পৰিয়ালটোৰ পেট পুহিবলৈ এতিয়া আৰু চিন্তা কৰিবলগীয়া নাই, এই বুলিয়ে ৰুকচানা খাটুনে ভাবিছিল। দুটা বছৰত তিনিবাৰকৈ দীঘলীয়া প্ৰচেষ্টাৰ শেষত ২০২০ৰ নৱেম্বৰত তেওঁ ৰেচন কাৰ্ডখন পাইছিল। কিন্তু তাৰ পাছতে যে তেওঁলোকক জুৰুলা কৰিবলৈ মহামাৰীয়ে খাপ পিতি ৰৈ আছিল, কোনেনো জানিছিল, তাকো অতৰ্কিতে!
সেইখন আছিল ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (এন.এফ.এছ.এ.)য়ে নিৰ্ধাৰণ কৰি দিয়া এক বিশেষ ধৰণৰ ‘অগ্ৰাধিকাৰযুক্ত পৰিয়াল’ৰ কাৰ্ড। সেই কাৰ্ডখন কোনবোৰ পৰিয়ালে পাব, সেয়া ৰাজ্য চৰকাৰে চিনাক্ত কৰে।
তাতে তেওঁলোকৰ গাঁৱৰ ঘৰৰ ঠিকনা আছিল যিখন অলপতে বিহাৰৰ দাৰভাংগা জিলাৰ পৌৰ পৰিষদৰ অধীনত অন্তৰ্ভূক্ত কৰা হৈছিল। ৰুকচানাই অৱশেষত তেওঁৰ সাতজনীয়া পৰিয়ালটোৰ বাবে ৰেচন কাৰ্ডখন পাবলৈ সক্ষম হৈছিল।
২০২১ৰ আগষ্টত তেওঁলোকে দিল্লীলৈ উঠি গ’ল। তাতেই কেণা লাগিল, ৰেচন পোৱাৰ যি আইনী অধিকাৰ, সেয়া পোৱাত অপ্ৰত্যাশিত বাধা আহি পৰিল।
কেন্দ্ৰ চৰকাৰৰ এক দেশ, এক ৰেচন কাৰ্ড (অ’এন.অ’.আৰ.চি.) আঁচনিৰ অধীনত ‘অগ্ৰাধিকাৰযুক্ত পৰিয়াল’ আৰু ‘দৰিদ্ৰৰ দৰিদ্ৰতম’ হিচাপে বৰ্গীকৃত কৰা এন.এফ.এছ.এ.ৰ হিতাধিকাৰীসকলে যিকোনো সুলভ মূল্যৰ দোকানৰ পৰা নিজৰ ভাগৰ খাদ্যশস্য সংগ্ৰহ কৰিব পাৰে। ৰাজহুৱা বিতৰণ ব্যৱস্থা (পি.ডি.এছ.)ৰ অধীনত আধাৰৰ সৈতে লিংক কৰা বায়’মেট্ৰিক সত্যাপনৰ যোগেদি খাদ্যসামগ্ৰী বিতৰণ কৰাৰ বাবে এনে সুলভ মূল্যৰ দোকানক অনুজ্ঞাপত্ৰ দিয়া হয়। কিন্তু ৰুকচানাই নিজৰ ভাগৰ মাহিলী ৰেচনখিনি সংগ্ৰহৰ বাবে পশ্চিম দিল্লীৰ ছাদিপুৰ মেইন বাজাৰ এলেকালৈ যিমানবাৰ গৈছিল, ইলেকট্ৰনিক পইণ্ট-অৱ-চেল চমুকৈ ইপ’চটোত এটাই মেচেজ পোৱা গৈছিলঃ ‘আই.এম.পি.ডি.এছ.ত ৰেচন কাৰ্ড পোৱা নগ’ল’।
পি.ডি.এছ. ব্যৱস্থাৰ অধীনত কেন্দ্ৰ চৰকাৰে ৰাজ্যসমূহক খাদ্যশস্য বিতৰণৰ বাবে আবণ্টন দিয়ে যদিও অ’.এন.অ’.আৰ.চি. আঁচনিৰ অধীনত যাতে দেশৰ যিকোনো ঠাইৰ পৰা প্ৰব্ৰজনকাৰীয়ে নিজৰ প্ৰাপ্য ৰেচনখিনি সংগ্ৰহ কৰিব পাৰে, তাৰ বাবে ২০১৮ত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সংহত পৰিচালনা ব্যৱস্থাৰ অৱতাৰণা কৰা হয়।













