গ্ৰামাঞ্চলৰ মহিলাই কৰা কামৰ বিশাল পৰিসৰ দেখুওৱাৰ উদ্দেশ্যে দৃশ্যমান কাম, অদৃশ্য নাৰী, এক আলোকচিত্ৰ প্ৰদৰ্শনী শীৰ্ষক শিতানৰ এয়া এটা পেনেল। ইয়াৰ আটাইবোৰ আলোকচিত্ৰ ১৯৯৩ৰ পৰা ২০০২ চনৰ ভিতৰত পি সাইনাথে ভাৰতৰ ১০ খন ৰাজ্য ঘূৰি তুলিছে। বহুবছৰ ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শিত প্ৰদৰ্শনীৰ আলোকচিত্ৰবোৰ পাৰিয়ে সৃষ্টিশীলতাৰে ডিজিটাইজ কৰি আপোনালৈ আগবঢ়াইছে।
আগবাঢ়ি গৈ থাকা
চাইকেল চলোৱা শিকিবলৈ তেওঁ ভালৰো ভালখন শাড়ী পিন্ধি আহিছে। এয়া তামিলনাডুৰ পুৰুক্কোট্টাইৰ চাইকেল প্ৰশিক্ষণ কেন্দ্ৰ এটাৰ দৃশ্য। দুচকীয়া দেখি তেওঁলোকৰ চকু জলমল কৰিছে। তেওঁৰ জিলাখনৰ অতিকৈ দৰিদ্ৰ পৰিয়ালৰ প্ৰায় ৪,০০০ মহিলাই তেওঁলোকৰ অঞ্চলৰ খনিবোৰ নিয়ন্ত্ৰণ কৰিবলৈ আহিছে য’ত এসময়ত তেওঁলোকে শ্ৰমিক হিচাপে কাম কৰিছিল। তেওঁলোকৰ সংগঠিত সংগ্ৰাম আৰু ৰাজনৈতিক চেতনাসমৃদ্ধ সাক্ষৰতা আন্দোলনে পুৰুক্কোট্টাইক এক নতুন ৰূপ দিছে।
সম্পদৰ মালিকানাস্বত্ত্ব আৰু নিয়ন্ত্ৰণ সদায়েই ঘাই কথা হৈ আহিছে। এই মৌলিক অধিকাৰবোৰ বাদ দি দেশৰ কোটি কোটি গ্ৰামীণ মহিলাৰ অৱস্থাৰ উন্নতি অসম্ভৱ।
মধ্য প্ৰদেশৰ ঝাবুৱা গাঁৱৰ পঞ্চায়তখনৰ আটাইবোৰেই মহিলা। সঁচা যে স্থানীয় প্ৰশাসনত সক্ৰিয় অংশগ্ৰহণৰ ফলত তেওঁলোকৰ অৱস্থাৰ উন্নতি হৈছে আৰু তেওঁলোকে আত্মমৰ্য্যাদাও লাভ কৰিছে। কিন্তু নিজৰ গাঁৱতে তেওঁলোকৰ অধিকাৰৰ কোনো স্বীকৃতি নাই। তেওঁলোকৰ নিজৰ মালিকানাস্বত্ত্ব বা নিয়ন্ত্ৰণ বুলিবলৈ তেনেই সীমিত। ভাবি চাওক যদি দলিত মহিলা এগৰাকী পঞ্চায়তৰ সভাপতি হয় আৰু উপসভাপতিগৰাকী তেওঁৰ মাটিৰ মালিক। সেই উপ-সভাপতিয়ে জ্যেষ্ঠ বুলি তেওঁৰ কথা শুনিবনে? নে তেওঁ মালিকে শ্ৰমিকক কৰা আচৰণ তাতো দেখুৱাব? নে পুৰুষ হিচাপে মহিলাৰ ওপৰত নিয়ন্ত্ৰণ দেখুৱাব? পঞ্চায়তৰ মহিলা সভাপতি আৰু সদস্যক প্ৰায়েই বিবস্ত্ৰ কৰি অসন্মান কৰা, মাৰ-পিট কৰা, ধৰ্ষণ, অপহৰণ কৰা হয় আৰু ভুৱা গোচৰ জাপি দিয়া হয়। তৎস্বত্ত্বেও পঞ্চায়তৰ সদস্য বা সভাপতি হিচাপে মহিলাই অবিশ্বাস্য কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই সামন্তবাদী প্ৰথা বিলুপ্ত হ’লে তেওঁলোকে আৰু কি কি যে অৰ্জন কৰিব নোৱাৰিব!






