মোৰ শেহতীয়া গ্ৰন্থ ‘দা লাষ্ট হিৰ’জত বৰ্ণিত সম্ভৱতঃ জীৱিত মুক্তি যুজাৰু সকলৰ ভিতৰত আটাইতকৈ বয়োজ্যেষ্ঠ থেলু মাহাতোৰ যোৱা বৃহস্পতি বাৰে পশ্চিম বংগৰ পুৰুলিয়া জিলাৰ পিৰ্ৰা গাৱঁত থকা নিজা বাসগৃহত মৃত্যু হয়। গ্ৰন্থখন প্ৰকাশ হোৱাৰ পিচত তাত উল্লেখ থকাসকলৰ ভিতৰত প্ৰথম তেওঁৰে মৃত্যু হৈছে। ১৯৪২ চনত পুৰুলিয়াৰ ১২খন আৰক্ষী থানাত হোৱা ঐতিহাসিক প্ৰতিবাদী সমদলত ভাগ লোৱা তেওঁ আছিল শেষজন জীৱিত ব্যক্তি। থেলুৰ বয়স ১০৩ ৰ পৰা ১০৫ বছৰমানৰ ভিতৰত হ’ব।
তেওঁৰ মৃত্যুৰ পিচত সংগ্ৰাম কৰি ভাৰতক স্বাধীন ৰাষ্ট্ৰ হিচাপে পৰিগণিত কৰাত সহায় কৰা সোণালী প্ৰজন্মক আমাৰ মাজৰ পৰা হেৰুৱাই পেলোৱাৰ দিশে আমি আৰু এখোজ আগুৱাই গলোঁ। অহা পাঁচ বা ছয় বছৰত এই দেশখনৰ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰা আৰু এজনো মানুহ জীয়াই নাথাকিব। ভাৰতৰ নৱতম প্ৰজন্মই স্বাধীনতা সংগ্ৰামীসকলক আৰু দেখিবলৈ নাপাব, কেতিয়াও তেওঁলোকক কথা ক’বলৈ বা তেওঁলোকৰ কথা শুনিবলৈ নাপাব। তেওঁলোক কোন, কি বিচাৰি সংগ্ৰাম কৰিছিল – আৰু কিয় স্বাধীনতা বিচাৰিছিল সেয়া প্ৰত্যক্ষভাৱে কাকো কোৱা নহ’ব।
কিন্তু থেলু মাহাতো আৰু তেওঁৰ জীৱন সংগী লক্ষী মাহাতো তেওঁলোকৰ কাহিনীবোৰ ক’বৰ বাবে আছিল অতিশয় আগ্ৰহী। তেওঁলোকৰ প্ৰৱল ইচ্ছা আছিল এই কথালৈ - যুৱ তথা নৱতম প্ৰজন্মই জনা উচিত যে তেওঁলোকে নিজ দেশৰ বাবে থিয় দিছিল আৰু তাৰ বাবে তেওঁলোকে গৌৰৱ অনুভৱ কৰে। থেলুৱে তেওঁৰ নিজৰ কাহিনী আৰু ক’ব নোৱাৰিব। অনাগত ৫-৬ বছৰত তেওঁৰ প্ৰজন্মৰ বাকী জীৱিত থকা সকলেও তেওঁলোকৰ কাহিনী আৰু ক’ব নোৱাৰা হ’ব।
যুৱ ভাৰতীয়সকলৰ ভৱিষ্যতৰ বাবে এয়া যে কিমান ডাঙৰ ক্ষতি! আৰু আমাৰ বৰ্তমানৰ প্ৰজন্মৰ বাবে ইতিমধ্যেই কিমান যে ক্ষতিসাধন হৈছে, যিয়ে থেলুহঁতৰ কথা, তেওঁলোকৰ ত্যাগৰ কথা অথবা আমাৰ নিজৰ কাহিনীৰ আকাৰ দিবলৈ হ’লে তেওঁলোকৰ কাহিনীবোৰ কিয় গুৰুত্বপূৰ্ণ খুব কমেই জানে বা জানিবলৈ ইচ্ছুক নহয়।
বিশেষকৈ এনে এক সময়ত যেতিয়া ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কথা পুনৰ্লিখনতকৈ মনেৰে গঢ়ি, আৱিষ্কাৰ কৰি বলপূৰ্বক কথা আৰোপহে কৰা হয়। ৰাজহুৱা বাকধাৰাত, মন কৰিবলগীয়াকৈ বেছ সংখ্যক মাধ্যমৰ বিষয়বস্তুত, আৰু ভয়াবহ ভাৱে আমাৰ বিদ্যালয়ৰ পাঠ্যপুথিৰ পৰা মোহনদাস কৰমচান্দ গান্ধীৰ হত্যা সংক্ৰান্ত কথাৰ দৰে মূলসত্যবোৰ লাহে লাহে মচি পেলোৱা হৈছে।






