৰা পাৰ্চেল বিতৰণ কৰে। কেতিয়াবা সি কামাঠিপুৰাৰ এটা ফটো ষ্টুডিঅ'ত কাম কৰে, পেন ড্ৰাইভ আৰু এছডি কাৰ্ড যোগান ধৰে। তাৰ উপাৰ্জন এতিয়াও সীমিত।

প্ৰিয়াই শীঘ্ৰেই হোষ্টেলৰ পৰা খবৰ পোৱাৰ অপেক্ষা কৰিছে আৰু আশা কৰিছে যে চাকনৈয়াত পৰা তাইৰ পুত্ৰ তেওঁৰ ওচৰৰ পৰা পলাই নাযাওক। বিক্ৰমে পুনৰ বিদ্যালয়লৈ যাবলৈ সন্মত হৈছে কিন্তু লগতে কামো অব্যাহত ৰাখিব বিচাৰে আৰু মাকক সমৰ্থন কৰাত সহায় কৰিব বিচাৰে।

অনুবাদ: মনোৰঞ্জন মজুমদাৰ

Aakanksha

Aakanksha is a reporter and photographer with the People’s Archive of Rural India. A Content Editor with the Education Team, she trains students in rural areas to document things around them.

Other stories by Aakanksha
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

Other stories by Manoranjan Majumder