

Mumbai, Maharashtra
|SUN, FEB 20, 2022
দৃশ্যমান কাম, অদৃশ্য নাৰী: এক অনলাইন আলোকচিত্ৰ প্ৰদৰ্শনী
দৃশ্যমান কাম, অদৃশ্য নাৰী সম্ভৱতঃ এনেধৰণৰ প্ৰথম, সম্পূৰ্ণৰূপে ডিজিটাইজড আৰু কিউৰেটেড অনলাইন আলোকচিত্ৰ প্ৰদৰ্শনী, যিটো কায়িক প্ৰদৰ্শনীৰ উপৰিও সৃষ্টিশীলতাৰে অনলাইনত উপলব্ধ কৰা হৈছে
Author
Translator

P. Sainath

P. Sainath

P. Sainath

P. Sainath
এই দৃশ্যমান ভ্ৰমণৰ সময়ত পঢ়ুৱৈ আৰু দৰ্শকে সমগ্ৰ প্ৰদৰ্শনীখন চাবলৈ সক্ষম হ'ব য'ত দেশৰ গ্ৰামীণ মহিলাসকলে কৰা বিভিন্ন প্ৰকাৰৰ কামৰ প্ৰকৃত ছবি দেখুওৱা হৈছে। এই সকলোবোৰ আলোকচিত্ৰ পি সাইনাথে ১৯৯৩ আৰু ২০০২ চনৰ ভিতৰত ভাৰতৰ প্ৰায় দহখন ৰাজ্য ভ্ৰমণ কৰি তুলিছিল । এই আলোকচিত্ৰবোৰ অৰ্থনৈতিক সংস্কাৰৰ প্ৰথম দশকৰ পৰা ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতি আঁচনি বলৱৎ হোৱাৰ দুবছৰৰ আগৰ সময়ছোৱাৰ।
২০০২ চনৰ পৰা আৰম্ভ কৰি প্ৰদৰ্শনীখনৰ আলোকচিত্ৰৰ চাৰিটা ছেট কেৱল ভাৰততেই ৭০০,০০০ ৰো অধিক লোকে কায়িক ৰূপত চাব পাৰিছে। আলোকচিত্ৰসমূহ বাছ আৰু ৰেল ষ্টেচন, কাৰখানাৰ দুৱাৰ, কৃষি আৰু অন্যান্য শ্ৰমিক, বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ বৃহৎ ৰেলীত দেখুওৱা হৈছে। এতিয়া প্ৰথমবাৰৰ বাবে এই আটাইবোৰ আলোকচিত্ৰ ৱেবছাইটত অনলাইনত প্ৰদৰ্শন কৰা হৈছে।
দৃশ্যমান কাম, অদৃশ্য নাৰী সম্ভৱতঃ এনেধৰণৰ প্ৰথম, সম্পূৰ্ণৰূপে ডিজিটাইজড আৰু কিউৰেটেড অনলাইন ফটো প্ৰদৰ্শনী, যাক কায়িক প্ৰদৰ্শনীৰ উপৰিও সৃষ্টিশীলতাৰ সৈতে অনলাইনতো প্ৰদৰ্শন কৰা হৈছে (য'ত কিছুমান আখৰ আৰু বৃহৎ আলোকচিত্ৰও অন্তৰ্ভুক্ত কৰা হৈছে)। প্ৰতিটো পেনেলত গড়ে ২ ৰ পৰা ৩ মিনিটৰ ভিডিঅ' অন্তৰ্ভুক্ত কৰা হৈছে। অন্তিম পেনেলত, য'ত প্ৰদৰ্শনীটো সমাপ্ত হৈছে, তাত ৭ মিনিটৰ ভিডিঅ' অন্তৰ্ভুক্ত কৰা হৈছে।
এই প্ৰদৰ্শনীত, আপুনি ভিডিঅ' চাব পাৰে আৰু ফটোগ্ৰাফাৰৰ মন্তব্যবোৰ শুনিব পাৰে, আলোকচিত্ৰৰ সৈতে লিখা কথাখিনি পঢ়িব পাৰে, আৰু প্ৰতিখন স্থিৰ-আলোকচিত্ৰ উন্নত ৰিজলিউচনত চাব পাৰে।
আপুনি ভিডিঅ'টো চোৱাৰ পিছত পৃষ্ঠাটো তললৈ স্ক্ৰল কৰি এয়া কৰিব পাৰে। প্ৰতিটো পৃষ্ঠাৰ ভিডিঅ'ৰ তলত, আপুনি সেই নিৰ্দিষ্ট পেনেলৰ মূল ছবি আৰু স্থিৰ-আলোকচিত্ৰ বিচাৰি পাব।
যদি আপুনি বিচাৰে, আপুনি তলৰ প্ৰতিটো লিংকত ক্লিক কৰি এবাৰত এটা পেনেললৈ যাব পাৰে আৰু প্ৰদৰ্শনী চাব পাৰে। ইয়াৰ জৰিয়তে আপুনি কি ভাল পায় তাৰ ওপৰত গুৰুত্ব দিব পাৰে। যদি আপুনি বিচাৰে, আপুনি তলৰ শৃংখলাটোৰ অন্তিম লিংকত ক্লিক কৰি গোটেই প্ৰদৰ্শনীটো এটা ভিডিঅ'ত একেৰাহে চাব পাৰে।

P. Sainath

P. Sainath

P. Sainath
পেনেল ৩: আমাৰ শ্ৰমেৰে আনৰ সুফলা পথাৰ

P. Sainath

P. Sainath
পেনেল ৫: দৃশ্যমান কাম, অদৃশ্য নাৰী

P. Sainath
পেনেল ৬: জীৱনটোলৈ বুলি পাতবোৰ যতনে তুলি

P. Sainath

P. Sainath

P. Sainath
পেনেল ৯ক: গৰু-গাই আহি পোৱালৈকে

P. Sainath
পেনেল ৯খ: চাফাইকৰ্ম!

P. Sainath
পেনেল ১০: আগবাঢ়ি গৈ থাকা
অথবা সকলোবোৰ একেলগে ইয়াত চাব পাৰি (ইয়াত ৩২ মিনিট সময়ৰ প্ৰয়োজন হ’ব, কিন্তু এনেদৰে আপুনি সমগ্ৰ প্ৰদৰ্শনীখন পেনেলৰ পৰা পেনেললৈ একেৰাহে চাবলৈ সক্ষম হ'ব)। কথাবোৰ পঢ়িবলৈ আপুনি প্ৰতিটো পেনেলৰ পৃষ্ঠালৈ যাব লাগিব। সমগ্ৰ প্ৰদৰ্শনীৰ লিংক, য’ত ৩২ মিনিটৰ ভিডিঅ'টোত অন্তৰ্ভুক্ত কৰা হৈছে সেয়া তলত উল্লেখ কৰা হৈছে।
অনুবাদ: মনোৰঞ্জন মজুমদাৰ
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/দৃশ্যমান-কাম-অদৃশ্য-নাৰী-এক-অনলাইন-আলোকচিত্ৰ-প্ৰদৰ্শনী

