তেওঁলোক কৃষকো। যদি তেওঁলোকৰ বুকুত গৌৰৱেৰে সজাই থোৱা পদকবোৰ নাথাকিলেহেঁতেন, তেতিয়াহʼলে তেওঁলোক দিল্লীৰ দুৱাৰমুখত সমবেত হোৱা কৃষকসকলৰ জনসমুদ্ৰৰ মাজত ক'ৰবাত হেৰাই গʼলহেতেন, তেওঁলোক প্ৰবীণ ৰণনায়ক। পাকিস্তানৰ লগত হোৱা ১৯৬৫ আৰু ১৯৭১ চনৰ যুদ্ধত সাহসিকতা প্ৰদৰ্শনৰ বাবে তেওঁলোকক সন্মানিত কৰা হৈছিল, তেওঁলোকৰ মাজত একাংশই আকৌ ১৯৮০ চনত শ্ৰীলংকাতো সেৱা আগবঢ়াইছে। তেওঁলোক খঙত আছে আৰু বিশেষকৈ চৰকাৰ আৰু মিডিয়াৰ শক্তিশালী শ্ৰেণীৰ দ্বাৰা এই প্ৰতিবাদকাৰীসকলক ৰাষ্ট্ৰ বিৰোধী, সন্ত্ৰাসবাদী আৰু খালিস্তানি আখ্যা দিয়াৰ বাবে তেওঁলোকৰ বেছি খং উঠিছে।
পাঞ্জাৱৰ লুধিয়ানা জিলাৰ গীল গাঁৱৰ পৰা অহা ব্ৰিগেডিয়াৰ (অৱসৰপ্ৰাপ্ত)এছ এছ গীলে মোক কয়, এয়া দুখলগা কথা যে চৰকাৰে কৃষকৰ শান্তিপূৰ্ণ প্ৰতিবাদক শক্তিৰে দমন কৰিছে। তেওঁলোকে দিল্লীলৈ আহিব বিচাৰিছিল, কিন্তু চৰকাৰে তেওঁলোকক বাধা দিছিল, যিটো নিষ্ঠুৰ আৰু ভুল পদক্ষেপ। সিহঁতে বেৰিকেড নিৰ্মাণ কৰিছিল, ৰাস্তা খান্দিছিল, সিহঁতক লাঠিৰে কোবাইছিল আৰু কৃষকসকলৰ ওপৰত পানীৰ কামান ব্যৱহাৰ কৰিছিল। কি কাৰণে? কিয়? সেয়া কৰাৰ কাৰণ কি? এয়া কৃষকসকলৰ দৃঢ় সংকল্পৰ পৰিণাম যে তেওঁলোকে সেই সকলো বাধা অতিক্ৰম কৰিছে।
নিজৰ সক্ৰিয় সেৱাৰ বাবে ১৩ টা পদক লাভ কৰা ৰণনায়ক, ৭২ বছৰীয়া গিলৰ ১৬ গৰাকী সদস্যৰ পৰিয়ালৰ গিলত কেই একৰমান মাটি আছে। তেওঁ ১৯৭১ চনৰ যুদ্ধত অংশ লৈছিল আৰু পিছত অন্য সেনাবাহিনীৰ কামত সেৱা আগবঢ়ায়। তাৰ ভিতৰত ১৯৯০ চনৰ পাঞ্জাৱৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান উল্লেখযোগ্য।
“কৃষকসকলক এই আইনবোৰৰ সৰ্ন্দভত কোনো কথা নোসোধাৰ লগতে কোনো পৰামৰ্শ লোৱা হোৱা নাছিল,” ব্ৰিগেডিয়াৰ গিলে কয়। “দিল্লীৰ দুৱাৰডলিতে চলি থকা এয়া বিশ্বৰ বৃহৎ বিপ্লৱসমূহৰ ভিতৰত বৃহত্তম বিপ্লৱ। মই বুজি পোৱা নাই যে চৰকাৰে এই আইনবোৰ বাতিল কিয় নকৰে, যিটো ইতিমধ্যেই কৰিব লাগিছিল।”
লাখ লাখ কৃষকে তিনিখন কৃষি আইনৰ বিৰোধিতা কৰি আছে যি তিনিখন প্ৰথমে কেন্দ্ৰীয় চৰকাৰে ২০২০ চনৰ ৫ জুনত অধ্যাদেশ হিচাপে জাৰি কৰিছিল আৰু ১৪ ছেপ্টেম্বৰত সদনত উত্থাপন কৰাৰ পিছত সেই মাহৰ ২০ তাৰিখে আইনত পৰিণত হৈছিল। এই তিনিওখন আইন হ’ল - কৃষি পণ্য ব্যৱসায়ী আৰু বাণিজ্য (সংবৰ্দ্ধন আৰু সৰলীকৰণ)আইন,২০২০; শস্যৰ(কৰ্তৃত্বশীল আৰু সংৰক্ষণ)মূল্য নিৰ্দ্ধাৰণ আৰু কৃষি সেৱা চুক্তি আইন, ২০২০ আৰু অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধন)আইন, ২০২০। ইয়াৰ উপৰিও এই আইনে ভাৰতীয় সংবিধানৰ ৩২ নং অনুচ্ছেদক উপেক্ষা কৰি ভাৰতীয় নাগৰিকৰ আইনী যুঁজৰ অধিকাৰ কাঢ়ি নিয়াৰ বাবে সমালোচিত হৈছে।











