সিদিনা আছিল অক্টোবৰৰ এটা দেওবৰীয়া পুৱা। শীতৰ জাৰ যোৱা নাছিল। আমি হাবিৰ ভিতৰত আছিলো, তাতে বিষয়াসকলে অস্থায়ী তম্বু তৰিছিল। পশ্চিম বিদৰ্ভৰ য়াভাতমাল জিলাৰ লোনি আৰু চৰাটি গাঁৱৰ মাজত উক্ত অভিযানৰ কাৰণে বেছ কেম্প পতা হৈছিল। সেই এলেকাটো কপাহ খেতিয়কৰ আত্মহত্যাৰ কাৰণে কুখ্যাত।
এয়া ৰালেগাঁও তহচিল। ৪৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ দিশত বডকি আৰু উমৰিগাঁৱৰ মাজত অৱস্থিত ৰালেগাঁও। গণ্ড জনগোষ্ঠী অধ্যুষিত এলেকাটোত বেছিভাগ ক্ষুদ্ৰ দৰিদ্ৰ কৃষকৰ বসতি। তেঁওলোকে কপাহ আৰু মচুৰৰ খেতি কৰে।
বাঘৰ সূংসুত্ৰ উলিয়াবলগীয়া দলত ২০০ বন্যকৰ্মী আছে। সুৰক্ষাকৰ্মী, মহাৰাষ্ট্ৰ বন বিভাগৰ বন্যপ্ৰাণী বিভাগৰ ৰেঞ্জ বন বিষয়া, ৰাজ্যৰ বন বিকাশ নিগম, জিলা বন বিষয়া, মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) আৰু বন্যপ্ৰাণী বিভাগৰ শীৰ্ষস্থানীয় বিষয়া, প্ৰধান মুখ্য বন সংৰক্ষক (পিচিচিএফ, বন্যপ্ৰাণী) এই দলত আছে। এই সকলোৱে মিলি কাম কৰিছে, ২৪ ঘণ্টাই অতন্দ্ৰ পহৰা দিছে, বাঘিনীজনী আৰু তাইৰ পোৱালী দুটাৰ সন্ধান বিচাৰি ফুৰিছে।
সেই গোটত আকৌ হায়দৰাবাদৰ পৰা অহা বিশেষ নিচানবাজো আছে, সেই নিচানবাজসকলক নেতৃত্ব দিছে অভিজাত পৰিয়ালৰ ষাঠি বছৰীয়া পাকৈত চিকাৰী নৱাব চাফাথ আলী খানে। নৱাবৰ ভূমিকাক সেই গোটৰ বহুতেই পচন্দ কৰা নাই। তাকে লৈ কেইজনমান বিষয়া আৰু স্থানীয় সংৰক্ষণকাৰীসকলৰ স্থিতি ভিন্ন হৈ পৰিছে। কিন্তু সেই 'দুষ্ট' বন্যপ্ৰাণীটোক শান্ত কৰাৰ বাবে নাইবা মৰাৰ বাবে সমগ্ৰ ভাৰতৰ বন্যপ্ৰাণী কৰ্তৃপক্ষৰ কাৰণে তেঁও এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তি।
'তেঁও সেই কাম ভালেকেইবাৰ কৰিছে’, তেঁওৰ থূপৰে এজন, ছায়েদ মইনুদ্দিন খানে ক’লে। তেঁও অলপতে টাড়োবা ৰাষ্ট্ৰীয় উদ্যানৰ নিকটৱৰ্তী এলেকাত দুজনকৈ মানুহ মৰা বাঘিনী এজনীক শান্ত কৰাই ধৰিছিল। সেই উদ্যানখন ভাৰতৰ ৫০ খন ব্যাঘ্ৰ সংৰক্ষণস্থলৰ এখন।
চাফাথে বিহাৰ আৰু ঝাৰখণ্ডত ছমাহৰ ভিতৰতে ১৫ জন লোকক গছকি মাৰি পেলোৱা এটা দুৰ্দান্ত হাতীক বলাইছিল আৰু পশ্চিম মহাৰাষ্ট্ৰত সাতজনকৈ লোকক হত্যা কৰা নাহৰফুটুকী এটাক গুলি মাৰি বগৰাইছিল।
কিন্তু এইবাৰৰ কথা অলপ বেলেগ- চশমা পিন্ধা মৃদুভাষী চাফাথ আলীয়ে কায়দাৰে সেউজীয়া ৰাইফল এটা মোহাৰি থাকি ক’লে। 'বাঘিনীজনীৰ লগত দুটা পোৱালী আছে।’ চাফাথ আলী তেঁওৰ ল’ৰা আৰু সেনাৰ পোচাক পৰিহিত সহায়কৰ দলটোৰ সৈতে সেইদিনা দেওবাৰৰ পুৱা আহি পাইছে। 'আমি প্ৰথমে বাঘিনীজনীক শান্ত কৰিব লাগিব, তাৰপিছত তাইৰ পোৱালীকেইটাকো ধৰিব লাগিব।’
'এয়া কথাতহে সহজ, কামত নহয়’, চাফাথক সহায় কৰা তেঁওৰ পুত্ৰ আছগৰে ক’লে। বাঘিনীজনীক ভালকৈ দেখা পোৱাটো তেনেই দুৰুহ, সেয়ে কামটোত আগবাঢ়িব পৰা হোৱা নাই।
তাই ঘনে ঘনে ঠাই সলায়। এঠাইত আঠ ঘণ্টাতকৈ বেছি সময় নাথাকে। বিশেষ ব্যাঘ্ৰ বাহিনীৰ এজনে ক’লে। তেঁও ইয়াৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দুৰৰ নাগপুৰস্থিত পেঞ্চ ব্যাঘ্ৰ সংৰক্ষণ এলেকাৰ পৰা এই অভিযানৰ কাৰণে এমাহ আগতে আহি বাহৰ পাতিছে।
গোটটোৰ কিছুমানক নিৰাশ দেখা গৈছে। কিন্তু ধৈৰ্যৰ ফল মিঠা, পিছে সেয়াই ম্লান পৰিবলৈ ধৰিছে।