“ব’লা, ব’লা, পেটত থকা সন্তানক মই জনননলীৰ দিশে অনাত সহায় কৰো।”
ধাত্ৰী হিচাপে কাম কৰা দিনৰ কথা মনত পৰি গুণময়ী মনোহৰ কাম্বলেৰ চকুকেইটা উজ্বলি উঠিছিল। ৮৬ বছৰ পাৰ হৈ গ’লেও তেওঁ আগৰ দৰেই এগৰাকী সতৰ্ক ধাত্ৰী হৈ পৰিছিল। মাতৃৰ জনননলীৰ পৰা শিশু এটি কেনেকৈ ভূমিষ্ঠ হয়, তেওঁ সুন্দৰকৈ বৰ্ণনা দিছিল। “আমি যেনেকৈ হাতৰ খাৰু খোলো, তেনেকৈয়ে!” কৈ থকা সময়ত তেওঁৰ হাতৰ ৰঙা খাৰুবোৰে শব্দ কৰিছিল।
আজিৰ পৰা সাত দশক আগতে সন্তান জন্ম দিয়াৰ সময়ত প্ৰসূতিক সহায় আৰু শুশ্ৰুষা কৰিছিল এই ৱাগদাৰি গাঁৱৰ এইগৰাকী দলিত ধাত্ৰীয়ে, ওচমানাবাদ জিলাৰ শ শ নৱজাতক তেওঁ হাতেৰ গুণতেই মাকৰ গৰ্ভৰ পৰা এই পৃথিৱীলৈ আহিছিল। “সকলো এই দুহাতৰ যাদু,” হাজাৰ শিশুৰ জন্মৰ সাক্ষী প্ৰবীণ ধাত্ৰীগৰাকীয়ে কয়। শেষবাৰ তেওঁ এনেকৈ কোনো প্ৰসূতিৰ সহায় কৰিছিল ৮২ বছৰ বয়সত। “মোৰ হাতদুখন কেতিয়াও বিফল হোৱা নাই। ইশ্বৰৰ কৃপা আছে,” তাকে লৈ তেওঁ গৰ্ব কৰে।
সোলাপুৰ চিভিল হস্পিতালৰ ঘটনাৰ কথা কয় তেওঁৰ জীয়ৰী বন্দনাই। চিজাৰিয়ান পদ্ধতিত তিনিটি শিশুৰ প্ৰসৱ কৰোৱাৰ কথা আছিল। গুণময়ীয়ে ডাক্তৰক ক’লে যে তেওঁ শুদা হাতেৰেই সেই কাম কৰিব পাৰিব, তেওঁলোকে ভালদৰে নজৰ ৰাখিব লাগিব। “তেওঁলোকে কৈছিল, ‘আপুনিতো আমাতকৈ ভালকৈ জানে আইতা,’” ডাক্তৰৰ বিস্ময় ৰূপ আৰু সমীহ দেখি গুণময়ীয়ে মিচিকিয়াই হাঁহিছিল।
তেওঁৰ কৌশল আৰু জ্ঞান কেৱল সন্তান প্ৰসৱ কৰোৱাতে সীমাবদ্ধ নাছিল। মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্ত - সোলাপুৰ, ক’লহাপুৰ আনকি পুণেৰ পৰাও তেওঁক মতা হৈছিল। “শিশুৰ চকু, কাণ বা নাকত লাগি থকা বস্তু আঁতৰোৱাতো আইতা ভাল। সেয়া লাগিলে কিবা বীজ হওঁক, পুঁজ হওঁক, মানুহে আইতাৰ ওচৰলৈকে শিশুক লৈ আহে,” কেইমাহমান আগতে লগ পোৱা গুণমালাৰ নাতিনী শ্ৰদেৱীয়ে আমাক গৌৰৱেৰে কৈছিল। পেটৰ বিষ, জণ্ডিচ, জ্বৰ, হাঁচি-কাঁহ, ঠাণ্ডা লগা আদি সকলোৰে কাৰণে গুণময়ীয়ে ভেষজ চিকিৎসা কৰিব পাৰিছিল। তেওঁ আছিল তেনে জ্ঞানৰ ভাণ্ডাৰ।









