তৃতীয়টো ব’ৰৱেলো যেতিয়া শুকাই গ’ল, ডি অমৰনাথ ৰেড্ডিয়ে জলসিঞ্চনৰ বাবে বৰষুণৰ পানীৰ ওপৰতে ভৰসা কৰিবলগীয়া হ’ল। কিন্তু অন্ধ্ৰপ্ৰদেশৰ খৰাংপীড়িত ৰায়ালসীমা অঞ্চলত বৰষুণৰ কোনো ঠিকনা নাই, তাতেই সেই ৫১ বছৰ বয়সীয়া খেতিয়কজনে বিলাহীৰ খেতি কৰে। সেই কাৰণতে চিত্তুৰ জিলাৰ মুড়িভেদু গাঁৱৰ নিজৰ তিনি একৰ মাটিত তেওঁ ৫ লাখ টকা খৰছ কৰি ব’ৰৱেল বহুৱাইছিল। খান্দিবৰ কাৰণে তেওঁ ব্যক্তিগত খুদখোৰৰ পৰা পইচা ধাৰে লৈছিল। প্ৰথমটো নাদৰ পৰা পানী নোলোৱাত তেওঁ আকৌ এবাৰ চেষ্টা কৰিলে। তৃতীয়বাৰলৈ তেওঁৰ ধাৰত পোত গ’ল, কিন্তু পানী নোলাল।
২০২০ৰ এপ্ৰিল-মে’ মাহত শস্য চপাই কিছু পৰিমাণে ধাৰ মাৰিবলৈ অমৰনাথে অধীৰ আগ্ৰহেৰে বাট চাই ৰ’ল। ব’ৰৱেলৰ নামত কৰা খৰছ, ডাঙৰজনী জীয়াৰীৰ বিয়াৰ খৰছ আৰু শস্যৰ ঋণ লগ লাগি তেওঁৰ ১০ লাখ টকা ধাৰ লাগিছিল। কিন্তু হঠাতে ২৪ মাৰ্চৰ দিনা প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা লকডাউনে তেওঁৰ সকলো পৰিকল্পনাত আউল লগালে। তেওঁ বিলাহীখিনি চিঙি বিক্ৰী কৰিব নোৱাৰিলে, সেয়া পথাৰতে পকি সৰি পচি যোৱা তেওঁ অসহায় হৈ চাই ৰ’ল।
“অতিমাৰীৰ সময়ত পৰিস্থিতি ভাল নহ’ব বুলি তেওঁৰ মনলৈ ভাব আহিছিল নিশ্চয়, তেওঁ সকলো আশা এৰি দিছিল,” অমৰনাথে কিয় ২০২০ৰ ১৭ ছেপ্টেম্বৰত বিহ খাইছিল সেই কথা তেওঁৰ পত্নী ডি বিমলাই বুজাবলৈ চেষ্টা কৰে। “তাৰে ১০ দিন আগতেও এবাৰ আপোনঘাতী হ’বলৈ চেষ্টা কৰিছিল। আমি তেওঁক বেংগালুৰুৰ এখন ডাঙৰ হস্পিতাললৈ (১৮০ কিলোমিটাৰ দূৰৰ) লৈ গ’লো। তাত আমাৰ ১ লাখ টকা খৰছ হৈছিল,” বিমলাই কয়, তেতিয়াই তেওঁ অমৰনাথক তেনে নকৰিবলৈ কাবৌ কৰিছিল।
ব’ৰৱেলৰ পৰা পানী নোলোৱাটো চিত্তুৰত কৃষকে আত্মহত্যা কৰাৰ অন্যতম ডাঙৰ কাৰণ বুলি আৰক্ষীৰ প্ৰতিবেদনত কোৱা হৈছে। আনবোৰ কাৰণ হৈছে বিলাহীৰ খেতিৰ পৰা হোৱা লোকচান আৰু কৃষিৰ ঋণ। ভুক্তভোগী পৰিয়ালৰ বাবে দিয়া ক্ষতিপূৰণৰ নিৰ্দেশত আন ভালেমান কাৰণ উল্লেখ কৰা হৈছেঃ “আত্মহত্যা কৰাৰ কাৰণ ভিন্ন হ’ব পাৰে, যেনে ব’ৰৱেলৰ পৰা পানী নোলোৱা, অতিবেছি খৰছী নগদী শস্যৰ খেতি, লোকচান হোৱা ধৰণৰ মূল্য, মৌখিক চুক্তিত লোৱা মাটি আৰু বেংকৰ পৰা ঋণ যোগ্যতা নথকা, অতিবেছি সুতৰ হাৰত ব্যক্তিগত সুদখোৰৰ পৰা টকা ধাৰে লোৱা, বিৰূপ বতৰ, শিশুৰ শিক্ষা, কু-স্বাস্থ্য আৰু বিয়াৰ নামত বৰ্দ্ধিত খৰছ।”
কিছুমানৰ পৰিয়ালৰ পৰিস্থিতি যোৱা বছৰৰ লকডাউনে আৰু বেছি শোচনীয় কৰি তোলে। ২০২০তে চিত্তুৰ জিলাৰ ৩৪ গৰাকী কৃষকে আত্মহত্যা কৰিছে – এই সংখ্যা ২০১৪ চনৰ পৰা সেইটো বছৰলৈকে হোৱা সৰ্বাধিক। তাৰে ২৭ গৰাকীয়ে এপ্ৰিলৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত আত্মহত্যা কৰিছে।







