ভৰিৰ তলত সেউজীয়া ঘাঁহনি, ওপৰত মুকলি আকাশ, চাৰিও দিশে সেউজীয়া গছ-গছনি, আৰু হাবিৰ মাজেদি বৈ যোৱা এটা শান্ত নিজৰা – এয়া গ্ৰাম্য মহাৰাষ্ট্ৰৰ যি কোনো ঠাইৰ পৰিৱেশ।
পিচে ৰ’ব – গীতাৰ ইয়াৰ সৈতে যোগ দিবলগীয়া আৰু কিবা এটা আছে। নিজৰাটোলৈ আঙুলিয়াই তেওঁ ক’লেঃ “আমি মাইকী মানুহখিনি বাওঁফালে যাওঁ, আৰু মতা মানুহবোৰ সোঁফালে যায়।” মলত্যাগ কৰিবলৈ যোৱাৰ সময়ত তেওঁলোকৰ বস্তিত থকা মানুহখিনিয়ে সেই ব্যৱস্থা মতেই চলে।
চল্লিশ বছৰ বয়সীয়া গীতাই ক’লে, “বৰষুণ দিলে ছাতিৰে সৈতে আমি আঁঠুৱনী পানীত বহিব লাগে। [মোৰ] মাহেকীয়া হোৱাৰ সময়ত কি অৱস্থা হয় কি ক’ম!
পুণে জিলাৰ শ্বিৰুৰ তহচিলৰ কুৰুলি গাৱঁৰ দাঁতিত থকা ৫০ ঘৰ মানুহেৰে তেওঁলোকৰ বস্তিটোত ভীল আৰু পাৰ্ধী লোকে বসবাস কৰে।মহাৰাষ্ট্ৰ্ৰ্ত অনুসূচীত জনজাতি হিচাপে শ্ৰেণীভুক্ত কৰা উক্ত দুই সমাজৰ মানুহখিনি ৰাজ্যখনৰ আটাইতকৈ দুখীয়া আৰু প্ৰান্তীয়সকলৰ ভিতৰত পৰে।
ভীল জনজাতিৰ মহিলা গীতাই মুকলিত মলত্যাগ কৰিবলৈ যোৱাৰ অসুবিধাৰ কথা প্ৰগল্ভতাৰে ব্যক্ত কৰি কয়। ‘‘আমি মলত্যাগৰ বাবে বহা জাগাবোৰত ঘাঁহে খোঁচে, ম’হে কামোৰে… তাৰোপৰি সাপে খোঁটাৰ ভয় সদায়েই থাকে।
বস্তিটোৰ মানুহে প্ৰতিটো পদতে প্ৰত্যাহবানৰ সন্মুখীন হ’ব লাগে – বিশেষকৈ মহিলাখিনিয়ে, যিয়ে হাবিলৈ যোৱাৰ পথত অত্যাচাৰ-আক্ৰমণৰ আশংকাত ভীতিগ্ৰস্ত হৈ থাকে।




